কাৰণ স্বাভাৱিকভাৱে বয়স বাঢ়ি অহাৰ লগে লগে শ্ৰৱণ শক্তিও হ্ৰাস পাই আহে। কৰ্মক্ষেত্ৰ (যিসকলে অতিপাত শব্দ থকা ঠাইত কাম কৰে)। কাণত কণামাকৰি জমা হোৱা। কাণৰ পুৰণি সংক্ৰমণ। টিম্পেনাম বা কাণৰ পৰ্দাৰ ৰোগ। কাণৰ পৰ্দাত বিন্ধা কাণৰ ভিতৰত আৰু হাড়ত মাংসপিণ্ডৰ সৃষ্টি হোৱা আৰু কেঞ্চাৰৰ দৰে ৰোগ। লক্ষণ শিশুসকলে শব্দৰ প্ৰতি কোনো প্ৰতিক্ৰিয়া নেদেখুৱায়। আনৰ কথা বুজিবলৈ অসুবিধা হয়। কওঁতাজনক উচ্চস্বৰত কথা ক'বলৈ কোৱা হয়। সতর্কতা অতিবেছি শব্দ হোৱা ঠাইৰ পৰা আতঁৰত থাকিব লাগে। শ্রবণশক্তি হ্ৰাস পোৱা বুলি অনুভৱ কৰাৰ লগে লগে চিকিৎসকক দেখুৱাব লাগে। কৃত্ৰিম শ্ৰৱণ যন্ত্ৰ ব্যৱহাৰ কৰিব লাগে। উৎস: আইএনডিজি দল।