দৰব দিয়াৰ পিছত কিছু সময় চকু বন্ধ ৰাখিব।

পৰাপক্ষত চকুত দৰব নিজে নিদিব।

ঔষধ প্ৰয়োগ কৰোঁতে চিকিৎসকৰ পৰামৰ্শ মানি চলিব-

*চকুৰ ঔষধ সদায় বিশ্বাসযোগ্য ফাৰ্মাচীৰ পৰাহে কিনিব।

*দৰব ব্যৱহাৰ কৰাৰ পূৰ্বে ঔষধৰ ম্যাদ উকলি গৈছে নেকি পৰীক্ষা কৰি ল’ব।

কিছুমান চকুৰ দৰব দিলে ডিঙিত তিতা লাগে। তাৰ কাৰণে ভয় খাল নালাগে।

কেৱল চকুত ঔষধ দিয়াৰ পিছত যদি বেছি জ্বলা-পোৰা কৰে, তেন্তে চিকিৎসকক তৎক্ষণাৎ জনাওক। তেনে ঔষধ পুনৰ ব্যৱহাৰ নকৰিব।

*সৰু ল’ৰা-ছোৱালীৰ আগত চকুত ঔষধ নিদিব। কেতিয়াবা আপুনি নজনাকৈয়ে সিহঁতে সেই ঔষধ নিজৰ চকুত দিব পাৰে।

*বহি থকা অৱস্থাত ঔষধ দিলে মূৰটো পাছলৈ সামান্য হাওলাই ল’ব।

*এটাতকৈ বেছি ঔষধ চকুত দিব লাগিলে সময়ৰ ব্যৱধান ৰাখিব।

*চকুৰ ঔষধ বটল খোৱা এমাহতকৈ বেছি দিন নিদিব, যদিহে চিকিৎসকে দীৰ্ঘদিন ধৰি দিবলৈ পৰামৰ্শ দিছে, তেন্তে দিব পাৰে।

*দৰব দিয়াৰ পিছত কিছু সময় চকু বন্ধ ৰাখিব।

পৰাপক্ষত চকুত দৰব নিজে নিদিব।

ঔষধ প্ৰয়োগ কৰোঁতে চিকিৎসকৰ পৰামৰ্শ মানি চলিব।

*বেমাৰৰ লক্ষণ মিলিলেই আনক দিয়া ঔষধ কোনো কাৰণত চিকিৎসকৰ পৰামৰ্শ অবিহনে ব্যৱহাৰ নকৰিব।

উৎস: নিয়মীয়া বাৰ্তা