আমাৰ দেশত দাঁতৰ দুবিধ ৰোগ অতি বেছিকৈ হোৱা দেখা যায়। তাৰে এবিধে দন্তক্ষয় কৰে। বেক্টেৰিয়াৰ দ্বাৰা আক্ৰান্ত হৈ দাঁতৰ ক্ষয় হোৱাকে ডেন্টেল কেৰিজ বুলি কোৱা হয়। আনবিধ ৰোগত দাঁতক মজবুতকৈ ধৰি ৰখা অংগবোৰ জীৱাণুৰ দ্বাৰ আক্ৰমিত হৈ নষ্ট হয়। ফলত দাতবোৰ দুৰ্বল হৈ পৰে। এই বিধক পেৰিঅ’ডণ্টাইটিছ বা সহজ ভাষাত পায়োৰিয়া ৰোগ বুলি কোৱা হয়। ডেণ্টেল কেৰিজক আধুনিক সভ্য জগতৰ ৰোগ হিচাপে অভিহিত কৰা হৈছে। কাৰণ আদিম যুগত এই ৰোগ পৰিলক্ষিত হোৱা নাছিল। অৱশ্যে প্ৰতিৰোধমূলক ব্যৱস্থা আৰু চিকিৎসা পদ্ধতিৰ উন্নতীকৰণৰ লগে লগে উন্নত দেশবোৰত ক্ৰমান্বয়ে এই ৰোগ হ্ৰাস পাই আহিছে। দুৰ্ভাগ্যবশত: যোৱা পাঁচটা দশকত এই ৰোগৰ সঘনতা আমাৰ ভাৰতবৰ্ষত ক্ৰমান্বয়ে বাঢ়ি আহিছে। ১৯৪৭ চনত এই ৰোগৰ সঘনতা আছিল মাত্ৰ ৩৫% আৰু এতিয়া ই ৬৫% লৈ বৃদ্ধি পাইছে। শৰীৰৰ অংগ প্ৰত্যংগসমূহত দেখা দিয়া বিভিন্ন ৰোগৰ ভিতৰত ডেণ্টেল কেৰিজ সবাতকৈ সঘনে হোৱা ৰোগ। ঠাই, জাতি, ধৰ্ম, বয়স, লিংগ নিৰ্বিশেষে সকলো ডেণ্টেল কেৰিজত ভোগে। লক্ষণসমূহ প্ৰাথমিক অৱস্থাত ডেণ্টেল কেৰিজ সম্পূৰ্ণভাৱে বিষমুক্ত। সেয়ে এজন ৰোগীয়ে মুঠেও এই ৰোগ হোৱাটো অনুভৱ নকৰে। লাহে লাহে ডেণ্টেল কেৰিজ দাঁতব ভিতৰৰ ফালে বাঢ়ি গৈ থাকিলে ৰোগী এজনে ঠাণ্ডা, গৰম, মিঠা আৰু টেঙাজাতীয় খাদ্যবস্তু খোৱাৰ সময়ত বিপন্ন দাতত বিষ আনুভৱ কৰে। ডেণ্টেল কেৰিজ যেতিয়া ভিতৰৰ ফালে পাল্পলৈকে বিস্তৃত হয়, তেতিয়া কোনো উত্তেজক নোহোৱাকৈয়ে দাঁতত উগ্ৰ ধপধপাই থকা ধৰণৰ বিষ অনুভৱ হয়। এই ধৰণৰ বিষ ৰোগীজনে শুই থকা অৱস্থাতে বেছিকৈ অনুভূত হয়। যদি এই অৱস্থাত ৰোগী এজনে অৱহেলা কৰে, তেন্তে সময়ৰ লগে লগে পাল্প নষ্ট হৈ দাঁতৰ গুৰিত ঘাঁৰ সৃষ্টি হয়। শিশুৰ ক্ষেত্ৰত সাধাৰণতে ডেণ্টেল কেৰিজ খুব সোনকালে ভিতৰৰ ফালে প্ৰসাৰিত হয় আৰু পাল্প কলা আক্ৰান্ত হয়। সেয়ে যিমান সোনকালে সম্ভৱ সিমান সোনকালে শিশুৰ ক্ষেত্ৰত প্ৰতিকাৰ তথা প্ৰতিৰোধৰ ব্যৱস্থা হাতত ল’ব লাগে। যদি সোনকালে চিকিৎসা হাতত লোৱা নাযায়, তেন্তে নিৰ্দিষ্ট সময়তকৈ আগতেই গাখীৰ খোৱা দাঁত সৰাই দিব লগা হ’ব পাৰে। ফলত স্থায়ী দাঁত ওলোৱাত আউল লাগে আৰু নিজৰ অৱস্থানৰ পৰা আঁতৰি বেঁকাবেঁকিকৈ মুখত ওলোৱাৰ সম্ভাৱনা থাকে। কাৰণসমূহ ডেণ্টেল কেৰিজৰ কাৰণসমূহ বৰ জটিল। কাৰণ প্ৰত্যক্ষভাৱে জড়িত কাৰণকেইটাৰ উপৰি এই ৰোগৰ লগত বহু কাৰণ পৰোক্ষভাৱে জড়িত হৈ আছে। যি কি নহওক, ডেণ্টেল কেৰিজ হ’বৰ কাৰণে আটাইতকৈ দৰকাৰী কাৰণকেইটা হৈছে- ডেণ্টেল প্লাক, কাৰ্বোহাইড্ৰেট জাতীয় খাদ্য, অনুভৱক্ষম দাঁতৰ ওপৰভাগ। এইকেইটা কাৰণৰ উপৰি লালটিৰ স্বভাৱ আৰু পৰিমাণে ডেণ্টেল কেৰিজ হোৱাত এক গুৰুত্বপূৰ্ণ ভুমিকা গ্ৰহণকৰে। ডেণ্টেল কেৰিজ আৰম্ভ হ’বৰ কাৰণে ডেণ্টেল প্লাক এক অপৰিহাৰ্য কাৰণ। ডেণ্টেল প্লাক সাধাৰণতে সূষ্ম সূক্ষ্ম জীৱাণু লালটিত থকা বিভিন্ন পদাৰ্থ(যেনে- মিউচিন), ডেচকোৱামেটেড এপিথেলিয়েল কোষ আদিৰে গঠিত। সাধাৰণতে যিবিলাক দাঁত ব্ৰাচৰ দ্বাৰা চাফা নহয়, সেই দাঁতৰ ওপৰত ডেণ্টেল প্লাকে লিকটা, পাতল তৰপ এটাৰ তৈয়াৰ কৰে আৰু ২৪ ৰপৰা ৪৮ ঘণ্টাৰ ভিতৰত পাতল তৰপটো বাঢ়ি এখন ডাঠ আৱৰণীৰ সৃষ্টি কৰে। ডেণ্টেল প্লাক থকা ষ্ট্ৰেপ্তকক্কাই, লেক্ট’বেচিলাই, এক্টিন’মাইছেছ আৰু ভেইল’নেলা নামৰ বেক্টেৰিয়াবিলাকে আমি গ্ৰহণ কৰা কাৰ্বোহাইড্ৰেট জাতীয় খাদ্যৰ ওপৰত ক্ৰিয়া কৰি বিভিন্ন অম্ল আৰু এন’জাইমৰ সৃষ্টি কৰে। অম্লবিলাকৰ ভিতৰত লেক্টক, বিউটিৰিক, পিৰিউভিক, এচিটিক, ফৰ্মিক আৰু চাকচিনিকেই প্ৰধান। এই অম্লবিলাকে প্ৰথমতে আমাৰ দাঁতৰ অজৈৱিক অংশৰ ওপৰত ক্ৰিয়া কৰে। তাৰ পিছত ক্ৰমে দাঁতৰ সবাতোকৈ ওপৰৰ তৰপ এনামেলৰ গঠনটো দুৰ্বল কৰি তোলে। ফলত খাদ্য চোবাওতে দাঁতৰ ওপৰত প্ৰয়োগ হোৱা হেঁচাৰ ফলত এনামেল ভাঙি দাঁতত গাঁতৰ সৃষ্টি কৰে। ঠিক এনামেলৰ ওপৰত কৰাৰ নিচিনাকৈয়ে বেক্টেৰিয়াৰ দ্বাৰা প্ৰস্তুত অম্ল আৰু এনজাইমে ডেণ্টিনৰ ওপৰতো ক্ৰিয়া কৰে আৰু দাঁতৰ ভিতৰৰ অংশলৈ প্ৰসাৰিত কেৰিজ হৈ গৈ থাকে। প্ৰতিকাৰ প্ৰকৃততে ডেণ্টেল কেৰিজ ৰোগটো এটা একেৰাহে বৃদ্ধি হৈ গৈ থকা বেমাৰ। এবাৰ এই ৰোগ আৰম্ভ হৈ দাঁতৰ কোনো অংশ ভাগি গ’লে নিজে নিজে দাঁতৰ অংশটোৰ পুনৰ গঠন নহয়। অৱশ্যে বাধিত ডেণ্টেল কেৰিজৰ ক্ষেত্ৰত এটা সময়ত দন্তক্ষয় হোৱাটো বন্ধ হৈ যায়। যিহেতু দাঁতৰ কোনো অংশ কেৰিজৰ কাৰণে ক্ষয়প্ৰাপ্ত হ’লে, নিজে নিজে গঠন নহয়, সেয়ে চিকিৎসাৰ মূল লক্ষ্য হৈছে দাঁতৰ আগৰ আকৃতিৰ পুন:স্থাপন কৰা। কেৰিজ এনামেল আৰু ডেণ্টিনত সীমাবদ্ধ থকা অৱস্থাত, বেক্তেৰিয়াৰ দ্বাৰা আক্ৰান্ত দাঁতৰ বিপন্ন অংশটো সম্পূৰ্ণৰুপে উলিয়াই পৰিস্কাৰ কৰি কৃত্ৰিমভাৱে প্ৰাপ্তব্য মেটেৰিয়েলেৰে দন্তক্ষয় হোৱা অংশটো পুৰাই আগৰ আকৃতিৰ পুন:স্থাপন কৰা হয়। দন্ত চিকিৎসা বিদ্যাত ইয়াক ৰেষ্ট’ৰেচন বোলা হয়। জনসাধাৰণে ইয়াক ফিলিং কৰা বুলি কয়। এই ক্ষেত্ৰত ব্যৱহৃত মেটেৰিয়েলসমূহ এমালগাম, কম্প’জিত ৰেজিন, সোণ ইত্যাদি। সাধাৰণতে এমালগাম হনুৰ পিচৰ দাঁতসমূহত ব্যৱহাৰ কৰা হয়। তাৰ মূল কাৰণ হ’ল, খাদ্য চোবাওতে দাঁতৰ ওপৰত প্ৰয়োগ হোৱা হেঁচা সহ্য কৰিব পৰা শক্তি এমালগামৰহে আছে। আনহাতে কম্পজিত ৰেজিন সন্মুখৰ দাঁতৰ কেৰিজৰ প্ৰতিকাৰত ব্যৱহৃত হয়। এই মেটেৰিয়েলৰ ৰ্ং দাঁতৰ নিচিনা বগা হোৱা কাৰণেই সৌন্দৰ্য ৰক্ষাত বিশেষ ভুমিকা গ্ৰহণ কৰে। এমালগাম হৈছে পাৰা, ৰুপ আৰু অন্যান্য কিছুমান ধাতুৰ স্ংমিশ্ৰণ। কিন্তু ই দেখাত ৰুপৰ নিচিনা ৰুপালী ৰঙৰ হোৱা কাৰণে ছিলভাৰ ফিলিং বুলিয়েই কোৱা হয়। যদিও পাৰাক বিষাক্ত পদাৰ্থ বুলি জ্ঞান কৰা হয়, ৰাসায়নিকভাৱে বাকীকেইটা ধাতুৰ লগত লগ লাগি পাৰা স্থায়ী আৰু নিৰাপদ বুলি প্ৰমাণ হৈছে। দাঁতৰ ফিলিঙৰ কাৰণে কোনটো মেটেৰিয়েল ব্যৱহাৰ কৰা উচিত এই বিষয়ে বহুত সময়ত আমাৰ জনসাধাৰণৰ মাজত প্ৰশ্ন জাগে। সেইটো নিৰ্ভৰ কৰে ক’ত আৰু কেনেকৈ ফিলিঙৰ অৱস্থান হ’ব, ফিলিংটোৰ ওপৰত খাদ্য চোবাওতে কিমানখিনি হেঁচা পৰিব। দাঁতৰ ভিতৰফালে বিস্তৃত হৈ কেৰিজ যেতিয়া দাঁতৰ ভিতৰৰ স্নায়ুযুক্ত নৰম পাল্প অংশ পায়, ৰোগীয়ে সহ্য কৰিব নোৱাৰা ধৰণৰ বিষ বেদনা অনুভৱ কৰে। আজি কিছু বছৰলৈকে আমাৰ জনসাধাৰণৰ মাজত ধাৰণা আছিল যে দাঁত বিষ হোৱা মানে দাঁত উঠাব লাগে। বৰ্তমান বিজ্ঞানৰ অগ্ৰগতিৰ লগে লগে চিকিৎসা পদ্ধতিতো বহুত উন্নতি হৈছে। দাঁত স্ংৰক্ষণ কৰিব পৰাকৈ বিভিন্ন ধৰণৰ কৌশলৰ আৱিস্কাৰ হৈছে। তাৰে এটা কৌশল হৈছে ‘ৰুট কেনেল ট্ৰিটমেণ্ট’। আগতে কৈ অহা হৈছে যে পাল্প হৈছে দাঁতৰ মাজৰ অংশত অৱস্থিত নৰম কলা। ইয়াত দাঁতৰ স্নায়ু, ৰক্ত পৰিবহণৰ ধমনিকাসমূহ আৰু স্ংযোজক কলাৰ কোষসমূহ থাকে। দাঁতৰ ক্ৰাউন অংশৰ পৰা পাল্প এডাল সূতাৰ নিচিনাকৈ গুৰিৰ অংশলৈ নামি আহে আৰু দাঁতক খাদ্য তথা স্ংবেদনশীলতাৰ যোগান ধৰে। ডেণ্টেল কেৰিজ এনামেলৰ পৰা ডেণ্টিন পাৰ হৈ পাল্প কলালৈকে বিস্তৃত হ’লে নাইবা পাল্প কলা কোনো বেমাৰৰ দ্বাৰা আক্ৰান্ত হ’লে পাল্প কলা সমূহ মৰি যায়। এনেক্ষেত্ৰত্ পাল্প কেনেলৰ পৰা পাল্প কলা সমূহ উলিয়াই দি পাল্প কেনেল চাফা কৰি সেই খালী কেনেলবিলাকত কৃত্ৰিম মেটেৰিয়েল দি দাঁতটোৰ স্ংৰক্ষণৰ ব্যৱস্থা কৰা হয়।এই বিশেষ পদ্ধতিটোকে ৰুট কেনেল ট্ৰিটমেণ্ট বুলি কোৱা হয়। ৰুট কেনেল ট্ৰিটমেণ্ট কৰাৰ পিছত সাধাৰণতে দাঁত ঠুনুকা হৈ পৰে। সেয়ে ৰুট কেনেল ট্ৰিটমেণ্টৰ পিছত সাধাৰণ অৱস্থাত আগতে সহ্য কৰিব পৰা পৰিমাণৰ হেঁচা দাঁত এটাই সহ্য কৰিব নোৱাৰা হৈ পৰে আৰু তেনে ধৰণৰ হেঁচাত দাঁতটো ভাগি যোৱাৰ সম্ভাৱনা থাকে। সেয়ে ৰুট কেনেল ট্ৰিটমেণ্টৰ পিছত কৃত্ৰিমভাৱে ধাতু বা পৰ্চেনিলেৰে নিৰ্মিত ক্ৰাউন তৈয়াৰ কৰি দাঁতটোক অতিৰিক্তভাৱে মজবুত বনোৱা হয়। ডেণ্টেল কেৰিজৰ কাৰণে পাল্প কলা মৰি যোৱাৰ পিচত ৰুট কেনেল ট্ৰিটমেণ্ট নকৰিলে দাঁতৰ ভিতৰত ৰোগ সঞ্চাৰণ হৈ এট সময়ত দাঁতৰ গুৰিটোৰ চাৰিওকাষে হনুত থকা হাড়ৰ ভিতৰত পুঁজৰ মোনাৰ সৃষ্টি কৰে আৰু হাড়ৰ নষ্ট সাধন কৰে। সেয়ে এনে অৱস্থাত যদি চিকিৎসা আগবঢ়োৱা নহয়, তেন্তে দাঁতটো সৰাই পেলাই দিব লগা হয়। বহুতে ভাৱে যে ৰুট কেনেল ট্ৰিটমেণ্ট এটা জটিল, বিষময় পদ্ধতি। প্ৰকৃততে ই এটা সহজ শান্তিজনক চিকিৎসা পদ্ধতি। এই পদ্ধতিত এজন ৰোগীয়ে সাধাৰণতে চাৰিৰ পৰা পাঁচবাৰলৈ দন্ত চিকিৎসকৰ ওচৰত আহিব লাগে। আটাইতকৈ উল্লেখযোগ্য কথাটো হ’ল ৰুট কেনেল ট্ৰিটমেণ্টৰ দ্বাৰা এজন ব্যক্তিৰ দাঁত আৰু হাঁহি দুয়োটাই স্ংৰক্ষণ কৰি ৰাখিব পাৰি। বহুতৰ মনত প্ৰশ্ন জাগে যে এনে ধৰণৰ চিকিৎসা কৰাৰ পিচত দাঁতটো কিমান দিনলৈ স্ংৰক্ষিত হৈ থাকিব? ৰুট কেনেল ট্ৰিটমেণ্টৰ পিচত যদিহে দাঁতটোৰ সঠিকভাৱে যত্ন লোৱা হয় আৰু দাঁতটোৰ চাৰিওকাষৰ আৱেষ্টনী আৰু প্ৰতিপালক কলাৰ সুস্বাস্থ্য বজাই ৰখা হয়, তেন্তে ৰুট কেনেল ট্ৰিটমেণ্ট কৰা দাঁত এটা সমগ্ৰ জীৱনজুৰি মুখত স্বাভাৱিক ৰুপত কাৰ্যক্ষম হৈ থাকে। অৱশ্যে নিয়মিতভাৱে অভিজ্ঞ দন্ত চিকিৎসকৰ ওচৰত পৰীক্ষা কৰাই দিহা-পৰামৰ্শ লৈ থকাটো অতি প্ৰয়োজন। ডা: স্বৰ্গজ্যোতি দাস, অসমীয়া প্ৰতিদিন।