সবল জাতি গঠনত সুস্থ, স্বাস্থ্যৱান লোকেহে অৰিহণা যোগাব পাৰে। তাৰ বাবে ৰোগৰ কাৰণ, নিৰাময়ৰ ব্যৱস্থা আদিৰ বিষয়ে, পুষ্টি আৰু সুষম আহাৰৰ বিষয়ে প্ৰতি নাগৰিকেই জানিব লাগিব। আমাৰ শৰীৰৰ নিয়মীয়া কাম-কাজ কেতিয়াবা ব্যাহত হৈ পৰে। গোটেই শৰীৰটো অৱশ হৈ পৰে। কেতিয়াবা কোনো বিশেষ অংগৰ কাম-কাজ অনিয়মীয়া হৈ পৰে। শৰীৰৰ এনে অৱস্থাকে ৰোগ বোলে। ৰোগ দুই প্ৰকাৰৰ। যেনে- সংক্ৰামক বা সোঁচৰা ৰোগ আৰু অসংক্ৰামক বা অসোঁচৰা ৰোগ। সংক্ৰামক বা সোঁচৰা ৰোগ সংক্ৰামক ৰোগৰ বীজাণু বা অণুজীৱ মানুহৰ শৰীৰত প্ৰৱেশ কৰিলে ৰোগৰ সৃষ্টি হয়। এনে ৰোগৰ বীজাণু এজনৰপৰা আনজনলৈ যায়। ৰোগীক চোৱা-চিতা কৰিলে আনৰ গালৈ বীজাণু যাব পাৰে অথবা বীজাণু থকা কাপোৰ-কানি, বাচন-বৰ্তন, বিচনা-পত্ৰৰপৰা আনৰ গালৈ বীজাণু যায়। কিছুমান সোঁচৰা ৰোগ পোনে পোনে এজনৰ শৰীৰৰপৰা আন এজনৰ শৰীৰলৈ যাব নোৱাৰে। ইয়াৰ বাবে বাহকৰ প্ৰয়োজন হয়। মেলেৰিয়া এজনৰপৰা আন এজনৰ শৰীৰলৈ এন’ফিলিছ মহৰ জৰিয়তেহে যাব পাৰে। আন কিছুমান সংক্ৰামক ৰোগৰ বীজাণু বায়ু, পানী বা খাদ্যৰ জৰিয়তে বিয়পিব পাৰে। কিছুমান সোঁচৰা ৰোগ আৰু ইয়াৰ বীজাণুৰ নাম তলৰ তালিকাত দিয়া হ’ল: সোঁচৰা ৰোগ আৰু বীজাণু (১) ভাইৰাছৰ পৰা হোৱা ৰোগ ৰোগৰ নাম বীজাণুৰ নাম ৰোগ বিস্তাৰৰ মাধ্যম (ক) বসন্ত (মাজু আই) ভেৰিছে’লা-জ’ষ্টাৰ ভাইৰাছ প্ৰতিপাল বা চোৱা-চিতা কৰিলে এজনৰপৰা আনজনৰ গালৈ যায়। ৰোগীৰ কাপোৰ-কানি, বিচনা-পত্ৰ আৰু বাচন-বৰ্তন চুলেও যায়। (খ) লুটি আই মিক্স‘ভাইৰাছ প্ৰতিপাল বা চোৱা-চিতা কৰিলে এজনৰপৰা আনজনৰ গালৈ যায়। ৰোগীৰ কাপোৰ-কানি, বিচনা-পত্ৰ আৰু বাচন-বৰ্তন চুলেও যায়। (গ) পলিঅ’মায়েলিটিছ এণ্টেৰ’ভাইৰাছ ভাইৰাছযুক্ত খাদ্য, পানী আদি শৌচৰ লগত বিস্তাৰিত হয়। (ঘ) জলাতংক ৰেবিজ ভাইৰাছ বলিয়া কুকুৰ, শিয়াল আদি জন্তুয়ে কামুৰিলে এই ৰোগ হয়। (২) বেক্টেৰিয়াৰপৰা হোৱা ৰোগ ৰোগৰ নাম বীজাণুৰ নাম ৰোগ বিস্তাৰৰ মাধ্যম (ক) কলেৰা ভিব্ৰিও ক’লেৰি বীজাণুযুক্ত খাদ্য আৰু পানী। মাখি এই ৰোগৰ প্ৰধান বাহক। (খ) কুষ্ঠ মাইক’বেক্টেৰিয়াম লেপ্ৰি ৰোগীক চোৱা-চিতা কৰিলে বা কাপোৰ-কানি ব্যৱহাৰ কৰিলে আনৰ গালৈ যায়। (গ) যক্ষ্মা মাইক’বেক্টেৰিয়াম টিউবাৰকুল’ছিছ বায়ুৰদ্বাৰা বিস্তাৰিত হয়। ৰোগীৰ সংস্পৰ্শলৈ আহিলে ৰোগ হয়। (ঘ) ডিফথেৰিয়া ক’ৰাইনে’বেক্টেৰিয়াম ডিফথে’ৰি বায়ুৰদ্বাৰা বিস্তাৰিত হয়। ৰোগীৰ সংস্পৰ্শলৈ আহিলে হ’ব পাৰে। (ঙ) ধনুষ্টংকাৰ ক্ল’ষ্ট্ৰিডিয়াম টিটেনি কটা-ছিঙা ঘাৰে শৰীৰত সোমায়। (চ) টাইফয়ড ছালম’নেলা টাইফি জীৱাণুযুক্ত খাদ্য, পানী বা গাখীৰৰ লগত দেহত সোমায়। (ছ) মেনিঞ্জাইটিছ নিছেৰিয়া মেনিঞ্জাইটিডিছ বায়ুৰদ্বাৰা বিস্তাৰিত হয়। ৰোগীৰ হাঁচি, কাহৰ জৰিয়তে বীজাণু ওলাই আহে। (জ) প্লেগ পেষ্টিঅ’ৰে’লা পেষ্টিছ ৰোগাক্ৰান্ত নিগনি এন্দুৰৰপৰা তেজ খোৱা মাখিয়ে মানুহৰ শৰীৰলৈ আনে। (৩) পৰজীৱীৰদ্বাৰা হোৱা ৰোগ প্ৰট’জোৱাৰপৰা ৰোগৰ নাম বীজাণুৰ নাম ৰোগ বিস্তাৰৰ মাধ্যম (ক) মেলেৰিয়া প্লাজম’ডিয়াম স্ত্ৰী এন’ফিলিছ মহে এজন ৰোগীক কামুৰি নিৰোগী মানুহৰ তেজ খাওঁতে এই ৰোগ বিয়পে। (খ) এমিবিক গ্ৰহণী এণ্টামিবা হিষ্ট’লাইটিকা পানী, কেঁচা শাক-পাচলি, ফলমূল আদিৰ জৰিয়তে এজন ৰোগীৰ শৌচৰ লগত পুঢীবোৰ আন এজনৰ পেটলৈ যায়। কৃমিৰ পৰা ৰোগৰ নাম বীজাণুৰ নাম ৰোগ বিস্তাৰৰ মাধ্যম (গ) ফাইলেৰিয়া বা গোধা ৰোগ ৱুছে’ৰে’ৰিয়া বেংক্ৰোফ্টি মহৰদ্বাৰা বিস্তৃতি লাভ কৰে। (ঘ) টিনিয়াছিছ বা ফিটাকৃমি টিনিয়া ছ’লিয়াম মানুহৰ শৌচৰপৰা কণী গাহৰিৰ শৰীৰত প্ৰৱেশ কৰে। ভালকৈ নিসিজা গাহৰীৰ মাংস খালে গাহৰিৰ পেটত থকা থলীপোক পুনৰ মানুহৰ পেটত সোমায়। (ঙ) ঘূৰণীয়া কৃমি বা এছকাৰিয়েছিছ এছকাৰিক লুম্ব্ৰিকয়ডছ পানী, কেঁচা শাক-পাচলি, ফলমূলৰ জৰিয়তে কণী মানুহৰ পেটত সোমায়। ভেঁকুৰৰ পৰা হোৱা ৰোগ ৰোগৰ নাম বীজাণুৰ নাম ৰোগ বিস্তাৰৰ মাধ্যম (ক) খৰ মাইক্ৰ’স্পবাম, ট্ৰাইকফাইটন আৰু এপিডাৰ্মোফাইটন। বায়ুৰদ্বাৰা বিস্তাৰিত হয়। আক্ৰান্ত লোক, জীৱ-জন্তুৰ সংস্পৰ্শত আহিলেও হয়। সংক্ৰামক ৰোগ ৰোগ কিদৰে বিয়পে, প্ৰত্যেক ৰোগৰে বাহক, ৰোগৰ লক্ষণ, প্ৰতিষেধ আৰু নিৰাময়ৰ ব্যৱস্থা সংক্ৰামক ৰোগ কিছুমান ওপৰৰ তালিকাত দেখুওৱা হৈছে। ৰোগৰ উত্পত্তি হয় বীজাণুৰপৰা। এই বীজাণু বহু প্ৰকাৰৰ আছে। বীজাণুবোৰ ভাইৰাছ, বেক্টেৰিয়া আৰু ভেঁকুৰ শ্ৰেণীৰ। বীজাণু ক্ষুদ্ৰাতিক্ষুদ্ৰ আৰু ইহঁতক খালী চকুৰে দেখা নাযায়। অণুবীক্ষণ যন্ত্ৰৰ সহায়তহে দেখা যায়। কিছুমান পৰজীৱীয়েও মানুহৰ শৰীৰত থাকি মানুহৰ তেজ শোষণ কৰে আৰু ৰোগৰ সৃষ্টি কৰে। আমাৰ দেশৰ সৰহ সংখ্যক লোকেই শিক্ষাৰ পোহৰৰপৰা বঞ্চিত। ফলত ৰোগ কিদৰে বিয়পে, ৰোগ প্ৰতিষেধৰ ব্যৱস্থা বা নিৰাময়ৰ ব্যৱস্থা সম্পৰ্কে বিশেষ নাজানে। ৰোগ কৰ পৰা কেনেদৰে শৰীৰত প্ৰৱেশ কৰিব পাৰে সেই সম্পৰ্কে বহু লোকৰে জ্ঞানৰ অভাৱ। ভাইৰাছজনিত ৰোগ (১) মাজু আইঃ ই এটা ভাইৰাছজনিত ৰোগ। এই ৰোগত আক্ৰান্ত মানুহক চোৱা-চিতা কৰিলে বা ৰোগীৰ কাপোৰ-কানি চুলে এই ৰোগ হ’ব পাৰে। মজলীয়া ধৰণৰ জ্বৰ হোৱাৰ ২৪ ঘণ্টামানৰ ভিতৰতে আক্ৰান্ত লোকৰ শৰীৰত জ্বলা ফুটি উঠে। জ্বলাৰ সংখ্যাৰ ওপৰতে ৰোগ কম-বেছি হোৱা বা আৰোগ্য হোৱাৰ সময় নিৰ্ভৰ কৰে। এইবোৰ লাহে লাহে ক’লা পৰি যায় আৰু ১৪ দিন মানৰ ভিতৰতে ঘা শুকায়। সাধাৰণতে মাজু আইৰ দাগ নাথাকে। এবাৰ মাজু আই ওলালে শৰীৰৰ এই ৰোগ প্ৰতিৰোধী ক্ষমতা বাঢ়ে। এইৰোগৰ কোনো চিকিত্সা নাই। সাৱধানতা অৱলম্বন কৰি ৰোগ বিয়পাটো ৰোধ কৰিব পাৰি। ৰোগীক আছুতীয়া কোঠাত ৰাখিব লাগে, যথাসম্ভৱ কাপোৰ-কানি উতলা পানীত সিজাব লাগে। ৰোগীৰ কাপোৰ-কানি পৰিষ্কাৰ কৰি ৰাখিব লাগে। গাত জ্বলা ফুটি উঠাৰ দুদিন আগৰপৰা ১৪ দিন পাছলৈ ৰোগীৰ শৰীৰৰপৰা ৰোগ বিয়পিব পাৰে। (২) সৰু আই বা লুটি আইঃ এই ৰোগৰ কাৰণ মিক্স’ভাইৰাছ। ৰোগীক চোৱা-চিতা কৰিলে, ৰোগীৰ কাপোৰ-কানি চুলে বা ৰোগীৰ হাঁচি বা কাহৰ জৰিয়তে এই ৰোগ বিয়পে। সাধাৰণতে শিশুৰ এই ৰোগ হয়। আক্ৰান্ত জনৰ খুব জ্বৰ উঠে, শ্বাসযন্ত্ৰৰ শ্লৈষ্মিক আৱৰণৰ প্ৰদাহ হয়, পোহৰত চকু মেলিব নোৱাৰা হয়, ভোক কমে আৰু বমিৰ ভাব হয়। শৰীৰত ঘামচিৰ দৰে ৰঙা পৰি উঠে। আৰোগ্য হ’বলৈ দহদিনমান সময় লাগে। আজিকালি এই ৰোগৰ প্ৰতিষেধক ছিটা ওলাইছে। ই প্ৰায় তিনি সপ্তাহলৈ নিষ্ক্ৰিয় প্ৰতিৰোধী ক্ষমতা গঢ়ি তোলে। লুটি আই ওলোৱা মাকৰ সন্তানক ছমাহলৈ ছিটাৰ প্ৰয়োজন নাই। স্বাস্থ্যকৰ পৰিৱেশত ৰোগীক ৰাখিব লাগে। ৰোগীক আছুতীয়াকৈ ৰাখিলে এই ৰোগ বিয়পাৰ সম্ভাৱনা কমে। (৩) পলিঅ’মায়েলিটিছঃ এবিধ এণ্টাৰ’ভাইৰাছে এই ৰোগৰ সৃষ্টি কৰে। এই ৰোগৰ বীজাণু থকা আহাৰ আৰু পানীৰ লগত ই শৰীৰত প্ৰৱেশ কৰে। ৰোগীৰ শৌচৰ লগত বীজাণু মাটিলৈ যায়। তাৰপৰা পানী, কেঁচা শাক-পাচলি বা ফলমূলৰ লগত শৰীৰত সোমায়। সাধাৰণতে পলিঅ’মায়েলিটিছৰ বীজাণু আহাৰৰ দ্বাৰেদি শৰীৰত সোমায় আৰু তাতেই বংশ বৃদ্ধি কৰি ৰক্ত প্ৰৱাহত সোমায় আৰু স্নায়ুতন্ত্ৰ পায়গৈ। এই বীজাণুৱে স্নায়ুতন্ত্ৰৰ বিভিন্ন অংশত প্ৰদাহৰ সৃষ্টি কৰে। প্ৰথমতে ৰোগীৰ জ্বৰ হয় আৰু ডাঙিৰ জড়তাৰ বাবে মূৰটো আগলৈ হলাব নোৱাৰা হয়। ডিঙিৰ জড়তা এই ৰোগৰ প্ৰধান লক্ষণ। তাৰ পাছত শৰীৰৰ বিভিন্ন অংগৰ মাংসপেশী অসাৰ হৈ পৰে আৰু অংগঘাত (পেৰালাইছিছ) হয়। দুই-তিনিদিনৰ ভিতৰতে খুব বেছি অংগঘাত দেখা যায়। প্ৰথমতেই অংগঘাত দেখা পালে চিকিত্সা কৰি আৰোগ্য লাভৰ আশা থাকে। আজিকালি পলিঅ’মায়েলিটিছ ৰোগৰ ছিটা ওলাইছে। কেঁচুৱা অৱস্থাতে এই দৰব খুৱাই দিয়া হয়। কেইবছৰমান পাছত আকৌ এটা শক্তিশালী ড’জ (বুষ্টাৰ ড’জ) খুৱালে ৰোগ প্ৰতিৰোধী ক্ষমতা গঢ়ি উঠে। তলৰ তালিকাত ছিটা দিয়া সময় আৰু ড’জ আদি দিয়া হৈছে। ছিটা দিয়া সময়সূচী (ভাৰত চৰকাৰৰ অনুমোদিত সময় আৰু মাত্ৰা)- বয়স ছিটা কিমান মাত্ৰাৰ প্ৰয়োজন কি ৰোগৰ বিৰুদ্ধে দিয়া হয় ১ম মাহ বি চি জি ১ যক্ষ্মা ১ম মাহ বৰ আই ১ম আৰু পাছত বছৰত এবাৰকৈ বৰ আই ৩য় মাহ (পাছৰ দুটা মাত্ৰা ৪-৬ সপ্তাহৰ মূৰে মূৰে ডি পি টি (ট্ৰিপল্ ভেকছিন) ৩ ডিফথেৰিয়া + হুপিং কাহ + ধনুষ্টংকাৰ ৩য় মাহ (পাছৰ দুটা মাত্ৰা ৪-৬ সপ্তাহৰ মূৰে মূৰে) পলিঅ’ ৩ পলিঅ’মায়েলিটিছ ৯-১২ মাহ লুটি আই ১ লুটি আই ২ বছৰ (১ মাহ পাছত পলিঅ’) ডি পি টি ১ (বুষ্টাৰ) ডিফথেৰিয়া, হুপিং কাহ, ধনুষ্টংকাৰ ৫ম বছৰ ডি টি (ডাবল্ ভেকছিন) ১ (বুষ্টাৰ) ডিফথেৰিয়া, ধনুষ্টংকাৰ ১০ বছৰ ডি টি (ডাবল্ ভেকছিন) ১ (বুষ্টাৰ) ডিফথেৰিয়া, ধনুষ্টংকাৰ গৰ্ভৱতী মহিলা (১৬-৩৬ সপ্তাহ) টিটি (টিটেনাছ টক্সয়ড) ১ (বুষ্টাৰ) ধনুষ্টংকাৰ (মাক আৰু শিশুক ৰক্ষা কৰিবলৈ) বৰ আই পৃথিৱীৰপৰা নিৰ্মূল কৰা বুলি দাবী কৰা হৈছে। স্বাস্থ্য কেন্দ্ৰৰ চিকিত্সকৰ পৰামৰ্শ মতেহে ছিটা দিব লাগে। বুষ্টাৰ ড’জ- প্ৰাথমিক ছিটাৰদ্বাৰা সৃষ্ট অসংক্ৰাম্যতা আৰু বঢ়াবলৈ দিয়া পৰৱৰ্তী মাত্ৰাক ‘বুষ্টাৰ ড’জ’ বোলা হয়। (৪) জলাতংকঃ বলিয়া কুকুৰৰ লালটিত ৰেবিজ ভাইৰাছ থাকে। বলিয়া কুকুৰে কামোৰাৰ দহ দিনৰপৰা কেইবা মাহৰ ভিতৰত এই ৰোগৰ লক্ষণ দেখা যায়। ৰোগীৰ খুব বেছি জ্বৰ উঠে, মূৰ কামোৰে আৰু সময়ে সময়ে উত্তেজিত হৈ উঠে আৰু বিমৰ্ষ হৈ পৰে। খাদ্য গিলিব নোৱাৰা হয় আনকি পানী খালেও কষ্ট হয়। মাংসপেশী টানি ধৰে, বুকু আৰু ডিঙিৰ মাংসপেশী বেছিকৈ টানি ধৰে। পানী দেখিলে উচপ খাই উঠে। শেষত শৰীৰ অসাৰ হৈ আহে আৰু বৰ কষ্টকৰ মৃত্যু হয়। এই ৰোগ নহ’বলৈ পোহনীয়া কুকুৰক বেজী দি ৰোগ প্ৰতিৰোধী কৰি ৰাখিব লাগে। আৰু উদং কৰি বাটে-পথে ঘূৰি ফুৰিবলৈ দিব নালাগে। ভাইৰাছৰপৰা আৰু কেইবিধমান ৰোগ হয়। বৰ আই ভাইৰাছৰপৰা হয়। বিশ্ব স্বাস্থ্য সংস্থাই এই ৰোগ বিশ্বৰপৰা নিৰ্মূল কৰা হৈছে বুলি দাবী কৰিছে। ইনফ্লুৱেঞ্জা, ভাইৰেল হিপাটিটিছ বা জণ্ডিছ, পিঠাখোৱা আৰু এইডছ ভাইৰাছ জনিত ৰোগ। বেক্টেৰিয়াজনিত ৰোগ (১) কলেৰাঃ ভিব্ৰিঅ’ কলেৰি নামৰ বেক্টেৰিয়াৰপৰা কলেৰা হয়। কলেৰা আমাৰ দেশত আগতে মহামাৰীৰূপে দেখা দি হাজাৰ হাজাৰ লোকৰ প্ৰাণ নাশ কৰিছিল। কিন্তু আজিকালি এই ৰোগৰ প্ৰতিষেধক আগতীয়াকৈ লোৱাৰ ব্যৱস্থা থকাত কিছু পৰিমাণে ইয়াক প্ৰতিৰোধ কৰিব পৰা গৈছে। এই ৰোগ পানী আৰু মাখিয়ে বিয়পায়। ৰোগৰ বীজাণুযুক্ত খাদ্য আৰু বিশেষকৈ পানী খালে এই ৰোগ হয়। বীজাণু পেটত সোমোৱাৰ লগে লগে ৰোগৰ লক্ষণ দেখা নাযায়। কেতিয়াবা কেইঘণ্টামানৰ ভিতৰতে আৰু কেতিয়াবা দুই-তিনিদিন পাছতহে ৰোগৰ লক্ষণে দেখা দিয়ে। ৰোগীৰ চাউল ধোৱা পানীৰ দৰে পনীয়া শৌচ হয়, ঘনাই বমি কৰে আৰু খুব কম সময়ৰ ভিতৰতে শৰীৰত পানীৰ অভাৱ ঘটা কাৰণে মাংসপেশী টানি ধৰে, শিৰামূৰি ধৰে। তত্ক্ষাণাত চিকিত্সা ব্যৱস্থা লৈ, অৰেল ৰিহাইড্ৰেছন আৰু ছেলাইনৰ ব্যৱস্থা কৰি ৰোগীক বচাব পৰা যায়। নহ’লে ৰোগী মৃত্যু মুখত পৰে। কলেৰাৰ প্ৰতিষেধক ছিয়া উলিওৱা হৈছে। এই ছিয়া ল’লে শৰীৰত প্ৰতিৰোধী শক্তি গঢ়ি উঠে। তদুপৰি কিছুমান স্বাস্থ্যবিধি মানি চলিলে কলেৰাই বিস্তৃতি লাভ কৰিব নোৱাৰে। যেনেঃ বীজাণুমুক্ত খোৱা পানীৰ ব্যৱস্থা। পানী উতলাই, ব্লিছিং পাউডাৰ আদি দি বীজাণুমুক্ত কৰিব লাগে। ৰোগীৰ মল-মূত্ৰত মাখি পৰিবলৈ দিব নালাগে আৰু বীজাণুমুক্ত কৰি পানীত যাতে মিহলি হ’ব নোৱাৰে তেনে ঠাইত পুতিব লাগে। ৰোগীৰ কাপোৰ-কানিও বীজাণুমুক্ত কৰিব লাগে। (২) যক্ষ্মাঃ এই ৰোগৰ বেক্টেৰিয়াই শৰীৰৰ যি কোনো অংশ আক্ৰমণ কৰি কলাবোৰ ধ্বংস কৰে। প্ৰধানকৈ এই বীজাণুৱে হাঁওফাঁওত আক্ৰমণ কৰে। ৰোগীৰ হাঁচি বা থু-খেকাৰৰ কণিকাত ৰোগৰ বীজাণু থাকে। নিশ্বাসৰ লগত এই কণিকাবোৰ আনৰ দেহত সোমালে এই ৰোগ হয়। বীজাণুযুক্ত গাখীৰ খালেও এই ৰোগ হ’ব পাৰে। আক্ৰান্ত হ’লে ৰোগৰ লক্ষণ কেইসপ্তাহমান পাছত অথবা কেইবছৰমানৰ পাছতহে প্ৰকাশ পাব পাৰে। শ্বাসতন্ত্ৰ আক্ৰান্ত হ’লে সামান্য জ্বৰ উঠে, খুব শুকান কাহ হয় আৰু খেকাৰৰ লগত তেজ পৰে। ৰোগীৰ বুকুৰ বিষ হয় আৰু শীঘ্ৰে শৰীৰৰ ওজন কমে। বি চি জি বেজী দিলে শৰীৰত যথেষ্চ পৰিমাণে ৰোগ প্ৰতিৰোধী শক্তি গঢ়ি উঠে। আধুনিক চিকিত্সা পদ্ধতিত ছটা কথাত গুৰুত্ব দিয়ে। যেনেঃ জিৰণি, আহাৰ, দৰৱ, অস্ত্ৰোপচাৰ, পুনৰ্বাসন আৰু স্বাস্থ্য শিক্ষা। ৰোগীক আছুতীয়াকৈ ৰখা, ৰোগ নিৰাময়ৰ পাছত মানসিক আনন্দত ৰখা আদিও অতি দৰকাৰী কথা। (৩) কুষ্ঠঃ ৰোগীৰ সংস্পৰ্শলৈ আহিলে বা কাপোৰ-কানি ব্যৱহাৰ কৰিলে এই ৰোগ হ’ব পাৰে। বহুদিন ৰোগীৰ সংস্পৰ্শত থাকিলেহে আন লোক আক্ৰান্ত হ’ব পাৰে। এই ৰোগ হ’লে ছালত পাতল ৰঙৰ দাগ দেখা যায় আৰু স্পৰ্শ অনুভূতি নোহোৱা হয়। ফলত অ’ত ত’ত আঘাত পাই অংগ প্ৰত্যংগত ঘা লাগে। ভৰি আৰু হাতৰ আঙুলি বিকৃত হয় আৰু খহি যাবও পাৰে। এই ৰোগ চিকিত্সাৰ ব্যৱস্থা আছে। প্ৰাথমিক লক্ষণ দেখা পোৱাৰ লগে লগে চিকিত্সা কৰিলে সম্পূৰ্ণ আৰোগ্য হ’ব পাৰে। পাঁচ-দহ বছৰলৈ দৰৱ ব্যৱহাৰ কৰিলে ৰোগ আৰোগ্য হয়। ৰোগীক আছুতীয়াকৈ ৰখাটো খুব দৰকাৰী। তদুপৰি ৰোগ নিৰাময়ৰ পাছতো সমাজত গ্ৰহণযোগ্য কৰাৰ চেষ্টা কৰিব লাগে। (৪) ডিফথেৰিয়াঃ এই ৰোগত ডিঙিৰপৰা এবিধ আঠা জাতীয় পদাৰ্থ ওলাই এখন ডাঠ আৱৰণৰ সৃষ্টি কৰে। এই ৰোগৰ বীজাণুৱে আক্ৰমণ কৰাৰ দুই দিনৰপৰা পাঁচদিনৰ ভিতৰতে লক্ষণবোৰ দেখা দিয়ে। প্ৰথমে মৃদু জ্বৰ উঠে, মাত ভাঙে আৰু শৰীৰৰ অৱসাদ ভাব আহে। কিন্তু লক্ষণবোৰ তীব্ৰ হৈ আহে আৰু বহু জটিলতাই দেখা দিয়ে। আৱৰণখন গঠন হোৱা বাবে উশাহ-নিশাহত কষ্ট হয়, ডিঙি ফুলে। এনে অৱস্থাত তত্ক্ষাণাত্ অস্ত্ৰোপচাৰৰ আৱশ্যক হয়। সাধাৰণতে শিশুৰ এই ৰোগ হয়, কিন্তু বয়স্ক লোকো আক্ৰান্ত হ’ব পাৰে। ৰোগৰ লক্ষণ দেখাৰ লগে লগে ডিফথেৰিয়াৰ প্ৰতিবিষৰ (এণ্টি-ট’ক্সিন) বেজী দি ৰোগ নিৰাময় কৰিব পাৰি। শিশুক ট্ৰিপল্ এণ্টিজেন (ডিফথেৰিয়া, হুপিং কাহ আৰু ধনুষ্টংকাৰ ৰোগৰ একেলগে দিয়া প্ৰতিষেধক বেজী) দিলে ৰোগ প্ৰতিৰোধী শক্তি গঢ়ি উঠে। (৫) ধনুষ্টংকাৰঃ কটা-ছিঙা ঘাৰে সাধাৰণতে ইয়াৰ বীজাণু শৰীৰত সোমায়। বীজাণু শৰীৰত সোমোৱাৰ তিনি-চাৰি সপ্তাহৰ ভিতৰত ৰোগৰ লক্ষণ প্ৰকাশ পায় আৰু ৰোগে জটিল ৰূপ লয়। এই ৰোগৰ প্ৰধান লক্ষণ হ’ল ডিঙি আৰু কোৱাৰিৰ মাংসপেশী কোঁচ খাই যোৱাটো। ৰোগীৰ দুয়োপাৰি দাঁত লগ লাগি যায়। বক্ষীয় মাংসপেশী সংকুচিত হয় আৰু এই সংকোচন বৰ কষ্টকৰ হয়। ৰোগী ধেনুভিৰীয়া হৈ পৰে বাবে এই ৰোগক ধনষ্টংকাৰ বোলে। এই ৰোগ এজনৰ শৰীৰৰপৰা আন এজনৰ শৰীৰলৈ নাযায়। কটা-ছিঙা ঘাৰে বীজাণু সোমালেহে এই ৰোগ হয়। সেয়েহে কটা-ছিঙা ঘা পৰিষ্কাৰ কৰি ৰখাৰ উপৰিও ধনুষ্টংকাৰ প্ৰতিৰোধী বেজী (এণ্টি টিটেনাচ টক্সয়ড ইঞ্জেকছন) ল’ব লাগে। শিশুক ট্ৰিপল্ এণ্টিজেন দিয়াৰ উপৰিও প্ৰতি তিনি বা পাঁচ মাহৰ মূৰে মূৰে উক্ত বেজী দিব লাগে। (৬) টাইফয়ডঃ ছালম’নে’লাটাইফি নামৰ বেক্টেৰিয়াৰপৰা টাইফয়ড হয়। ই খাদ্যনলীৰ (ডাইজেষ্টিভ ট্ৰেক্ট) ৰোগ। ৰোগীৰ শৌচৰ লগত ৰোগৰ বীজাণু ওলাই যায়। পানী, আহাৰ আদি এই ৰোগৰ বীজাণুৰে দূষিত হ’লে ৰোগ বিয়পে। শৰীৰত বীজাণু সোমোৱাৰ দুসপ্তাহৰ ভিতৰত ৰোগৰ লক্ষণ দেখা দিয়ে। এই ৰোগত অনবৰত জ্বৰ থাকে, নাড়ীৰ গতি মন্থৰ হয়, পেট ফুলি থাকে, ঘনাই পনীয়া, সেউজীয়া শৌচ হয় আৰু শৰীৰত গোলাপী ৰঙৰ দাগ দেখা যায়। এণ্টিবায়’টিকেৰে এই ৰোগ নিৰাময় কৰিব পৰা হৈছে। টি এ বি বেজী লৈ ৰোগ প্ৰতিৰোধ কৰিব পাৰি। পৰিষ্কাৰ-পৰিচ্ছন্নতা ৰক্ষা কৰা আৰু মল-মূত্ৰৰ বাবে শৌচাগাৰ ব্যৱহাৰ কৰা আদি কামৰ প্ৰতি নজৰ ৰাখিলে এই ৰোগ ৰোধ কৰিব পাৰি। প্ৰট’য’ৱাজনিত ৰোগ (১) মেলেৰিয়াঃ ৰোগীৰ শৰীৰৰপৰা তেজ খোৱা এন’ফিলিছ মাইকী মহৰ লালটিত এই ৰোগৰ বীজাণু থাকে। এনে মহে নিৰোগী মানুহক কামুৰিলে মহৰ লালটিৰ লগত বীজাণু আহি তেজৰ সোঁতত মিহলি হয়। মহে কামোৰাৰ দুসপ্তাহৰ পৰা এমাহৰ ভিতৰত ৰোগৰ লক্ষণ প্ৰকাশ পায়। আক্ৰান্ত লোকৰ হঠাতে কঁপি কঁপি জ্বৰ উঠে।, মূৰ কামোৰে আৰু বমিৰ ভাব হয়। কিছু সময়ৰ পাছত ৰোগী খুব ঘামে আৰু জ্বৰ এৰে। এনেদৰে ৰোগীৰ জ্বৰ উঠি থাকে আৰু এৰি থাকে। আজিকালি কৃত্ৰিম কুইনাইন জাতীয় ঔষধ ব্যৱহাৰ কৰি ৰোগ সম্পূৰ্ণভাৱে নিৰাময় কৰিব পৰা হৈছে। কুইনাইন এই ৰোগৰ মহৌষধ। কিন্তু আজিকালি বৰকৈ পোৱা নাযায়। এই ৰোগৰ প্ৰতিৰোধী ছিটা নাই। মহ নিবাৰণ ব্যৱস্থা গ্ৰহণ কৰি মেলেৰিয়া ৰোগ ৰোধ কৰিব পাৰি। এতিয়া মেলেৰিয়া ৰোগৰ প্ৰকোপ বহু পৰিমাণে কমিছে। (২) এমিবিক গ্ৰহণীঃ এণ্টামিবা হিষ্ট’লাইটিকাৰপৰা এমিবিক গ্ৰহণী হয়। বৃহদান্ত্ৰৰ বেৰ আক্ৰমণ কৰি এই ৰোগৰ সৃষ্টি কৰে। ৰোগীৰ শৌচ অনিয়মীয়া হয়, কেতিয়াবা টান শৌচ আৰু কেতিয়াবা পনীয়া শৌচ হয়। ৰোগীৰ শৌচৰ লগত শাও আৰু তেজ পৰে। যকৃত্ আৰু হাঁওফাঁওত ফোঁহা হ’ব পাৰে। ৰোগীৰ শৌচৰ লগত ওলোৱা পুটীবোৰ পানী, কেঁচা ফলমূল, শাক-পাচলিৰ লগত আনৰ পেটলৈ যায়। ৰোগীৰ শৌচ নিবীজ কৰি অথবা পৰিষ্কাৰ শৌচাগাৰ আদি ব্যৱহাৰ কৰি এই ৰোগ ৰোধ কৰিব পাৰি। ইয়াৰ প্ৰতিষেধক বেজী বা ছিটা নাই। ৰোগীক চিকিত্সা কৰি আৰোগ্য কৰিব পাৰি। খাদ্যবস্তু মাখি, পঁইতাচোৰা বা ধূলি আদি নপৰাকৈ ৰাখিব পাৰিলে আৰু খোৱাপানী নিবীজ কৰিব পাৰিলে ৰোগ বিয়পিব নোৱাৰে। কৃমিজাত ৰোগ (১) গোধা বা ফাইলেৰিয়াঃ এবিধ পৰজীৱী কৃমিৰ আক্ৰমণৰ ফলত এই ৰোগ হয়। এই কৃমিৰদ্বাৰা আক্ৰান্ত অংগ ফুলি অস্বাভাৱিক ৰূপ লয়। মহে এই ৰোগ বিয়পায়। এই কৃমিৰদ্বাৰা আক্ৰান্ত মহে মানুহক কামুৰিলে কৃমি মানুহৰ ছালৰ তলত সোমায় আৰু লসিকাতন্ত্ৰত (লিম্ফেটিক্স) বিয়পি পৰে। লিম্ফনলীবোৰ বাধাগ্ৰস্ত হয়, প্ৰদাহৰ সৃষ্টি হয় আৰু এনে ঠাইত প্ৰ’টিন বেছিকৈ জমা হয়। ইয়াৰ ফলত বাৰে বাৰে আক্ৰান্ত অংগ অস্বাভাৱিকভাৱে বাঢ়ি আহে। ভৰি একোখন ফুলি হাতীৰ ঠেং যেন হয়। সেইবাবে এইৰোগক এলিফেণ্টিয়াছিছ বা গোধা ৰোগ বোলে। মহ নিবাৰণৰ দ্বাৰা এই ৰোগ বিয়পি নোযোৱা কৰিব পাৰি। (২) ফিটা কৃমিঃ এইবিধ পৰজীৱী কৃমি মানুহৰ অন্ত্ৰত থাকে। ইয়াৰ মূৰত মানুহৰ অন্ত্ৰত ধৰি শোষণ কৰিব পৰা চোখক থাকে। দেহৰ বাকী অংশ ফিটাৰ দৰে বহল আৰু এই অংশত ইয়াৰ কণী থাকে। এই অংশ চিগি কণীৰ সৈতে ৰোগীৰ শৌচৰ লগত ওলাই যায়। এনে কণী থকা শৌচ চৰণীয়া গাহৰিয়ে খায় আৰু গাহৰিৰ অন্ত্ৰত সোমায় আৰু অৱশেষত মাংসপেশী পায়। ভালদৰে নিসিজোৱা গাহৰিৰ মাংস খালে ই মানুহৰ অন্ত্ৰত সোমায় আৰু তাত পূৰ্ণাংগ ফিটাকৃমিত পৰিণত হয়। ফিটাকৃমিয়ে মানুহৰ পেটৰ অসুখ কৰে আৰু অন্ত্ৰত ঘা লগায়। ই মানুহৰ শৰীৰৰপৰা এনেদৰে তেজ শুহি খায় যে আক্ৰান্ত ব্যক্তি ৰক্তহীনতাত ভোগে। চিকিত্সকৰ পৰামৰ্শমতে কৃমিনাশক দৰৱ ব্যৱহাৰ কৰি এই কৃমি নাশ কৰিব পৰা যায়। গাহৰিৰ মাংস ভালদৰে সিজাই খাই এই কৃমিৰ আক্ৰমণ ৰোধ কৰিব পাৰি। (৩) ঘূৰণীয়া কৃমিঃ এছকাৰিছ লুম্ব্ৰিকয়ডছ এবিধ পৰজীৱী ঘূৰণীয়া কৃমি। কৃমিৰ কণীবোৰ আক্ৰান্ত ব্যক্তিৰ শৌচৰ লগত ওলাই যায়। বাহিৰত শৌচ কৰিলে কণীবোৰ মাটিৰ লগত মিহলি হয়। কেঁচা শাক-পাচলি, ফলমূল আৰু পানীৰ লগত এই কণীবোৰ পুনৰ মানুহৰ অন্ত্ৰত প্ৰৱেশ কৰে। ঘূৰণীয়া কৃমিৰ বাবে পেটত অসুখ অনুভৱ কৰা যায় আৰু পনীয়া শৌচ হয়। ঘূৰণীয়া কৃমি বেছি থকা শিশুৰ স্বাভাৱিক বৃদ্ধি বাধাগ্ৰস্ত হয়, ৰক্তহীনতাত ভোগে আৰু পেটটো বাঢ়ি আহে। কৃমিনাশক দৰৱ প্ৰয়োগ কৰি ঘূৰণীয়া কৃমি নাশ কৰিব পৰা যায়। পৰিষ্কাৰ-পৰিচ্ছন্নতা ৰক্ষা আৰু পৰিষ্কাৰ খাদ্য গ্ৰহণৰ দ্বাৰা এই ৰোগৰ বিস্তৃতি ৰোধ কৰিব পৰা যায়। ভেঁকুৰজনিত ৰোগ খৰ ভেঁকুৰৰপৰা মানুহৰ ছাল, দাঢ়ি, মূৰ, ভৰি আৰু নখত খৰ হ’ব পাৰে। এইবোৰ ভেঁকুৰ বতাহৰদ্বাৰা অথবা ৰোগীৰ সংস্পৰ্শতো বিয়পিব পাৰে। এই ৰোগত ছাল আক্ৰান্ত হ’লে আক্ৰান্ত ঠাইডোখৰৰ কেন্দ্ৰৰ অঞ্চলটো ভাল হয় আৰু এটা আঙঠিৰ দৰে চাৰিওপিনে বহল হৈ গৈ থাকে। নখত এই ৰোগ হ’লে নখৰ মূৰটো মুগা বৰণৰ হয়, নখটো ডাঠ হয়, স্বাভাৱিক ৰং নোহোৱা হয় মৌ বাহৰ দৰে চকলা-চকল হয়। ছালত খৰ হলে খুব খজুৱতি হয়। আক্ৰান্ত অঞ্চল সদায় পৰিষ্কাৰকৈ ধুব লাগে। চিকিত্সকৰ পৰামৰ্শমতে দৰৱ ব্যৱহাৰ কৰি এই ৰোগ নিৰাময় কৰিব পাৰি। ব্যক্তিগত পৰিষ্কাৰ পৰিচ্ছন্নতা ৰক্ষা কৰিলে এই ৰোগ হ’ব নোৱাৰে। আমাৰ শৰীৰৰ আত্মৰক্ষা ব্যৱস্থা আমাৰ চাৰিওপিনৰ পৰিৱেশ ৰোগৰ বীজাণুৰে ভৰি থাকে। সংক্ৰামক ৰোগ কেনেকৈ বিয়পিব পাৰে তাৰ আভাষ ইতিমধ্যে দিয়া হৈছে। দূষিত পানী, দূষিত আহাৰৰ জৰিয়তেই বেছিভাগ ৰোগ বিয়পে। মাখি, মহ আদিয়েও ৰোগ বিয়পায়। তদুপৰি বহু ৰোগৰ বীজাণু ধূলিৰ লগত মিহলি হৈ বায়ুৰ লগত আমাৰ দেহত সোমায়। দিনে-নিশাই আমি যিমানবোৰ বীজাণুৰ সংস্পৰ্শলৈ আহোঁ সেই অনুপাতে আমাৰ ৰোগ নহয়। ইয়াৰ কাৰণ হ’ল- আমাৰ শৰীৰক ৰক্ষা কৰিব পৰা ব্যৱস্থা আমাৰ শৰীৰতেই আছে। আমাৰ শৰীৰটো বাহিৰৰ পিনে ছালখনে ঢাকি ৰাখে। সেইকাৰণে ৰোগৰ বীজাণু শৰীৰৰ সংস্পৰ্সলৈ আহিলেই ৰোগৰ সৃষ্টি কৰিব নোৱাৰে। ছালত কটা-ছিঙা ঘা আদি থাকিলেহে সেইফালেদি বীজাণু তেজলৈ সোমাব পাৰে আৰু ৰোগ সৃষ্টি কৰিব পাৰে। আনহাতেদি অধিকাংশ বেক্টেৰিয়াজনিত ৰোগ খাদ্য বা পানীৰ লগত পেটলৈ কিম্বা উশাহৰ লগত হাঁওফাঁওলৈ সোমাব পাৰে। এইদৰে আমাৰ শৰীৰলৈ নানা অণুজীৱৰ লগতে ৰোগৰ বীজাণুও প্ৰায়েই সোমাই থাকে। কিন্তু শৰীৰত বীজাণু সোমালেই সাধাৰণতে সি ৰোগ সৃষ্টি কৰিব নোৱাৰে। কাৰণ আমাৰ শৰীৰত নানা প্ৰকাৰৰ ৰোগ প্ৰতিৰোধী ব্যৱস্থা থাকে। অসংক্ৰাম্যতা (ইমিউনিটি) শৰীৰৰ যি অৱস্থাই সংক্ৰামক ৰোগৰ বীজাণুৰ আক্ৰমণৰ পৰা শৰীৰক ৰক্ষা কৰিব পাৰে তাকেই অসংক্ৰাম্যতা বোলে। এই গুৰুত্বপূৰ্ণ প্ৰতিৰক্ষা ব্যৱস্থাই শৰীৰক বহু ৰোগৰ বিৰুদ্ধে যুঁজ দি ৰক্ষা কৰি থাকে। অসংক্ৰাম্যতা জন্মগত হ’ব পাৰে। অথবা স্বাভাৱিকভাৱে কোনো ৰোগৰদ্বাৰা আক্ৰমণৰ পাছত অথবা প্ৰতিষেধক বেজী বা ছিটাৰদ্বাৰা এই অসংক্ৰম্যতা গঢ়ি উঠিব পাৰে। অসংক্ৰম্যতা দুই ধৰণে গঢ়ি উঠিব পাৰেঃ (ক) সক্ৰিয় অসংক্ৰম্যতা (এক্টিভ ইমিউনিটি) আৰু (খ) নিষ্ক্ৰিয় অসংক্ৰম্যতা (পেচিভ্ ইমিউনিটি)। (ক) সক্ৰিয় অসংক্ৰম্যতাঃ সংক্ৰামক ৰোগৰ বীজাণু বা তাৰপৰা নিঃসৃত পদাৰ্থৰ সংস্পৰ্শলৈ আহিলে শৰীৰত সেই বীজাণুৰ বিৰুদ্ধে যি প্ৰতিৰোধী শক্তি গঢ়ি উঠে তাক সক্ৰিয় অসংক্ৰম্যতা বোলে। কোনো সংক্ৰামক ৰোগৰপৰা আৰোগ্য লাভ কৰাৰ পাছত সেই ব্যক্তিৰ শৰীৰত দ্বিতীয়বাৰ সাধাৰণতে সেই একে ৰোগৰ আক্ৰমণ নহয়। বৰ আই (স্মল পক্স) এবাৰ হ’লে জীৱনত আৰু দ্বিতীয়বাৰ হ’ব নোৱাৰে। অৰ্থাত্ এবাৰ ৰোগ হৈ যোৱাৰ ফলত শৰীৰত সেই ৰোগৰ বিৰুদ্ধেহে অসংক্ৰম্যতা গঢ়ি উঠে। কিন্তু আন সংক্ৰামক ৰোগৰ পৰা ৰক্ষা কৰিব নোৱাৰে। এবাৰ এবিধ সংক্ৰামক ৰোগে আক্ৰমণ কৰাৰ পাছত শৰীৰত অসংক্ৰম্যতা গঢ়ি উঠালৈ লক্ষ্য ৰাখি ছিটাৰ উদ্ভাৱন কৰা হৈছে। কোনো বীজাণুৰ আক্ৰমণৰ ক্ষমতা নষ্ট কৰি তাক শৰীৰত সুমুৱাই দিয়া হয়। যেনেঃ জলাতংক, যক্ষ্মা আৰু পলিঅ’মায়েলিটিছৰ ছিটা। জীৱাণু মাৰি (যেনেঃ টাইফয়ড আৰু কলেৰাৰ ছিটা) অথবা জীৱাণু নিঃসৃত বিষক বিষহীন কৰি (যেনেঃ ধনুষ্টংকাৰ আৰু ডিফথে’ৰিয়াৰ ছিটা) ছিটা প্ৰস্তুত কৰা হয়। ছিটা প্ৰয়োগৰদ্বাৰাও কৃত্ৰিমভাৱে শৰীৰক অসংক্ৰাম্য (ইমিউন্) কৰি তোলা হয়। ছিটাৰ উদ্ভাৱন আৰু প্ৰয়োগে সংক্ৰামক ৰোগ নিবাৰণ আৰু প্ৰতিষেধত এক যুগান্তৰ আনিছে। আজিকালি কেঁচুৱা জন্মাৰ প্ৰথম সপ্তাহৰপৰাই ছিটা দিয়া আৰম্ভ কৰা হয় আৰু নিয়মিতভাৱে ছিটা দি বহু মাৰাত্মক ৰোগৰ বিৰুদ্ধে অসংক্ৰাম্য (ইমিউন) কৰি তোলা হয়। (খ) নিষ্ক্ৰিয় অসংক্ৰাম্যতাঃ এইবিধ অসংক্ৰাম্যতা শৰীৰত সক্ৰিয়ভাৱে গঢ়ি নুঠে। আনৰ শৰীৰত বা প্ৰাণীৰ দেহত উত্পন্ন হোৱা এণ্টিবডি অৰ্থাত্ প্ৰতিৰোধকাৰী দ্ৰব্য কোনো লোকৰ শৰীৰত সুমুৱাই দিলেহে অসংক্ৰাম্যতা গঢ়ি উঠে। গতিকে এই ধৰণৰ অসংক্ৰাম্যতাক নিষ্ক্ৰিয় অসংক্ৰাম্যতা বোলে। যেনেঃ মাকৰ গৰ্ভত থকা সময়ত মাতৃদেহৰপৰা এণ্টিবডি শিশুৰ শৰীৰত প্ৰৱেশ কৰে। জন্মৰ পাছতো মাকৰ গাখীৰৰ লগত এণ্টিবডি, ৰক্তকণা আদি শিশুৱে পায়। সেয়ে শিশুক ৰোগৰ আক্ৰমণৰপৰা ৰক্ষা কৰে। মাজু আই, লুটি আই, ডিফথেৰিয়া, ধনুষ্টংকাৰ আৰু পলিঅ’মায়েলিটিছৰ বিৰুদ্ধে শিশুৱে এইদৰে অসংক্ৰাম্যতা লাভ কৰে। এণ্টিছেৰাম (এণ্টিবডি থকা তেজৰ প্লাজমা) প্ৰয়োগ কৰিও অসংক্ৰাম্যতা গঢ়ি তুলিব পাৰি। কোনো বিশেষ ৰোগৰ বিৰুদ্ধে এবিধ এণ্টিছেৰামহে প্ৰস্তুত কৰা হয়। যেনে- ডিফথেৰিয়াৰ বিৰুদ্ধে ডিফথে’ৰিয়া-বিৰোধী ছেৰাম দি শৰীৰত ডিফথে’ৰিয়াৰ আক্ৰমণ ৰোধ কৰিব পাৰি। মানুহৰ শৰীৰৰ এণ্টিবডি প্ৰয়োগৰদ্বাৰাও অসংক্ৰাম্যতা গঢ়ি তুলিব পাৰি। আজিকালি ৰক্তকণা প্ৰতিস্থাপন (ট্ৰেণ্সফাৰ) কৰি ভাইৰাছ, বেক্টেৰিয়া, ভেঁকুৰ আৰু প্ৰটজৱাৰ আক্ৰমণৰ বিৰুদ্ধে শৰীৰক অসংক্ৰাম্য কৰি তুলিব পৰা ব্যৱস্থা ওলাইছে। নিষ্ক্ৰিয় অসংক্ৰাম্যতা সোনকালে গঢ়ি উঠে কিন্তু ই দীৰ্ঘস্থায়ী নহয়। সেইবাবে ইয়াৰ প্ৰয়োগ সীমিত। কোনো সংক্ৰামক ৰোগৰ আক্ৰমণ দেখিলে সক্ৰিয় অসংক্ৰাম্য ব্যৱস্থাহে কামত আহে। অসংক্ৰাম্যতাৰ অভাৱ আৰু এইডছ ৰোগ শৰীৰত অসংক্ৰাম্য অৱস্থা কমি গ’লে নানা প্ৰকাৰৰ বীজাণুৱে আক্ৰমণ কৰিব পাৰে। অপুষ্টি, বিপাকীয় কাৰ্য্যত ঘটা অস্বাভাৱিকতা, এক্স-ৰে ৰশ্মিৰ প্ৰভাৱ, দৰৱৰ বিষক্ৰিয়া আৰু কিছুমান বীজাণুৰ আক্ৰমণৰ ফলত শৰীৰৰ অসংক্ৰাম্যতা লোপ পাব পাৰে। এনেদৰে অসংক্ৰাম্যতা লোপ পোৱাক আৰ্জিত বা লব্ধ অসংক্ৰাম্যতাৰ অভাৱ বোলা হয়। আজিকালি এইবিধ ভাইৰাছৰ বাবে শৰীৰৰ অসংক্ৰাম্যতা লোপ পায়। ইয়াক ইংৰাজীত একুয়াৰ্ড ইম্যুন ডেফিচিয়েঞ্চি ডিজিজ ছিণ্ড্ৰম বা চমুকৈ এইডছ বুলি কোৱা হয়। এই ৰোগ কুৰি শতিকাৰ আটাইতকৈ মাৰাত্মক ৰোগ হিচাপে স্বীকৃত হৈছে। ইয়াৰ কোনো চিকিত্সা ওলোৱা নাই আৰু এই ৰোগ প্ৰতিষেধী ছিটাও ওলোৱা নাই। পুষ্টিৰ প্ৰয়োজনীয়তা শক্তিলাভ আৰু বৰ্ধনৰ উপৰি আৱশ্যকীয় পুষ্টিদ্ৰব্য উপযুক্ত পৰিমাণে পালে শৰীৰত ৰোগ প্ৰতিৰোধী ক্ষমতা গঢ়ি উঠে। অপুষ্টিৰ ফলত বহু ৰোগ হয় আৰু অপুষ্টিৰ (অৰ্থাত্ আৱশ্যকতকৈ বেছি পুষ্টি পালে) কোনো কোনো ৰোগ হয়। বিকাশশীল আৰু দুখীয়া দেশবোৰৰ বাবে অপুষ্টি এক ডাঙৰ সমস্যা। দেশৰ বৃহত্তম জনসংখ্যা দাৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰিবলগীয়া হোৱা বাবে অপুষ্টিজনিত ৰোগ ব্যাপক হাৰত দেখা দিয়ে। তদুপৰি বহু সময়ত সুষম খাদ্য (বেলেঞ্চেড্ ডায়েট) সম্পৰ্কে অজ্ঞতা, ধৰ্মান্ধতা, স্বাস্থ্যবিধি নমনা, নানাবিধ আন্ত্ৰিক ৰোগ বা সংক্ৰামক ৰোগৰ বাৰে বাৰে আক্ৰান্ত হোৱাৰ ফলতো অপুষ্টিয়ে দেখা দিয়ে। আনহাতে কিছুমান দেশত প্ৰয়োজনতকৈ বেছি খাদ্য খোৱা বাবে আৰু শাৰীৰিক শ্ৰম কম পৰিমাণে কৰিবলগীয়া হোৱা বাবে বহু মানুহৰ শৰীৰত চৰ্বী জমা হয় আৰু স্থূলকায় হৈ পৰে। এনে লোক সাধাৰণতে হৃদৰোগত আক্ৰান্ত হয়। ভাৰতীয় মানুহৰ প্ৰয়োজনীয় দৈনিক খাদ্য (কেল’ৰিৰ হিচাপত) আৰু আৱশ্যকীয় প্ৰ’টিনৰ পৰিমাণ বিভাগ চাকৰি, বিভিন্ন অৱস্থা আৰু বয়স কেল’ৰি প্ৰ’টিনৰ পৰিমাণ (গ্ৰাম) পূৰ্ণবয়স্ক পুৰুষ (ক) লিখা-পঢ়া কাম বহা কাম (খ) মধ্যমীয়া কাম (গ) বহু পৰিশ্ৰমৰ কাম ২৪০০ ২৮০০ ৩৯০০ ৫৫ ৫৫ ৫৫ পূৰ্ণবয়স্ক মহিলা (ক) লিখা-পঢ়াৰ কাম (খ) মধ্যমীয়া কাম (গ) বহু পৰিশ্ৰমৰ কাম (ঘ)গৰ্ভৱতী অৱস্থা (দ্বিতীয়াৰ্দ্ধ) কাম অনুসৰি ক,খ,গ-ৰ আৱশ্যকীয় কেল’ৰি (ঙ) গাখীৰ খুওৱা মাতৃ- ক,খ,গ-ৰ আৱশ্যকীয় কেল’ৰি ১৯০০ ২২০০ ৩০০০ +৩০০ +৭০০ প্ৰতি কিল’গ্ৰাম শৰীৰৰ ওজনত ৪৫ ৪৫ ৪৫ ৪৫+১০ প্ৰতি কিল’গ্ৰাম শৰীৰৰ ওজনত শিশু (ক) ০-৬ মাহ (খ) ৭-১২ মাহ (গ) ১-৩ বছৰ (ঘ) ৪-৬ বছৰ (ঙ) ৭-৯ বছৰ (চ) ১০-১২ বছৰ ১০০ ১২০ ১২০০ ১৫০০ ১৮০০ ২১০০ ১.৮-২.৩ ১.৮-১৫ ২০ ২২ ৩৩ ৪১ যুৱক-যুৱতী (ক) ১৩-১৫ বছৰ যুৱক যুৱতী (খ) ১৬-১৮ বছৰ যুৱক যুৱতী ২৫০০ ২২০০ ৩০০০ ২২০০ ৫৫ ৫০ ৬০ ৫০ খাদ্যত থকা কাৰ্ব’হাইড্ৰেটৰ পৰিমাণ খাদ্য শতকৰা হিচাপত কাৰ্ব’হাইড্ৰেট (প্ৰতি ১০০ গ্ৰামত কাৰ্ব’হাইড্ৰেটৰ পৰিমাণ প্ৰতি ১০০ গ্ৰামৰ পৰা লাভ কেল’ৰি চেনি (শৰ্কৰা) ৯৯.৪ ৩৯৮ চাউল (ঢেকীত বনা) ৭৮.২ ৩৪৮ আটা ৬৯.৪ ৩৪৬ দাইল (মগু) ৬৯.৪ ৩৬১ মচুৰ দাইল ৫৭.৬ ৩৫৫ কল ২৪.৭ ১০৪ আলু ২২.৭ ৯৭ পকা আম ১১.৮ ৫০ গাজৰ ১০.৬ ৪৭ গৰুৰ গাখীৰ ৪.৪ ৫৭ ভাৰতীয় খাদ্যত থকা প্ৰ’টিনৰ পৰিমাণ খাদ্য প্ৰতি ১০০ গ্ৰামত প্ৰ’টিনৰ পৰিমাণ ধানজাতীয় খাদ্য (চাউল, ঘেঁহু, বাৰ্লি, গোমধান আদি) ৬.০-১৩.০ দাইল জাতীয় ২১.০-২৪.৮ উৰহী, বিন আদি ১৭.০-২৫.০ চীনা বাদাম, তৈল বীজ আদি ১৬.০-৩২.০ শুকান নাৰিকল ৬.৮ মাছ ১৫.০-২৬.০ মাংস ১৮.০-২৬.০ গাখীৰ ৩.২-৪.৩ সেউজীয়া শাক-পাচলি ১.০-৭.০ শিপা জাতীয় খাদ্য ১.২ তকৈ কম ফলমূল ১.২-৩.৫ চয়াবিন ৪৩.২ আমাৰ খাদ্যত থকা স্নেহ পদাৰ্থৰ উত্স আৰু স্নেহ পদাৰ্থৰ পৰিমাণ খাদ্য শতকৰা হিচাপত স্নেহ পদাৰ্থ শক্তিৰ হিচাপ (প্ৰতি ১০০ গ্ৰামৰ পৰা পোৱা কেল’ৰি) উদ্ভিদজাত খোৱা তেল ১০০.০০ ৯০০ বনস্পতি ১০০.০০ ৯০০ নতুন ঘি ৯৯.৫ ৮৯৫ মাখন ৮১.০ ৭২৯ তৈল বীজ ৩৭.০-৬৪.৫ ৫৩৭-৬৮৭ মাংস ১৩.৩ ১৭৩ কণী ১৩.৩ ১৭৩ গৰুৰ গাখীৰ ৪.১ ৬৭ পনীৰ ৩২.১ ২৮৮ অপুষ্টিজনিত ৰোগ তৃতীয় বিশ্বৰ ৰাষ্ট্ৰসমূহত (এছিয়া, আফ্ৰিকা আৰু লেটিন আমেৰিকাৰ ৰাষ্ট্ৰ) সৰহ সংখ্যক লোকেই প্ৰ’টিন-কেল’ৰি অপুষ্টিত ভোগে। আমি এতিয়া জানো যে শৰীৰৰ বৃদ্ধি, কলা মেৰামতি, বিপাক ক্ৰিয়া, মহিলাৰ শৰীৰত গাখীৰ উত্পাদন, এনজাইম আৰু হৰম’ন আদি উত্পাদনৰ বাবে প্ৰ’টিন অপৰিহাৰ্য্য। প্ৰ’টিনৰ অভাৱত নানা প্ৰকাৰৰ ৰোগ হ’ব পাৰে। যেনেঃ (ক) কোৱাশ্বিঅ’ৰ্কৰঃ পশ্চিম আফ্ৰিকাৰ শিশু চিকিত্সক শ্ৰীমতী ছিছিলি উইলিয়ামছে ১৯৩৩ চনত সেই অঞ্চলৰ কোৱাশ্বিঅ’ৰ্কৰ নামে ঠাইত শিশুৰ মাজত এই ৰোগৰ প্ৰাদুৰ্ভাৱ লক্ষ্য কৰে। তেৱেঁই এই ৰোগৰ বৰ্ণনা দিয়ে। মাকৰ গাখীৰৰ সলনি বেছি পৰিমাণৰ কাৰ্বহাইড্ৰেট খুওৱাৰ ফলত এই ৰোগ হয়। এই ৰোগত শিশুৰ ভৰি ফুলে, ছাল আৰু চুলি শেতা হৈ যায় আৰু হজমী শক্তি কমে। মগজুৰ বিকাশ আৰু মানসিক বিকাশ বাধাগ্ৰস্ত হয়। শিশু খিংখিঙীয়া স্বভাৱৰ হয়। যকৃত্ বিকল হয় আৰু সাধাৰণতে ৫ বছৰ বয়স নৌহওতেই শিশুৰ মৃত্যু হয়। খাদ্য সম্পৰ্কে কিছু জ্ঞান থাকিলে এনে শিশুক মৃত্যুৰ মুখৰপৰা বচাব পৰা যায়। গৰুৰ গাখীৰ যথেষ্ট পৰিমাণে খুৱাব পাৰি অথবা প্ৰাণীজাত প্ৰ’টিন খাদ্য ছয়াবিন অথবা গোমধান, কপাহগুটি, ইষ্ট আৰু পাতৰ গুৰিৰ মিশ্ৰণ বা ঘেঁহু, বুটমাহ, চীনা বাদাম আৰু গুড়ৰ মিশ্ৰণ খুৱাই এই ৰোগত ভোগা শিশুক আৰোগ্য কৰিব পাৰি। (খ) মেৰাছমাছঃ এবছৰৰ তলৰ শিশুৱে মাকৰ গাখীৰৰ সলনি কম পুষ্টিকৰ খাদ্য খাবলগীয়া হ’লে এই ৰোগত ভোগে। প্ৰ’টিন-কেল’ৰিৰ অভাৱতে এই ৰোগ হয়। এই ৰোগত মাংসপেশী শুকাই যায়, হাত-ভৰি চিঞা পৰে আৰু বুকুৰ হাঁড় ওলায়। শৰীৰৰ বৃদ্ধি বাধাপ্ৰাপ্ত হয় আৰু মগজুৰ ওজন কমি যায়। অৱশ্য ছাল শেতা নপৰে আৰু ভৰি নুফুলে কিন্তু ছাল সোঁতোৰা পৰে। প্ৰ’টিন আৰু কাৰ্ব’হাইড্ৰেট জাতীয় খাদ্য পৰ্যাপ্ত পৰিমাণে খুৱাই এই ৰোগ আৰোগ্য কৰিব পাৰি। (গ) খনিজ পদাৰ্থ আৰু ভিটামিনৰ প্ৰয়োজনীয়তাঃ পুষ্টিৰ বাবে এইবোৰ কম পৰিমাণত লাগে। কিন্তু আমাৰ খাদ্যত ভিটামিন আৰু খনিজ পদাৰ্থৰ অভাৱ হ’লেও নানা ৰোগে দেখা দিয়ে। খনিজ পদাৰ্থঃ খনিজ পদাৰ্থ শৰীৰৰ বিপাকৰ বাবে আৰু কিছুমান কলা গঠনৰ বাবে আৱশ্যক। হাঁড় আৰু দাঁত গঠন, তেজৰ মখা বন্ধা, মাংসপেশী, স্নায়ু আৰু থাইৰয়ড গ্ৰন্থিৰ কাম নিয়ন্ত্ৰণ আৰু ৰঙা ৰক্তকণিকা গঠনৰ বাবে খনিজ পদাৰ্থ লাগে। আমাৰ আহাৰত ছ’ডিয়াম, কেলছিয়াম, ফছফৰাছ, ক্ল’ৰাইড (বা ক্ল’ৰিন), পটেছিয়াম, মেগনেছিয়াম আদি বেছি পৰিমাণে থাকিব লাগে। আনহাতে আইৰন (লো), আয়’ডিন, যিংক, কোবাল্ট, মেংগানিজ, কপাৰ (তাম) আৰু ফ্ল’ৰিন খুব কম পৰিমাণে লাগে। আমি সদায় ব্যৱহাৰ কৰা নিমখৰ নাম ছ’ডিয়াম ক্ল’ৰাইড। আমি দিনে গড় হিচাপত ৩৫০০ মিলিগ্ৰাম এই লৱণ খাব লাগে। আমাৰ হাঁড় আৰু দাঁত গঠনৰ বাবে কেলছিয়াম আৰু ফছফেটৰ আৱশ্যক। কেলছিয়ামে তেজ সোনকালে মখা বন্ধাতো সহায় কৰে। তদুপৰি মাংসপেশী আৰু স্নায়ুৰ স্বাভাৱিক কাম নিয়ন্ত্ৰণৰ বাবেও কেলছিয়াম লাগে। আমি দিনে গড় হিচাপত ১২০০ মিলিগ্ৰাম কেলছিয়াম খাব লাগে। ফছফেটে শৰীৰৰ আটাইবোৰ বিপাকীয় কাৰ্য্যত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তদুপৰি নিউক্লিক এছিডৰ ই এক উপাদান। আমি দিনে গড় হিচাপত ১২০০ মিলিগ্ৰাম ফছফেট খোৱা দৰকাৰ। এই দুবিধ খনিজ পদাৰ্থ আমি গাখীৰ আৰু গাখীৰৰ পৰা তৈয়াৰী খাদ্য, ধানজাতীয় খাদ্য আৰু বিশেষকৈ ৰাগি, সেউজীয়া শাক-পাচলি আৰু ফলমূলৰপৰা পাওঁ। আইৰন আইৰন বা লো আমাক কম পৰিমাণে লাগে। দৈনিক গড় হিচাপত ১৮ মিলিগ্ৰাম আইৰন থাকিলেই হয়। তেজৰ হিম’গ্ল’বিন কণিকা গঠনৰ বাবে আইৰনৰ আৱশ্যক। হিম’গ্ল’বিন কণিকাই শৰীৰক অক্সিজেনৰ যোগান ধৰে। মাংসপেশী গঠনতো আইৰন লাগে। শৰীৰত থকা বহু এনজাইমৰ এবিধ গুৰুত্বপূৰ্ণ উপাদান হ’ল- আইৰন। সেউজীয়া শাক-পাচলি, নাচপতি, আঙুৰ, খিচমিচ, ঢেকীত বনা চাউল আদিত আইৰন থাকে। আয়’ডিন থাইৰয়ড গ্ৰন্থিত থাইৰ’ক্সিন নামৰ হৰম’ন গঠনৰ বাবে আয়’ডিনৰ প্ৰয়োজন হয়। এই হৰম’নে শৰীৰৰ বিপাক আৰু বৃদ্ধিৰ কামত সহায় কৰে। খাদ্যত আয়’ডিনৰ অভাৱ হ’লে গৰল ৰোগ হয়। আমাক দৈনিক ০.১৫ মিলিগ্ৰাম পৰিমাণৰ আয়’ডিনৰ আৱশ্যক। নিজৰাৰ পানীত আয়’ডিন থাকে। তদুপৰি কড মাছৰ তেল, সমুদ্ৰৰ শেলাই আদিত যথেষ্ট পৰিমাণে আয়’ডিন পোৱা যায়। আজিকালি নিমখ প্ৰস্তুত কৰোতে আয়’ডিন মিহলাই দিয়া হয়। এনে নিমখক আয়’ডিন মিশ্ৰিত নিমখ (আয়’ডাইজড্ ছল্ট) বোলে। আমাৰ খাদ্যত থাকিবলগীয়া খনিজ পদাৰ্থ কেইবিধমানৰ কাম, উত্স আদি খনিজ পদাৰ্থ মুখ্য কাম উত্স অভাৱত কি হ’ব পাৰে কেলছিয়াম দাঁত আৰু হাঁড় গঠন, হৃদপিণ্ড আৰু মাংসপেশীৰ সংকোচন নিয়ন্ত্ৰণ, তেজ গোট মাৰিবৰ বাবে প্ৰয়োজন গাখীৰ, সেউজীয়া শাক-পাচলি, শিমলু আলু আৰু কণীৰ কুহুম ঠুনুকা হাঁড়, অনিয়মীয়া হৃদস্পন্দন আৰু মাংসপেশীৰ সংকোচন, অতিপাত ৰক্তপাত ফছফৰাছ দাঁত আৰু হাঁড় গঠন। আমাৰ কোষলৈ শক্তিৰ যোগান গাখীৰ, মাংস, মাছ, চীনা বাদাম, দাইল, ধান্যজাতীয় খাদ্য দুৰ্বল হাঁড় আৰু দাঁত, শাৰীৰিক দুৰ্বলতা মেগনেছিয়াম মাংসপেশী আৰু স্নায়ুতন্ত্ৰ নিয়ন্ত্ৰণ, বহু এনজাইমৰ কামত সহায় ধানজাতীয় খাদ্য, সেউজীয়া শাক-পাচলি মাংসপেশী আৰু স্নায়ুৰ কামত অৱসাদ ছালফাৰ (গন্ধক) প্ৰ’টিন গঠনত সহায়, ইনছুলিন, থায়েমিন (ভিটামিন)ৰ উপাদান ধানজাতীয় খাদ্য, দাইল, বিট, যকৃত্, মাছ, কুকুৰা, কণী, পনীৰ, উৰহীজাতীয় খাদ্য মাংসপেশী আৰু স্নায়ুৰ কামত অৱসাদ ছডিয়াম আৰু পটেছিয়াম দেহৰ তৰল পদাৰ্থ সঞ্চালনৰ নিয়ন্ত্ৰণ, স্নায়ুৰ স্পন্দন প্ৰেৰণ আৰু পেশীৰ সংকোচন নিয়ন্ত্ৰণ নিমখ (ছডিয়াম আৰু পটাছিয়াম ক্লৰাইড)। প্ৰায়বোৰ খাদ্য শৰীৰত জুলীয়া পদাৰ্থ হ্ৰাস, খুব অৱসাদ ক্লৰিন এনজাইমৰ কাৰ্য্যত সহায়, স্নায়ুৰ কাম নিয়ন্ত্ৰণ, পাকস্থলীত খাদ্য হজম নিয়াবৰ বাবে হাইড্ৰ’ক্ল’ৰিক এছিড গঠন নিমখ (ছডিয়াম আৰু পটাছিয়াম ক্লৰাইড), ধানজাতীয় খাদ্য, ফলমূল শৰীৰত জুলীয়া পদাৰ্থ হ্ৰাস, খুব অৱসাদ আইৰন (লো) হিম’গ্ল’বিনৰ অংশ, তেজে অক্সিজেন যোগান ধৰাত সহায় কৰে। গৰ্ভৱতী মহিলাক সাধাৰণতে লগা পৰিমাণতকৈ বেছি পৰিমাণৰ আৱশ্যক ধানজাতীয় খাদ্য, দাইল, মাংস, কণীৰ কুহুম, সেউজীয়া শাক-পাচলি, জিৰা আৰু হিং ৰক্তহীনতা আয়ডিন থাইৰয়ড গ্ৰন্থিৰ স্বাভাৱিক কাম নিয়ন্ত্ৰণ, খাদ্য দহনৰ কাম নিয়ন্ত্ৰণ সমুদ্ৰৰ পৰা প্ৰস্তুত কৰা লোণ, কড মাছৰ তেল, সামুদ্ৰিক শেলাই থাইৰয়ড গ্ৰন্থিৰ কামত বাধা, গলগণ্ড ৰোগ কপাৰ (তাম) কোবাল্ট আৰু যিংক প্ৰ’টিন, এনজাইম আৰু ভিটামিন গঠন প্ৰায় সকলো খাদ্য বস্তুতেই থাকে স্বাভাৱিক বৃদ্ধিত বাধা, ভোক নোহোৱা আৰু ৰক্তহীনতা ভিটামিন ভিটামিনো একশ্ৰেণী আৱশ্যকীয় পুষ্টিদ্ৰব্য। খাদ্যত ভিটামিনৰ অভাৱ হ’লে আমাৰ ছাল, চকু, হাঁড় আৰু চুলিৰ ৰোগ হোৱাৰ উপৰিও শৰীৰৰ স্বাভাৱিক বৃদ্ধি বাধাগ্ৰস্ত হয়। এনে ৰোগক ভিটামিন অভাৱজনিত ৰোগ বোলে। উল্লেখযোগ্য ভিটামিন কেইবিধমানৰ কাম, উত্স আৰু আমাৰ প্ৰয়োজনীয়তা তলৰ তালিকাত দিয়া হ’ল। উল্লেখযোগ্য ভিটামিন, মুখ্য কাম, উত্স আদি ভিটামিন কাম উত্স ভিটামিন অভাৱজনিত ৰোগ ভিটামিন-এ চকু, চুলি, ছালৰ স্বাস্থ্যৰ বাবে প্ৰয়োজন। মাছৰ যকৃতৰ তেল, যকৃত, কণী, মাখন, গাখীৰ, সেউজীয়া শাক-পাচলি, গাজৰ, বিলাহী, মিঠা আলু আৰু আম। দৃষ্টি শক্তি হ্ৰাস, কুকুৰীকণা আৰু ছালৰ ৰোগ। ভিটামিন-বি১ (থায়েমিন) পাচন তন্ত্ৰ আৰু স্নায়ুতন্ত্ৰ সক্ৰিয় কৰি ৰাখে। মাংস, কণী, গাখীৰ, নবনা ধানজাতীয় খাদ্য, ইষ্ট, বন্ধাকবি, গাজৰ, পিঁয়াজ, বিলাহী। বেৰিবেৰি ৰোগ হয়। খুব দুৰ্বলতা দেখা যায়। ভিটামিন-বি২ (ৰিব’ফ্লেভিন) ছাল আৰু মুখৰ স্বাস্থ্যৰবাবে প্ৰয়োজন। খাদ্য বিপাকৰ বাবে অপৰিহাৰ্য্য। সেউজীয়া শাক-পাচলি, মটৰ, উৰহী, গাখীৰ, মাংস, কণী, দাইল, যকৃত। স্বাভাৱিক বৃদ্ধিত বাধা, মুখ, চকু আৰু জিভাৰ অনিষ্ট সাধন। ভিটামিন-বি৬ (পাইৰিডক্সিন) ট্ৰিপ্টফেন নামৰ এমিনো এছিডক নিয়াছিনলৈ পৰিৱৰ্তনৰ বাবে প্ৰয়োজন। চাউল, ঘেঁহু, শাক-পাচলি, মাংস। স্বাভাৱিক বৃদ্ধিত বাধা। ভিটামিন-বি১২ (ক’বালএমিন) লোহিত ৰক্তকণিকা গঠনৰ বাবে অপৰিহাৰ্য্য। শৰীৰৰ স্বাভাৱিক বৃদ্ধিত সহায়। মাংস, গাখীৰ, মাছ আৰু নিৰামিষ খাদ্য। ৰক্তহীনতা-লোহিত ৰক্তকণিকা বা হিম’গ্ল’বিনৰ পৰিমাণ হ্ৰাস। ভিটামিন-চি (এছকৰবিক এছিড) শৰীৰক ৰোগ প্ৰতিৰোধী কৰে, হাঁড়, দাঁত, ৰক্তনলী আৰু গাঁঠি ভালে ৰাখে। প্ৰায়বোৰ টাটকা ফলমূল, শাক-পাচলি, নেমু, সুমথিৰা, আমলখি, মধুৰিআম। স্কাৰ্ভি নামৰ দাঁতৰ আলু উখহা ৰোগ, পানীলগা অসুখ আদি। ভিটামিন-ডি (কেলছিফেৰল) হাঁড় আৰু দাঁতৰ গঠনৰ বাবে অপৰিহাৰ্য্য। কড মাছৰ যকৃতৰ তেল, মাখন, কণী, যকৃত, গাখীৰ। সূৰ্য্যৰ ৰশ্মিৰ সহায়তো শৰীৰত কম পৰিমাণে উত্পন্ন হয়। শিশুৰ ৰিকেট্ছ বা পয়ালগা ৰোগ আৰু দাঁতৰ গঠন অস্বাভাৱিক। ভিটামিন-ই (ট’ক’ফেৰল) প্ৰজনন ক্ষমতাৰ বাবে আৱশ্যক। ছয়াবিন, মাংস, কণী, মাখন, মটৰ মাহ, ভেষজ তেল। মাংসপেশী নষ্ট হ’ব পাৰে, বন্ধ্যা হ’ব পাৰে। ভিটামিন-কে (ফাইল’কুইনন আৰু ফাৰনোকউনন) তেজ গোট মৰাৰ বাবে আৱশ্যক। কণীৰ কুহুম, গাখীৰ, সেউজীয়া শাক-পাচলি, বিলাহী। কটা-ছিঙা অংশৰ পৰা অতিপাত ৰক্তক্ষৰণ। নিয়াছিন (নিক’টিনিক এছিড) বৃদ্ধিৰ বাবে প্ৰয়োজন। মাংস, মাছ, চীনা বাদাম, ইষ্ট, অন্ত্ৰৰ বেক্টেৰিয়াইও গঠন কৰে। মুখ আু ছালত ঢৌ ফুটি উঠা ৰোগ হয়। ইয়াক পেলাগ্ৰা বোলা হয়। সুষম আহাৰ আমাৰ স্বাস্থ্য ভালে ৰাখিবলৈ খাদ্যৰ উপাদানসমূহত কাৰ্ব’হাইড্ৰেট, প্ৰ’টিন, স্নেহ পদাৰ্থ, খনিজ দ্ৰব্য আৰু ভিটামিন থাকিব লাগে। অৱশ্যে আমাক পানীও যথেষ্ট পৰিমাণে লাগে। আমাৰ পুষ্টিদ্ৰব্যত থকা বিভিন্ন উপাদানসমূহ বয়স হিচাপে বা কামৰ প্ৰকৃতি অনুসৰি ভিন ভিন মাত্ৰাত আৱশ্যক হয়। এটি শিশুক যিমান কেল’ৰিৰ আৱশ্যক হয়, এজন পূৰ্ণবয়স্ক পুৰুষ বা এগৰাকী মহিলাক তাতকৈ বহু বেছি পৰিমাণৰ কেল’ৰিৰ আৱশ্যক হয়। সেইদৰে খনিজ পদাৰ্থ আৰু ভিটামিনো ভিন ভিন পৰিমাণত আৱশ্যক হয়। আমি আমৰ আহাৰৰ পৰাই এই উপাদানসমূহ আহৰণ কৰোঁ। যি আহাৰৰপৰা আমি কাৰ্ব’হাইড্ৰেট, প্ৰ’টিন, স্নেহ পদাৰ্থ, খনিজ দ্ৰব্য আৰু ভিটামিন প্ৰয়োজনীয় পৰিমাণত পাওঁ তেনে আহাৰক সুষম আহাৰ বোলে। আমি মাছ, মাংস, কণী, গাখীৰ, শাক-পাচলি আৰু ফলমূলৰপৰা আৱশ্যকীয় পুষ্টিদ্ৰব্য পাওঁ। আহাৰ সম্পৰ্কে জ্ঞান থাকিলে আমি সচৰাচৰ খোৱা খাদ্যকেই আঁচনি কৰি সুষম কৰি ল’ব পাৰো। ভাৰতীয় মানুহৰ বাবে সুষম আহাৰৰ তালিকা এখন তলত দিয়া হৈছে। সুষম আহাৰৰ বাবে আৱশ্যকীয় খাদ্যবস্তু (গ্ৰাম হিচাপত) খাদ্য পূৰ্ণবয়স্ক পুৰুষ পূৰ্ণবয়স্কা মহিলা যুৱক-যুৱতী (১৩-১৫ বছৰ) শিশু (৫ বছৰ) নিৰামিষ সামিষ নিৰামিষ সামিষ নিৰামিষ সামিষ নিৰামিষ সামিষ ধানজাতীয় (চাউল, ঘেঁহু আদি) ৪৭৪ ৪৭৫ ৩৫০* ৩৫০ ৪৩০ ৪৩০ ২০০ ২০০ দাইলজাতীয় (দাইল, চীনা বাদাম, নাৰিকল, তিল আদি) ৮০ ৬৫ ৭০ ৫৫ ৭০ ৫০ ৬০ ৫০ সেউজীয়া শাক-পাচলি (পালেং, মেথি আদি) ১২৫ ১২৫ ১২৫* ১২৫ ১০০ ১০০ ৭৫ ৭৫ আন পাচলি- কেঁচা বা ৰন্ধা ৭৫ ৭৫ ৭৫ ৭৫ ৭৫ ৭৫ ৫০ ৫০ আলু আৰু শিপাজাতীয় (আলু, শিমলু, মিঠা আলু, কাঠ আলু আদি) ১০০ ১০০ ৭৫ ৭৫ ৭৫ ৭৫ ৫০ ৫০ ফল (অমিতা, কল, কমলা, আম) ৩০ ৩০ ৩০ ৩০ ৩০ ৩০ ৫০ ৫০ গাখীৰ ২০০ ১০০ ২০০* ১০০ ২৫০ ১৫০ ২৫০ ২০০ স্নেহ পদাৰ্থ (বাদাম, সুৰুযমুখী আৰু চয়াবিন বা আন তেল, বনস্পতি আৰু ঘি) ৪০ ৪০ ৩৫ ৪০ ৩৫ ৪০ ২৫ ২৫ মাছ আৰু মাংস ৩০ ৩০ ৩০ ৩০ কণী ৩০ ৩০ ৩০ ৩০ চেনি আৰু গুড় ৪০ ৪০ ৩০ ৩০ ৩০ ৪০ ৪০ *গৰ্ভৱতী আৰু গাখীৰ খুওৱা মাতৃক এই পৰিমাণতকৈ বেছি আহাৰৰ প্ৰয়োজন হয়। উৎস: বিজ্ঞান পৰিচয়, অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগম লিমিটেড।