শেহতীয়া এক পৰিস্ংখ্যা মতে সমগ্ৰ বিশ্বত প্ৰতি বছৰে প্ৰায় ৫০০ নিযুত পৰ্যন্ত লোক মেলেৰিয়া ৰোগত আক্ৰান্ত হয় আৰু ইয়াৰে প্ৰায় ১ নিযুত লোকে মৃত্যুক সাৱটি লয়। আমাৰ অসমতো মেলেৰীয়া ৰোগে প্ৰতিবছৰে বিশেষকৈ গ্ৰীস্মকালছোৱাত বৰ ভয়াবহ ৰুপ ধাৰণ কৰি অনেক লোকৰ জীৱন কাঢ়িও নিয়াটো এতিয়া স্বাভাৱিক ঘটনাৰ দৰেই হৈ পৰিছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ এক তথ্য মতে, সমগ্ৰ ভাৰতত প্ৰতিবছৰে মেলেৰিয়াত আক্ৰান্ত ২০ শতাংশ ৰোগীৰ মৃত্যু ঘটে কেৱল অসমতেই। স্বাধীনোত্তৰ কালত যোৱা ষাঠি বছৰত মেলেৰিয়াত আক্ৰান্ত অসমত প্ৰায় অৰ্দ্ধলক্ষ লোকৰ প্ৰাণহানি ঘটিছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা আন এক তথ্য মতে, সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত কেৱল অসমতেই মেলেৰিয়াত আক্ৰান্ত ৰোগী আছে প্ৰায় ৬০ শতাংশ। মেলেৰিয়া হৈছে এবিধ ক্ষুদ্ৰ জীৱণুৰ স্ংক্ৰমণৰ ফলত হোৱা ৰোগ। প্লাজমাডিয়াম ফেলচিপেৰাম, প্লাজম’ডিয়াম ভাইভেক্স, প্লাজম’ডিয়াম মেলেৰি এই চাৰিবিধেই হ’ল মেলেৰিয়াৰ জীৱাণু। ইয়াৰে প্ৰথমবিধেই অৰ্থাৎ প্লাজম’ডিয়াম ফেলচিপেৰামৰ স্ংক্ৰমণ অতি ভয়ানক। অৱশ্যে ভাৰতবৰ্ষত দ্বিতীয়বিধ অৰ্থাত প্লাজম’ডিয়াম ভাইভেক্সৰ স্ংক্ৰমণহে আটাইতকৈ বেছি হয়। কেনেকৈ স্ংক্ৰমণ হয়? এনোফিলিছ নামৰ মাইকী মহে মেলেৰিয়া বিস্তাৰত প্ৰধান ভূমিকা লয়। মেলেৰিয়াত আক্ৰান্ত লোক এজনৰ গাৰ পৰা যেতিয়া এনোফিলিছ প্ৰজাতিৰ মাইকী মহে তেজ শুহি লয় তেতিয়া তেজৰ লগত মেলেৰিয়াৰ জীৱাণুবোৰ মহৰ পাকস্থলীলৈ যায় আৰু তাৰ পিছত মহটোৰ লেলাউতি গ্ৰন্থিত আহি জীৱাণুটোৱে আশ্ৰয় লয়। যেতিয়া এই মহটোৱে অইন এজন সুস্থ মানুহক কামোৰে, তেতিয়া জীৱাণুটোৱে সেইজন সুস্থ মানুহৰ দেহত প্ৰৱেশ কৰি এই ৰোগৰ সৃষ্টি কৰে। অৱশ্যে মহে কামোৰাৰ পৰা মেলেৰিয়াৰ লক্ষণসমূহ প্ৰকাশ পোৱালৈ দহদিনমান সময় লাগে। মেলেৰিয়া ৰোগৰ প্ৰধান লক্ষণসমূহ মেলেৰিয়া ৰোগৰ প্ৰধান লক্ষণসমূহ হ’ল-অতিপাত ঠাণ্ডা লাগি কঁপি কঁপি জ্বৰ উঠা, তীব্ৰ মূৰ কামোৰণি, গাৰ বিষ, চকু-মুখ ৰঙা পৰা, পিয়াহ লগা, খোৱা-বোৱাত অনিচ্ছা, বমি বমি ভাব হোৱা, পেটৰ বিষ, ৰক্তহীনতা, প্লিহা বৃদ্ধি, জিভাত ময়লা জমা হোৱা, নাড়ীৰ গতিবেগ দ্ৰুত হোৱা আদি। মেলেৰিয়া জ্বৰৰ তিনিটা স্তৰ দেখা যায়। এই স্তৰকেইটা হৈছে শীতল অৱস্থা, উষ্ণ অৱস্থা আৰু ঘৰ্মাক্ত অৱস্থা। প্ৰথম স্তৰত অৰ্থাৎ শীতল অৱস্থাত ৰোগীৰ গোটেই গাটোত অতিপাত ঠাণ্ডা লাগি কপি কঁপি জ্বৰ উঠে আৰু তীব্ৰ মূৰ কমোৰণি হয়। এনে অৱস্থাত ৰোগীয়ে গাত গৰম কাপোৰ ল’বলৈ বিচাৰে। এই অৱস্থাটো আধা ঘণ্টাৰ পৰা এঘণ্টা পৰ্যন্ত থাকিব পাৰে। কেতিয়াবা কেতিয়াবা আকৌ ৰোগীৰ দাঁতে দাঁতে লগা অৱস্থাও হয়। দ্বিতীয় স্তৰত অতিপাত গৰম লাগি জ্বৰ ক্ৰমান্বয়ে বাঢ়ি গৈ ১০৫০ বা ১০৬০ ফাৰেণহাইট (৪১-৪২ ডিগ্ৰী চেলচিয়াচ) পৰ্যন্ত পায়গৈ। ৰোগীয়ে গাৰ কপোৰ আঁতৰাই দিব বিচাৰে। তীব্ৰ মূৰ কামোৰণিত ৰোগীয়ে তাল-ফাল লগায়, গাৰ পোৰণি অনুভৱ হয় আৰু বমি হোৱাৰ লগতে ৰোগীয়ে ভ্ৰম বকাও দেখা যায়। এই জ্বৰে কেতিয়াবা মগজু পৰ্যন্ত আক্ৰমণ কৰে। ফলত চেৰিব্ৰেল মেলেৰিয়া (মগজু জ্বৰ) হোৱাৰ আংশকা থাকে। জ্বৰে ভয়াবহ ৰুপ লোৱাৰ আগতে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা উচিত। তৃতীয় পৰ্যায়ত অৰ্থাৎ ঘৰ্মাক্ত অৱস্থাত আকৌ ৰোগীজন প্ৰথমতে বৰকৈ ঘামিবলৈ ধৰে আৰু জ্বৰ লাহে লাহে কমিবলৈ ধৰে, ৰোগীয়ে আৰাম পায় আৰু টোপনি আহে। অৱশ্যে পিছৰ দিনা ভালে থাকিলেও দেহত মেলেৰিয়াৰ জীৱাণু থকাৰ বাবে পুনৰ জ্বৰ হ’ব পাৰে। মেলেৰিয়া হ’লে কি কৰিব? মেলেৰিয়াৰ লক্ষণসমূহ দেখা দিয়াৰ লগে লগে তেজ পৰীক্ষা কৰি তৎকালীন চিকিত্সাৰ ব্যৱস্থা কৰা উচিত। ছাল কুঁৱৰী পাতৰ বীজৰ ১০ চামুচ ৰসত এচামুচ মৌ মিহলাই দিনে এবাৰকৈ একেৰাহে এসপ্তাহমান খালেই এই ৰোগ ভাল হয়। অমৰ লতাৰ ৰস উলিয়াই ১০ চামুচ ৰসত এচামুচ মৌ মিহলাই দিনে এবাৰকৈ একেৰাহে এসপ্তাহমান খালেই এই ৰোগ ভাল হয়। অমৰ লতাৰ ৰস উলিয়াই ১০ চামুচত এচামুচ তুলসীৰ ৰস মিহলাই দুসপ্তাহমান খালেই মেলেৰিয়া ৰোগ ভাল হয়। চিনকোনা গছৰ বাকলিৰ ৰস দৈনিক ২৫ গ্ৰামকৈ খালেও শীঘ্ৰে সুফল পাব পাৰি। চিৰতা তিতা বা মহানিমৰ পাতৰ ৰস ৫০ গ্ৰামকৈ দৈনিক খাব পাৰিলে মেলেৰিয়াত আৰাম পোৱা যায়। ই মেলেৰিয়াৰ উত্তম প্ৰতিষেধকো। দৈনিক ৰাতিপুৱা এচামুচকৈ তুলসী পাতৰ ৰস খালে মেলেৰিয়া ৰোগ নিৰ্মূল হয়। আন কিছুমান ফলপ্ৰসূ প্ৰতিৰোধী ব্যৱস্থা মহেই যিহেতু মেলেৰিয়া ৰোগৰ বাহক, সেয়ে মহবোৰ ধ্বংস কৰাৰ ব্যৱস্থা কৰিব লাগে। ঘৰৰ চৌপাশৰ জাবৰৰ দ’ম, অপৰিস্কাৰ পানীৰ নলা-নৰ্দমা, পুৰণি টায়াৰ, টিন, ৰাজহুৱা প্ৰস্ৰাৱগাৰ আদিত যাতে মহৰ বংশ বৃদ্ধি হ’ব নোৱাৰে তাৰ বাবে ডি ডি টি বা অন্যান্য কীটনাশক দৰৱ ছটিয়াব লাগে। নহৰুৰ ৰস সমপৰিমাণৰ পানীত মিহলাই ছটিয়ালেও মহৰ কণী ধ্বংস হয়। মহানিমৰ পাতৰ ৰস আধা ভাগ পানীত মিহলাই ছটিয়ালেও সুফল পাব। ঘৰৰ চৌপাশে অৰ্থাৎ বাহিৰ-ভিতৰে নিতৌ শালধূনা বা মহানিম, পচতীয়া বা তুলসী, চিত্ৰনলা, মহানিম আদি গছ থাকিলেও মহৰ উৎপাত কমে। সপ্তাহত কমেও এদিনকৈ শোকোতা (শুকান মৰাপাট) খালে মেলেৰীয়া প্ৰতিৰোধ হয়। শোকতাই ৰক্তও পৰিস্কাৰ কৰে। ৰাতিপুৱা পাতল আহাৰ গ্ৰহণ কৰাৰ পাছত নিতৌ তুলসী, মহানিম আদিৰ পাত ৮-১০ খন চোবাই খাব পৰিলে মেলেৰিয়া হ’ব নোৱাৰে। ৰাতি চিৰতা তিয়াই থৈ পুৱা এগিলাচকৈ খাব পাৰিলে মেলেৰিয়াত প্ৰতিষেধকৰ কম কৰে। কালমেঘৰ ৰস দুচামুচকৈ বা শেৱালি ফুলৰ ৰস ৩-৪ চামুচমানকৈ সপ্তাহত দুই/তিনি বাৰ খালে মেলেৰিয়া হ’ব নোৱাৰে। ৰাতি সদায় আঁঠুৱা তৰিহে শুব লাগে। খালী গাৰে (বিশেষকৈ সন্ধিয়া পৰত)থকা উচিত নহয়। মেলেৰীয়া ৰোগীৰ খাদ্য মেলেৰীয়াত আক্ৰান্ত ৰোগীৰ একেবাৰে ভোক নাইকীয়া হয় বাবে জোৰকৈ খাদ্য খাবলৈ দিব নালাগে। শাক-পাচলিৰ চুপ, ফল-মূল, পানী, গাখীৰ, জুলীয়া আহাৰ আদি দিব লাগে। জ্বৰ এৰাৰ পাছত ৰোগীৰ ৰুচি অনুযায়ী ভাত, ৰুটি আদি গোটা আহাৰ অলপ অলপকৈ পাৰিলে সঘনাই খুৱাব লাগে। ৰোগীৰ সুপথ্য/অপথ্য চিৰতা পাতৰ ৰস, বাহক, তুলসী পাতৰ ৰস, কালমেঘৰ শিপাৰ ৰস, শোকতা, চিনকোনা গছৰ বাকলিৰ ৰসকে আদি কৰি সকলো তিতা দ্ৰব্য সুপথ্য। বিশেষকৈ মহানিমৰ পাত অতি উপকাৰী। আম, আপেল, কল, তৰমুজ, বেদনা, আঙুৰ, সুমথিৰা, কিচমিচ, আমলখি, ৰবাব টেঙা, মৌচুমী আদি ফল উপকাৰী। আনহতে পিয়াজ, নহৰু, কণী, মাংস, তেলাল মাছ আদি সহজে হজম নোহোৱা দ্ৰব্য, মছলাযুক্ত খাদ্য, মিঠা বস্তু অপথ্য। মাদকদ্ৰব্য ধূমপান সমুলি বৰ্জনীয়। প্ৰসাদ দাস, স্বাস্থ্য আৰু দীৰ্ঘ জীৱন