কাহ ৰোগৰ কাৰণ ষ্ট্রেপকোঙ্কাচ ষ্টফিলোক্কাচ, ইনফ্লুয়েঞ্জা আদি ৰোগৰ কাৰণে কাহ হ’ব পাৰে। ই প্রকৃততে উপসৰ্গহে ৰোগৰ জীৱাণু মুখ আৰু নাকেদি দেহত প্রৱেশ কৰে। বিড়ি, চিগাৰেট খালেও কাহ হয়। কর্কট ৰোগ, যক্ষ্মা ৰোগৰ কাৰণেও কাহ হ’ব পাৰে। ৰোগৰ লক্ষণ ডিঙি শুৰশুৰায় বুকুৰ বিষ হয়, ডিঙি চেৰচেৰায় হাঁচি আহেগ বিষয়, নাকেদি পানী ওলায় আৰু শৰীৰ দুৰ্বল হৈ পৰে। কফ দেৰিকৈ বাহিৰ হয়। বন দৰব ভাল ঘিউত গুৰ মিহলি কৰি জুইত গৰম কৰি খুউৱাৰ উপৰিও জড় আৰু নিমখ সমপৰিমাণৰ মিহলি কৰি বুকুত মালিচ কৰিব লাগে। ৩/৪ টা বাদাম চোবাই মুখত ৰাখিলে শুকান কাহ ভাল হয়। একাপ গৰম পানীত ৫চামুচ কেঁচা হালধিৰ ৰস মিহলাই তাত অলপ নিমখ দি খাব লাগে। কেঁচা মূলাৰ ১২চামুচ ৰসত কুঁহিয়াৰৰ ৰস ৮চামুচ মিহলি কৰি দিনে ২ বাৰকৈ খাব লাগে। কুঁহিয়াৰৰ ৰস ১০০ মিঃ লিঃ দিনে ২ বাৰ খালে শুকান কাহ ভাল হয়| বিড়ি, চিগাৰেট খোৱাৰ কাৰণে শুকান কাহ হলে মৰাণ আদা এডোখৰ চোবাই খালে সেই কাহ সহজে আৰোগ্য হয়। ২০ টোপালমান নহৰু ৰসৰ লগত মাটিকঠালৰ ৰস অলপ মিহলি কৰি চৰবত কৰি খালে সকলো প্ৰকাৰৰ কাহ ভাল হয়। পুৰণি কাহত এচামুচ হালধিৰ ৰসত ২ চামুচ মৌ মিহলাই দিনে তিনিবাৰকৈ খাব লাগে। শিশুৰ কাহ হ’লে ৪/৫ টা দোৰণ ফুল পিহি ১ চামুচ মৌজোলৰ লগত মিহলি কৰি খুৱালে ৰোগ সহজে আৰোগ্য হয়। তৰুৱা কদমৰ ৫০ গ্ৰাম পাতৰ ৰস ২ চামুচ পানী আৰু ৫ গ্ৰাম চেনি মিশ্ৰণ কৰি খালে উত্তম ফল পোৱা যায়। বগা বাহকৰ পাতৰ ৰস ৫ চামুচ দিনে তিনিবাৰ খাব লাগে। পথ্য তুলসী, জালুক, পিপলি, তিতাফুল, বগা বাহক, পূৰাকল, জিলমিল শাক, নহৰু, আদা, মহানিম, মৌ, শিলিখা, ছাগলীৰ গাখীৰ, লং, কেহেৰাজ, কাজিনেমু, ভেঁকুৰী, কেঁচা হালধি আদি সুপথ্য। অপথ্য মিঠা বস্তু, ঠাণ্ডা বস্তু, গাখীৰ, দৈ খাব নালাগে। ধঁপাত জাতীয় বস্তু অপথ্য। নিউমোনীয়া ৰোগৰ কাৰণ কেইবিধমান জীৱাণু ১) নিউমোকক্কাচ ২) ষ্ট্ৰেপট’কোকাচ নিউমোনীয়া ৩) ষ্টাফিল’কোকাচ ফিজেন্স ৪) ক্লেবচিল্লা নিউমোনীয়া ৫) হেমোপলিয়াচ ইনফ্লুয়েঞ্জা ৬) মাইকো’বেক্টেৰিয়াম নিউমোনীয়া ৭) বিভিন্ন প্রকাৰৰ ভেঁকুৰৰ পৰা এই ৰোগ হয় ইয়াৰ ভিতৰত প্ৰধান জীৱাণু হ’ল নিউমোকক্কাচ। ৰোগৰ লক্ষণ হঠাতে ঠাণ্ডা লাগি জ্বৰ হয়। ভোক নালাগে। মূৰৰ বিষ হয়। জ্বৰ ১০৩/১০৪ ফাৰেনহাইট পৰ্যন্ত হয়। গোটেই গাতে বিষ অনুভৱ হয়। বুকুৰ বিষ অধিক হয় আৰু কাহ হয়। কাহোতে কষ্ট হয়। দিন বেছি হ’লে কজলা বা হালধীয়া বৰণৰ খেকাৰ ওলায়। শ্বাস খৰতকীয়া আৰু বেদনাদায়ক হয়। মুখৰ পৰা দুৰ্গন্ধ ওলায়, শৰীৰ দুৰ্বল হৈ পৰে, শৰীৰ চেচা হৈ পৰে। দুয়ো কোৱাৰিত ঘা হয়, জিভা বগা হয় আৰু মুখৰ ভিতৰৰ ছাল ছিগে। বন দৰব এক চামুচ নহৰুৰ ৰসৰ লগত সামান্য গৰম পানী মিহলি কৰি খাব লাগে। ২ চামুচ কলীয়া তুলসীৰ ৰসত মৰাণ আদা আধা চামুচ আৰু মৌ মিহলি কৰি দিনে ২ বাৰকৈ খোৱা উচিত। সিজু জুইত সেকি মূৰত প্ৰলেপ দিব লাগে। দোৰোণ বনৰ ৰস ২ চামুচ কৈ সমপৰিমাণৰ পানী দি দিনে তিনিবাৰ খাব লাগে। আৰু খুন্দি মূৰত প্ৰলেপ দিয়া ভাল। দোৰোণ বনৰ পাতৰ ৰস বুকুত মালিচ কৰিলেও ৰোগীয়ে যথেষ্ট আৰাম পায়। বোন্দা কেঁচু এটা ১০০ মি:লি পানীত কিছু সময় তিয়াই ৰাখি তাত ৯ টা জালুক খুন্দি মিহলাই কেঁচুৱাক এক চামুচ আৰু বয়সস্থ লোকক ২ চামুচকৈ দিনে ২ বাৰকৈ একেৰাহে তিনিদিন খুৱাব লাগে। পথ্য শুহনি বন, বগা বাহকৰ ফুল আৰু পাতৰ ৰস, লঘুপাকী খাদ্য উপকাৰী। প্ৰথম অৱস্থাত ৰাতিপুৱা শুদা পেটত একোটাকৈ মুৰ্গী কণী কেচাই খাব লাগে। পাঁচ দিনত পাঁচটা খোৱা ভাল। অপথ্য বিড়ি, চিগাৰেট, ভাং, ধঁপাত, মাদক দ্ৰব্য, মাংস, মাছ, উৰহী, বৰা চাউল, মাটিকঠাল, বেঙেনা, টেঙাবস্তু, জ্বলা আৰু ভজা-পোৰা বস্তু, মছলা বেয়া। ঠাণ্ডা লগাব নালাগে। ব্ৰঙ্কাইটিচ ৰোগৰ কাৰণ ই সংক্ৰামক ৰোগ। জীৱাণুৰ দ্বাৰা এই ৰোগ হয়। ঠাণ্ডাত এই ৰোগ বেছি হয়। ৰোগৰ লক্ষণ কাহ হয়। কাহোতে মুখৰ বৰণ নীলা হৈ যায়। জ্বৰ উঠে। অৰুচি হয় আৰু উশাহ-নিশাহ লওঁতে কষ্ট হয়। বন দৰব ১) হালধিৰ গুড়ি এচামুচ, এগিলাচ গাখীৰত মিহলাই দিনে ৩ বাৰকৈ খালে এই ৰোগ ভাল হয়। গৰুৰ গাখীৰৰ লগত এই বনৌষধ খাব পাৰিলে ভাল। ২) সম পৰিমাণৰ শুকান আদা, জালুক দুটা আৰু পিপলি ৪/৫ টা খুন্দি খাব লাগে। দিনটোত এনেদৰে তিনিবাৰকৈ খোৱা উচিত। ৩) ৫ চামুচ ৰস বা তিতাফুল দিনে ২০ গ্রামকে ২ বাৰ খাব লাগে। (৪) আমলখিৰ গুটি খুন্দিখলে ব্ৰঙ্কাইটিচ ৰোগ ভাল হয়। (৫) মৰাণ আদৰৰস, মৌজোল আৰু কলীয়া তুলসী পাতৰ ৰস মিহলি কৰি খাব লাগে। প্রত্যেকৰে ২ চামুচকৈ। (৬) দোৰোণ বনৰ আগ ৫ টা আৰু পচতীয়া আগ ৫ টা চোবাই ১৫ মিনিট মুখত লৈ থাকিব লাগে। পথ্য কাহত উল্লেখ কৰা পথ্যৰ সৈতে একে পথ্য ব্যৱহাৰ কৰিব পাৰিব। যঠি মধু মৌজোল উপকাৰী। অপথ্য টেঙা বস্ত আৰু দৈ খোৱা বেয়া। কল, মধুৰী আম আৰু মিঠা বস্তু খাব আলাগে বুলি বতাহ লগাব নালাগে। ঠাণ্ডা বস্তু খাব নালাগে। লেং কাহ ৰোগৰ কাৰণ Bordetella Pertussis নামৰ জীৱাণুৰ দ্বাৰা এই ৰোগ হয়। ই সংক্রামক ৰোগ। ৰোগীৰ থু, খেকাৰ, হাঁচি আদিৰ যোগেদি এই ৰোগৰ জীৱাণু সুস্থ লোকৰ দেহত প্ৰৱেশ কৰে। ৰোগৰ লক্ষণ এই ৰোগ পাঁচ বছৰৰ তলৰ শিশুসকলৰ হয় যদিও বিভিন্ন বয়সতে এই ৰোগ হ'ব পাৰে। প্রথম অৱস্থাত জ্বৰ হয়, গা বিষায় আৰু চকু ৰঙা হৈ পৰে, পাৰণি হয় আৰু হঠাৎ কাহে ধৰে। কাহোতে কাহোতে ৰোগী লেবেজান হৈ পৰা দেখা যায়। ২৪ ঘণ্টাত ৪০/৫০ বাৰ কাহ হয়, কাহোতে পেটৰ পৰা ছপ শব্দ হয়। শৰীৰ দুৰ্বল হৈ পৰে। এই কাহ এমাহৰ পৰা চাৰিমাহ পর্যন্ত থকা দেখা যায়। বন-দৰব বেজকচুৰ ঠাৰি ৫০ গ্রাম খুন্দি তাক পাতত দি তাৰ ৰস উলিয়াই গুৰৰ সৈতে মিহলাই খালে বয়সস্থ লোকৰ লেং কাহ ভাল হয়। তুলসীৰ পাতৰ ২চামুচ ৰস অলপ গৰম কৰি তাত মৌ মিহলাই খুৱালে সৰু লৰা-ছোৱালীৰ লেং কাহ সহজে ভাল হয়। ২চামুচ তুলসীৰৰসৰ লগত লং তেলব ৪/৫টাল পিহি খুৱালেও কেচুৱা আৰু ১০ বছৰৰ তলৰ লৰা-ছোৱালীৰ লংকাহ ভাল হয়। নহৰ খুন্দি মালা পিন্ধোৱাৰ উপৰিও নহৰু দি সৰিয়হ তেলৰ সৈতে মালিচ কৰিলে সৰু ল’ৰা-ছোৱালীৰ লেং কাহ সহজে ভাল হয়। পূৰৈশাকৰ ৰস ছাগলীৰ গাখীৰৰ লগত খোৱা ভাল। নেমুটেঙাৰ ২ চামুচ ৰসৰ লগত পানী মিশ্ৰণ কৰি খাব লাগে। অপৰাজিতাৰ শিপাৰ ৰস ৫ চামুচ উলিয়াই তাত সামান্য পানী মিশ্ৰণ কৰি দিনে ৩ বাৰকৈ খালে লেং কাহ ভাল। ১০/১২ খন দোৰোণ পাতৰ ৰসত সম পৰিমাণৰ তুলসীৰ ৰস আৰু সামান্য মৌ মিহলি কৰি খাব লাগে। লং ৪/৫ টা জুইত গৰম কৰি মৌ ৰ লগত খালে যথেষ্ট উপকাৰ পোৱা যায়। মৰাণ আদাৰ ৰস ৫ চামুচত অলপ মৌ মিহলি কৰি তিনিবাৰকৈ খালে লেং কাহ আৰোগ্য হয়। ২৫০ গ্রাম চেনিত ১০০ গ্রাম নহৰু খুন্দি মিহলি কৰি গৰম কৰি পানীখিনি ভাপ হৈ যাবলৈ দিব লাগে। তাৰ পাচত ঠাণ্ডা কৰি ডাঙৰক দুই চামুচ আৰু কেচুৱাক আধা চামুচকৈ দিনে ২ বাৰ খুৱালে লেং কাহ ভাল হয়। বগাবাহক বা তিতা ফুলৰ পাতৰ ২৫ মিঃ লিঃ বসত মৌ মিহলি কৰি খাব লাগে। পথ্য নেমুৰ ৰসত পানী মিহলি কৰি খাব লাগে। চজিনাৰ পাত, অমিতা, খুতুৰা, আম গাজৰ, ধনীয়া, তিতা দ্রব্য, আমলখি, পদিনা, বন্ধাকবি সুপথ্য। অপথ্য মিঠাবস্তু, কল, গাখীৰ বিজলুৱা বস্তু, মাদক দ্রব্য, ধূমপান কৰা বেয়া। হাঁইফাঁই বা হাঁপানি ৰোগৰ কাৰণ শ্বাস যন্ত্ৰৰ কোনো অংশত বীজাণুৱে আক্ৰমণ কৰিলে, এলাজী হ’লে আৰু বংশগত হিচাপে এই ৰোগ হয়। এই ৰোগ আচলতে কম বয়সতে আৰম্ভ হয়। ধূলি-বালি, পানী লগা, ঠাণ্ডা লাগিলে এই ৰোগ বৃদ্ধি হয়। হঠাতে উত্তেজিত হোৱা আৰু ভীৰু লোকৰ এই ৰোগ বেছিকৈ হয় বুলি জনা যায়। ৰোগৰ লক্ষণ কাহ হয়। উশাহ-নিশাহ লোৱাত কষ্ট হয়। উশাহ-নিশাহ লওঁতে ঘেৰ-ঘেৰণী শব্দ হয়। শেষ ৰাতি টোপনি নহয়। ৰোগী উঠি বহে। শৰীৰ দুৰ্বল হৈ পৰে। ৰোগ পুৰণা হ’লে ৰোগীৰ অৱস্থা শোচনীয় হৈ পৰে। এনে অৱস্থাত Status Asthematics বোলা হয়। বন দৰব এটা নেমুৰ ৰসৰ লগত ১০ গ্ৰাম মৰাণ আদা খুন্দি খুৱালে যথেষ্ট উপকাৰ পোৱা যায়। ৮/১০ খন বগা বাসকৰ পাত খুন্দি দিনে দুবাৰকৈ একেৰাহে এমাহমান খালেই হাইফাই ৰোগ ভাল হয়। কলীয়া তুলসীৰ ৰস, মৌজোল আৰু মৰাণ আদাৰ ৰস সম পৰিমাণৰ লৈ ৰাতিপুৱা আৰু গধুলি দিনে দুবাৰকৈ কিছুদিন খালে হাইফাই ৰোগ ভাল হোৱা দেখা যায়। সৰিয়হ তেলত নিমখ মিহলি কৰি বুকুত মালিচ কৰিব লাগে। যষ্ঠিমধু আৰু ৰঙা চন্দন পিহি প্রত্যেকৰে ১চামুচকৈ লৈ আধাকাপ নিয়মীয়াকৈ ১৯ দিন খালে হাইফাই ৰোগীয়ে যথেষ্ট আৰাম পায়। পুৰণি গুৰ (৩ বছৰীয়া হলে ভাল) ৩০ গ্রাম সৰিয়হৰ তেল ২ চামুচ মিহলি কৰি খাব লাগে। পুৰণি ঘিউ আকণৰ পাতত লগাই সেই পাত জুইত সেক দি বুকুত ৰাখিব লাগে। আকণৰ শিপাৰ ছাল প্রথমে খুন্দি গুড়ি কৰি তাক আকণৰ আঠাত তিয়াই ৰাখি শুকুৱাই বিড়িৰ দৰে খালে শ্বাস কাহ বা হাইফাই ভাল হয়। আমলখিৰ শিপাৰ ৰস দৈনিক ৪ চামুচকৈ ব্যৱহাৰ কৰিলে হাইফাই ৰোগ উপশম হয়। দৈনিক ১০/১৫ টাকৈ ভেকুৰী গুটি খুন্দি বা চোবাই খালে পুৰণি হাইফাই ৰোগে ভাল হোৱা দেখা যায়। ৰবাব টেঙাৰ শিপা ২৫ গ্ৰাম, শিলিখা ৫ টা, আদা ২০ গ্ৰাম ভালদৰে খুন্দি তাত অলপ সৈন্ধৱ লোণ মিহলি কৰি দিনে ২ বাৰ ৰাতিপুৱা আৰু গধূলি খাব লাগে। বগা পদুম ফুল আৰু জালুক ১২ গ্ৰামকৈ পিহি কেইদিনমান খালেই হাঁইফাঁই ৰোগ ভাল হয়। ২ টা জালুক আৰু ১০০ গ্ৰাম পৌননৌৱা শিপাৰ ৰসত সামান্য গংগাজল মিহলি কৰি এনেদৰে দিনে ২ বাৰকৈ একেৰাহে ১২ দিন খালেই হাঁপানি ৰোগ ভাল হয়। মৌজোল ৫০ গ্ৰাম, খোৱা কৰ্পূৰ ৩ টা, মৰাণ আদা ৫০ গ্ৰাম, গুৰ ৫০ গ্ৰাম, মিঠাতেল ৫০ মি:লি:, জালুক ৫০ গ্ৰাম ভালদৰে পিহি আধা লিটাৰ পানীত সিজাই ৩০০ মি: লি: পানী শুকুৱাই ২০০ মি:লি: ৰাখি ৫০ গ্ৰামকৈ কুহুমীয়া পানী গৰম কৰি খুৱাব লাগে। এনেদৰে ৫ দিন খুৱালে হাঁইফাঁই ৰোগ আৰোগ্য হয়। পথ্য কাটাখুতুৰা, বগা বাহকৰ ফুল, ভাতকেৰেলা, নহৰু, শিলিখা, মৰাণ আদা, জালুক, পিপলি, জৰা টেঙা, ৰবাব টেঙা, জলকীয়া, শুহনি বনৰ পাত, কলীয়া তুলসী, কালজীৰা, অপৰাজিতাৰ ফুল, লং, পকা আম, থেকেৰা, বেল, কিছ্মিছ্, ৰঙা জবা ফুলৰ ৰস, মধুৰী আম, চিৰতা, বিলাহী, মানিমুনি, চজিনা উপকাৰী। সদায় গৰম পানী ব্যৱহাৰ কৰিব লাগে। অপথ্য কচু, পিয়াজ, উৰহী, আলু, পূৰৈশাক, কোমোৰা, ঔটেঙা, নতুন চাউলৰ ভাত, ভেণ্ডি, চুকাশাক, তেতেলি, শাল মাছ, চেঙা মাছ, মাগুৰ মাছ, আৰি মাছ, গাগল মাছ, ৰহৰ দাইল, হাঁহৰ মাংস অপকাৰী। লিখক: ড০ গুণাৰাম খনিকৰ, সহজলভ্য বন দৰবৰ গুণ।