বিভিন্ন কাৰণত দাঁত উঘালি পেলাবলগীয়া হয়। এনে পৰিস্থিতিত বহু ৰোগীয়ে দাঁতৰ ডাক্তৰক সচৰাচৰ এটা প্রশ্ন কৰে যে, দাঁত উঘালি পেলালে কি চকুৰ সমস্যা হ’ব নেকি? আৰু যদি ওপৰ পাৰিৰ দাঁত উঠাবলগীয়া হয়, তেন্তে আৰু কথা নাই প্রশ্ন আৰু স্বাভাৱিক হৈ উঠে। আচল কথাটো কিন্তু তেনে নহয়। সাধাৰণতে যিবোৰ কাৰণত দাঁত উঠাবলগীয়া হয়, সেইবোৰৰ ভিতৰত প্রদাহ অন্যতম। ওপৰ পাৰিৰ দাঁতত যদি প্ৰদাহ হয়, তেন্তে বিষ অতি সোনকালে চকুলৈকে বিয়পি যায়। এনে ঘটনাৰ পৰিপ্ৰেক্ষিততে সাধাৰণতে দাঁত বিষত আক্ৰান্ত ৰোগীয়ে দাঁত উঠাবলগীয়া হ’লে ডাক্তৰক এই প্রশ্নটি কৰি ব্যতিব্যস্ত কৰে। প্রকৃততে দাঁত আৰু চকুৰ স্নায়ুতন্ত্র ভিন্ ভিন্। এই স্থানসমূহৰ স্নায়ুপ্রবাহ আৰু ৰক্তপ্ৰবাহো ভিন্ন। চকুৰ স্নায়ুপ্রবাহ হৈছে অপথালমিক ডিভিজন অব ট্রাইজেমিনাল নাৰ্ভ তথা তলৰ ফালে হৈছে মেক্সিলাৰি ডিভিজন অব ট্রাইজেমিনাল নাৰ্ভ৷ তেজ প্রবাহিত হয় অপথালমিক আৰু লেক্রিমাল আৰ্টাৰিৰ মাধ্যমেৰে। আনহাতে, ওপৰ পাৰি দাঁতৰ স্নায়ুপ্রবাহ হ'ল আন্টিৰিয়ৰ পোষ্টিৰিয়ৰ, মিডল ছুপিৰিয়ৰ নাৰ্ভ৷ তলৰপাতি থাকে ইন্ফিৰিয়ৰ আলভিওলাৰ নাৰ্ভ ব্রান্স অব্ মেণ্ডিবুলাৰ নাৰ্ভ। তথাপি কিন্তু চিকিৎসাজনিত কাৰণত দাঁত উঠালে চকুৰ সমস্যা হ’ব বুলি ভবাৰ কোনো থল নাই। দাঁত পৰিষ্কাৰকৈ ৰখাৰ ঘৰুৱা উপায় চিকিৎসকৰ কাষ চপাকৈও দাঁত ঘৰতে চিকচিকাই ৰাখিব পাৰি। তাৰে কেইটামান সহজ উপায়: দাঁত পৰিষ্কাৰ কৰি ৰাখিবলৈ বেকিং চ’ডা অতি প্ৰয়োজনীয় সামগ্রী। এটা সৰু বাটিত আধা চাহচামুচ টুথপেষ্টৰ লগত কেইফুটমান বেকিং চ’ডা মিলাই ল’ব লাগে। এই মিশ্ৰণেৰে দাঁত ব্ৰাছ কৰিলে দাঁত একেবাৰে বগা হৈ পৰিব। দাঁত চকচকীয়া বগা কৰিবলৈ ইলেক্ট্রিক টুথব্ৰাছ ব্যৱহাৰ কৰিব পাৰে। দাঁতৰ বিবৰ্ণ অংশৰ এনামেল দূৰ কৰাত ই আটাইতকৈ ফলপ্রসূ পদ্ধতি। প্রতিবাৰে খাদ্য গ্ৰহণৰ পাচতেই দাঁত পৰিষ্কাৰ কৰিব লাগে। এনে কৰাৰ ফলত দাঁত চাফা হোৱাৰ লগতে ৰোগমুক্ত হৈ থাকিব। নেমুৰ ৰস দাঁতত লগালে এনামেল আঁতৰি দাঁত চকচকীয়া বগা হৈ পৰে। নেমু আৰু নিমখ মিহলাই দাঁত মাজে মাজে চাফা কৰিব পাৰিলে ভাল ফলাফল পোৱা যায়। দাঁতত ৰং লেতেৰা হোৱাৰ অন্যতম কাৰণ হ’ল খাদ্যকণা আৰু জীৱাণু। সেয়ে খোৱাৰ পাচত দাঁত ব্ৰাছ কৰি উঠি পেৰাক্সাইড দি কুলি কুলি কৰিব লাগে। এনে কৰিলে দাঁত চাফা হোৱাৰ লগতে ৰোগমুক্ত হয়। প্ৰতিদিনে খাদ্যতালিকাত আপেল ৰাখিব লাগে। সন্মুখৰ দাঁতেৰে আপেল কামুৰি খালে দাঁত চাফা হয়, লগতে আপেলত থকা গুণাগুণে দাঁতৰ আয়ুস বৃদ্ধি কৰে। প্রতিবাৰ খাদ্য গ্ৰহণৰ লগে লগে দাতত লাগি থকা অৱশিষ্টাংশ আঁতৰাবলৈ পানীৰে কুলি কুলি কৰিব লাগে। যিকোনো অৱস্থাত দাঁত ব্ৰাছ কৰাৰ সুবিধা নহ'লেও পানীয়ে এই সমস্যা দূৰ কৰাত সহায় কৰে। দাঁত মজবুত আৰু বগা কৰি ৰাখিবলৈ ষ্ট্রবেৰী খাব লাগে। দাঁতৰ হুৱাটনাৰ বা ব্লাছাৰ হিচাপে কাম কৰে ষ্ট্ৰবেৰীয়ে। ষ্ট্রবেৰী ব্যয়বহুল বুলি বহুতে আকৌ খাব নোখোজে, কিন্তু মনত ৰখা উচিত যে, দাঁত ক্ষয় হৈ চিকিৎসা গ্ৰহণ কৰাতকৈ ই অতি সহজলভ্য। দাঁতৰ ক্ষয় ৰোধৰ প্ৰধান খনিজ উপাদান হৈছে কেলচিয়াম। পনীৰত প্ৰচুৰ কেলচিয়াম থাকে। দাঁতৰ সুস্বাস্থ্যৰ বাবে নিয়মিত খাদ্য তালিকাত পনীৰ ৰাখিব পাৰিলে ভাল। কেঁচা পিয়াজে মুখৰ দুৰ্গন্ধ বঢ়ায় হয়, কিন্তু দাঁত পৰিষ্কাৰকৈ ৰখাৰ ক্ষেত্ৰত পিঁয়াজৰ গুৰুত্ব অপৰিসীম। দাঁতৰ এনামেল দূৰ কৰি চিকচিকীয়াকৈ ৰাখিবলৈ নিয়মিত পিয়াজ গ্রহণ কৰিব পাৰে। লিখক: দিব্যজ্যোতি ভূঞা।