হেপাটাইটিছ-বি হ'ল এবিধ ভাইৰাছৰ সংক্ৰমণৰ ফলত হোৱা লিভাৰৰ প্ৰদাহ বা inflammation । হেপাটাইটিছ-বি নামৰ ভাইৰাছৰ দ্বাৰা এই সংক্ৰমণ হয় আৰু বেমাৰ পুৰণি হ'লে মানুহৰ মৃত্যু পৰ্য্যন্ত হব পাৰে। ই গোটেই বিশ্বৰ বাবে এটা ডাঙৰ স্বাস্থ্য সমস্যা হিচাপে উত্থান ঘটিছে। সাধাৰণতে এই সংক্ৰমণ জীৰ্ণ বা chronic অৱস্থা লাভ কৰাৰ পিছত লিভাৰৰ চিৰ'ছিচ বা কৰ্কট ৰোগৰ সৃষ্টি কৰিব পাৰে যাৰ ফলত মানুহৰ মৃত্যু ঘটে। বিশ্ব স্বাস্থ্য সংস্থাৰ সমীক্ষা মতে গোটেই পৃথিৱীত সৰ্বমুঠ ২৫৭ মিলিয়ন হেপাটাইটিছ-বিৰ দ্বাৰা সংক্ৰমিত লোক আছে আৰু ২০১৫ চনত ৮৮, ৮৭, ০০০ সংখ্যক মানুহ এই বেমাৰটোৰ কাৰণে মৃত্যু মুখত পৰিছে। হেপাটাইটিছ-বি ৰ সৰ্বাধিক সংক্ৰমণ পশ্চিম প্ৰশান্তীয় আৰু আফ্ৰিকীয় ভূমণ্ডলত দেখা যায়। তাত ক্ৰমে ৬.২% আৰু ৬.১% প্ৰাপ্তবয়স্ক মানুহৰ শৰীৰত এই সংক্ৰমণ পোৱা যায়। পূব ভূমধ্যসাগৰীয় অঞ্চল, দক্ষিণ পূব এছিয়া আৰু ইউৰোপত মুঠ জনসংখ্যাৰ ক্ৰমে ৩.৩%,২% আৰু ১.৬% মানুহৰ শৰীৰত এই সংক্ৰমণ দেখা যায় আৰু আমেৰিকা মহাদেশৰ মুঠ জনসংখ্যাৰ .৭% লোক ইয়াৰ দ্বাৰা আক্ৰান্ত।
বেমাৰৰ সঞ্চাৰণ :- হেপাটাইটিছ-বি ভাইৰাছ মানুহৰ শৰীৰৰ বাহিৰত পাৰিপাৰ্শ্বিক পৰিবেশত অতিকমেও সাত দিন পৰ্য্যন্ত জীয়াই থাকিব পাৰে আৰু এই সময়ছোৱাত কোনো মানুহৰ শৰীৰত যদি এই ভাইৰাছ প্ৰবেশ কৰে তেনেহলে সেই মানুহৰ শৰীৰত সংক্ৰমিত হৈ বেমাৰৰ সৃষ্টি কৰিব পাৰে যদিহে মানুহজনে এই বেমাৰৰ প্ৰতিষেধক টীকা লোৱা নাই। অনুকুল পৰিবেশ পালে এই ভাইৰাছে মানুহ এজনৰ শৰীৰত প্ৰবেশ কৰাৰ ৭৫ দিনৰ ভিতৰত ৰোগটোৰ সৃষ্টি কৰিব পাৰে। অৱশ্যে মানুহ ভেদে এই সময় ৩০ ৰ পৰা ১৮০ দিনো হব পাৰে।এই ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱাৰ ৩০ ৰ পৰা ৬০ দিনৰ ভিতৰত মানুহজনৰ তেজত এই বেমাৰৰ বীজাণুৰ উপস্থিতি ধৰা পৰে আৰু এই সংক্ৰমণ ক্ৰমে বাঢ়ি গৈ জীৰ্ণ বা chronic সংক্ৰমণৰ ৰূপ ধাৰণ কৰে। কেতিয়াবা এজন মানুহৰ তেজত হেপাটাইটিছ-বিৰ সংক্ৰমণ থাকিলেও তেওঁ কোনো অনুভৱ নকৰিব পাৰে বা কোনো লক্ষণ দেখা নিদিবও পাৰে। মাত্ৰ ফ্লু বা পানী লগা চৰ্দীৰ নিচিনা লক্ষণ দেখা দিব পাৰে। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে তেনে মানুহৰ পৰা অন্য মানুহৰ শৰীৰলৈ বেমাৰটোৰ বীজাণু বিয়পি নাযাব। এই বেমাৰৰ বীজাণু এজন মানুহৰ পৰা অন্য এজনলৈ তেজৰ সংস্পৰ্শত বা শৰীৰৰ অন্য জলীয় দ্ৰব্য যেনে- লালটি, পুৰুষ বা মহিলাৰ বীৰ্য্য ইত্যাদিৰ সংস্পৰ্শত এজন সংক্ৰমিত মানুহৰ পৰা অন্য এজনলৈ বিয়পিব পাৰে। তলত উল্লেখ কৰা হ'ল কি ধৰণে ই এজন মানুহৰ শৰীৰৰ পৰা অন্য এজনলৈ বিয়পে।

*সংক্ৰমিত মানুহৰ লগত অসুৰক্ষিত যৌন সম্পৰ্কৰ দ্বাৰা।
*এজন সংক্ৰমিত মানুহে ব্যৱহাৰ কৰা বেজী বা চিৰিঞ্জ অন্য মানুহে ব্যৱহাৰ কৰিলে। বিশেষকৈ ড্ৰাগছ্ সেৱনকাৰী সকলে এটা চিৰিঞ্জেৰে বিভিন্নজনে ড্ৰাগছ্ ললে।
*অপৰিষ্কৃত বেজীৰে বিভিন্নজনৰ টাটু (tattoo) বনালে ।
*সংক্ৰমিত ব্যক্তিৰ নিজৰ নিত্য ব্যবহৃত সামগ্ৰী যেনে - ৰেজৰ, টুথব্ৰাছ ইত্যাদি অন্য মানুহে ব্যৱহাৰ কৰিলে।
*গৰ্ভাৱস্থাত বা প্ৰসৱৰ সময়ত সংক্ৰমিত মাকৰ পৰা শিশুৰ গালৈ সংক্ৰমণ বিয়পিব পাৰে। সেয়েহে আজিকালি প্ৰত্যেক গৰাকী গৰ্ভৱতী মহিলাৰ গৰ্ভাৱস্থাৰ সময়ত তেজৰ হেপাটাইটিছ-বিৰ পৰীক্ষা কৰাব দিয়া হয়। আনহাতে জন্মৰ পৰা পাঁচ বছৰ বয়সৰ শিশুৰ এই ৰোগ সংক্ৰমণ হোৱাৰ সম্ভাৱনা আটাইতকৈ বেছি। তাৰবাবে আজিকালি প্ৰত্যেকটো শিশুকে জন্মৰ পৰা আৰম্ভ কৰি এই ৰোগৰ প্ৰতিষেধক টীকা প্ৰদান কৰা হয়। এই প্ৰতিষেধক টীকা জন্মৰ লগে লগে বা ২৪ ঘন্টাৰ ভিতৰত এটা, ৬সপ্তাহত এটা, ১০ সপ্তাহত এটা আৰু ১৪ সপ্তাহত এটা টীকা অন্য টীকাসমূহৰ লগত দিয়াৰ চৰকাৰে ব্যৱস্থা কৰিছে। কিন্তু প্ৰাপ্ত:বয়স্ক লোকসকলৰ ক্ষেত্ৰত মাত্ৰ ৫% লোকৰ ৰোগটো জীৰ্ণ অৱস্থা বা সম্পূৰ্ণ ৰোগৰ লক্ষণ দেখা দিব পাৰে। বাকী লোকসকলে কোনো অসুবিধা নোহোৱাকৈ স্বাভাৱিক জীৱন যাপন কৰিব পাৰে।
বেমাৰৰ লক্ষণ :- বেছি ভাগ ক্ষেত্ৰতে আৰম্ভণিতে সংক্ৰমিত লোকৰ শৰীৰত কোনো লক্ষণ প্ৰস্ফুটিত নহয় যদিও কিছুমান লোকৰ শৰীৰত তলত দিয়া লক্ষণবিলাক দেখা দিব পাৰে। যেনে-
*ভাগৰুৱা অনুভৱ
*সাধাৰণ জ্বৰ
*মূৰৰ বিষ
*ভোক নলগা
*ডায়েৰীয়া বা/আৰু বমি
*পেটৰ বিষ
*তামবৰণীয়া পায়খানা
*গাঢ় ৰঙৰ পেচাৱ
*চকু আৰু শৰীৰৰ ছাল হালধীয়া পৰিব পাৰে (জণ্ডিচ)
১)হেপাটাইটিছ-বিৰ সংক্ৰমণ পুৰণি বা জীৰ্ণ হ'লে কেতিয়াবা লিভাৰৰ চিৰ'ছিচ বা কৰ্কট ৰোগৰ সৃষ্টি কৰিব পাৰে।
২) হেপাটাইটিছ-বিৰ ৰোগৰ দ্বাৰা আক্ৰান্ত হব পৰা সম্ভাবিত লোক সকল:- হেপাটাইটিছ-বিৰ বীজাণুৰ দ্বাৰা সংক্ৰমিত হ'লেই যে মানুহজন এই বেমাৰৰ দ্বাৰা আক্ৰান্ত হব তেনে কথা নহয়। এই ৰোগটো জীৰ্ণ অৱস্থা পাবনে নাই সেইটো নিৰ্ভৰ কৰে মানুহজন সংক্ৰমিত হোৱা বয়স আৰু মানুহজনৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ ওপৰত। সাধাৰণতে ছয় বছৰৰ তলৰ শিশুৰ এই ৰোগ জীৰ্ণ বা chronic অৱস্থা লাভ কৰাৰ সম্ভাৱনা বেছি। দেখা গৈছে যে ৮০-৯০% এবছৰৰ তলৰ শিশুৰ ক্ষেত্ৰত ৰোগ জীৰ্ণাৱস্তা পায় গৈ আৰু ৩০-৫০% ছয় বছৰৰ তলৰ শিশুৰো ৰোগ জীৰ্ণ ৰূপ ধাৰণ কৰে। প্ৰাপ্ত:বয়স্ক লোকৰ ক্ষেত্ৰত প্ৰায় ৫% লোকৰ ৰোগটো জীৰ্ণাৱস্তা পায় আৰু ইয়াৰে ২০ ৰ পৰা ৩০ শতাংশ লোকৰ পিছত গৈ লিভাৰৰ চিৰ'ছিচ বা কৰ্কট ৰোগ হব পাৰে।
* ৰোগ চিনাক্তকৰণ :- তেজৰ সাধাৰণ পৰীক্ষাৰ দ্বাৰা হেপাটাইটিছ-বিৰ বীজাণুৰ তেজত উপস্থিতি নিৰ্ধাৰণ কৰা হয়। সাধাৰণতে HBsAg এণ্টিজেন টেষ্ট আৰু ইমুনোগ্লবুলিন M(IgM) টেষ্ট কৰা হয়।
*লগতে তেজত ভাইৰাছৰ পৰিমাণ বা বোজা (load) কিমান আছে সেইটোও পৰীক্ষা কৰা হয়।
*কিছুমান পুৰণি বা জীৰ্ণাৱস্তাৰ ৰোগীৰ লিভাৰৰ অৱস্থা জানিবলৈ কেতিয়াবা লিভাৰৰ বায়প্চি দৰকাৰ হব পাৰে।
প্ৰতিৰোধ :- সাধাৰণতে তিনিটা বা চাৰিটা প্ৰতিষেধক বেজী প্ৰদানৰ দ্বাৰা এই বেমাৰ ৯৫% প্ৰতিৰোধ কৰিব পৰা যায়। আগতে উল্লেখ কৰা হৈছে যে নবজাতকৰ ক্ষেত্ৰত জন্মৰ ২৪ ঘন্টাৰ ভিতৰত, ৬,১০,১৪ সপ্তাহত এটাকৈ প্ৰতিষেধক বেজী লব লাগে। লগতে এইৰোগৰ বেছিকৈ প্ৰাদূৰ্ভাৱ থকা দেশবিলাকৰ ১৮ বছৰৰ তলৰ লোকসকলক এই প্ৰতিষেধক দিয়াৰ ব্যৱস্থা কৰিব লাগে।
*স্বাস্থ্যকৰ্মী যি তেজ বা তেজৰ পৰা উৎপন্ন যিকোনো দ্ৰব্যৰ লগত সঘনাই কাম কৰি থাকে বিশেষকৈ অস্ত্ৰোপচাৰ, প্ৰসৱৰ লগত জড়িত স্বাস্থ্যকৰ্মী, লেবৰেটৰীৰ লগত জড়িত স্বাস্থ্যকৰ্মীয়ে এই প্ৰতিষেধক লোৱা উচিত।
*জেলৰ কয়দী সকলে যিহেতু অসুৰক্ষিত আৰু অস্বাভাৱিক যৌন সম্পৰ্কত লিপ্ত হোৱাৰ সম্ভাৱনা থাকে তেনে লোককো এই প্ৰতিষেধক দিয়াৰ ব্যৱস্থা কৰিব লাগে।
*বানিজ্যিক যৌন কৰ্মীকো এই প্ৰতিষেধক দিব লাগে।
*যিবিলাক মানুহৰ বহু সংখ্যক যৌন সংগী থাকে তেনে লোককো এই প্ৰতিষেধক দিব লাগে।
*চিকিৎসা :- একুইট্ বা নতুন হেপাটাইটিছ-বিৰ বাবে সাধাৰণতে কোনো বিশেষ চিকিৎসা নাই। যথোপযুক্ত জিৰণি, সুষম আহাৰ, যথেষ্ট পৰিমাণৰ পানী সেৱন, মদ আৰু ড্ৰাগছৰ সেৱন বন্ধ কৰিলেই ই সাম্যাৱস্থা পায়। কিন্তু জীৰ্ণ বা chronic হেপাটাইটিছ-বিৰ বাবে উপযুক্ত চিকিৎসা আৰু ঔষধৰ দৰকাৰ হয়। যেনে- এণ্টি ভাইৰেল ঔষধ।
হেপাটাইটিছ-বিৰ বাবে আয়ুৰ্বেদত বহুতো গুণকাৰী ঔষধৰ উল্লেখ আছে। ইয়াৰ ভিতৰত অৰ্জুন, হিংস্ৰা, কালমেঘ, কুটকী, কাসনী, ভূমি - আমলা, পুনৰ্নবা, হৰিতকী, সৰপুংখা, ভৃংগৰাজ, বৃহতি ইত্যাদি প্ৰধান। ইয়াৰ উপৰিও শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াবৰ বাবে আয়ুৰ্বেদত কিছুমান বিশেষ ধৰণৰ ঔষধৰ কথা উল্লেখ আছে যিবিলাক ব্যৱহাৰ কৰি আমি শৰীৰৰ তেজত থকা ভাইৰাছ, বেক্টেৰিয়া আদিৰ বিৰুদ্ধে যুদ্ধ কৰাৰ ক্ষমতা বৃদ্ধি কৰে আৰু আমাক ৰোগমুক্ত ৰখাত সহায় কৰে। ইয়াৰ ভিতৰত উল্লেখযোগ্য হ'ল গুডুচী, হৰিদ্ৰা, তুলসী, আমলখি ইত্যাদি। লগতে হেপাটাইটিছ-বিৰ চিকিৎসাৰ বাবে আয়ুৰ্বেদত কিছুমান বিশেষ যৌগিক ঔষধিৰ ব্যৱহাৰৰ উল্লেখ আছে। কিন্তু ঔষধ সমূহ চিকিৎসকৰ পৰামৰ্শ লৈহে সেৱন কৰা উচিত।

লেখক: মুকুল শৰ্মা

ফোন নং:-৯৫০৮০২৬৮২৫