কেভিটীৰ সমস্যা কি- কেভিটী- যাক আমি দাঁত পোকে খোৱা বুলি সততে জানো। আগৰ দিনত দাঁত পোকে খোৱা বুলিয়েই মানুহে কৈছিল। আজিকালি ডাক্তৰী ভাষাত কেভিটী বুলি সাধাৰণ লোকেও ক’বলৈ লৈছে। সৰু ল’ৰা-ছোৱালীৰ ক্ষেত্ৰত এই কেভিটীৰ সমস্যা বেছি দেখা যায়। পিতৃ-মাতৃ সচেতন হ’লে শিশুৰ কেভিটীৰ সমস্যা দূৰ হ’ব পাৰে। সৰু ল’ৰা-ছোৱালীয়ে মিঠাই, লজেন্স, কেডব্যেৰীজ আদি খাই ভাল পায়। সেই কাৰণেই বেছিভাগ শিশুৰ ক্ষেত্ৰত কেভিটীৰ সমস্যা দেখা যায়। কেভিটী হোৱাৰ লগত তিনিটা কাৰণ জড়িত হৈ থাকে। বেক্টেৰিয়া, ছুগাৰ বা মিঠা আৰু সময় অৰ্থাৎ Bacteria + Sugar + Time = Cravity। আমাৰ মুখৰ ভিতৰত বেক্টেৰিয়া সকলো সময়তে থাকে। যাক সম্পূৰ্ণকৈ নিৰ্মূল কৰিব নোৱাৰি। কিন্তু বাকী দুটা কাৰক অৰ্থাৎ মিঠা আৰু সময়ৰ প্ৰতি নিশ্চয় সচেতন হ’ব পাৰি। শিশুৱে কিমান মিঠা বস্তু খাইছে, কিমান সময় ধৰি খাইছে বা মুখত লৈ আছে আৰু কিমান সময়ৰ পাছত মুখ ধুইছে তাৰ খেয়াল ৰাখিলেই হ’ল। বহু শিশুৰ আকৌ অভ্যাস ফিডিং বটল মুখত লৈয়ে শুই পৰা। ফলত বহু সময়লৈ মুখ ধুৱাই দিয়া নহয়। ফলত শিশুটিৰ দাঁতত গাখীৰৰ আস্তৰণ পৰি যায়। যাৰ বাবে ‘নাৰ্ছিং-বটল কেৰিছ’ হোৱাৰ বহুখিনি সম্ভাৱনা। সাধাৰণতে দাঁতৰ ফাঁকত অতি সোনকালে বেক্টেৰিয়া জমা হৈ থাকে। এনে সমস্যা কিন্তু আঁতৰাই ৰাখিব পাৰি। মাত্ৰ পিতৃ-মাতৃয়ে খেয়াল ৰাখিব লাগিব শিশুৱে যাতে ফিডিং বটল মুখত লৈ শুই নপৰে আৰু মুখত কোনোধৰণৰ মিঠা খাদ্যবস্তু লৈ শুই নপৰে। সৰুৰে পৰা খোৱা বস্তু অথবা মিঠা বস্তু খোৱাৰ পাছত মুখ কুলকুলি কৰি ধুওৱাৰ প্ৰতি সচেতন থাকিলেতো সমস্যাৰ উদ্ভৱ হোৱাৰ পৰা ৰক্ষাই পৰিব। দাঁতৰ সুৰক্ষাঃ পুৱা আৰু নিশা দুয়োবেলা দাঁত ব্ৰাছ কৰা উচিত। শিশুৱে ব্ৰাছ কৰোতে পিতৃ-মাতৃয়ে চাই দিয়া উচিত বা সহায় কৰি দিয়া উচিত। বিশেষকৈ নিশা শুবলৈ যোৱাৰ পৰত দাঁত ব্ৰাছ কৰিবই লাগে। এনে ক্ষেত্ৰত মনত ৰাখিব- পিতৃ-মাতৃক দেখিলে ল’ৰা-ছোৱালীয়েও শিকে। বহু পিতৃ-মাতৃয়ে কেভিটী হোৱাৰ ভয়ত ল’ৰা-ছোৱালীক মিঠা বস্তু খোৱাত অতি জোৰেৰে বাৰণ কৰে। কিন্তু ল’ৰা-ছোৱালীয়েতো সকলো ভাল লগা বস্তু খাবলৈ ইচ্ছা কৰে। গতিকে মাক-দেউতাকে জোৰ দি বাধা দিয়াটোও ভুল হ’ব। মাত্ৰ চাব লাগিব শিশুৱে যাতে অত্যধিক মিঠা বস্তু নাখায় আৰু খোৱাৰ পাছত মুখ কুলকুলি কৰি পৰিষ্কাৰ কৰে। মিঠা খাদ্য, চকলেট আদি এবাৰ খাই মুখ নোধোৱাকৈ পাছত পুনৰ খোৱাতকৈ এবাৰতে মন ভৰি যোৱাকৈ খাই মুখ ভালদৰে ধুই পেলাবলৈ দিব লাগে। পিছে সদায় যাতে মন ভৰি যোৱাকৈ নাখায়। ভাৰসাম্য সৰুৰে পৰা শিকিব লাগিব। ছয়ৰ পৰা বাৰ বছৰ বয়সৰ ভিতৰত ছয় আৰু সাত নম্বৰ পাৰমানেণ্ট দাঁতৰ ক্ষয় অধিক হোৱাৰ লক্ষণ দেখা যায়। ছয় আৰু সাত নম্বৰ দাঁত যিহেতু খুবেই জৰুৰী, গতিকে ক্ষয় দেখা দিলে দন্ত বিশেষজ্ঞৰ কাষ চপা দৰকাৰী কথা। আধুনিক চিকিৎসাই আজিকালি বহু সমস্যা দূৰ কৰে। শিশুৱে যাতে মুখত লেলাৱতী লৈ নাথাকে। লেলাৱতীৰ পৰাও দাঁতৰ বিভিন্ন ৰোগ হয়। কিছুমানৰ ক্ষেত্ৰত লেলাৱতী যথেষ্ট উৎপন্ন হয়। সেই লেলাৱতী গিলি মুখ-গহ্বৰ শুকান কৰি ৰাখিব লাগে। লেলাৱতী বেয়া বস্তু নহয়। ই শৰীৰৰ বাবে উপযোগী। শোওঁতে শিশুৱে যাতে মুখ মেলি নোশোৱে। মুখ মেলি শুলে জপাই দিব লাগে। দাঁত বেৰীয়া বা উজলা ধৰণে গজা যেন দেখিলে দন্ত বিশেষজ্ঞৰ কাষ চাপি সকলো সমস্যা দূৰ কৰিব পাৰি। (উৎসঃ অসম বাণী, প্ৰাচী কাশ্যপ)।