জীৱনশৈলী আৰু ঘৰুৱা উপায় :- জীৱনশৈলীৰ পৰিৱৰ্তনে হাৰ্ট ফেইলৰৰ লক্ষণৰ পৰা ৰক্ষা কৰাৰ লগতে হাৰ্ট ফেইলৰ হোৱাৰ পৰাও ৰক্ষা কৰে । জীৱনশৈলীৰ পৰিৱৰ্তনৰ দিশত আপোনাৰ চিকিৎসকে নিম্নোক্ত ধৰণেও উপদেশ দিব পাৰে – ১) শৰীৰৰ ওজন নিয়মিত লক্ষ্য কৰি থকা বা জুখি থকা । ২) ধুমপান নিষেধ । ৩) আপোনাৰ ভৰি, গোৰোহা আৰু ভৰিৰ পতা ফুলিছে নেকি নিতৌ লক্ষ্য কৰিব । ৪) স্বাস্থ্যৱান খাদ্য খাব । ৫) খাদ্যত নিমখৰ পৰিমাণ কমাই খাব । ৬) সদায় এটা নিয়মিত ওজনত থাকিবলৈ যত্ন কৰিব । ৭) কলেষ্টৰেল আৰু চৰ্বি এটা মাত্ৰাত ৰাখিবলৈ যত্ন কৰিব । ৮) মদ্যপান ত্যাগ কৰাই ভাল । ৯) সদায় সজাগ হৈ থাকিব । ১০) ষ্ট্ৰেছ বা হতাশা কমাবলৈ চেষ্টা কৰিব । ১১) ৬ ঘণ্টা টোপনি মাৰিবলৈ যত্ন কৰিব । হাৰ্ট ফেইলৰ সাধাৰণ কাৰণকেইটা হ’ল - ১) হাৰ্ট এটেকৰ বুৰঞ্জী ২) দীৰ্ঘদিনীয়া হাই ব্লাড প্ৰেচাৰ অৰ্থাৎ উচ্চ ৰক্তচাপ ৩) ধুমপান ৪) অত্যধিক মদ্যপান ৫) হাৰ্টৰ মাংসপেশীৰ ৰোগ ৬) ডায়েবেটিছ ৭) সাধাৰণ দুৰ্বলতা ৮) কেম’থেৰাপী ৯) অত্যধিক ওজন ১০) বয়স ১১) অন্যান্য কাৰণসমূহ আন কিছুমান সাধাৰণ লক্ষণ হ’ল- ১) শুই থাকোতে বা ব্যায়াম কৰি থাকোতে যদিহে উশাহ লওঁতে কষ্ট হয় । ২) ভৰি, গোৰোহা আৰু পেট যদিহে ফুলিছে । ৩) দুৰ্বল, কষ্ট বা অস্থিৰ অনুভৱ কৰিলে । ৪) হঠাতে অত্যধিক শকত হ’লে । ৫) অত্যধিক ভোক লগাটো অনুভৱ কৰিলে, খাবলৈ লোৱাৰ লগে লগে পেটটো ভৰ্তি হোৱা যেন লাগিলে আৰু একেবাৰে ভোক নলগা । ৬) শুকান কাহ । ৭) কাহৰ লগত সামান্য পৰিমাণে তেজ গ’লে । ৮) ৰাতি শোওঁতে দুই-তিনিটা গাৰু লোৱা বা চকীত বহি থকা অৱস্থাত টোপনি গ’লে । ইজেকশ্যন ফ্ৰেকশ্যন মানে কি ? ইজেকশ্যন ফ্ৰেকশ্যন মানে হ’ল হৃদযন্ত্ৰৰ পাম্পিং ক্ষমতা । আমাৰ হৃদযন্ত্ৰৰ প্ৰতিটো ঢপঢপনিয়ে ইয়ালৈ অহা তেজৰ যিমান শতাংশ শৰীৰৰ অংগ-প্ৰত্যংগলৈ প্ৰেৰণ কৰে তাকে ইজেকশ্যন ফ্ৰেকশ্যন নাইবা পাম্পিং ক্ষমতা বুলি কোৱা হয় । এগৰাকী সুস্থ ব্যক্তিৰ পাম্পিং ক্ষমতা ৫০ শতাংশতকৈও বেছি থাকিব লাগে । এই ক্ষমতা যেতিয়া ৫০ শতাংশতকৈও কমি যায় তেতিয়া মানুহজনৰ হাৰ্ট ফেইলৰ হোৱাৰ সম্ভাৱনা থাকে । হাৰ্ট ফেইলৰত তেজ পৰীক্ষাৰ প্ৰয়োজনীয়তা আছেনে ? চিকিৎসকে আপোঅনৰ কিডনী আৰু থাইৰয়ড গ্লেণ্ড পৰীক্ষা কৰাৰ লগতে কলেষ্টেৰলৰ মাত্ৰাও পৰীক্ষা কৰিবলৈ পৰামৰ্শ দিব । ইয়াৰ উপৰি চিকিৎসকে আপোনাৰ ৰক্তকোষৰ মাত্ৰা, পৰ্যাপ্ত পৰিমাণে শৰীৰত তেজ আছেনে নাই সেইটো পৰীক্ষা কৰিবলৈ দিব পাৰে । লেখক :- ডা: হবিবুৰ ৰহমান উৎস :- জি এনআৰচি স্বাস্থ্য