চমু বিৱৰণ

আমাৰ ভৰিৰ গোৰোহাটোৰ তলত বিষ হোৱাৰ কাৰণটো হৈছে প্লান্টাৰ ফেচাইটিছ নামৰ এবিধ ৰোগ। এইটো কিছুদিনৰ পিচত ভালো হয়, বিশেষজ্ঞসকলৰ মতে, প্লান্টাৰ ফেচিয়াৰ বিষ আৰু জ্বলা-পোৰাৰ কাৰণেই প্লান্টাৰ ফেচাইটিছ ৰোগবিধ হয়। প্লান্টাৰ ফেচিয়াৰ হৈছে শক্তিশালী টিছু (কলা) বা লিগামেন্ট; এই টিছুবিধ ভৰিৰ গোৰোহাৰ সৈতে ভৰিৰ পতাৰ মাজত থকা হাড়ৰ সৈতে সাধাৰণতে সংযুক্ত হৈ থাকে।

দৌৰবিদসকলে প্লান্টাৰ ফেচাইটিছ ৰোগত ভোগা ৰোগীয়ে পুৱা বিছনাৰ পৰা উঠি মাটিত প্ৰথম ভৰিটো থোৱাৰ লগে লগে এনে অনুভৱ কৰে যেন তেওঁৰ গোৰোহাটোত কোনোবাই ছুৰীৰে খুঁচি দিছে। বহু সময়জুৰি থিয় হৈ থাকিলে অথবা বহি থাকিলে বিষটো বাঢ়ি যায়। যদিহে ভৰিৰ পতাৰ বিষটো ৰাতিহে হয়, তেন্তে বুজিব লাগিব যে, আৰ্থ্ৰাইটিছ অথবা স্নায়ুৰ সমস্যাৰ বাবেই বিষটো অনুভূত হৈছে। সাধাৰণতে ৪০-৭০ বছৰ বয়সীয়া ব্যক্তিয়ে প্লান্টাৰ ফেচাইটিছ ৰোগত ভোগে। দেখা যায় যে, পুৰুষৰ তুলনাত মহিলাসকলেই এই ৰোগটোত বেছিকৈ ভোগে।

তলত প্লান্টাৰ ফেচাইটিছ ৰোগৰ লক্ষণ, কাৰণ আৰু নিৰ্ণয়কৰণৰ বিষয়ে উল্লেখ কৰা হৈছে।

লক্ষণ

ভৰিৰ পতাত এক ধৰণৰ সূক্ষ্ম বিষ হয়।

টোপনিৰ পৰা সাৰ পাই বিছনাৰ পৰা উঠি মাটিত প্ৰথমবাৰৰ বাবে ভৰি থওঁতেই এই বিষ অনুভূত হয়।

একেধৰণে বহু সময়জুৰি বহি থাকিলেও এনে বিষ হ’ব পাৰে।

খট্খটীয়েদি ওপৰলৈ বগাই যাওঁতে এনে বিষ অনুভৱ কৰা যায়।

বহু সময়জুৰি থিয় হৈ থাকিলেও এনে বিষ হয়।

ব্যায়াম কৰিলে বিষ কমি যায় নতুবা একেবাৰে বিষৰ পৰা আৰোগ্য লাভো কৰিব পাৰি। ব্যায়ামৰ শেষত কিন্তু বিষটো পুনৰ উভতি আহিবও পাৰে।

গোৰোহা ফুলি গৈ অসাৰ যেন লাগে আৰু টানি ধৰা বিষ এটা হয়।

কাৰণবোৰ

বৰ বেছিকৈ খোজ কাঢ়িলে, দৌৰিলে অথবা বহু সময়জুৰি থিয় হৈ থাকিলে প্লান্টাৰ ফেচাইটিছ ৰোগটো হ’ব পাৰে।

টান বা কঠিন স্থানত ব্যায়াম কৰিলে।

মেদবহুল শকত শৰীৰটোও এই ৰোগৰ কাৰণ হ’ব পাৰে, কাৰণ শৰীৰটোৰ বৰ্ধিত ওজনটোৱে ভৰিৰ লিগামেন্টৰ ওপৰত অত্যাধিক চাপ বা ভৰ দিয়ে।

গৰ্ভাৱস্থাত কিছুমান মহিলাই এই ৰোগৰ সন্মুখীন হ’ব পাৰে।

কাৰখানাত থিয় হৈ কাম কৰা অথবা হোটেল-ৰেষ্টুৰেন্টৰ পৰিচালকসকলে এই ৰোগত ভুগিব পাৰে।

গোৰোহাটো অধিক পৰিমাণে ওখ হ’লে নতুবা ভৰিৰ পতাবোৰ খুব বেছি চেপেটা অথবা সমান যদি হয়।

জোতাৰ তলিখন অতি কোমল হ’লে এনে ৰোগ হ’ব পাৰে।

ৰোগৰ নিৰ্ণয়কৰণ

ফিজিঅ’থেৰাপিষ্ট এজনে আপোনাৰ খোজ কঢ়াৰ ধৰণটো লক্ষ্য কৰে। তদুপৰি আপুনি আঙুলিৰ ওপৰত ভৰ দি থিয় হ’ব পাৰেনে নাই তাকে পৰ্যবেক্ষণ কৰে।

ভৰিৰ পিচৰ মাংসপেশীত চাপ বা হেঁচা দিও পৰীক্ষা কৰে।

এম আৰ আই, এক্স-ৰে, আল্ট্ৰাছাউণ্ড আদিৰ জৰিয়তেও এই ৰোগ নিৰ্ণয় কৰিব পাৰি।

উৎস: সাদিন।