• আমাৰ চকুটোত ২০ লাখতকৈ অধিক বিভিন্ন কাৰ্যক্ষম অংশ আছে। • আমি খোঁজ কাঢ়োতে ১০% সময় খৰচ কৰো হয় চকু বন্ধ কৰি নতুবা চকু টিপিয়াই। • আমাৰ চকুটো ডিজিটেল কেমেৰা হোৱা হ’লে ইয়াৰ লেন্স খনৰ শক্তি ৫৭৬ মেগাপিক্সেল হ’লহেতেন। • গড় হিচাবত চকুটোৰ ঘূৰনীয়া অংশটোৰ ওজন মাত্ৰ ২৮ গ্ৰাম। • চকু খূলি হাচিঁ মৰাতো কেতিয়াও সম্ভৱ নহয়। • আমাৰ চকু হালে(গড় হিচাবত) মিনিটত ১২ বাৰ,প্ৰতি দিনত ১০,০০০ বাৰ আৰু বছৰত ৪,২০০,০০০ বাৰ টিপ মাৰে। (অংকটো মিলা নাই কাৰণ শুই থাকোতে মানুহে চকুটিপ নামাৰে বা দিনটোৰ কোনো কোনো সময়ত ইয়াৰ মাত্ৰা কমি যায়।) • কেচূঁৱাৰ চকুহালে জন্ম হোৱাৰ ৬ ৰ পৰা ৮ সপ্তাহৰ আগলৈকে কোনো চকুপানী উৎপন্ন কৰিব নোৱাৰে। • চকুৰ কৰ্ণিয়াখনেই দেহত একমাত্ৰ জীৱন্ত কোষৰ সমষ্টি যাৰ লগত কোনো ৰক্তবাহী কেশিকাৰ সংযোগ নাথাকে। • কম্পিটাৰত তুলনাত মানুহে কাগজত ২৫% খৰকৈ পঢ়িব পাৰে। • মাস্কাৰা নামৰ পদাৰ্থবিধে মহিলাৰ চকুহালৰ আটাইতকৈ বেচি ক্ষতি সাধন কৰে। • আমাৰ চকুহালৰ সুৰক্ষাৰ বাবে ঈশ্বৰে কিছুমান প্ৰাকৃতিক উপায় দিছে। চকুৰ নোমবোৰে চকুলৈ লেতেৰা সোমোৱাত বাধা দিয়ে আৰু চেলাউৰি যোৰে ঘাম চকুলৈ বৈ অহাত বাধা দিয়ে। • কিছুমান মানুহৰ চকুত চিধা পোহৰ পৰিলে বা সূৰ্যৰ ফালে চালে হাঁচি মাৰিবলৈ আৰম্ভ কৰে। • আমাৰ চকুত বহুতো বেলেগ বেলেগ অংশ আছে। চকুৰ আগভাগৰ ক’লা অংশটোক ‘PUPIL’বুলি কোৱা হয়। এইটো প্ৰকৃততে এটা সৰু ফূঁটা যিটো খোল খায় পিচৰ অংশৰ ফালে পোহৰ সোমাবলৈ। • PUPIL ৰ চাৰিওকাষে চকুৰ ৰঙৰ অংশখিনিক ‘IRIS’ বুলি কোৱা হয়। ই বিভিন্ন ৰঙৰ হ’ব পাৰে: নীলা,মূগা,সেউজীয়া,মাটিয়া বা ক’লা। • অতীজত নাবিক সকলে ভাবিছিল যে: এটা সোণৰ কানফূঁলি পিন্ধিলে তেওঁলোকৰ চকুৰ দৃষ্টিশক্তি বাঢ়ে। • চাৰ্ক মাছৰ চকুৰ কৰ্ণিয়াখন মানুহৰ চকুত প্ৰত্যাৰোপিত কৰা হ’য়। মানুহৰ লগত চাৰ্কৰ কৰ্ণিয়া খনৰ বহুত সাদৃশ্য আছে। • চকুৰ নোম বিলাকৰ গড় আয়ূস ৫ মাহ। • মানুহৰ চকুহালে প্ৰায় ১ কোটিমান বিভিন্ন ৰঙ চিনিব পাৰে। • নীলাভ চকুৰ গৰাকী জনৰ মদ গলাধঃকৰণ কৰাৰ ক্ষমতা বেচি থাকে। • চকুহালৰ প্ৰতি চেকেণ্ডত ৫০ টা মান বস্ত্তৰ ওপৰত দৃষ্টি নিক্ষেপ কৰি মগজুক বুজাই দিব পৰাৰ ক্ষমতা আছে। • চকুটোৰ ঘূৰণীয়া অংশটোৰ ১/৬ অংশহে বাহিৰলৈ মূকলি অৱস্থাত থাকে। • টিপিয়াই থকা কাৰ্যই চকুটোক ধূই লেতেৰাবোৰ পৰিস্কাৰ কৰি ৰখাৰ লগতে ইয়াক ভিজাই ৰখাত সহায় কৰে। সেয়ে আমি চকুত আঘাত পালেও ই বেচিকৈ টিপিয়াবলৈ ধৰে। • পৰিস্কাৰ পৰিবেশত মানুহৰ চকুহালে এডাল জ্বলি থকা মমবাতি ১৪ মাইল দূৰৰ পৰা দেখা পায়। • মানুহৰ কন্দাৰ সময়ত নাকটোও পানীৰে ভৰি পৰে। সেইসময়ত কিছু চকুপানী নাকৰ ফূটা দুটাইদি বাগৰি আহে। • (গড় হিচাবত) আপুনি যেতিয়া জন্ম হৈছিল সেই সময়ত চকুটোৰ ব’লটো ১৬ মিলিমিটাৰ বহল আছিল। তিনিবছৰ বয়সত ইয়াৰ আকাৰ হ’ল ২৩ মিলিমিটাৰ। পৈনত বয়সত ই হ’ল ২৪ মিলিমিটাৰ বহল। আৰু এইটোৱেই হ’ল ইয়াৰ আটাইতকৈ ডাঙৰ আকাৰ। • চকুটো হ’ল শৰীৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ এটা অংগ,সেয়ে ইয়াত আঘাত লাগিলে শৰীৰে সকলো অংগতকৈ আটাইতকৈ সোনকালে সেই ঘা পূৰণ কৰিবলৈ চেষ্টা কৰে। • চকুৰ দৃষ্টি শক্তি মগজুৰ বাবে এটা আটাইতকৈ জটিল কাম। বস্ত্তৰ পৰা পোহৰ গ্ৰহণ কৰি সেইবোৰ বস্ত্তক আমাক পৰিচয় কৰাই দিয়া কামটোতে মগজুৰ ৫০% অংশ জড়িত হৈ থাকে। এইক্ষেত্ৰত মানুহেই হ’ল সকলোতকৈ আগত থকা প্ৰাণী। • (গল্ডফিছৰ চকুৰ পতা নথকাৰ বাবে ই কেতিয়াও চকু বন্ধ কৰিব নোৱাৰে,উটপক্ষীৰ চকুটো ইহঁতৰ মগজুৰ আকাৰতকৈ ডাঙৰ,এলবাৰ্ট আইনষ্টাইনৰ চকুহাল নিউইয়ৰ্কত এটা বাকচত নিৰাপদে ৰখা হৈছে।) লিখক: ইমৰান হুছেইন