বিৱৰণ ‘পাইলচ’ বুলিলে নজনা মানুহ বৰ কমহে ওলাব৷ হাটে-বাটে, বাতৰি কাকতত নানাধৰণৰ অনেক বিজ্ঞাপন অনায়াসে চকুত পৰে৷ পশ্চিমৰ উন্নত দেশ যেনে আমেৰিকা আৰু ইংলেণ্ডত পঞ্চাচোৰ্ধৰ বয়সৰ ৫০শতাংশৰো অধিক লোক পাইলচৰ ভূক্তভোগী বুলি জনা যায়৷ ভাৰতৰ বিষয়ে সঠিক তথ্য পোৱা নাযায়৷ ইয়াৰ প্ৰমুখ কাৰণ হ’ল লজ্জাবশত: বহুতে চিকিৎসকৰ ওচৰলৈ নগৈ স্ব-চিকিৎসা কৰে নাইবা বেজ – কবিৰাজ আৰু ভুৱা ডাক্তৰৰ কাষ চাপে৷ গুৰুতৰ নহ’লে বহু সময়ত ৰোগৰ নিজেও উপশম ঘটে৷ পাইলচ অসুখত ৰোগীৰ মৃত্যু নহয়৷ কিন্তু পাইলচৰ বাহিৰে আন অসুখটো শৌচদ্বাৰৰ পৰা ৰক্তক্ষৰণ হ’ব পাৰে৷ বিশেষকৈ ক’লনৰ বা শৌচদ্বাৰৰ কেঞ্চাৰ, ক্ৰঞ্চ ডিজিজ, ইৰিটেবল বাৱেল চিনড্ৰম আদিত৷ সেয়ে লজ্জাত্যাগ কৰি হ’লেও মলদ্বাৰেদি কম বা বেচি পৰিমাণে ৰক্তক্ষৰণ হোৱা লোকসকলে অভিজ্ঞ চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত৷ পাইলচ অসুখত মলাশয় আৰু শৌচদ্বাৰৰ ৰক্তপ্ৰবাহী নলীৰ পৰা কম বেচি পৰিমাণে ৰক্তক্ষৰণ হয়৷ পাইলচ দুই ধৰণৰ হব পাৰে৷ বাহিৰত দেখা যোৱা External piles আৰু মলাশয়ৰ ওপৰৰ অংশত থকা Internal piles৷ আকৌ ইণ্টাৰনেল পাইলচক গুৰুত্ব অনুসৰি চাৰিটা পৰ্য্যায়ত ভগোৱা হয়৷ ৩য় আৰু ৪ৰ্থ পৰ্য্যায়ৰ ইণ্টাৰনেল পাইলচত সাধাৰণতে অপাৰেচনৰ প্ৰয়োজন হয়৷ পাইলচ হোৱাৰ সম্ভাব্য কাৰণসমূহ: শৌচ কচা (ক্ৰনিক কন্সটিপেচন) অতিমাত্ৰা শৌচ পনীয়া হোৱা (ক্ৰনিক ডায়েৰিয়া) মল বাহিৰ কৰোতে ৫মিনিটৰ বেচি সময় বল প্ৰয়োগ কৰিবলগীয়া হোৱা প্ৰষ্টেটৰ বিকাৰ হেতু প্ৰসাব কৰোতে বেচি বল প্ৰয়োগ কৰিবলগীয়া হোৱা গৰ্ভাৱস্থা আৰু সন্তান প্ৰসৱ মেদবহুলতা গধুৰ ওজন দাঙিবলগীয়া হোৱা বয়সৰ আধিক্য কম ফাইবাৰযুক্ত খাদ্য সেৱন পৰিয়ালৰ আন সদস্যৰ পাইলচ থকা পাইলচৰ লক্ষণসমূহ: (পাইলচ অস্বস্তিকৰ আৰু অসুবিধাদায়ক হ’লেও জটিলতা সৃষ্টি নোহোৱালৈকে সিমান বিপদজনক নহয়৷ শৌচৰ প্ৰক্ৰিয়াৰ সৈতে জড়িত হৈ শৌচদ্বাৰেদি কেঁচা তেজ আৰু মিউকাচ নিৰ্গত হোৱা৷ তেজৰ পৰিমাণ সামান্য বা কিছু বেচিও হ’ব পাৰে৷ শৌচদ্বাৰত টেমুনা বা ঘা হোৱা শৌচদ্বাৰৰ খজুৱতি মলত্যাগ কৰোতে বিষ অনুভৱ হোৱা পাইলচৰ জটিলতাসমূহ: পাইলচৰ ৰোগীৰ কাচিৎ ৰক্তক্ষৰণৰ ফলত ৰক্তহীনতা (এনিমিয়া) হ’ব পাৰে৷ এক্সটাৰ্নেল পাইলচৰ ৰক্তপ্ৰবাহ বন্ধহৈ কষ্টদায়ক থ্ৰমবচিচ হ’ব পাৰে৷ পাইলচ অংশৰ বীজানুৰ সংক্ৰমণ হ’ব পাৰে৷ ইণ্টাৰনেল পাইলচ মলদ্বাৰৰ ভিতৰলৈ ঘূৰি নগলে গেংগ্ৰিন আৰু ষ্ট্ৰেংগুলেচন হ’ব পাৰে৷ ৰোগৰ চিনাক্তকৰণ: অভিজ্ঞ চিকিৎসকে মলদ্বাৰ ভালদৰে নিৰীক্ষণ কৰি ৰোগ চিনাক্ত কৰিব পাৰে৷ চিকিৎসকে ইয়াৰ বাবে প্ৰক্টস্ক’প, কল’নোস্ক’পৰ সহায় ল’বলগীয়া হ’ব পাৰে৷ কেতিয়াবা বেৰিয়াম এনেমা এক্সৰে কৰিবলৈ চিকিৎসকে পৰামৰ্শ দিব পাৰে৷ ইয়াৰ দ্বাৰা ৰক্তক্ষয়ৰ আন কাৰণ বিশেষকৈ টিউমাৰ চিনাক্ত কৰাত সহায় হয়৷ পাইলচৰ চিকিৎসা: দহ শতাংশ ৰোগীৰ অপাৰেচনৰ প্ৰয়োজন হ’ব পাৰে৷ বাকী অধিকাংশ ৰোগীৰে আন ব্যৱস্থাৱলীৰ দ্বাৰা ৰোগৰ উপশম ঘটে৷ ৰোগ সামান্য হ’লে খোৱা লোৱাত সতৰ্ক হ’লে নিজে নিজেও ভাল হ’ব পাৰে৷ হিপ বাথ: দৈনিক ১০ৰ পৰা ১৫মিনিট সময় দিনে ৩৷ ৪বাৰ শৌচদ্বাৰ কুহুমীয়া গৰম পানীৰ গামলাত সুমুৱাই সেক দিয়াটো উপযোগী লোকেল এনাচথেটিক, হাইড্ৰকৰ্টিচন আদিযুক্ত মলম বা চাপজিটৰিৰ ব্যৱহাৰ বিষৰ বাবে পেৰাচিটামল বা আইব্ৰুপ্ৰফেন দৰবৰ প্ৰয়োগ সতৰ্কতাপূৰ্ণভাবে শৌচ ঢিলা হোৱা ( Laxative ) ঔষধৰ প্ৰযোগ পাইলচ হোৱা ঠাইত শুকাই যোৱা ঔষধৰ বেজী দিয়া ৰাবাৰ বেণ্ডৰ দ্বাৰা গাঠিবন্ধন ইনফ্ৰাৰেড চিকিৎসা ক্ৰায়’চাৰ্জাৰী অস্ত্ৰোপচাৰ কিছুমান অতি লাগতিয়াল ব্যৱস্থাৱলী: আঁহ থকা অৰ্থাৎ বেচি ফাইবাৰযুক্ত খাদ্য নিয়মীয়াকৈ গ্ৰহণ কৰা জাংক ফুড, তেলমছলাযুক্ত খাদ্য পৰিহাৰ কৰা পানী সদায় বেচিকৈ খোৱা-দিনটোত কমেও ১০গিলাচ শৌচৰ অনভূতি হ’লেই লগে লগে মলত্যাগ কৰা নিয়মীয়া ব্যায়াম বা কচৰৎ কৰি পাক প্ৰণালীৰ নাড়ীসমূহ সবল ৰখা ঘৰুৱা উপচাৰ: এলোভেৰাৰ পাত পিচি লগালে পাইলচৰ উপশম ঘটে বিষ আৰু ফুলা কমাবলৈ বৰফ সেই অঞ্চলত লগাব পাৰে অলিভ অইল আৰু এলমণ্ড অইলৰ প্ৰয়োগ কল-গাখীৰ মিশ্ৰণ তিতা কেৰেলাৰ পিতিকা মূলাৰ ৰস মানিমুনি, ভেদাইলতা, মাটি কান্দুৰী আদি অতি উপযোগী শাকক নিয়মীয়া খাদ্যৰ তালিকাভুক্ত কৰা উৎস: আই.এন.ডি.জি দলৰ দ্বাৰা সংগৃহিত