এতিয়া শীতকাল চলি আছে৷ গ্ৰীষ্মকালৰ তুলনাত শীতকাল বহুতৰ বাবে বেচি সুখপ্ৰদ বা আৰামদায়ক৷ জহকালিৰ তুলনাত জাৰকালি ৰোগৰ প্ৰাদূৰ্ভাৱো কম৷ বছৰটোত শীতৰ প্ৰভাৱ বেচি থকা অঞ্চলসমূহৰ লোকক কমকৈ ৰোগাক্ৰান্ত হোৱা দেখা যায়৷ তাৰ বিপৰীতে ট্ৰপিকেল দেশসমূহত, য’ত গৰম আৰু বৰষুণ বেচিকৈ পৰে সেই অঞ্চলসমূহত নানাবিধ ৰোগৰ প্ৰাধান্য পৰিলক্ষিত হয়৷ কিন্তু জাৰকালি জানো ৰোগ নোহোৱাকৈ থাকে? আজিৰ আলোচনাত জাৰকালি দেখা যোৱা সাধাৰণ অসুখসমূহৰ বিষয়ে, তাৰ প্ৰতিকাৰ আৰু ল’বলগীয়া সাৱধানতাসমূহৰ বিষয়ে চৰ্চা কৰিম৷ আলোচনাৰ সুবিধাৰ্থে নিম্নলিখিত বিষয়সমূহ বাচি লৈছোঁ৷

জাৰকালি দেখা যোৱা সাধাৰণ অসুখসমূহৰ বিষয়ে, তাৰ প্ৰতিকাৰ আৰু ল’বলগীয়া সাৱধানতাসমূহ

চৰ্দি বা পানী লগা

চৰ্দি বা পানী লগাৰ বিৰক্তিকৰ অভিজ্ঞতা নথকা লোক খুবেই বিৰল।

ইনফ্লুৱেঞ্জা

সাধাৰণতে মানুহে ইয়াক ফ্লু বুলিও চিনাকী দিয়ে৷ ই হ’ল ভাইৰাচজনিত এবিধ সংক্ৰামক ৰোগ৷ ই কেতিয়াবা ব্যাপকভাৱে একোটা অঞ্চলৰ লোকক ৰোগাক্ৰান্ত কৰা দেখা যায়৷ জ্বৰ, কাহৰ ওপৰিও এই ৰোগত মূৰৰ বিষ, ডিঙিৰ বিষ, বন্ধ নাক বা নাকৰ স্ৰাৱ বোৱা, গাৰ বিষ, গাঁঠিৰ বিষ, বমি, চকু ৰঙা পৰা, শৰীৰৰ দুৰ্বলতা আদি লক্ষণে দেখা দিয়ে৷

ব্যক্তিভেদে মানুহৰ দেহত ৰোগৰ লক্ষণসমূহ কম-বেচি হব পাৰে৷ আৰম্ভণিতে পানীলগা আৰু ইনফ্লুৱেঞ্জাক পৃথক কৰি চিনাক্ত কৰা কঠিন যেন লাগিব পাৰে৷ কিন্তু সাধাৰণতে ইনফ্লুৱেঞ্জাত বেচি মাত্ৰাত ততালিকে জ্বৰ উঠে আৰু ৰোগী কম সময়তে কাহিল হৈ পৰে৷ কিছুমান চৰাই আৰু পোহনীয়া জন্তুৰ (যেনে গাহৰি, ঘোৰাৰ) শৰীৰত এই আৰ এন এ ইনফ্লুৱেঞ্জা ভাইৰাচৰ বসতি৷ কদাচিত তাঁহাতৰ পৰা মানুহৰ দেহলৈ সংক্ৰমন ঘটিলে বাৰ্ডফ্লু (H5N1) আৰু চোৱাইনফ্লু (H1N1) নামেৰে গুৰুতৰ মহামাৰী ৰূপ দেখা দিব পাৰে৷ বাৰ্ড ফ্লু-ত উল্লেখিত লক্ষণসমূহ গুৰুতৰ ৰূপত হোৱাৰ ওপৰিও ডায়েৰিয়া বা হাগনি হোৱা দেখা যায়৷ ভালদৰে মাস্কৰ ব্যৱহাৰ কৰি সঘনাই ভালদৰে এন্টিচেপ্টিকৰে হাত ধুলে ৰোগ বিয়পা ভালেখিনি প্ৰতিৰোধ কৰিব পাৰি৷

ফ্লুৰ চিকিৎসা

বিশ্ৰাম, জল আৰু জুলীয়া পদাৰ্থৰ প্ৰচুৰ সেৱন, জ্বৰত পেৰাচিটামল (এস্পিৰিন নহয়) খাব৷ কেতিয়াবা বেক্টেৰিয়াৰ সংক্ৰমণ হলেহে এন্টিবায়টিক চিকিৎসকে লবলৈ পৰামৰ্শ দিয়ে৷ এন্টিভাইৰেল ঔষধৰ প্ৰয়োগৰ লাভালাভ সম্বন্ধে এতিয়াও সুনিশ্চিতভাবে কোৱা নাযায়৷

ফ্লু ভেকচিনে এবছৰৰ বাবে সুৰক্ষা দিয়ে সেয়ে বছৰৰ মূৰে মূৰে ইয়াক লোৱাটো বাঞ্চনীয়৷ অনায়াসে বেচি বিপদৰ সন্মুখীন হোৱাৰ সম্ভাৱনা থকা এইসকল হ’ল– ৬৫ বছৰৰ ওপৰৰ আৰু ৫বছৰৰ তলৰ বয়সৰ লোক, গৰ্ভৱতী মহিলা, আন অসুখত (যেনে ডায়েবেটিজ, হৃদৰোগ, হাঁপানী আদিত) ভোগী থকা লোক– এনেলোকে প্ৰতিষেধক ছিতা লোৱাটো একান্তই আৱশ্যক৷

মূৰৰ বিষ

চাইনাচৰ অসুখ, মাইগ্ৰেইনত ভোগাসকলৰ বাহিৰেও আন যি কোনো লোকৰ শীতকালত সাময়িকভাৱে মূৰৰ বিষ হব পাৰে৷ সেয়া বিশেষ চিন্তনীয় বিষয় বুলি ভাবিব নালাগে৷ আকস্মিক ঠাণ্ডা লাগিলে বা বেচিকৈ এচি-ৰ শীতলতাৰ পৰাও মূৰৰ বিষ হ’ব পাৰে৷ একাপ গৰম চাহ বা এটা পেৰাচিটামল টেবলেটে ইয়াৰ উপশম ঘটাব পাৰে৷

কাহ

চৰ্মৰোগ

শীতকালত ছাল শুষ্ক হোৱা, ওঁঠ আৰু হাত-ভৰিৰ ছাল ফটাৰ ওপৰিও খজুৱতি হব পাৰে৷ সেয়ে শৰীৰৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা অতি লাগতিয়াল৷ গৰম পানীৰে হ’লেও চাবোন ব্যৱহাৰ কৰি দৈনিক গা অৱশ্যে ধুব লাগে৷ চিকিৎসকে খজুৱতি উপশম ঘটাবলৈ এন্টি-এলাৰ্জিক দৰৱ খাবলৈ আৰু লগাবলৈ ষ্টেৰ’ইডজাতীয় মলম দিয়ে৷ শীতকালত ছাল ভালে ৰাখিবলৈ নিশা শৰীৰত নাৰিকল তেলৰ মালিছ্ কৰাতো উপকাৰী৷ শীতকালত মৌজোল আৰু নেমুৰ ৰস কুহুমীয়া গৰম পানীত মিহলাই দৈনিক পুৱা এগিলাচ নিয়মীয়াকৈ সেৱন কৰিলে শৰীৰত অলাগতিয়াল চৰ্বি জমা নহয় আৰু ছালৰ বৰণ উজ্বল হয়৷

হাঁপানী

জেনেটিক কাৰণ আৰু বাতাবৰণৰ প্ৰভাৱত হাঁপানীৰ লক্ষণসমূহ সহজে প্ৰস্ফুটিত হয়৷ বায়ু মণ্ডলত থকা বিভিন্ন তত্ব হাঁপানীৰ কাৰক (এলাৰ্জেন) হব পাৰে৷ মূলত: উশাহ লোৱাত কষ্ট, নিশ্বাসত শব্দ হোৱা কাহ, বুকৰ কষ্ট আদিয়েই হাঁপানীৰ প্ৰধান লক্ষণ৷ আজিকালি ষ্টেৰ’ইডৰ বাহিৰেও মন্টোলুকাস্ত আদি দৰৱৰ সহায়ত এই ৰোগ ভালেখিনি নিয়ন্ত্ৰণত ৰখাতো সম্ভৱপৰ হৈছে৷

গাঁঠিৰ বিষ

শীতকালত কিছুমান লোকৰ পূৰণা গাঁঠিৰ বিষৰ উক্ দিয়ে বিশেষকৈ কিছুমান বয়সিয়াল লোকৰ৷ সেয়ে শীতকালত বয়সিয়াল লোকসকলে সতৰ্কতা অৱলম্বন কৰাটো বাঞ্চনীয়। শৰীৰত মিঠাতেলৰ মালিছ কৰি শীতকালত দৈনিক ৰ’দ লোৱাটো লাভজনক– ইয়াৰ দ্বাৰা শৰীৰে লাগতিয়াল ভিটামিন- ডি আহৰণ কৰে৷ আন এটি ঘৰুৱা চিকিৎসা হ’ল- এগিলাচ গাখীৰত অলপ হালধি মিহলাই খালে শীতকালত হোৱা গাঁঠিৰ বিষৰ উপশম ঘটে৷

হৃদৰোগ

শীতকালত উচ্চ ৰক্তচাপ আৰু এনজাইনা জাতীয় হৃদৰোগ বেচিকৈ হোৱা দেখা যায় সেয়ে এনে ৰোগ ধৰা পৰা লোকসকল সাৱধানে থকাটো মংগলজনক৷

অন্যান্য লাগতিয়াল কথা–

ধূম্ৰপান আৰু মদ্যপানে শীতকালৰ যি কোনো ৰোগ বৃদ্ধি কৰিব পাৰে, গতিকে সেয়া এৰাই চলাটো বাঞ্চনীয়৷ নিয়মীয়া ব্যায়াম আৰু সন্তুলিত পুষ্টিকৰ আহাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায়ক৷ সঘনাই চৰ্দিত ভোগা লোকসকলে, হাঁপানীৰ ৰোগীসকলে, বিভিন্ন এলাৰ্জিক চৰ্মৰোগত ভোগা লোকসকলে ‘হিষ্টাগ্লবিন’ নামৰ শৰীৰৰ প্ৰতিৰোধক ক্ষমতা বঢ়োৱা বেজী চিকিৎসকৰ লগত পৰামৰ্শ কৰি লব পাৰে৷ পানীলগা বিষয়ৰ প্ৰৱন্ধত এই বেজীৰ বিষয়ে জনোৱা হৈছে৷ মোখনিত এটা কথাই কম শীতকালত ল’বলগীয়া সতৰ্কতাসমূহ পালন কৰি সাৱধানে চলক আৰু শীতকালক সম্পূৰ্ণকৈ উপভোগ কৰক৷ যি কোনো ঔষধ নিজে সেৱন কৰাৰ আগতে তাৰ পাৰ্শ্বক্ৰিয়াৰ বিষয়ে জানি লওক আৰু ৰোগ জটিল হোৱাৰ আগতেই চিকিৎসকৰ পৰামৰ্শ লৈ ৰোগীক বিপদমুক্ত কৰাওক৷

লেখক: ডাঃ ভূপেন শইকীয়া