চেনি আৰু চেনিৰ পৰা তৈয়াৰী খাদ্য মাত্ৰাধিক পৰিমাণে খালে দন্তক্ষয় হ’ব পাৰে। এচিডলৈ ৰূপান্তৰ হৈ চেনিয়ে দাঁতৰ ক্ষতি কৰে। আগৰ দিনত মানুহবোৰৰ দন্তক্ষয় ৰোগ কম হৈছিল, কিয়নো তেওঁলোকে খুব কম পৰিমাণে চেনি খাইছিল। আনকি এতিয়াও কম পৰিমাণে মিঠা খোৱা মানুহৰ দন্তক্ষয় ৰোগ কম হয়। দন্তক্ষয়ৰ পৰা হাত সৰাৰ আটাইতকৈ সহজ উপায়টো হ’ল- প্ৰতিবাৰ আহাৰৰ পিছত, বিশেষকৈ চেনি বা চেনিৰ পৰা উদিত বস্তু খোৱাৰ পিছত দাঁত ভালকৈ পৰিষ্কাৰ কৰা। প্ৰতিবাৰে টুথ ব্ৰাছেৰে দাঁত পৰিষ্কাৰ কৰাটো সম্ভৱ নহ’লে পৰিষ্কাৰ পানীৰে মুখখন কুলু কুলু কৰি, হাতৰ আঙুলিৰে দাঁত আৰু দাঁতৰ আলু মালিচ কৰিব। খোৱাপানীত সামান্য পৰিমাণৰ ফ্লৰাইড থাকিলেও দন্তক্ষয় প্ৰতিৰোধত সহায়ক হয়। ফ্লৰাইডযুক্ত টুথপেষ্টৰ বাহিৰে আনবোৰ টুথপেষ্ট দন্তক্ষয় প্ৰতিৰোধত প্ৰত্যক্ষভাৱে সহায় কৰে। অৱশ্যে এনে টুথপেষ্টে দাঁতৰ মাজৰ ফাঁকবোৰত সোমাই থকা খোৱাবস্তুবোৰ ওলাই অহাত সহায় কৰে, যিবোৰ পিছলৈ দন্তক্ষয়ৰ কাৰক হ’ব পাৰে। উৎস: জিএনআৰচি।