ৰক্তহীনতা কি? শৰীৰত তেজত থাকিব লগা পৰিমাণতকৈ ৰক্ত কোষ কম থকা। তেজত হিমগ্লবিন আৰু ৰঙা ৰক্ত কোষৰ পৰিমাণ ১০ মিলিগ্ৰাম/ dilতকৈ কম থকা। ৰক্তহীনতা-কিমান থাকিলে হয়: ১) প্ৰাপ্তবয়স্ক পুৰুষ-১৩ গ্ৰাম/dilতকৈ কম থকা। ২) প্ৰাপ্তবয়স্ক নাৰী- ১২ গ্ৰাম/dilতকৈ কম থকা। ৩) প্ৰাপ্তবয়স্ক গৰ্ভৱতী নাৰী-১১ গ্ৰাম/dilতকৈ কম থকা। ৪) শিশু ৬ মাহ- ১১ গ্ৰাম/dilতকৈ কম থকা। ৫) শিশু ৬-১৪ বছৰ ১২ গ্ৰাম/dilতকৈ কম থকা। কাৰণ ফলিক এচিডৰ অভাৱ। ভিটামিন বি-১২ৰ অভাৱ। আইৰণৰ অভাৱ। কিছুমান ৰোগৰ ফলত ৰক্তকোষৰ হেমলাইটিক এনিমিয়াছৰ ক্ষতি কৰে। বাৰে বাৰে সংক্ৰমিত হোৱা (যেনে, মেলেৰিয়া)। মজ্জাৰ কিছুমান ৰোগ। আঘাটপ্ৰাপ্ত হৈ বা আন কোনো ৰোগত তেজ কমি যোৱা। প্ৰয়োজনীয় খাদ্য নোখোৱাৰ ফলত হোৱা অপুষ্টি। গৰ্ভৱতী অৱস্থাত পৰ্য্যাপ্ত পৰিমাণৰ আহাৰ নোখোৱা। মহিলাৰ মাহেকীয়া ঋতুস্ৰাৱৰ সময়ত বেছি ৰক্তপাত। লক্ষণ আৰু উপসৰ্গ অলপতে ভাগৰ লগা। বুকুৰ বিষ। উশাহ চুটি হোৱা। গা উখহি উঠা। ছাল শেঁতা পৰা। উৎস: আইএনডিজি দল।