লক্ষণ নাকেৰে পানী ওলাই থাকে। মূৰৰ বিষ। মূৰটো গৰম লাগি আহে। শুকান ঘাম ওলায়। চকু দুটা চলচলীয়া হোৱা ইত্যাদিবোৰেই চৰ্দি জ্বৰৰ লক্ষণ। চিকিৎসা তেল আৰু নহৰু গৰম কৰি শৰীৰটো মালিচ কৰি দিব লাগে। নাক আৰু কপালতো তেল লগাই দিলে দিব লাগে। হালধি দুই গ্ৰাম বটি লৈ গৰম পানীৰ লগত সেৱন কৰিব লাগে। ক’লা তিল আৰু অকণমান গুড় মিহলি কৰি ৰাতি শোৱাৰ আগতে খাব লাগে। দুশ গ্ৰাম পানীত জালুক পাঁচটা, আদা তিনি গ্ৰাম, মিচিৰি পাঁচ গ্ৰাম উতলাই পঞ্চাশ গ্ৰাম জোখৰ কৰি ল’ব লাগে। চেকনিত চেকি পানীখিনি খালে জ্বৰ-চৰ্দিৰ পৰা আৰাম পোৱা যায়। লেখিকা: সুমিত্ৰা গোস্বামী। বিশেষ সংযোজন: ৰীতু গগৈ।