প্ৰশ্ন- জাপানীজ এনকেফেলাইটিছ কেনেদৰে বিয়পে? উত্তৰ- ধানখেতিত যিবোৰ মহে বংশবৃদ্ধি কৰে (কিউলেক্স জাতীয়), সেইবোৰ মহেই এনকেফেলাইটিছ ভাইৰাছত আক্ৰান্ত হয়। প্ৰশ্ন- মানুহৰ কেনেকৈ জাপানীজ এনকেফেলাইটিছ হয়? উত্তৰ- জাপানীজ এনকেফেলাইটিছ ভাইৰাছ থকা মহে কামুৰিলে মানুহৰ এই ৰোগ হয়। প্ৰশ্ন-এই ভাইৰাছৰ প্ৰাথমিক সংক্ৰমণ চক্ৰ কেনে ধৰণৰ? উত্তৰ- এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত ঘৰচীয়া গাহৰি আৰু চৰাইক কামোৰাৰ ফলত মহৰ গালৈ এই ভাইৰাছ সংক্ৰমিত হয়। এনে মহে যেতিয়া মানুহ বা আন প্ৰানীক কামোৰে তেতিয়াই ইয়াৰ দ্বাৰা কামোৰা প্ৰাণী সংক্ৰমিত হয়। ঘৰচীয়া গাহৰি আৰু বনৰীয়া চৰাইৰ দেহৰ তেজৰ মাজত এই ভাইৰাছৰ বৃদ্ধি হয়। প্ৰশ্ন- আক্ৰান্ত ব্যক্তিৰ গাৰ পৰা এই ৰোগ ওচৰত থকা এজনলৈ বিয়পিব পাৰেনে? উত্তৰ- নোৱাৰে, জাপানীজ এনকেফেলাইটিছ মানুহৰ স্পৰ্শৰ যোগে সোঁচৰা বেমাৰ নহয়। উদাহৰণস্বৰূপে, আক্ৰান্ত ব্যক্তিক বা ব্যক্তিয়ে স্পৰ্শ কৰিলে চুমা খালে, অথবা এনে ৰোগীক চিকিৎসা কৰি থকা স্বাস্থ্যকৰ্মীৰ জৰিয়তে এই ৰোগ বিয়পিব নোৱাৰে। প্ৰশ্ন- ঘৰচীয়া গাহৰি, বনৰীয়া পক্ষী আৰু মহৰ বাহিৰে আন জন্তু আৰু পতংগৰ দ্বাৰা এই ৰোগ হ’ব পাৰেনেকি? উত্তৰ- নোৱাৰে, কেৱল ঘৰচীয়া গাহৰি আৰু বনৰীয়া পক্ষীয়েহে এই ভাইৰাছ কঢ়িয়ায়। প্ৰশ্ন-এই ৰোগৰ লক্ষণ কি? উত্তৰ- কম পৰিমাণে সংক্ৰমণ হ’লে ৰোগীৰ জ্বৰ আৰু মূৰৰ বিষ হয়। খুউব বেছি সংক্ৰমণ হ’লে অতিপাত জ্বৰ আৰু মূৰৰ বিষ, ডিঙি ঠৰঙা হৈ লৰাব নোৱাৰা হোৱা, অচেতন হোৱা, বিভ্ৰমতা, ক’মা, মাজে মাজে অজ্ঞান হোৱা (বিশেষকৈ শিশুৰ ক্ষেত্ৰত) আৰু পক্ষাঘাতৰ লক্ষণে দেখা দিব পাৰে। প্ৰশ্ন- এই ৰোগৰ বংশবৃদ্ধিৰ সময় কিমান? উত্তৰ- সাধাৰণতে ৫ৰ পৰা ১৫ দিন। প্ৰশ্ন- এই ৰোগ হোৱা লোকৰ মৃত্যুৰ হাৰ কিমান? উত্তৰ- ০.৩ শতাংশৰ পৰা ৬০ শতাংশ। প্ৰশ্ন- ভাৰতত এই ৰোগৰ কিবা ঔষধ পোৱা যায়নে? উত্তৰ- পোৱা যায়। ইনএক্টিভেটেড মাউছ ষ্টেইন- ভেৰিভেট জাপানীজ এনকেফেলাইটিছ ভেকছিন নামৰ এই ঔষধ হিমাচল প্ৰদেশৰ কৌশলীত থকা কেন্দ্ৰীয় গৱেষণা প্ৰতিস্থানত প্ৰস্তুত কৰা হয়। উৎস: আইএনডিজি দল।