শেহতীয়াভাৱে মানুহৰ স্বাস্থ্য সচেতনতা বিগত দুটা দশকত অভাৱনীয়ভাৱে বাঢ়িছে। ইয়াৰ ফলত এনে কেতবোৰ ৰোগৰ বিষয়ে মানুহৰ কৌতুহল বাঢ়িছে, যিবোৰৰ প্ৰাদুৰ্ভাৱ পূৰ্বতে থাকিলেও সেইবোৰৰ বিষয়ে তুলনামূলকভাৱে কমকৈ আলোচিত হৈছিল। এনে ৰোগবোৰৰ ভিতৰত উল্লেখনীয় হৈছে প্ৰ’ষ্টেট গ্ৰন্থিৰ নানা তৰহৰ অস্বাভাৱিকতা।

প্ৰকৃততে প্ৰ’ষ্টেট হৈছে মানুহৰ তলপেটত অৱস্থিত এনে এক অংগ, যিটো নেকি জন্মৰে পৰাই থাকে। পুৰুষৰ কৈশোৰ অৱস্থা প্ৰাপ্তিৰ লগে লগে ইয়াৰ আকাৰ বাঢ়িবলৈ আৰম্ভ কৰে আৰু ইয়াৰ ধাৰণ ক্ষমতা ১৫ মিঃ লিঃৰ পৰা বাঢ়ি ৩০ মিঃ লিঃ হয়গৈ। যদিহে অংগটোৰ আকৃতি ইয়াতকৈ বাঢ়ি যায় তেনেহ’লে সেই ৰোগাৱস্থাকে বি পি এইচ (বিনাইন প্ৰ’ষ্টেটিক হাইপাৰট্ৰফি) বোলে। প্ৰ’ষ্টেটৰ বৃদ্ধিৰ ক্ষেত্ৰত যিকেইটা হৰম’নে অৰিহণা যোগায় তাৰ ভিতৰত উল্লেখনীয় হৈছে টেষ্টোষ্টেৰণ, ডাই হাইড্ৰ’টেষ্টোষ্টেৰণ আৰু ইষ্ট্ৰোজেন। প্ৰ’ষ্টেটৰ আকৃতি বৃদ্ধিৰ হেতুকে কিছুমান মানুহৰ শৰীৰত উপসৰ্গ দেখা দিয়ে যদিও আন কিছুমানৰ ক্ষেত্ৰত কোনো লক্ষণ নাথাকিবও পাৰে। ইয়াৰ অন্তৰ্নিহিত কাৰণ জনা নাযায়।

পুৰুষৰ ক্ষেত্ৰত ইউৰেথ্ৰা বা মূত্ৰবাহী নলী প্ৰকৃততে প্ৰ’ষ্টেটৰ মাজেদি বাহিত হয় আৰু ইয়াৰ জৰিয়তে প্ৰস্ৰাৱ শৰীৰৰ বাহিৰলৈ ওলাই যায়। ইয়াৰ পৰোক্ষ অৰ্থ হৈছে যে ‘বি পি এইচ’ নামৰ ৰোগত আক্ৰান্ত ব্যক্তিসকলৰ ভিতৰত ৬০-৮০ শতাংশৰে নানাধৰণৰ সমস্যাই দেখা দিয়ে। ৫০ বছৰ অতিক্ৰম কৰাৰ পাছতেই এইবোৰ সমস্যাৰ আৰম্ভণি বা সূচনা ঘটে। ৮৫ বছৰ অতিক্ৰম কৰা বৃদ্ধসকলৰ ভিতৰত ৯০ শতাংশৰে এনে সমস্যাই দেখা দিয়ে।

অসুখৰ প্ৰাৰম্ভিক অৱস্থাত মূত্ৰত্যাগ কাৰ্য্যফেৰা আৰম্ভ কৰাৰ বাবে অধিকতৰ সময়ৰ দৰকাৰ হয়। এনেদৰে বিলম্বিতভাৱে হোৱা মূত্ৰত্যাগৰ বৈশিষ্ট্য হৈছে যে প্ৰস্ৰাৱৰ বহিৰ্গমনৰ বাবে পাৰ্যমানে কৰা প্ৰয়াস সত্ত্বেও প্ৰস্ৰাৱৰ সোঁত যেন আৰম্ভ হ’বকে নোখোজে। অসম্পূৰ্ণভাৱে মূত্ৰত্যাগ কৰাৰ এক অনুভূতিয়ে শৰীৰ-মন গ্ৰাস কৰিব পাৰে। অৰ্থাত্ প্ৰস্ৰাৱ কৰি শেষ হোৱাৰ পাছতো যেন মূত্ৰথলীত প্ৰস্ৰাৱ ৰৈ গ’ল এনে এক ভাব বা অনুভূতিৰ সৃষ্টি হয়। এনেদৰে ৰোগীয়ে ৰৈ যোৱা বুলি ভবা প্ৰস্ৰাৱৰ বহিৰ্গমন ঘটাবলৈ যদিহে বেছিকৈ জোৰ দিয়ে তেনেহ’লে বাধাগ্ৰস্ততাৰ মাত্ৰা বাঢ়িব। মূত্ৰৰ বহিৰ্গমনৰ বাধাগ্ৰস্ততাৰ মাত্ৰা বৃদ্ধিৰ কাৰণ হৈছে যে প্ৰ’ষ্টেটত হেঁচা পৰা বাবে গ্ৰন্থিটোৱে ষ্ট’পভাল্ভৰূপে কাম কৰে। তদুপৰি বেছিকৈ হেঁচা দিয়া বাবে প্ৰ’ষ্টেটৰ মাংসপেশীৰ আকাৰ বাঢ়ে। প্ৰস্ৰাৱৰ সংক্ৰমণ ঘটিব পাৰে। শেহত প্ৰস্ৰাৱৰ পশ্চাদগামী সোঁত কিডনীলৈ বয় আৰু ফলত কিডনীৰ ক্ষতিসাধন হয়। হঠাতে কেতিয়াবা মূত্ৰথলীত প্ৰস্ৰাৱ জমা হয় আৰু ফলত বিষ অনুভূত হয়। এনেদৰে মূত্ৰথলীত জমা হোৱা প্ৰস্ৰাৱ বাহিৰলৈ উলিওৱা কঠিন হৈ পৰে।

প্ৰ’ষ্টেটৰ প্ৰদাহঘটিত ৰোগত (প্ৰ’ষ্টেটাইটিছ) বা সংক্ৰমণঘটিত ৰোগত অনুৰূপ ধৰণৰ উপসৰ্গই দেখা দিয়ে। মূত্ৰনলীৰ সংক্ৰমণৰ পাছতে প্ৰ’ষ্টেটত হঠাতে সংক্ৰমণঘটিত উপসৰ্গই দেখা দিব পাৰে। পিছে ‘বি পি এইচ’ৰ উপসৰ্গবোৰৰ বিপৰীতে প্ৰ’ষ্টেটৰ সংক্ৰমণ ঘটিলে জ্বৰ, কঁকালৰ বিষ বা প্ৰস্ৰাৱ কৰাৰ সময়ত বিষ অনুভূত হ’ব পাৰে। পৰ্যাপ্ত মাত্ৰাত চিকিত্সা প্ৰদান কৰিব নোৱাৰিলে প্ৰ’ষ্টেটত পূঁজথলীৰ সৃষ্টি হ’ব পাৰে। যদিহে তিনি মাহতকৈ বেছি সময়ৰ বাবে একেলেথাৰিয়ে সংক্ৰমণ অব্যাহত থাকে তেনেহ’লে সেই অৱস্থাটিক ক্ৰ’নিক প্ৰ’ষ্টেটাইটিছ বোলে। এনে পৰিস্থিতিত ৰোগবিধৰ বীজাণুৰ ‘জইনি মাৰিবলৈ’ বা নিৰ্মূল কৰিবলৈ একৰ পৰা ডেৰ মাহলৈকে প্ৰতিজৈৱিক দৰব প্ৰয়োগ কৰিবলগীয়া হয়। কিছুমান পুৰুষৰ ক্ষেত্ৰত দীৰ্ঘকালীন অৱদমনকাৰী চিকিত্সাৰ দৰকাৰ হয়।

লেখকঃ ডাঃ মিহিৰ কুমাৰ গোস্বামী

উৎস:অসমীয়া খবৰ।