দাঁতৰ আলু উখহি গৈ আলু, দাঁতৰ তলৰ হাড় আৰু মাৰিৰ ক্ষতি কৰা ৰোগটোৱেই হ’ল পায়েৰিয়া। এই ৰোগত দুয়োপাৰি দাঁতেই ক্ষতিগ্ৰস্থ হয়। দাঁতবোৰ স্বাভাৱিক অৱস্থাত ৰখা সমগ্ৰ ব্যৱস্থাটোৱেই ইয়াৰ ফলত ক্ষতিগ্ৰস্থ হয়। দাঁতৰ ফাঁক আৰু আলুৰ মাজত প্লাক আৰু শিকৰ তৈয়াৰ হৈ দাঁতৰ তলৰ হাড়লৈকে বিয়পি পৰে। দাঁতৰ আলুবোৰ উখহি উঠে আৰু তেজ ওলায়। নিশাহ দূৰ্গন্ধ হয় আৰু দাঁতবোৰ লৰিবলৈ লয়। চিকিত্সকে এক্সৰে কৰিব আৰু দাঁতৰ আলুৰ গাঁতবোৰৰ জোখ লৈ ৰোগৰ জটিলতা নিৰূপন কৰে। নিয়মীয়াকৈ চিকিত্সকৰ দ্বাৰা দাঁত পৰিষ্কাৰ কৰা আৰু কেতিয়াবা এণ্টিবায়টিক আৰু শৈল চিকিত্সাৰ প্ৰয়োজন হব পাৰে। প্ৰাপ্তবয়স্কসকলৰ প্ৰধানকৈ পায়েৰিয়াৰ বাবেই দাঁত সৰে। বৃদ্ধ লোকসকলৰ দাঁত সৰাৰ মূল কাৰণ পায়েৰিয়া। দাঁতক সঠিক স্থানত ৰখা হাড়ডাল সংক্ৰমণৰ ফলত বেয়াকৈ ক্ষতিগ্ৰস্থ হয়। এনে অৱস্থাত দাঁত নিজে নিজে সৰি যাব পাৰে বা উঘালি পেলাব লগা হব পাৰে। সংক্ৰমণৰ বাবে দাঁতৰ তলৰ হাড় আৰু আলুৱে সঠিকভাৱে দাঁত ধৰি ৰাখিব নোৱাৰাৰ ফলত লৰিবলৈ ধৰে। কাৰণ দাঁত আৰু আলুত দীৰ্ঘদিন ধৰি প্লাক আৰু শিকৰ জমা হোৱাৰ ফলত পায়েৰিয়া হয়। এই ৰোগ হৈ থাকিলে মাৰিডালৰ ক্ষয় হৈ গৈ থাকে আৰু দাঁতৰ বিষ হোৱাৰ লগতে দাঁত লৰিবলৈ ধৰে। ব্যক্তিবিশেষে প্লাক আৰু শিকৰ জমা হোৱা হাড়ৰ ওপৰত এই ৰোগৰ জটিলতা নিৰ্ভৰ কৰে। উপসৰ্গ আৰু পৰীক্ষা এই ৰোগৰ প্ৰাথমিক অৱস্থাৰ লক্ষণবোৰৰ ভিতৰত দাঁতৰ পৰা তেজ ওলোৱা, আলু ৰঙা পৰা মুখৰ পৰা দূৰ্গন্ধ ওলোৱা। চিকিত্সকে এক্সৰে কৰিব আৰু দাঁতৰ আলুৰ গাতবোৰৰ জোখ লৈ ৰোগৰ জটিলতা নিৰূপন কৰে। যিমানে দাঁতৰ তলৰ হাড় ক্ষয় হয় সিমানে দাঁত লৰিবলৈ ধৰে। দাঁতৰ স্বাভাৱিক স্থানৰ পৰিৱৰ্তন হয়। সাধাৰণতে সন্মুখৰ দাঁতবোৰ বাহিৰৰ ফালে বেকা হৈ পৰে। আলু উখহি নোযোৱালৈকে, দাঁতৰ ক্ষয় নোহোৱালৈকে বা যথেষ্ট পৰিমাণৰ পুজ জমা নোহোৱালৈকে সাধাৰণতে এই ৰোগত বিষ নহয়। উত্স:Merck