ওপৰুক্ত ৰচনাখন লিখিবলৈ আৰম্ভ কৰাৰ আগতে এটি কৌতুক মনলৈ আহিছে৷ নৱবিবাহিতা কইনাক এজনী নন্দেকে সুধিলে - দাদাৰ নাকৰ ঘোৰ্ঘোৰণি শুনি তুমি চাগে ভয় খাই গৈছা ? কইনাই লাজ-লাজকৈ উত্তৰ দিলে-নাই, মানে এসপ্তাহতে কথাটো মই গম পোৱা নাই !
সি যি নহওক৷ বিশ্বৰ সকলো ঠাইতে ব্যাপ্ত এই নাকৰ ঘোৰ্ঘোৰণি হোৱা ৰোগ প্ৰতি ৫জনৰ ভিতৰত এজনৰ দেখা যায়৷ ভুক্তভোগী সকলৰ সাধাৰণতে ৪০শতাংশ পুৰুষ আৰু ৩০শতাংশ মহিলা৷ কিন্তু ৫০বছৰৰ ওপৰৰ বয়সত নাৰী -পুৰুষৰ এই পৰিসংখ্যাটো বিপৰীত হবলৈ ধৰে৷সৰু ল'ৰা-ছোৱালী আৰু গৰ্ভৱতী মহিলাৰো নিদ্ৰাৱস্থাত নাকৰ ঘোৰ্ঘোৰণি হব পাৰে৷ইংৰাজীত এই অৱস্থাক Snoring বা Sleep apnea বোলে৷ ইয়াৰ ৰোগ নুবুলি এটা অৱস্থা বোলা বেচি সঠিক হব৷

শুওঁতে নাকৰ শব্দ কৰা বা নাক বজোৱা এটি বৰ সচৰাৰচ দেখা পোৱা (কমন) অৱস্থা, যদিও বহুক্ষেত্ৰত ই একোজন ব্যক্তিক লজ্জাত পেলাব পাৰে৷ পতি-পত্নীৰ মাজত ভাল বুজাবুজি নহলে ইয়াকেলৈ দ্বন্দ বা বিবাহ বন্ধন শিথিলহৈ পৰিব পাৰে৷

সাধাৰণতে মানুহৰ ধাৰণা নাক বজাই শোৱাটো গভীৰ নিদ্ৰাৰ লক্ষণ৷ কিন্তু দৰাচলতে সেইটো সত্য নহয়৷ নাকেৰে যিমান শব্দ কৰি শুলেও সেয়া কেতিয়াও গভীৰ টোপনি নহয়৷ নিদ্ৰাৱস্থাৰ (Polysomnography ) অধ্যয়ণত ই প্ৰমাণিত হৈছে৷ সেই সময়ত শৰীৰে সামান্য হলেও কম পৰিমাণে অক্সিজেন আহৰণ কৰে৷ সেয়ে টোপনিৰ পৰা উঠিলে সতেজতা সলনি অৱসাদ ভাৱ বা দুৰ্বলতাহে অনুভৱ কৰে৷

নাকৰ ঘোৰ্ঘোৰণি কিয় হয় ? আমাৰ শ্বাস প্ৰণালীত কিছু পৰিমাণে বাধা উৎপন্ন হোৱাৰ ফলত শব্দৰ সৃষ্টি হয়৷ তালুৰ কোমল অংশ(Soft palate) আৰু আলজিভাত হোৱা কম্পনে শব্দ উৎপন্ন কৰে৷সেই ঘোৰ্ঘোৰণি মিহি বা খহটা, এটা লয়ত বা বেসুৰা হব পাৰে৷

নাকৰ ঘোৰ্ঘোৰণি উৎপন্ন হোৱাৰ কাৰকসমূহ : -

১- সংকীৰ্ণ শ্বাস প্ৰণালী - নাক,মুখ বা ডিঙিৰ বায়ু প্ৰবাহৰ পথটো যি কোনো কাৰণতে কিছু পৰিমাণে ঠেক হলেই তালুৰ কোমল অংশত কম্পনহৈ শব্দ উৎপন্ন হয়৷

২- নাকৰ বিভিন্ন অসুখ- সংক্ৰমণ, নাকত পলিপ হোৱা বা ছাল(মিউকাছ মেমব্ৰেণ) ফুলি উঠা, নাকৰ দুয়োটা ছিদ্ৰৰ মাজৰ বেৰৰ (Nasal septumত ) ভাজ থকা আদি৷

৩-ডিঙিৰ অসুখ - টনচিলাইটিচ, ফেৰিংগটনচিলাইটিচ, এডিনইড আদি৷

৪- বয়স- বাৰ্ধক্যৰ দিশে যেতিয়া ব্যক্তিজন অগ্ৰসৰ হয়৷

৫- মেদবহুলতা

৬- উচ্চ ৰক্তচাপ

৭- মাদক দ্ৰব্য

৮- ধূম্ৰপাণ

৯- শোৱাৰ অৱস্থা - বেচি ওখ গাৰুলৈ ওপৰলৈ মুখ কৰি শুলে৷

১০- অতিমাত্ৰা শ্ৰম, বিশৃঙ্খলিত লাইফষ্টাইল৷

কিদৰে চিকিৎসা কৰিব ?

চিকিৎসা আৰম্ভ কৰাৰ আগতে সদায় ৰোগৰ কাৰণটো উদ্ভাৱন কৰাৰ চেষ্টা কৰিব লাগে৷

কিছুমান সৰঞ্জাম ব্যৱহাৰ কৰি - যেনে দাঁতত লগোৱা সজুলি, যি নিশ্বাসৰ প্ৰক্ৰিয়াত থকা বাধা আতৰাই ৰাখে৷ এনে সজুলি দন্ত চিকিৎসকে নিৰ্মাণ কৰি দিব পাৰে৷

আন এবিধ সজুলি হ'ল- Nasal Continuous Positive Airway Pressure (চমুকৈ CPAP) - হ'ল আন এবিধ সহায়কাৰী সৰঞ্জাম - ই হয়তো সম্পূৰ্ণ মুখমণ্ডল ঢকা নাইবা মাত্ৰ নাক আৰু মুখ আৱৰা সজুলি হব পাৰে৷ইয়াত এটা ম'টৰ পাইপত লাগি থাকে৷ ম'টৰটোৱে বায়ু চলাচল সুগম কৰি তোলে৷নানাবিধ অপাৰেচন (প্ৰয়োজন সাপেক্ষে) - টনচিলৰ, এডিনয়ডৰ, চাইনাচৰ, নাকৰ চেপ্তামৰ, নাকৰ পলিপৰ, আলজিভাৰ৷আজিকালি লেজাৰৰ যোগেদিও নাকৰ ঘৰ্ঘৰণিৰ চিকিৎসা কৰা হয়৷ মাহৰ ব্যৱধান ৰাখি ২০মিনিট সময়ৰ লেজাৰৰ তিনিটা প্ৰয়োগে অধিকাংশ ৰোগীকে সুফল দিছে৷

ৰোগীয়ে লবলগীয়া সতৰ্কতাসমূহ

- ধূম্ৰপাণ ত্যাগ কৰিব৷

- সদয় সন্তুলিত আহাৰ গ্ৰহণ কৰিব৷

- দিনে ৩৷ ৪ লিটাৰ পানী অৱশ্য খাব৷

- নিয়মিত ব্যায়াম বা শাৰীৰিক শ্ৰম কৰিব৷ প্ৰাণায়াম,যোগ আদি বৰ উপকাৰী ৷

- ৰক্তচাপ ১২০৷ ৮০ৰ আষে-পাষে ৰাখিবলৈ যত্নপৰ হব৷

- শৰীৰক প্ৰতিদিনে প্ৰয়োজন হোৱা ৭৷ ৮ ঘন্টা নিদ্ৰা পূৰণ কৰিবৰ প্ৰয়াস কৰিব৷

- শোৱা আৰু উঠাৰ সময় নিয়মীয়া হলে ভাল৷

- ৰাতিৰ ভোজন আৰু শয়ন পাটিত পৰাৰ মাজত দুঘন্টাৰ ব্যৱধান থকা উচিত৷

- শোৱাৰ অৱস্থাৰ বিষয়ে এটি লাগতিয়াল দিহা- নাকৰ ঘৰ্ঘৰণি হোৱা লোকে পৰাপক্ষত গাৰু পৰিহাৰ কৰিব লাগে৷ নহলে তেনেই চাপৰ গাৰু ব্যৱহাৰ কৰিব৷ ওপৰলৈ মুখ নকৰি সদায় একাষৰীয়াকৈ শুব৷ তৎসত্বেও নাকৰ শব্দ ওলালে শয়ন কোঠাৰ আনে শৰীৰটো সামান্য লৰাই দিলেই নাকৰ শব্দ ওলোৱা বন্ধহৈ যাব৷

- মেদবহুলতা কমাব৷ শৰীৰৰ ওজন আদৰ্শ বি এম আইৰ কাষত ৰাখিবলৈ যত্নপৰ হব৷ ইয়াৰ বাবে খাদ্যত সতৰ্কতা আৰু নিয়মিত ব্যায়াম অতিশয় জৰুৰী৷

- মদ আৰু সকলো ধৰণৰ ৰাগিয়াল দ্ৰব্য, নিশাযুক্ত ঔষধৰ সেৱন বাদ দিব৷

- যিসকলৰ নাক প্ৰায় বন্ধ থাকে তেনেলোকে শুবৰ সময়ত নাকৰ জাম মুকলি কৰা স্প্ৰে বা টোপাল ব্যৱহাৰ কৰিব পাৰে৷ ৰাতি মেন্ঠল নহলে ভিকচ-ভেপৰাবৰ ভাপ লব পাৰে৷ শুওতে বাতানুকুলিত যন্ত্ৰৰ বা ফেনৰ বতাহ পোনচাতেই নাক-মুখত নপৰিলে ভাল৷

- যিসকলৰ শ্বাসপ্ৰণালীৰ নানাবিধ ৰোগ আছে, তেনেলোকে চিকিৎসকৰ পৰামৰ্শমতে এন্টিবায়টিক, এন্টিএলাৰ্জিক বা ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়োৱা ঔষধ,এন্টিঅক্সিডেন্ট, ভেকচিন আদি ব্যৱহাৰ কৰা উচিত৷

মোখনিত পাঠকসকললৈ কেইটিমান ঘৰুৱা চিকিৎসাৰ দিহা-

- কুহুমীয়া গৰম পানীত নেমু আৰু মৌ জোলৰ মিশ্ৰণ নিতৌ সেৱন কৰিলে মেদবহুলতা কমে৷

- কুহুমীয়া গৰম পানীত ৰাতি শোৱাৰ আগতে সদায় মৌ জোল মিহলাই খালে নাকৰ ঘেৰ্ঘেৰণি কমিব৷

- কুহুমীয়া গৰম গাখীৰত হালধি মিহলাই খাল নাকৰ ঘেৰ্ঘেৰণি কমে বুলি আয়ুৰ্বেদিক চিকিৎসকে দাবী কৰে৷

- এপিয়লা উতলা পানীত ১০খিলা পদিনাৰ পাত দি থব৷ সেই পানীখিনি শীতল কৰি খালে নাকৰ ঘেৰ্ঘেৰণি কমে বুলি আয়ুৰ্বেদিক চিকিৎসকে কয়৷

নাকৰ ঘেৰ্ঘেৰণি হ'ল এক বিশ্বজনীন সমস্যা৷ ইয়াক সমুলঞ্চে নিৰাময়ৰ বাবে বিজ্ঞানীসকলে নিৰন্তৰ প্ৰয়াসৰত হৈ আছে৷ এই সংবেদনশীল বিষয়টোৰ প্ৰতি পৰিয়ালৰ লোক আৰু বন্ধু-বান্ধৱ সহানুভূতিশীল হোৱাটো বাঞ্চনীয়৷ পৰৱৰ্তী সময়ত এই বিষয়ে আৰু নতুন তথ্য অৱগত হলে পাঠকক জনোৱাৰ আশা থাকিল৷

উৎস : ডা০ ভূপেন শইকীয়া