চমু বিৱৰণ

পানীলগা এবিধ সাধাৰণ বিকাৰ| সকলোৱে এই অসুখত ভোগে| ই দেহ নিশকতীয়া কৰে| তথাপি ই মাৰাত্মক নহয়| দৰব খালে এসপ্তাহত নিৰাময় হয়| দৰব নাখালেও কথা নাই| ই সাত দিনত আৰোগ্য হয়| তেনেহ’লে ইয়াৰ গৱেষণা কিয়? ইনফ্লুৱেঞ্জা পানীলগাৰ ভায়েক| বহুতে ইয়াক ফ্লু বুলি কয়| ইয়াৰ কাৰক আৰ্থেমিক্লো ভাইৰাছ| ইয়াৰ লক্ষণ সাইলাখ পানীলগাৰ দৰে| অথচ ই গুৰুতৰ ৰুপ ধাৰণ কৰে| কেঁচুৱা তথা বুঢ়াক কাহিল কৰে| কেতিয়াবা ই মহামাৰী হয়| বহুতো লোকৰ প্ৰাণ লয়| পানীলগাৰ কাৰকো ভাইৰাছ| ই ৰাইনো ভাইৰাছ| ৰাইনো শব্দটো গ্ৰীক ভাষাৰ| ইয়াৰ অৰ্থ নাকত থকা| চিম্পাঞ্জী পানীলগাত ভোগে| অথচ আন জন্তু ইয়াৰ পৰা মুক্ত| ঠাণ্ডা লাগিলে পানী লাগে| মেৰু অঞ্চল বৰ চেঁচা| অথচ তালৈ গ’লেও এই ৰোগত নোভোগে| বহুতে বৰষুণৰ পানীক ভয় কৰে| এই পানীত তিতিলে পানী লাগে বুলি ভাবে| পিছে এই ধাৰণা সঠিক নহয়| তিতাৰ পিচত আন পানী মূৰত দিয়ে| তেতিয়া পানী লগাৰ পৰা মুক্ত|

পানীলগাৰ গৱেষনা

ইংৰাজে পানীলগাৰ গৱেষণা কৰে| বৃটিছ চৰকাৰে ১৯৪৬ চনত ইয়াৰ পাতনি মেলে| উইল্ট চায়াৰত এটা কেন্দ্ৰ খোলে| ইয়াৰ ঘৰবোৰ ১৯৪০ চনত সজা| আমেৰিকাৰ ৰেডক্ৰছে সাজিছিল| ইয়াত সোঁচৰা ৰোগৰ চিকিৎসালয় পাতিছিল| কিছুমান বেমাৰ এজনৰ পৰা আনৰ গালৈ বিয়পে| সেইবোৰে সোঁচৰা ৰোগ| চিকিৎসালয় নাৰ্ছে চলাইছিল| পিচত হাভাৰ্ড বিশ্ববিদ্যালয়ৰ অধীনলৈ যায়| তাৰ জনস্বাস্থ্য বিভাগে চলায়| গৱেষণা কেন্দ্ৰত স্বেচ্ছাসেৱক আছিল| তেওঁলোকক ৰজাৰ সুবিধা দিছিল| থাকিবলৈ ডাঙৰ ঘৰ দিছিল| ঘৈণীয়েককো লগত ৰাখিছিল| তেওঁলোকৰ দেহত পৰীক্ষা চলাইছিল| এবছৰৰ বাবে চাৰিশ স্বেচ্ছাসেৱক মকৰল কৰিছিল| মাহিলী দৰমহা ৮০০ পাউণ্ড| পাউণ্ড ইংৰাজৰ মুদ্ৰা| স্বেচ্ছাসেৱকৰ কেইবাটাও গোট| এটা দলক গৰম পানীৰে গা ধুব দিছিল| গা ধুই গা নোমোচে| চেঁচুকীয়া ঠাইত থাকিবলৈ দিছিল| তেওঁলোকৰ দেহত ভাইৰাছ সুমুৱাই দিছিল| আনটো দলে বৰষুণত তিতিছিল| গা মচিবলৈ নিদিছিল| সেই ধৰণে পৰীক্ষা কৰিছিল| দুয়ো দলৰে পানী লগাৰ সংখ্যা একে| পৰীক্ষাৰ ফলত তথ্য ওলায়| তথ্যবোৰ তুলনা কৰে| পুৰুষতকৈ তিৰোতাৰ পানীলগা বেছি| উদ্বিগ্ন লোকক সহজে বেমাৰে পীড়ে| গৱেষণাত বহুতো খৰচ| সেইবাবে ১৯৯০ চনত কেন্দ্ৰটো বন্ধ কৰে|

পানীলগাৰ বিভিন্ন ধাৰণা

সকলোৰে ধাৰণা একে নহয়| বহুতৰ মতে মগজু মূল| ইয়াৰ পৰা নাকলৈ পানী নামে| ইয়াৰ ফল পানীলগা| কিন্তু আচলতে সেয়া সঁচা নহয়| মগজুত পিটুইটাৰী গ্ৰন্থি আছে| পিটুইটাৰী লেটিন শব্দ| ইয়াৰ অৰ্থ শেঙুন| সেইবাবে গ্ৰন্থিটোৰ পৰা নাকলৈ শেঙুন আহে| মানুহে তেনেদৰে ভাবে| অথচ গ্ৰন্থিটোত শেঙুন নাই| ইয়াত শেঙুন উৎপাদন নহয়| পানীলগাৰ কাৰক ৰাইনো| তথাপি কৰোণা, এডেনো ভাইৰাছেও এই ৰোগ বিয়পায়| ৰোগীৰ দেহত ভাইৰাছ থাকে| হাঁচি মাৰিলে ই বাহিৰ ওলায়| ঘণ্টাত ৮০ কিলোমিটাৰ বেগেৰে বিয়পে| এইবোৰ লগে লগে মাটিত নপৰে| বায়ুত ওপঙি থাকে| নাকৰ ভিতৰ পালে বল বাঢ়ে| কোষত সোমায়| তাতে বংশ বৃদ্ধি কৰে| কেইঘণ্টামানৰ ভিতৰতে শ শ ভাইৰাছ হয়| কোষ ভাঙি ওলাই আহে| আন কোষত সোমায়| নাকৰ পানী ওলায়| ভাইৰাছে ডিঙিৰ কোষো ধ্বংস কৰে| সেইবাবে ডিঙি সুৰসুৰায়| কাহ উঠে| পানীলগা আপোনা-আপুনিনিৰাময় হয়| তাৰ কাৰণ দুটা| নাকৰ কোষবোৰ ধ্বংস হয়| ফলত ভাইৰাছৰ বাবে ঠাই নাথাকে| এয়া এটা কাৰণ| আন কাৰণ দেহৰ সৈনিক| শৰীৰত কেতবোৰ সৈনিক ওপজে| এইবোৰৰ বাবে বাহিৰৰ পৰা সোমোৱা বস্তু শত্ৰু| ভাইৰাছো শত্ৰু| সৈনিকে এইবোৰক মাৰি পেলায়|

দেহ সবল হ’লে পানীলগা পলায়| সেইবাবে নিয়মিত ব্যায়াম কৰিব লাগে| সুষম খাদ্য গ্ৰহণ কৰা উচিত| মুকলি বায়ু গ্ৰহণ কৰাটো ভাল| কেতবোৰ স্বভাৱেও পানীলগা মাতে| ধুমপায়ীৰ কাঁহ সহজে নকমে| গৰম চাহ খালে নাক বন্ধ হোৱা গুচে| ডিঙিৰ সুৰসুৰণিও নোহোৱা হয়| কেতবোৰ জ্বলা মাংসৰ জোল খায়| পাৰ অথবা কুকুৰাৰ মাংস উৎকৃষ্ট বুলি ভাবে| নাক সোপা মাৰি ধৰিলে অসুবিধা| দৰবৰ টোপাল নাকত দিলে ভাল| নাক মুকলি হয়| নিমখীয়া পানী নাকেদি উজাব লাগে| তেতিয়া খেকাৰবোৰ ঢিলা হয়| কিছু সকাহ পোৱা যায়| নাকত দিয়া দৰব তিনিদিনতকৈ অধিক ব্যৱহাৰ কৰিব নালাগে| কেতবোৰ দৰৱে কাহ কমায়|

লেখক:- আনন্দ দেৱ গোস্বামী

উৎস:- দৈনিক অসম