আজিকালি অধিকাংশ লোকেই এটা বয়সত কঁকালৰ বিষত ভোগা দেখা যায়। কঁকালৰ বিষ সাধাৰণতে মেৰুদণ্ডৰ মধ্য অংশত বা তলৰ অংশত হয়। এই বিষ লাহে লাহে কঁকালৰ আশে-পাশে বিয়পি পৰে। কঁকালৰ বিষ বিভিন্ন কাৰণত হয়। যেনে— কোষ্ঠকাঠিন্যৰ বাবে। মেৰুদণ্ড পোনকৈ নৰখা। অতিৰিক্ত শুক্ৰ ক্ষয় হ’লে। ফছফেটৰ অভাৱত। অতি গধুৰ বস্তু দাঙিলে। মেৰুদণ্ডৰ আঙঠিৰ ফাঁক বৃদ্ধি পালে। প্ৰস্ৰাৱৰ ৰোগ থাকিলে। মজ্জা শুকাই গ’লে। পিচল খাই আঘাত পালে। বহুদূৰ খোজ কাঢ়িলে। চিকিৎসা Aesculus Hippertanum এই ঔষধ ব্যৱহাৰ কৰা বিশেষ লক্ষণ হ’ল—খোঁজকাঢ়িলে, কুঁজা হ’লে, কঁকালত অধিক বিষ হয় আৰু কঁকালত জোৰ নাইকিয়া হয়। গতিকে কঁকাল বেঁকা হৈ পৰে আৰু বাধ্য হৈ বহি দিব লগা হয় বা শুই দিব লগা হয়। অৰ্শ বা পাইলচ, বগা স্ৰাৱ আৰু গৰ্ভাৱস্থাত কঁকালৰ বিষ হ’লে Aesculus Hip. ব্যৱহাৰ কৰা হয়। Zinum Met অজ্ঞাতসাৰে শুক্ৰ ক্ষয় হোৱাৰ ফলত, দুৰ্বলতাৰ কাৰণে যদি কঁকালৰ বিষ হয় তেন্তে এই ঔষধ ব্যৱহাৰ কৰা হয়। এনে কঁকালৰ বিষ বহি থাকিলে বাঢ়ি যায় আৰু লাহে লাহে খোজ কাঢ়িলে আৰাম পায় (Cobaltum). Nux Vomica এই ঔষধত ব্যৱহাৰ কৰা কঁকালৰ বিষ ৰাতিপুৱা শুই উঠাৰ লগে লগে অধিক বৃদ্ধি পায়। ৰাতি শুই থাকোতেও কঁকালৰ বিষৰ বাবে ইকাটি-সিকাটি হ’ব নোৱাৰে। উঠি লৈহে ইকাটি-সিকাটি কৰিব লগা হয়। অজীৰ্ণ ৰোগৰ পৰা কঁকালৰ বিষ হ’লে, আৰু শুক্ৰ ক্ষয় হৈ কঁকালৰ বিষ হ’লে Nux Vomica ব্যৱহাৰ হয়। Kali Karb বয়সীয়া লোক বা দুৰ্বল লোকসকলৰ কঁকালৰ বিষ হ’লে এই ঔষধ ব্যৱহাৰ হয়। এনে ৰোগী খোজ কাঢ়ি কিছুদূৰ গ’লে কঁকালত টানি আজুৰি ধৰাৰ দৰে বিষ হয়, গতিকে কিছু সময় বহিব লগা হয়। Bryonia Alba যিকোনো কাৰণতে হোৱা কঁকালৰ বিষ বৃদ্ধি পালে আৰু নিতাল মাৰি পৰি থাকিলে আৰাম পালে এই ঔষধ ব্যৱহাৰ কৰা হয়। Staphisagria স্বপ্নদোষ বা স্তিৰিক্ত সহবাসৰ কাৰণে কঁকালৰ বিষ হ’লে এই ঔষধ ব্যৱহাৰ কৰা হয়। এনে কঁকালৰ বিষৰ ৰোগীৰ মাজৰাতি আৰু ৰাতিপুৱা শুই উঠাৰ আগতে অতিৰিক্ত বিষ হয়। Berberis Vulgaris প্ৰস্ৰাৱৰ ৰোগৰ বাবে কঁকালৰ বিষ হ’লে এই ঔষধ ব্যৱহাৰ হয়। Sulphur কঁকালৰ বিষৰ লগত ভৰি তলুৱাত জ্বলা-পোৰা থাকিলে, ৰোগী শুই থকাৰ পৰা উঠিব নোৱাৰি ভৰ দি উঠিব লগা হ’লে ব্যৱহাৰ হয়। কঁকালৰ বিষত আন ঔষধবোৰ ব্যৱহাৰ কৰি আংশিক থাকি গ’লে সম্পূৰ্ণ ৰোগ আৰোগ্য কৰিবলৈ Sulphur ব্যৱহাৰ কৰিব লাগে। Rus Tox সকলো কাৰণতে হোৱা কঁকালৰ বিষ(বহি থাকিলে বা থিয় হৈ একে ঠাইতে থাকিলে) বৃদ্ধি পালে আৰু লৰচৰ কৰিলে বিষ কিছু আৰাম পালে Rus Tox ব্যৱহাৰ কৰা হয়। প্ৰায়বিলাক Rus Tox ব্যৱহাৰ হোৱা ৰোগীৰ কঁকালৰ বিষ শুই উঠাৰ লগে লগে অতিৰিক্ত বিষ বৃদ্ধি হয় আৰু খোজকাঢ়িলে বা লৰচৰ কৰিলে বিষ আৰাম পায়। Rhododendron সকলো কাৰণত হোৱা কঁকালৰ বিষ ডাৱৰীয়া বতৰত বৃদ্ধি পালে বা উৎপত্তি হ’লে এই ঔষধ ব্যৱহাৰ কৰা হয়। Magnasia Phosphorica এই ঔষধ ব্যৱহাৰ কৰাৰ লক্ষণ হ’ল- গৰম পানী বা গৰম বস্তুৰে হেঁচা দিলে কঁকালৰ বিষ আৰাম পায়। কঁকালৰ বিষৰ কাৰণে কলাফুল, ভৰি, ভৰিৰ আঙুলি কোঁচ খায়। কিছুমান লোকৰ কঁকালৰ বিষ হঠাৎ উৎপত্তি আৰু হঠাৎ নিস্পত্তি হ’লে এই ঔষধ ব্যৱহাৰ কৰা হয়। Modorrhinum সকলো ধৰণৰ পুৰণি বাত ৰোগত আন ঔষধৰ লক্ষণ মিলাব নোৱাৰিলে বা আন ঔষধ ব্যৱহাৰ কৰি বিফল হ’লে বা আংশিক ৰোগ থাকি গ’লে এই ঔষধ ব্যৱহাৰ কৰিব লাগে। Aclaca Racemosa জৰায়ু, ডিম্বকোষৰ ৰোগৰ লগত কঁকালৰ বিষ হ’লে এই ঔষধেই একমাত্ৰ ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়। Macratinum সকলো ধৰণৰ কঁকালৰ বিষত আন ঔষধবোৰ ব্যৱহাৰ কৰি বিফল হ’লে, বিশেষকৈ Actaca Race ব্যৱহাৰ কৰি বিফল হ’লে এই ঔষধ অধিক দিন ব্যৱহাৰ কৰিলে সুফল পোৱা যায়। ইয়াৰ উপৰি জৰায়ু আৰু ডিম্বকোষৰ ৰোগৰ লগত ক্ষুদ্ৰ ক্ষুদ্ৰ সন্ধিবোৰত বাত বেমাৰ হ’লে Caulophyllum আৰু sabina লক্ষণ অনুসাৰে ব্যৱহাৰ হয়। ডা: কে এইচ ইউচুফ, স্বাস্থ্য আৰু দীৰ্ঘজীৱন