চকুযুৰিয়েই হৈছে প্ৰত্যেক মানুহৰে এটা বিশেষ অংগ। চকুযুৰিক সতেজ আৰু সক্ৰিয় কৰি ৰাখিবলৈ বিশেষ যত্নৰ দৰকাৰ। তলত কিছুমান কিটিপ দিয়া হৈছে: চকুযুৰি দীঘলীয়া হ’লে দেখিবলৈ শুৱনি হয়। তেনে কৰিবলৈ হ’লে ৰাতি শোৱাৰ সময়ত চকুৰ পতাত কেইটোপালমান কেষ্টৰ অয়েল বা নাৰিকল তেল লগাব লাগে। এক দুই দিন মাত্ৰ এনেদৰে লগোৱাৰ ফলত আপোনাৰ চকুৰ পতা খন আৰু দীঘলীয়া হৈ পৰিব। কেতিয়াবা টোপনি ক্ষতি হোৱা কাৰণে বা অইন কাৰণত গুৰি ক’লা পৰিব পাৰে। প্ৰচুৰ পৰিমাণে পানী খালে স্বাভাৱিক অৱস্থা ঘূৰাই পায়। চকুৰ কাৰণে ঠাণ্ডা পানী বৰ উপকাৰী। চকুযুৰি উজ্জ্বল আৰু ঠাণ্ডা কৰি ৰাখিবলৈ হ’লে দিনটোৰ ভিতৰত কেবাবাৰো ঠাণ্ডা পানী চকুত চটিয়াই থাকিব লাগে। চকুৰ গুৰিত ৰেখা পৰিলে পাওৰুটি এটুকুৰাৰ চাৰিওকাষটো কাটি ভিতৰৰ কোমল অংশখিনি কুহুমীয়া গাখীৰত তিয়াই এখন পাতল কাপোৰত বান্ধি টোপোলা কৰি লওক। কিছুদিন এনেদৰে কৰাৰ পিছত ৰেখাবোৰ লাহে লাহে অদৃশ্য হৈ যাব। চকুৰ কাৰণে ভিটামিন এ জাতীয় ঔষধ আৰু ফল ভাল। গাখীৰ, গাখীৰৰ তৈয়াৰী বস্তু, বিট, গাজৰ, সেউজীয় শাক-পাচলি, নেমু, ফল আদিত বেছিকৈ খাব লাগে। পিয়াজৰ ৰসো চকুৰ কাৰণে বৰ ভাল। সেইবাবে মাজে মাজে পিয়াজৰ ৰস চকুত দিব লাগে। চকুৰ সতেজ আৰু উজ্জ্বলতা আনিবলৈ হ’লে চকুৰ পতাৰ ওপৰত তিয়হ চকলিয়াই বা কপাহ তিয়াই লৈ ওপৰমুৱাকৈ বিশ মিনিট শুই থাকক। চকুৰ কাৰণে সেউজীয়া ৰঙটো বৰ উপকাৰী। আমাৰ ইয়াত সেউজীয়া গছ-গছনিৰ অভাৱ নাই। গতিকে নিতৌ পুৱা উঠি গছ-গছনিৰ ফালে কিছুপৰ চাই থাকিব লাগে। চকুৰ গুৰি ক’লা পৰিলে চাহৰ সিজোৱা চাহপাতখিনি (গাখীৰ চেনি নিদিয়াকৈ) ফটা কানি এখনত বান্ধি টোপোলাটো চকুৰ গুৰিত লগাই হেঁচি হেঁচি ধৰিলে সজীৱ আৰু পৰিষ্কাৰ হ’ব। শাক-পাচলি, ফল-মূল আদি চকুৰ কাৰণে উপকাৰী। প্ৰথমেই চকুৰ তলত ক’লা পৰা দাগৰ প্ৰতিৰোধৰ বাবে ভাল টোপনিৰ প্ৰয়োজন। গাজৰৰ ৰস অথবা আলুৰ ৰস চকুৰ তলত লগালেও ক’লা দাগ আঁতৰ হয়। গোলাপ জলেৰে দিনে দুবাৰকৈ চকু ধুলেও চকু ভালে থাকে। চকুৰ গুৰি ক’লা পৰা ৰোধ কৰিবলৈ হালধি গুড়ি আৰু নাৰিকলৰ তেল মিলাই লগাওক। লেখিকা: ৰেণু বৰদলৈ।