শৰীৰ দুৰ্বল লগা। মূৰ বিষ হোৱা। হাত-ভৰি জিনজিনোৱা। জ্বৰ হৈ থকা, বমি হোৱা বা বমি বমি লাগি থকা। শৰীৰত খজুৱতি হোৱা। শৰীৰটো হালধীয়া হৈ পৰা। খাব মন নোযোৱা হোৱা। ওপৰ পেটৰ সোঁফালে বিষ হোৱা। প্ৰস্ৰাৱ হালধীয়া হোৱা। চিকিৎসা বেল পাতৰ ৰস ৫ গ্ৰামৰ লগত জালুকৰ গুড়ি অকণমান মিহলাই পুৱা আৰু গধূলি খাব লাগে। নিমপাতৰ ৰস দিনে দুবাৰকৈ খালে জণ্ডিছ উপশম হয়। কুঁহিয়াৰৰ ৰসৰ লগত অকণমান আদাৰ ৰস মিহলাই খাব লাগে। দোৰোণ শাকৰ পাতৰ ৰস ২-৩ চামুচ দিনে খাব লাগে। তেতিয়া জণ্ডিছৰ পৰা আৰোগ্য পোৱা যায়। ব্ৰাক্ষ্মীশাক খালে মগজুৰ উপৰিও জণ্ডিছ ৰোগীয়ে খালেও উপশম পায়। মছলাজাতীয় খাদ্য খাব নালাগে। প্ৰচুৰ পৰিমাণে পানী খাব লাগে। অনন্তমূল গছৰ ছাল দুই গ্ৰামত জালুক দুটা বটি পানীৰ লগত মিহলাই খাব লাগে। লেখিকা: চন্দনা মেধি।