পানীলগা কেনেকৈ সোঁচৰে? পানীলগা বা চৰ্দি স্পৰ্শৰ যোগেৰে বিয়পে। কোনো পানীলগা ব্যক্তিয়ে শেঙুন পেলোৱাৰ পাছত বা নাক স্পৰ্শ কৰাৰ পাছত যদি আন সুস্থ ব্যক্তিক স্পৰ্শ কৰে, তেন্তে সুস্থ ব্যক্তিজনৰো চৰ্দি হ’ব পাৰে। অসুস্থ ব্যক্তিগৰাকীয়ে ব্যৱহাৰ কৰা সামগ্ৰী যেনে- কলম, কিতাপ, পিয়লা আদিত চৰ্দিৰ ভাইৰাছ বহু সময়লৈ থাকিব পাৰে। এইবোৰ কোনো সুস্থ ব্যক্তিয়ে স্পৰ্শ কৰিলে তেওঁৰো চৰ্দি হ’ব পাৰে। হাঁছি বা কাঁহৰ যোগেৰেও এই ভাইৰাছ বিয়পিব পাৰে, কিন্তু সেয়া অতি কম। ঠাণ্ডা বতৰ বা পৰিৱেশৰ লগত চৰ্দিৰ কিবা সম্পৰ্ক আছে নেকি? ঠাণ্ডা বতৰ বা পৰিৱেশৰ লগত চৰ্দিৰ বিশেষ সম্পৰ্ক নাই। উৎস: আইএনডিজি দল।