কেতিয়াবা নিঃশ্বাসৰ হেলিট’চিছ এটা সমস্যা হিচাপে দেখা দিব পাৰে। ভাল খবৰটো হ’ল এয়ে যে, এনে সমস্যা বহু ক্ষেত্ৰত কেইটামান সাধাৰণ ব্যৱস্থাৰেই নোহোৱা কৰিব পাৰি। মুখৰ ভিতৰত বেয়া গোন্ধ সৃষ্টি কৰিব পৰা বেক্টেৰিয়া থাকিলে এই সমস্যা হয়। সদাই ভালদৰে ব্ৰাছ নকৰাৰ ফলত মুখৰ ভিতৰত আৰু দাঁতৰ ফাঁকত সোমাই থকা খাদ্যৰ অংশত বেক্টেৰিয়া জমা হৈ থাকে। এই বেক্টেৰিয়াৰ পৰা নিৰ্গত হোৱা চালফাৰ যৌগৰ বাবেই মুখৰ পৰা গোন্ধ ওলায়। পিয়াজ, নহৰু আদি খালেও মুখৰ পৰা গোন্ধ ওলায়। ইয়াৰ কাৰণ হ’ল- ইয়াত থকা তেলবোৰ হাওঁফাওঁলৈ যায় আৰু মুখেৰে বাহিৰ হৈ যায়। নিঃশ্বাসত বেয়া গোন্ধ ওলোৱাৰ আন এটা মুখ্য কাৰণ হ’ল ধুমপান। এনে দূৰ্গন্ধ আতঁৰাবলৈ বিভিন্ন ধৰণৰ ভুল আৰু অবিজ্ঞানসন্মত ব্যৱস্থা প্ৰচলিত আছে। এনে কেইটামান ব্যৱস্থা তলত উল্লেখ কৰা হ’ল: ভুল ধাৰণা ১: বজাৰত প্ৰচলিত মাউথৱাছে সাময়িক ভাৱেহে নিঃশ্বাসৰ দূৰ্গন্ধ নোহোৱা কৰে। এণ্টিচেপটিক বা জীবাণুনাশক মাউথৱাছেহে মুখৰ ভিতৰত থকা দূৰ্গন্ধ সৃষ্টিকাৰী জীৱাণুবোৰক মাৰি সমস্যাটোৰ পৰা মুক্তি দিব পাৰে। এনেবোৰ দ্ৰব্য ব্যৱহাৰ কৰোতে ইণ্ডিয়ান ডেণ্টেল এছোচিয়েছনৰ চিল-মোহৰ চাই ল’ব লাগে। ভুল ধাৰণা ২: সদাই ভালদৰে দাঁত মাজিলেই মুখৰ দূৰ্গন্ধ নোহোৱা হয়। বেছি সংখ্যক লোকেই ৩০-৪৫ চেকেণ্ড দাঁত মাজে। এয়া কোনো কামতেই নাহে। ভালদৰে সকলোবোৰ দাঁত পৰিষ্কাৰ কৰিবলৈ কমেও দুইমিনিট সময়ৰ প্ৰয়োজন হয়। জিভাও পৰিস্কাৰ কৰিব লাগে। কাৰণ বেক্টেৰিয়া জিভাতো থাকিব পাৰে। ভালদৰে কুলি কুলিও কৰিব লাগে। দাঁত আৰু আলুৰ ফাঁকত সোমাই থকা খাদ্যৰ অংশ কেৱল ব্ৰাছ কৰি আতঁৰাব পৰা নাযায়। সঠিক আৰু নিয়মিতভাৱে দাঁত মাজিলে আৰু কুলি কৰিলে দূৰ্গন্ধৰ সমস্যাটো কমাব পৰা যায়। দন্ত চিকিত্সকৰ দ্বাৰাও দাঁত পৰিস্কাৰ কৰিবপৰা যায়। ইয়াৰ পিছতো যদি নিশ্বাসৰ দূৰ্গন্ধ নকমে, তেন্তে আন কোনো ৰোগৰ বাবে এই সমস্যাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা থাকিব পাৰে। সাধাৰণতে চাইনাছাইটিছ বা আলুৰ কিবা ৰোগ থাকিলে এই সমস্যা হ’ব পাৰে। এনে ক্ষেত্ৰত দন্ত চিকিত্সকক দেখুৱাটো অতি প্ৰয়োজন। চিকিত্সকে এই সমস্যাৰ প্ৰকৃত কাৰণ উলিয়াই সমস্যাটো সমাধানৰ ব্যৱস্থা কৰিব। নিঃশ্বাসত দূৰ্গন্ধৰ কাৰণ বেছিভাগ ক্ষেত্ৰতে দূৰ্গন্ধ মুখৰ ভিতৰতে উত্পন্ন হয়। ইয়াৰ কাৰণ বহুত আছে। তাৰে কিছুমান হ’ল: খাদ্য: দাঁত আৰু ইয়াৰ আশে-পাশে থাকি যোৱা খাদ্যৰ অংশবোৰৰ পৰা বেয়া গোন্ধ ওলাব পাৰে। বিশেষ বস্তু থকা কিছুমান খাদ্য (পিয়াজ, নহৰু)ৰ বাবেও সাধাৰণতে মুখেৰে বেয়া গোন্ধ ওলায়। অৱশ্যে আন খাদ্য আৰু মছলাৰ পৰাও বেয়া গোন্ধৰ সৃষ্টি হ’ব পাৰে। এই খাদ্যবোৰ হজম হোৱাৰ পাছত ইয়াত থকা তেলজাতীয় পদাৰ্থবোৰ তেজৰ যোগেৰে হাওঁফাওঁলৈ যায়। হাওঁফাওঁৰ পৰা এইবোৰ নিঃশ্বাসৰে বাহিৰলৈ লাহে লাহে ওলাই থাকে। এই খাদ্য দেহৰ পৰা সম্পূৰ্ণভাৱে বাহিৰ নোহোৱালৈকে গোন্ধও থাকে। পিয়াজ আৰু নহৰুৰ গোন্ধ প্ৰায় ৭২ ঘণ্টালৈকে থাকিব পাৰে। দাঁতৰ সমস্যা: অপৰিষ্কাৰ দাঁত, আলু আৰু ইয়াৰ কিবা ৰোগ থাকিলেও নিঃশ্বাসত বেয়া গোন্ধ ওলাব পাৰে। ভালদৰে ব্ৰাছ আৰু কুলি নকৰিলে মুখৰ ভিতৰত লাগি থকা খাদ্যকণাবোৰত বেক্টেৰিয়া জমা হয়। ইয়াৰ পৰা হাইড্ৰজেন চালফাইড গেছ ওলাই থাকে। ইয়াৰ বাবেই নিঃশ্বাসত গোন্ধ ওলায়। দাঁতৰ ওপৰত ৰঙবিহীন এটি আৱৰণৰ সৃষ্টি হয়। ইয়াক প্লেইক বোলে। শুকান মুখ: লেলাউতীয়ে মুখৰ ভিতৰখন পৰিষ্কাৰ আৰু আৰ্দ্ৰ কৰি ৰাখে। মুখৰ ভিতৰখন শুকান হ’লে জিভা, আলু আৰু গালৰ ভিতৰফালৰ মৃতকোষবোৰ জমা হৈ থাকে। এই কোষবোৰ পিছত পচি গৈ বেয়া গোন্ধৰ সৃষ্টি কৰে। শুই থকাৰ সময়ত প্ৰাকৃতিকভাৱেই মুখৰ ভিতৰখন শুকাই যায়। অসুখ: হাওঁফাওঁৰ সংক্ৰমণ, ঘাঁ আদি পুৰণি হোৱাৰ ফলতো নিঃশ্বাসত বেয়া গোন্ধ ওলাব পাৰে। আন ৰোগ যেনে, কিছুমান কেঞ্চাৰ, বিপাক সম্বন্ধীয় কিছু ৰোগ আদিৰ বাবেও বেয়া গোন্ধ নিশাহেৰে বাহিৰলৈ ওলায়। মুখ, নাক আৰু ডিঙিৰ স্থিতি: চাইনাছৰ ৰোগৰ বাবেও বেয়া গোন্ধযুক্ত নিশাহ ওলাব পাৰে। চাইনাছৰপৰা শেঙুনবোৰ ডিঙিৰ পিছফালে পৰি বেয়া গোন্ধৰ সৃষ্টি কৰিব পাৰে। ধপাত: ধুমপানৰ ফলত মুখৰ ভিতৰখন শুকাই যায় আৰু ধোঁৱাৰ গোন্ধ এটাৰ সৃষ্টি কৰে। ধপাত খোৱাসকলৰ দাঁত আৰু আলুৰ ৰোগ হোৱাৰ সম্ভাৱনা অধিক। ইয়াৰ বাবেও মুখৰপৰা বেয়া গোন্ধৰ সৃষ্টি হয়। কঠোৰ খাদ্যনিয়ন্ত্রণ: যিসকলে ডায়েট কৰে তেওঁলোকৰ পেট খালি থকা সময়ত ৰাসায়নিক বিক্ৰিয়া (কিট’এচিড’ছিছ)ৰ বাবে নিঃশ্বাসত পচাঁ গোন্ধ ওলাব পাৰে। নিজে কি কৰিব পাৰে? মুখৰ ভিতৰখন আৰু দাঁত সদায় পৰিষ্কাৰকৈ ৰাখিব লাগে৷ ব্ৰাছ কৰাৰ পাছতেই কুলি কৰি দাঁতৰ মাজত সোমাই থাকিবপৰা জীৱাণুবোৰ পৰিষ্কাৰ কৰিব লাগে৷ এইটো অতি প্ৰয়োজনীয় কথা৷ জিভাখন যিমান ভিতৰলৈ পাৰি পৰিষ্কাৰ কৰিব লাগে৷ চিকিত্সকৰ পৰামৰ্শ লৈ মাউথৱাছ ব্যৱহাৰ কৰিব লাগে৷ নিশা শুবলৈ যোৱাৰ আগতে এইটো ব্যৱহাৰ কৰিব লাগে৷ জুলীয়া পদাৰ্থ বেছিকৈ খাব লাগে৷ চাহ আৰু কফি কমাই খাব লাগে। গাখীৰ বা গাখীৰৰ পৰা তৈয়াৰী খাদ্য, মাছ, মাংস আদি খোৱাৰ পাছত মুখখন ভালকৈ পৰিষ্কাৰ কৰিব লাগে৷ মুখৰ ভিতৰখন শুকান যেন অনুভৱ হ’লে চুগাৰ ফ্ৰী চুইংগ্ৰাম মুখত লৈ থাকিব পৰা যায়৷ সতেজ আঁহযুক্ত শাক-পাছলি খাব লাগে৷ নিয়মিয়াকৈ দন্ত চিকিত্সকক দেখুৱাই পৰামৰ্শ লব লাগে৷ প্ৰয়োজনত এনে দক্ষলোকৰদ্বাৰা মাজে মাজে দাঁত পৰিষ্কাৰও কৰি ল’ব লাগে৷ উৎস: মাইঅ’ ক্লিনিক