ঘৰুৱা পদ্ধতিৰে কিলাকুটীৰ যত্ন লোৱাৰ উপায় বেছিভাগৰে দেখা যায় কিলাকুটিটো ক’লা হৈ থাকে। ফলত দেখাত হাতখন বেয়া হয়। যাৰ ফলত শৰীৰৰ সৌন্দৰ্য বহুখিনি হানি হয়। গা ধুঁওতে চাবোন ঘঁহি কোমল ব্ৰাছেৰে লাহে লাহে ঘঁহিব। নেমু ৰসৰ লগত অলপমান নিমখ মিহলাই ঘঁহি ঘঁহি লাহে লাহে ধুব। ক’লা পৰা কিলাকুটিত তিয়ঁহৰ ৰস সানি থ’ব। নেমুৰ ৰসৰ লগত অলপ গাখীৰৰ সৰ মিহলাই লগাব। মুখত যি পেক লগায়, সেই পেক হাতত লগাব পাৰে-সুফল পাব। কমলা খাই বাকলি নেপেলাব। সেই বাকলিবোৰেৰে কিলাকুটি ঘঁহি ধুব বা শুকুৱাই থৈ গুড়ি কৰি তাৰ লগত চেনি মিহলাই পেক বনাব। সেই পেক সপ্তাহত তিনি দিন লগাব গা ধোৱাৰ আগত। উৎস: সম্ভাৰ, অসমীয়া প্ৰতিদিন।