চিকুনগুনিয়া কি? চিকুনগুনিয়া এটা ভয়ংকৰ ৰোগ, কিন্তু মাৰাত্মক নহয়। এবিধ ভাইৰাছৰ পৰা হোৱা এই ৰোগ মহে কামোৰাৰ ফলত বিয়পে। এই ৰোগ কিছু ডেংগুৰ দৰে। কোনবোৰ ৰাজ্য চিকুনগুনিয়াত আক্ৰান্ত? অন্ধ্ৰ প্ৰদেশ, কৰ্ণাটক, মহাৰাষ্ট্ৰ, মধ্য প্ৰদেশ, তামিলনাডু, গুজৰাট, কেৰালা আদি ৰাজ্য কেইখন চিকুনগুনিয়াত আক্ৰান্ত ৰাজ্য। সাম্ভাৱ্য চিকুনগুনিয়াৰ দ্বাৰা আক্ৰান্ত ব্যক্তিৰ ৯।৮।২০০৬ তাৰিখলৈ পোৱা হিচাপ তলত উল্লেখ কৰা হ’ল: ক্ৰমিক নং ৰাজ্য চিকুনগুনিয়াৰদ্বাৰা আক্ৰান্ত বুলি সন্দেহ কৰা লোকৰ সংখ্যা মৃত্যু 1. অন্ধ্ৰ প্ৰদেশ ১১০৬১৮ 0 2. কৰ্ণাটক, ৬৭০৪৩৮ 0 3. মহাৰাষ্ট্ৰ, ২১৬৪৫৫ 0 4. তামিলনাডু, ৪৩৫৮০ 0 5. মধ্য প্ৰদেশ, ৪৪৯৬৬ 0 6. গুজৰাট ২২৯৬৩ 0 7. কেৰালা ১৩ 0 মুঠ ১১০৯০৩৩ আগতে কেতিয়াবা চিকুনগুনিয়াই নিয়ন্ত্ৰণহীন মহামাৰী ৰূপ লৈছে নেকি? ১৯৬৩ (কলিকতা) ১৯৬৫ (পণ্ডিচেৰী, তামিলনাডুৰ চেন্নাই, ৰাজামুণ্ডি, বিশাখাপট্টনম, অন্ধ্ৰ প্ৰদেশৰ কাকিনাড়া, মধ্য প্ৰদেশৰ সাগৰ আৰু মহাৰাষ্ট্ৰৰ নাগপুৰ), ১৯৭৩ (উত্তৰ প্ৰদেশৰ বাৰ্সী)ত এই ৰোগে মহামাৰী ৰূপ ধাৰণ কৰিছিল। ইয়াৰ পিছতো ১৯৮৩ আৰু ২০০০ চনৰ ভিতৰত মহাৰাষ্ট্ৰত এনে ৰোগ হোৱাৰ তথ্য পোৱা গৈছে। চিকুনগুনিয়া কিহৰ সংক্ৰমণৰ পৰা হয়? চিকুনগনিয়া নামৰ ভাইৰাছৰ পৰা এই ৰোগ হয়। এই ভাইৰাছ টগাভিৰিডে বৰ্গৰ আলফাভাইৰাছ শ্ৰেণীৰ। চিকুনগুনিয়া কি দৰে বিয়পে? এডিছ মহৰ কামোৰৰ ফলত এই ৰোগ বিয়পে। চিকুনগুনিয়াৰ ভাইৰাছ মানুহৰ গাতেই থাকে। আক্ৰান্ত মানুহক এনে মহে কামোৰাৰ পিছত ই এই ৰোগটো সুস্থ মানুহৰ দেহলৈ বিয়পায়। আক্ৰান্ত ব্যক্তিয়ে এই ৰোগ বিয়পাব নোৱাৰে। অৰ্থাত্ এই ৰোগ স্পৰ্শজনিত ৰোগ নহয়। এডিছ ইজিপ্ত মহে দিনৰ ভাগত কামোৰে। উত্স: আইএনডিজি দল।