চায়টিকা বিষ যাৰ হয়, তেওঁহে বুজে ই কিমান বিৰক্তিদায়ক। গাড়ী চলাই আছে-সোঁভৰিত বিষ উঠিল, চিঞৰ মাৰি দিলে। এক্সিলেটৰত ভৰি দিবনে ব্ৰেকত ভৰি দিব। গাড়ী ৰখাব লগা হয়। বাইক চলাওতে আৰু বিপদ। চায়টিকা মগজুৰপৰা ৰাজহাড়ৰ কাষেৰে উৰু হৈ ভৰিৰ তলুৱালৈ ব্যাপ্ত এডাল শিৰাহে হাড় নহয়। গতিকে এক্সৰেত চায়টিকা নাৰ্ভৰ অনিষ্ট হোৱাটো ধৰা নপৰে। এম আৰ আই পৰীক্ষা কৰিলেহে ধৰা পৰে। কিন্তু ই যথেষ্ট খৰচী বাবে বহুতে নকৰে। নানানটা আহুকালৰপৰা মুক্তি পাবলৈ ৰোগীয়ে অষ্ট্ৰোপচাৰ কৰে আৰু শেষ উদ্ধাৰৰ শেষ আশাকণ নিৰ্বাপিত কৰি দিয়ে। আৰু ৰোগীজন কেইডালমান জীৱনীদায়ক শিৰা অপাৰেচন কৰি এজন আজীৱন ৰোগীলৈ পৰিৱৰ্তন হৈ যায়। একুপ্ৰেছাৰ ৰোগীয়ে ভৰি টানি ধৰা যেন পালে, খোজকাঢ়োতে চিৰি বগাওঁতে, বহোতে অসুবিধা পালে ভৰিৰ তলুৱা পৰীক্ষা কৰক। বুঢ়া আঙুলিৰ তলৰছোৱাত আৰু গোৰোহাৰ ওচৰত পৰীক্ষা কৰক। বিষাব, তাত একুপ্ৰেছাৰ কৰক। শিলগুটিৰ ওপৰত খোজকাঢ়ক পাঁচ মিনিট। দীঘল দীঘল উশাহ (ভষ্ট্ৰিকা প্ৰাণায়াম) লওক। চাওক কেইদিন থাকে আপোনাক চায়টিকা পেইন। ভৰি তলুৱা বিষাইছে মানে স্পন্দেলাইছিছ আৰম্ভ হ’ল। গাৰু ত্যাগ কৰক। অনুলোম বিলোম প্ৰাণায়ম এঘণ্টা দিনে দুবাৰ কৰক। কেৱল গোৰোহাত বিষালে ই চায়টিকা পেইন। উত্তৰ কাষৰপৰা ভৰিৰ তললৈ প্ৰচণ্ড বিষ। ভৰিৰ তলুৱাৰ যি ঠাইত বিষায় তাতে একেৰাহে টিপি থাকক। যদি বহুদিন ধৰি এই ৰোগত আক্ৰান্ত হৈ আছে তেন্তে এদিন বা দুদিনৰ একুপ্ৰেছাৰত চিকিৎসাত ই বাঢ়িব পাৰে। পোন্ধৰ দিন একেৰাহে এই চিকিৎসা কৰাৰ পিছত নিশ্চয় ৰোগীয়ে আৰোগ্য লাভ কৰিব। বৰ্জনীয় মাছ, মাংস, কণী, সুৰাপান, ধুম্ৰপান, ৰঙা লাউ, টেঙা, দৈ, কলড্ ড্ৰিংকছ বৰ্জনীয়। অনিদ্ৰা, যৌনতা, অতিভোজন বাদ দিয়া ভাল। বনৌষধ পাঁচটা এলমণ্ড তাল মিচিৰিৰ সৈতে প্ৰতিদিনে পুৱা খালী পেটত একে ৰাহে পাঁচ মাহ খাব। কোমোৰা প্ৰতিদিনে সিজাই খাব। দিনে দুগিলাচ ফলৰ ৰস অৱশ্যেই খাব লাগে। প্ৰতিদিনে এশবাৰ চাপৰি বজাব। ইয়াক মহৌষধ বুলি ধৰি ল’ব পাৰে। প্ৰাণায়ম ভষ্ট্ৰিকা প্ৰাণায়ম ৫ মিনিট কৰিব। পুৱা খালি পেটত দীঘল উশাহ ল’ব আৰু দীঘলকৈ নিশ্বাস এৰিব, তলপেট ভিতৰলৈ সংকুচিত হ’ব। বাহ্য প্ৰাণায়ম তিনি বাৰ। উশাহ উলিয়াই দি পেট, মলদ্বাৰ, ডিঙি বন্ধ কৰি বাহ্য কুম্ভকত ১০ ছেকেণ্ড থাকিব। এই দুটা প্ৰাণায়াম মাহেকীয়া ঋতুৰ সময়ত আৰু গৰ্ভৱতী মহিলাই কৰিব নালাগে। উজ্জায়ী প্ৰাণায়ম ১১-২১ বাৰ। অনুলোম বিলোম প্ৰাণায়ম ৩০ মিনিটৰপৰা এক ঘণ্টা। প্ৰথমে সোঁনক বন্ধ কৰি বাঁওনাকেৰে বতাহ ল’ব। সোঁনাকেৰে বতাহ এৰি পুনৰ এইবাৰ বাঁওনাকেৰে এৰিব। পুনৰ বাঁওনাকেৰে বতাহ লৈ সোনাকেৰে এৰিব। ভ্ৰামৰি পাঁচ বাৰ। কাণ, চকু বন্ধ কৰি নাকেৰে উশাহ লৈ এৰোঁতে ওঁ ওঁ ওঁ………….শব্দ ওলাব। উদগ্ৰীব প্ৰাণায়ম পাঁচ বাৰ ঔম কাৰ উচ্চাৰণ। প্ৰণব প্ৰাণায়ম ২-৫ মিনিট মৌন প্ৰাৰ্থনা। এই আঠটা প্ৰাণায়ম নিয়মীয়াকৈ কৰিলে চায়টিকা বিষ ভাল হয় আৰু নতুনকৈ কাৰো নহয়। উৎসঃ বিকাশ গোস্বামী, দৈনিক অসম