চকু এবাৰ সোঁফালে আৰু এবাৰ বাওঁফালে ঘূৰাওক। এবাৰ ওপৰলৈ আৰু এবাৰ তললৈ চাওক। ৰাতিপুৱা শুই উঠি সেউজীয়া গছ-গছনি চাওক। পৰিষ্কাৰ পানী হাতেৰে চকুত মাৰক। মূৰটো লৰচৰ নকৰাকৈ পোনকৈ থিয় হওঁক। দৈনন্দিন জীৱনৰ ব্যস্ততাৰ মাজতো পাঁচ মিনিটমান সময় চকুযোৰ বন্ধ কৰি ৰাখক। পেঞ্চিল বা কলম এটা এহাতমান আঁতৰত ৰাখক। লাহে লাহে নাকৰ গুৰিলৈ আনক। আপোনাৰ দৃষ্টি পেঞ্চিল বা কলমৰ ওপৰৰ অংশত নিৱদ্ধ কৰক। ৰাতিপুৱা আৰু আবেলি সময়ত দহ-বাৰ বাৰমান কৰক। লিখক: উৎপল বৰা।