ব্যৱহাৰত ল’বগীয়া সাৱধানতা সাধাৰণতে আমি দুই প্ৰকাৰৰ লেন্স ব্যৱহাৰ কৰো। কোমল বা ছফ্ট লগোৱাটো একেবাৰে সহজ আৰু লগালেও একো বস্তু লাগি থকা যেন নালাগে। কিন্তু ছেমি ছফ্ট লেন্স লগালে অনুমান কৰিব পাৰি। বেছিভাগ ব্যক্তিৰে চকুৰ নাম্বাৰে স্কেৰিকল। এওঁলোকৰ বাবে ছফ্ট লেন্স সুফলদায়ক। খেলা-ধূলা কৰিলেও পৰিলেও পৰি যোৱাৰ ভয় নাথাকে। যিসকলৰ নম্বৰ চিলিনিড্ৰিকেল তেওঁলোকৰ বাবে টৰিক লেন্স অতি উত্তম। যিসকল ব্যক্তিৰ প্লাছ-মাইনাছ নম্বৰ তিনিতকৈ অধিক তেওঁলোকৰ বাবে ছেমি ছফ্ট লেন্স আৰামদায়ক। জানিবলগীয়া কেইটামান দিশ সদায় চকু বিশেষজ্ঞৰ দ্বাৰাহে চকু পৰীক্ষা কৰাব। দোকানীৰ পৰামৰ্শ অনুসৰি চকুত লেন্স ব্যৱহাৰ নকৰিব। বিশেষজ্ঞসকলে লেন্স লগোৱাৰ শুদ্ধ নিয়মবোৰৰ বিষয়ে ভালদৰে বুজাই দিয়ে। সেইবোৰ পালন কৰিলে ৰোগীজনৰ অলপো অসুবিধা নহয়। প্ৰতিখন লেন্সৰ সময়সীমা থাকে, গতিকে লেন্সখন ব্যৱহাৰ কৰাৰ আগতে সেই বিষয়ে জানি লৈ সঠিকভাৱে নিয়মবোৰ পালন কৰিব। লেন্স লগাই টোপনি নাযাব খুব বেছি ভাগৰ লাগিলেও লেন্সখন খুলিবলৈ নাপাহৰিব। আপুনি বিছনালৈ যোৱাৰ আগতে লেন্সখন খুলি থোৱাৰ এটি অভ্যাস গড়ি তোলক। লেন্স লগাই থ’লে চকুৱে অক্সিজেন নাপায়। সেয়েহে চকুৰ শ্বসন প্ৰক্ৰিয়া বাধাগ্ৰস্ত হৈ চকুৰ ক্ষতি হয়। বিকল্প পদ্ধতি কনটেক্ট লেন্স পুৱা লগাই আবেলিৰ পিচত খুলিব। কিয়নো গোটেই দিনটো কনটেক্ট লেন্স ব্যৱহাৰ কৰিলে ইনফেকচন হোৱাৰ ভয় থাকে। সেয়েহে আজিকালি দৃষ্টিশক্তি স্থায়ীকৰণৰ বাবে লেচিক লেজাৰ চিকিৎসা পদ্ধতিৰ ব্যৱস্থা হৈছে। এই চিকিৎসা ২১ বছৰৰ ওপৰৰ ল’ৰা-ছোৱালীক নিয়মীয়াকৈ কৰা হয়। লেচিক লেজাৰ কৰাৰ ফলত তেওঁলোকে চছ্মা বা লেন্স ব্যৱহাৰ নকৰিলেও এগৰাকী সুস্থ ব্যক্তিয়ে স্পষ্টকৈ দেখা পায়। লেচিক চিকিৎসাৰ পূৰ্বে কৰ্নিয়াৰ পৰীক্ষা কৰিলেহে এই পদ্ধতিৰে চিকিৎসাৰ উপযুক্ত ৰোগী নিৰ্বাচন সম্ভৱ। সাম্প্ৰতিক কালত লেচিক ছাৰ্জাৰী হ’ল দৃষ্টিহীন মানুহৰ বাবে এক স্থায়ী সমাধান। চকুৰ মণিত বগা দাগ ৬০-৭০ বছৰৰ পিছত প্ৰায়ভাগ ব্যক্তিৰে চকুৰ মণিত ছানি পৰা বা দাগ পৰা সমস্যাত ভোগে। জন্মগতভাৱে লাভ কৰা লেন্সখনত বগা পৰাৰ বাবে দৃষ্টিশক্তি কমি আহিবলৈ ধৰে। অস্ত্ৰোপচাৰৰ দ্বাৰা এই ছানি আঁতৰাই চকুৰ ভিতৰত নতুন লেন্স বহাব পাৰি। আজিকালি অপাৰেচন পদ্ধতি অতি সহজ, হাস্পতালত ভৰ্তি হোৱাৰ কোনো কাৰণ নাই। অপাৰেচন কৰাৰ দিনাই ৰোগীক ঘৰলৈ যাবলৈ দিয়া হয়। শিশুৰ ক্ষেত্ৰত জন্মগতভাৱে মণিটো বগা হোৱা দেখা যায়। অৱশ্যে অন্যান্য বহু কাৰণত চকুত ছানি পৰিব পাৰে। ৰেটিনো ব্লাষ্টমা নামৰ চকুৰ কেন্সাৰ হ’লে চকুৰ মণি বগা হয়। এই কেন্সাৰ হ’লে আৰম্ভণিতে ধৰা পৰিলে আৰু চিকিৎসা কৰালে শিশুটিৰ চকু আৰু জীৱন উভয়ে ৰক্ষা হোৱাৰ উপৰি দৃষ্টিশক্তি ঘূৰি আহে। সেয়েহে অভিভাৱকে যদিহে কোনো পৰিৱৰ্তন দেখে, তেন্তে লগে লগে চকু বিশেষজ্ঞৰ ওচৰলৈ অনা উচিত। লিখক: ডা: গীতুপম বৰদলৈ, সম্ভাৰ।