চোৰিয়াছিছ এবিধ ছালৰ জটিল ৰোগ। ই সংক্ৰামক নহয়। এজনৰ গাৰ পৰা আন এজনলৈ বিয়পি নাযায়। বৰ্তমান এই ৰোগ ব্যাপকভাৱে দেখা যায়। সমীক্ষা মতে প্ৰতি ৫০ জন লোকৰ এজন এই ৰোগত আক্ৰান্ত। মহিলা-পুৰুষ সমভাগেই এই ৰোগত আক্ৰান্ত। সাধাৰণতে ১০ বছৰৰ পৰা ৫০ বছৰৰ ভিতৰত এই ৰোগ আবিৰ্ভাৱ হ’ব পাৰে। কিছুমানৰ ইয়াৰ লগতে গলত আক্ৰান্ত হোৱাও দেখা যায়।

ছালৰ দুটা প্ৰধান স্তৰ হ’ল- এপিডাৰমিছ বা বহিঃত্বক আৰু ডাৰমিছ বা অন্তঃত্বক। এপিডাৰমিছৰ একেবাৰে ওপৰৰ অংশত কেৰাটিন নামৰ মৃত কোষ থাকে। আমি গম নোপোৱাকৈয়ে এই মৃত কোষবোৰ খহি পৰে আৰু তলৰ ফালে থকা সজীৱ কোষবোৰ ওপৰলৈ উঠি আহে। এনেদৰে মৃত কোষ খহি আৰু সজীৱ কোষ উঠি অহা কাৰ্যক চিকিত্সা বিজ্ঞানৰ ভাষাত কোৱা হয় এপিডাৰমিছ টাৰ্ণঅ’ভাৰ। এই প্ৰক্ৰিয়া নিৰন্তৰ-নিৰৱচ্ছিন্নভাৱে চলি থাকে। কিন্তু কিবা কাৰণত এই অৱস্থাৰ সামান্য হেৰফেৰ হলেই চোৰিয়াছিছ হয়।

এজন সুস্থ মানুহৰ প্ৰক্ৰিয়া অৰ্থাত্ এপিডাৰমিছ টাৰ্ণঅ’ভাৰ হ’বলৈ সময় লাগে ৮০০ দিন অৰ্থাত্ ২ বছৰ ২ মাহ ২০ দিন। আৰু সহজ ভাষাত ক’বলৈ হ’লে এই সময়ছোৱাত আমাৰ বহিঃত্বক সলনি হৈ যায়। এই ধাৰাৰ ব্যতিক্ৰম হ’বলৈ আৰম্ভ হৈ এই সময় কমি গৈ থাকে। শেষত এনে অৱস্থা হয় যে ৩ৰ পৰা ৫ দিনৰ ভিতৰত এপিডাৰমিছ টাৰ্ণঅ’ভাৰ হ’বলৈ ধৰে, ফলত ত্বকে সকলো সময়তে খোলচ এৰিবলৈ ধৰে- এই সমস্যাকেই কোৱা হয় চোৰিয়াছিছ।

চোৰিয়াছিছ কিয় হয় ?

বৰ্তমান বিজ্ঞানী-চিকিত্সক-গৱেষকে ইয়াৰ কাৰণ জানিব পৰা নাই। সেয়েহে ইয়াৰ কোনো পোনপটীয়া ঔষধ আৱিষ্কাৰ কৰিব পৰা নাই। সেইবুলি ইয়াৰ চিকিত্সা নাই বুলি হাত সাৱটি বহি নাথাকি ডাৰ্মাটোলজিষ্টৰ পৰামৰ্শ গ্ৰহণ কৰক। বৰ্তমান আৱিষ্কৃত কেইটামান বায়োলজিকেল ঔষধ ব্যৱহাৰ কৰি ৰোগক দমাই ৰাখিব পাৰি অতি সহজে।

কেনেকৈ জানিব

চোৰিয়াছিছ ৰোগৰ আৰম্ভণিতে বুকু-পিঠি-হাত আদিত ৰঙা বৰণৰ গুটিসদৃশ কিছুমান চিহ্ন দেখা যায়। লাহে লাহে এইবোৰৰ পৰা ত্বকৰ খোলচ উঠিবলৈ ধৰে। এনে অৱস্থা হ’লে লগে লগে চিকিত্সকৰ পৰামৰ্শ মতে চিকিত্সা কৰিলে ৰোগটো নিয়ন্ত্ৰণলৈ আহিব। যদি কোনো চিকিত্সা কৰা নহয়, ই সম্পূৰ্ণ শৰীৰলৈ বিয়পি পৰিব পাৰে। মূৰৰ চুলিত কিছুমানৰ অতি ভয়ানকভাৱে উফি হয়, যাক মেডিকেটেড ছেম্পু ব্যৱহাৰ নকৰাকৈ নিয়ন্ত্ৰণ কৰিব নোৱাৰি। এয়া চোৰিয়াছিছৰ বাবেও হ’ব পাৰে।

শীতকালত চোৰিয়াছিছৰ প্ৰকোপ বেছি হয়, কাৰণ শীতকালত ত্বক শুকাই যায়। সেয়েহে আমি এনে সময়ত ত্বক পৰিষ্কাৰকৈ ৰখাৰ উপৰি ইমিলিয়েট জাতীয় লোচন ব্যৱহাৰ কৰি ত্বকৰ আৰ্দ্ৰতা বজাই ৰখা অত্যন্ত জৰুৰী।

ষ্ট্ৰেচ-টেনচন-মদ্যপান-ৰ’দৰ পৰা নিজকে ৰক্ষা কৰা ইত্যাদিয়ে এই ৰোগ নিয়ন্ত্ৰণ কৰাত সহায় কৰিব।

চিকিত্সাঃ অভিজ্ঞ চৰ্মৰোগ বিশেষজ্ঞৰ ‘ক্লিনিকেল আই’ৰ দ্বাৰাই ৰোগটোৰ বিষয়ে জানিব পাৰে। লগতে পাৰিবাৰিক ইতিহাস আৰু অন্যান্য উপসৰ্গবোৰ ভালদৰে নিৰীক্ষণ কৰি ৰোগ নিৰ্ণয় কৰি চিকিত্সাৰ ব্যৱস্থা কৰে। মাথোঁ সময় মতে চিকিত্সকৰ পৰামৰ্শ গ্ৰহণ কৰক।

লেখকঃ ড০ সনাতন ডেকা

উত্সঃ অসমীয়া খবৰ