মানুহৰ দেহৰ স্বাভাৱিক উষ্ণতা ৩৭ ডিগ্ৰী ছেণ্টিগ্ৰেট বা ৯৮ ডিগ্ৰী ফাৰেনহাইট থাকে। এই উত্তাপ যেতিয়া স্বাভাৱিকতকৈ বেছি হয় তেতিয়াই জ্বৰ উঠা বুলি কোৱা হয়। জ্বৰ এটা ৰোগ নহয়। ই কোনো ৰোগৰ লক্ষণহে। শৰীৰত যিকোনো সংক্ৰমণৰ প্ৰতিক্ৰিয়া। যিমানে উষ্ণতা বৃদ্ধি পায় সিমানে ৰোগটোৰ জটিলতা বেছি হোৱা বুলি বুজিব পৰা যায়। জ্বৰৰ কাৰণ তলত উল্লেখ কৰা ৰোগবোৰ জ্বৰৰ কাৰণ হব পাৰে: ১) মেলেৰিয়া ২) টাইফয়েড ৩) যক্ষ্মা ৪) ৰিউমেটিক জ্বৰ ৫) মিজিলছ ৬) মাম্পছ ৭) শ্বাসতন্ত্ৰৰ সংক্ৰমণ যেনে, নিউমনিয়া, ঠাণ্ডা লগা, কাঁহ, টনচিল, ব্ৰংকাইটিছ আদি। ৮) মুত্ৰনলীৰ সংক্ৰমণ জ্বৰৰ সাধাৰণ লক্ষণ শৰীৰৰ উত্তাপ ১০০ ডিগ্ৰী ফাৰেনহাইটতকৈ বেছি হোৱা। মূৰৰ বিষ। ঠাণ্ডা লগা। গাঠিৰ বিষ। আভোক। কোষ্ঠকাঠিন্যতা। অৰুচি আৰু দূৰ্বলতা। সাধাৰণ পৰামৰ্শ ৰোগীক ভালদৰে বায়ু চলাচল কৰা কোঠাত ৰাখিব লাগে। যথেষ্ট পৰিমাণৰ তৰল বস্তু খাবলৈ দিব লাগে। কোমল পৰিষ্কাৰ পোচাক পিন্ধিব লাগে। পৰ্য্যপ্ত সময় বিশ্ৰাম লব লাগে। শৰীৰৰ উত্তাপ ১০৩ ডিগ্ৰীতকৈ বেছি হ’লে বা ৪৮ ঘণ্টাতকৈ অধিক সময়লৈ জ্বৰ উঠি থাকিলে চিকিত্সকৰ পৰামৰ্শ লব লাগে। জ্বৰৰ সময়ত খাব লগা আহাৰ যথেষ্ট পৰিমাণৰ উতলোৱা বিশুদ্ধ পানী। শৰীৰে যথেষ্ট পৰিমাণে শক্তি পোৱা সামগ্ৰী যেনে, গ্লুকজ, স্বাস্থ্যকৰ পানীয়, ফলৰ ৰস আদি খাব লাগে। লুথুৰী ভাত, চাগু, বাৰ্লি পানী আদি সহজে হজম হোৱা হোৱা খাদ্য খোৱা উচিত। গাখীৰ, পাউৰুটি আৰু ৰুটি। মাংস, কণী, মাখন, দৈ, আৰু তেলত ৰন্ধা খাদ্য খাব নালাগে। উৎস: আইএনডিজি দল।