ডেংগু কি? ডেংগু এবিধ সোঁচৰা বেমাৰ। ডেংগু সংক্ৰমিত এডিছ ইজিপ্ত নামৰ মহে কামুৰিলে এই ৰোগ সংক্ৰমিত হয়। সংক্ৰমিত মহে কামোৰাৰ ৫-৬ দিনৰ পিছত মানুহৰ শৰীৰত এই ৰোগ হয়। ডেংগু দুই ধৰণৰ হ’ব পাৰে: ডেংগু জ্বৰ আৰু ডেংগু হেম’ৰেজিক জ্বৰ। ডেংগু ফ্লুৰ দৰে এবিধ ৰোগ। ডেংগু হেম’ৰেজিক জ্বৰ এবিধ জটিল ধৰণৰ ৰোগ ইয়াৰ ফলত মানুহৰ মৃত্যুও হ’ব পাৰে। কোনো লোকৰ ডেংগু হ’লে অতি সোনকালে চিকিৎসকৰ লগত পৰামৰ্শ কৰা। ডেংগুৰ লক্ষণ হঠাৎ তীব্ৰ জ্বৰ উঠা। মূৰৰ বিষ। চকুৰ ভিতৰ অংশৰ বিষ। চকু লৰচৰ কৰিলে এই বিষ বেছি হয়। পেশী আৰু বন্ধনীত বিষ। আভোক আৰু অৰুচি হোৱা। বুকু আৰু পিঠিত চকলা-চকল পানীজোলাৰ দৰে দাগ পৰা। বমিভাৱ আৰু বমি। ডেংগু হেম’ৰেজিক জ্বৰৰ লক্ষণ (আভ্যন্তৰীণ ৰক্তক্ষৰণ) ডেংগু জ্বৰৰ দৰে একে লক্ষণ। অতিমাত্ৰাত পেটৰ বিষ, ক্ৰমান্বয়ে বাঢ়ি যায়। ছাল শেঁতা আৰু শীতল পৰি অহা। নাক, মুখ, আলু আৰু ছালৰ ঘাঁ অংশৰে তেজ ওলোৱা। বমি, তেজ বমি হয়। টোপনী আৰু অস্থিৰতা ভাব। তৃষ্ণা বাঢ়ি যায় আৰু অন্ঠ-কন্ঠ শুকাই যায়। স্নায়ু স্পন্দন দূৰ্বল হৈ পৰে। উশাহ লওঁতে কষ্ট হয়। ডেংগুৰ পৰিবাহিত চক্ৰ ভাৰতত ডেংগু আৰু ডেংগু হেম’ৰেজিক জ্বৰৰ অৱস্থিতি ভাৰতৰ বেছি সংখ্যক চহৰ আৰু জনবসতি পূৰ্ণ অঞ্চলত এই ৰোগ দেখা যায়। হাৰিয়ানা, মহাৰাষ্ট্ৰ আৰু কৰ্ণাটকৰ গাওঁ অঞ্চলৰ পৰা এই ৰোগটো বিয়পি পৰিছে। ৰোগ বিয়পাৰ সময় মহে কামোৰাৰ ৬-১২ ঘণ্টাৰ পাছত ব্যক্তি এই ৰোগত আক্ৰান্ত হয়। এই ৰোগ ৩-৫ দিনলৈ থাকে। আক্ৰান্ত ব্যক্তিৰ বয়স আৰু লিংগ সকলো বয়স আৰু লিংগৰ লোক এই ৰোগত আক্ৰান্ত হ’ব পাৰে। এই ৰোগ (ডেংগু হেম’ৰেজিক জ্বৰ)ত আক্ৰান্ত শিশুসকল মৃত্যুৰ সম্ভাৱনা অতি বেছি। ডেংগু জ্বৰ/ডেংগু হেম’ৰেজিক জ্বৰৰ বাহক এডিচ ইজিপ্ত নামৰ এবিধ মহ ডেংগু আৰু ডেংগু হেম’ৰেজিক জ্বৰৰ বাহক। প্ৰায় ৫ মিলি মিটাৰ দীঘল এই কলা ৰঙৰ মহৰ গাঁত বগা আঁচ টনা থাকে। মানুহৰ শৰীৰৰ ভিতৰত এই ভাইৰাছ বিকাশ হয় আৰু ৰোগ সংক্ৰমণ কৰিবলৈ ৭-৮ দিন সময় লাগে। খাদ্যৰ ধৰণ দিনৰ ভাগত কামোৰে। ঘৰত আৰু বাহিৰত মানুহৰ পৰাই খাদ্য সংগ্ৰহ কৰে। মানুহক বাৰে বাৰে কামোৰে। বিশ্ৰামৰ ধৰণ মানুহৰ ঘৰত আৰু বাহিৰত। মানুহৰ ঘৰৰ এন্ধাৰ চুকবোৰত, ওলমাই থোৱা কাপোৰৰ মাজত, ছাঁতি, আঁচবাবৰ তল আদিত জিৰণি লয়। বংশ বৃদ্ধিৰ ধৰণ এডিচ ইজিপ্ত মহে জলাশয় বা অতি কম পানীতো বংশ বৃদ্ধি কৰিব পাৰে। এই মহৰ কণী পানী নোহোৱাকৈ শুকান ঠাইতো এবছৰলৈকে ভালে থাকে। পছন্দৰ বংশ বৃদ্ধিৰ স্থানঃ কুলাৰ, ড্ৰাম, জগ, ফুলদানি, পানীৰ টেংকি, বটল, টিন, টায়াৰ, ঘৰৰ চাঁদ, ফ্ৰীজ, বাঁহৰ টুকুৰা, নাৰিকলৰ খোলা, গছৰ খোৰোং আদি এনেধৰণৰ বৰষুণৰ পানী জমা হোৱা ঠাই। ডেংগু/ডেংগু হেম’ৰেজিক জ্বৰ নিয়ন্ত্ৰণ বিপদৰ আগতেই সাৱধান হোৱা উচিত। ডেংগু/ডেংগু হেম’ৰেজিক জ্বৰ ৰোগৰ কোনো ধৰণৰ চিকিৎসা বা ঔষধ নাই। এডিচ ইজিপ্ত মহৰ নিয়ন্ত্ৰণেই এইৰোগ নিয়ন্ত্ৰণৰ একমাত্ৰ উপায়। প্ৰথম অৱস্থাৰ পৰাই ৰোগ নিৰ্দ্ধাৰণ কৰি উপযুক্ত চিকিৎসা কৰালে মৃত্যুৰ সংখ্যা কমাব পৰা যাব পাৰে। এই মহ নিয়ন্ত্ৰণৰ উপায় ১) ব্যক্তিগত পৰ্য্যায়ত মহ খেদা তৰল পদাৰ্থ, ধূপ, মেট আদি ব্যৱহাৰ কৰিব লাগে। হাত-ভৰি সম্পূৰ্ণকৈ ধাক খাই থকা পোছাক আৰু মোজা পিন্ধিব লাগে। কেঁচুৱা আৰু শিশুসকলক দিনত আঠুৱাৰ তলত শুৱলৈ দিব লাগে যাতে মহে কামোৰিব নোৱাৰে। ২) জৈৱিক নিয়ন্ত্ৰণ কুঁৱা, টেংকি, নলা-নৰ্দমাত লাৰভিভৰাছ মাছ মেলি দিব লাগে। বায়’ছাইড ব্যৱহাৰ কৰিব লাগে। ৩) ৰাসায়নিক নিয়ন্ত্ৰণ যিবোৰ ঠাইত মহে কনী পাৰিব পাৰে, তেনে ঠাইতে লাৰভিচিডেছ ব্যৱহাৰ কৰিব লাগে। দিনৰ ভাগত মহ মৰা তেল ছতিয়াব লাগে। ৪) প্ৰাকৃতিক ব্যৱস্থা আৰু মহৰ উৎস কমোৱা পদ্ধতি মহৰ উৎপত্তি স্থান বিচাৰি সেইবোৰ নষ্ট কৰিব লাগে। ঘৰৰ চাঁদ পৰিষ্কাৰকৈ ৰাখিব লাগে। জমাহৈ থকা পানীৰ ওপৰত ভালদৰে ঢাঁকনি দিব লাগে। বিশ্বাসযোগ্য পৰিষ্কাৰ পানীৰ ব্যৱহাৰ কৰা। সপ্তাহত এবাৰকৈ পানী থোৱা যতন, টেংকি আদি শুকুৱাই পৰিষ্কাৰ কৰি পেলাব লাগে। ৫) স্বাস্থ্য শিক্ষা দূৰদৰ্শন, ৰেডিঅ’, চিনেমাহ’লত শ্লাইড আদি মাধ্যমৰ যোগেৰে এই ৰোগ সম্পৰ্কে ৰাইজৰ মাজত সচেতনতা সৃষ্টি কৰিব লাগে। ৬) ৰাজহুৱা ব্যৱস্থা প্ৰত্যেক ঠাইত স্থানীয়ভাৱে ৰাইজ লগ হৈ মহৰ উৎপত্তি স্থান বিচাৰি উলিয়াই সেইবোৰ নষ্ট কৰাৰ ব্যৱস্থা ল’ব লাগে। ডেংগু জ্বৰৰ ব্যৱস্থাপনা ডেংগু জ্বৰ হোৱা বুলি সন্দেহ হ’লে লগে লগে তথ্য আৰু চিকিৎসা কৰাব লাগে। ডেংগু জ্বৰৰ লক্ষণবোৰৰ সহায়ক আৰু ব্যৱস্থাপনা। ডেংগু জ্বৰ হ’লে তলৰ চিকিৎসাবোৰ কৰাৰ প্ৰয়োজন। ক্ষতি হোৱা প্লাজমা প্ৰতিস্থাপন কৰা। ইলেট্ৰ’লাইট আৰু মেটাবলিক ভাৰসাম্যহীনতা আঁতৰোৱা। তেজ সলনি কৰা। কৰিব আৰু নকৰিব লগা সপ্তাহত কমেও এবাৰ কুলাৰ বা তেনে সামগ্ৰীৰ পানী সলনি কৰিব লাগে। দিনৰ ভাগত মহ খেদা তেল ব্যৱহাৰ কৰিব লাগে। হাত ভৰি ওলাই থকা পোচাক পিন্ধিব নালাগে। কেঁচুৱাক হাত ভৰি ওলাই থকা পোচাক পিন্ধাব নালাগে আৰু শিশুসকলক চুটি কাপোৰ পিন্ধি খেলিবলৈ যাব দিব নালাগে। ৰাতি আৰু দিনত শোওঁতে আঠুৱা ব্যৱহাৰ কৰিব লাগে, মহ খেদা দ্ৰব্য ব্যৱহাৰ কৰিব লাগে। গৱেষণাগাৰত পৰীক্ষা চিকিৎসকে গাঁৰ উত্তাপ চাব আৰু টউৰ’নিকিউট পৰীক্ষা কৰিব পেটেছিয়া আছে নে নাই সেইটো পৰীক্ষা কৰিব। সন্দেহযুক্ত ৰোগত ৰক্তপাত হ’লে প্ৰেটলেট কমিছে নে নাই চাব লাগে। পেট আৰু বুকুত অলপ হ’লেও পানী জমা হৈছে নেকি চাব লাগে। উত্স: আইএনডিজি দল।