চকুৰ এইটো এটা অতিশয় মাৰাত্মক অসুখ। ভালদৰে চিকিৎসা নকৰিলে ই দৃষ্টিশক্তি ব্যাহতৰ উপৰি মানুহজনক অন্ধ পৰ্যন্ত কৰি তুলিব পাৰে। কেতিয়াবা আনকি চকুটো অস্ত্ৰোপচাৰ কৰি উঠাই পেলাবলগীয়া হ’ব পাৰে। সাধাৰণতে বেক্টৰিয়া, ভাইৰাছ, ভেঁকুৰ আৰু পৰজীৱীৰ সংক্ৰমণৰ দ্বাৰা এই ঘাঁ হয়। বেক্টেৰিয়া বা ভেঁকুৰে সংক্ৰমণ ঘটাই কৰ্ণিয়াত ঘাঁ কৰিবলৈ হ’লে প্ৰথমতে কৰ্ণিয়াৰ একেবাৰে উপৰিভাগ এপিথেলিয়াম (Epithelium) নামৰ অংশটোত অলপীয়াকৈ বা বহুখিনিৰ আঁতৰি থাকিব লাগিব। ডিপথেৰিয়া আৰু নিউম’নিয়াৰ বীজাণুৰ বাহিৰে বাকী সকলো বীজাণুৱে অক্ষুণ্ণ হৈ থকা এপিথেলিয়ামখন ভেদ কৰি ঘাঁ কৰিব নোৱাৰে। সাধাৰণতে চকুত আঘাতপ্ৰাপ্ত হৈ বা আন অসুখত ভূগি এপিথেলিয়ামখন কৰ্ণিয়াৰ পৰা আঁতৰি আহিব পাৰে। তেতিয়া বেক্টেৰিয়া আৰু ভেঁকুৰে কৰ্ণিয়াত ঘাঁৰ (Corneal Ulcer) সৃষ্টি কৰিব পাৰে। Acantihe mibe নামৰ এবিধ পৰজীৱী বীজাণুৱে ছুইমিং পুলত সাঁতোৰা আৰু কন্টেক্ট লেন্স পিন্ধা মানুহৰ চকুৰ Acanthamaeba keratitis বুলি অতিপাত বিষ হোৱা কৰ্ণিয়াৰ ঘাঁৰ সৃষ্টি কৰে। কৰ্ণিয়াত ঘাঁ হ’লে চকু ৰঙা পৰে, বিষ হয়, খচখচায়, নেদেখা হয় আৰু পানী ওলায়। চিকিৎসকে শ্লিট লেম্পত পৰীক্ষা কৰি এই বেমাৰ ধৰা পেলায়। ঘাঁ হোৱা অংশৰ পৰা কিছু ক’লা উলিয়াই অণুবীক্ষণ যন্ত্ৰৰ তলত পৰীক্ষা কৰি আৰু কৃত্ৰিম মাধ্যমত জীৱাণুবোৰক বংশবৃদ্ধি কৰিবলৈ সুবিধা দি চিনাক্তকৰণ কৰিবলৈ কৰা হয়। বীজাণুবোৰৰ বিৰুদ্ধে কোনবোৰ এণ্টিবায়’টিকত কাম কৰিব বা নকৰিব সেয়া ছাইনাছাইটিছ পৰীক্ষা কৰি জানি লোৱা হয়। সেই অনুসৰি এণ্টিবায়’টিক চিকিৎসা আৰম্ভ কৰা হয়। অলপীয়াকৈ হোৱা ঘাঁবোৰ চিকিৎসা কৰিলে শুকাই যায় আৰু চকুত একো দাগ নাৰাখে বা ৰাখিলেও নিচেই সামান্য চিন এটাহে পেলায়। কিন্তু দৃষ্টিশক্তি ব্যাহত হ’ব পাৰে। বীজাণুবোৰে আক্ৰমণ ৰোধ কৰিব নোৱাৰিলে চকুটো গেলি-পচি যাব পাৰে।

লিখক: ডাঃ নাৰায়ণ বৰদলৈ, বিশিষ্ট চকু চিকিৎসক বৰদলৈ ‘স্বাস্থ্য প্ৰহৰী’ৰ সম্পাদক)