হাৰ্ট এটেক অহাৰ এক মাহৰ অগতে আপোনাৰ শৰীৰে আপোনাক কিছুমান বিশেষ লক্ষণ দেখাব। ইয়াৰে ৮ টা প্ৰধান লক্ষণ উল্লেখ কৰা হৈছে।

১.ভাগৰুৱাঃ

খুবভাগৰ লাগিব ক্লান্তি বা অবসাদ ভাব হ’ব যিটো আপোনি কেতিয়াও অনুভৱ কৰা নাই। অৰ্থাৎ বিশেষ কোনো শাৰীৰিক কষ্ট নকৰাকৈয়ে হৰ্থাৎ খুব ভাগৰুৱা যেন অনুভৱ কৰাটো হাৰ্ট এটেকৰ আগজাননী হব পাৰে।

বিশেষ কৈ মহিলা সকলৰ অগতানুগতিক ক্লান্তি অনুভৱ পুৰুষৰ তুলনাত তুলনামোলক ভাবে বেছি হয়। শাৰীৰিক অথবা মানসিক পৰিশ্ৰমৰ কাৰণে এনেধৰণৰ হৰ্থাত ভাগৰুৱা অনুভৱ হয়।
এনে দূৰ্বলতা, ক্লান্তি, অনুভৱ সঘনাই হবলৈ ধৰে আৰু দৈনন্দিন কৰিথকা কিছুমান কাম কৰিলেও বহু কষ্ট অনুভৱ হয়।

২.পেটৰ বিষঃ-

পেটৰ বিষ, পেটটো খালী হোৱাযেন অনুভৱ হয়, লগতে বমিৰ ভাব থাকিব। কেতিয়াবা আকৌ পেট ফুলি থকা যেন লাগিব আৰু বমিৰ ভাব থাকিব।

অৰ্থাৎ পেটৰ বিষ, পেট উফন্দি থকাযেন অনুভৱ হব, পেট খালী হৈ আছে যেন লাগিব। বমি বমি ভাব আদি লক্ষণ বিলাক যদি সঘনাই হৈ থাকে ই এটা হাৰ্ট এটেকৰ কাৰণ হব পাৰে। এনে ধৰণৰ লক্ষণ সমূহ পুৰুষ-মহিলা উভয়ৰ ক্ষেত্ৰতে একেধৰণে প্ৰকাশ পোৱা দেখিবলৈ পোৱা যায়।

৩.অনিদ্ৰা বা নিদ্ৰাহীনতাও হাৰ্ট এটেকৰ এটা লক্ষণ ৰুপে গণ্যকৰা হৈছে। যিটো মহিলাৰ ক্ষেত্ৰত বেছিকৈ পোৱাযায়।

মানুহৰ দূচিন্তা বা উতকণ্ঠাৰ কৰণে নিদ্ৰাহীনতাৰ সৃষ্টি হব পাৰে। যিটো শেষত হাৰ্ট এটেকৰ এটা মুখ্য কাৰণ হৈ পৰে। নিদ্ৰা হীনতাৰ কাৰণে ৰোগী ৰাতি সহজতে টোপনি যাব নোৱাৰে আৰু ৰাতিপূৱা বিচনাৰ পৰা উঠাটো বহু কষ্টকৰ হৈ পৰে।

৪.উশাহ চুটি হোৱাটোও হাৰ্ট এটেকৰ আন এটা মূখ্য লক্ষণ। ৰোগীয়ে ভালকৈ উশাহ নিশাহ লোৱাত কষ্ট অনুভৱ কৰে। গৰম উঠিবলৈ ধৰে আৰু চতফটাই থাকে। এই লক্ষণ পুৰুষ মহিলা উভয়ৰে হাৰ্ট এটেক অহা একমাহৰ আগৰ পৰাই প্ৰকাশ পাব। এনেকুৱা লক্ষণ প্ৰকাশ পালে পলম নকৰি ডাক্তৰৰ উচৰলৈ যোৱাটো অতি আৱশ্যক।

৫.অত্যাধিক চুলিসৰা হাৰ্ট এটেকত দৃষ্টিগোচৰ হোৱা এটা লক্ষণ। এনেধৰণৰ লক্ষণ পুৰুষ সকলৰ মাজত তুলানামূলক ভাবে বেছিকৈ পোৱা যায়। মহিলা সকলৰ মাজত এই লক্ষণ দেখাপোৱা যায় কিন্তু পুৰুষৰ তুলনাত কম।

৬.অনিয়মীয়া হাৰ্ট বিট ও হাৰ্ট এটেকৰ এটা মুখ্য কাৰণ হব পাৰে।

৭.যিকোনো সময়তে ঘাম উলোৱাও হাৰ্ট এটেকৰ এটা প্ৰাৰম্ভিক লক্ষণ। মহিলাৰ মাজত এই লক্ষণ বেছিকৈ দেখা যায়। সৰ্বসাধাৰণতে এনেকুৱা হলে মহিলা সকলে অত্যাধিক গৰম পৰা বুলিয়েই ভাবি লয় বা menopause বা মাহেকীয়া তাৰ কাৰণ বুলি ভাবে। ঘাম অত্যাধিক হয় আৰু ঘামৰ কাৰণে বিচনাচাদৰ সেমেকি যায়।

৮.বুকুৰ বিষঃ

বুকুৰ বিষো হাৰ্ট এটেকৰ কাৰণ হব পাৰে। একেৰাহে বুকুৰ বিষ হৈ থকাটো হাৰ্ট এটেকৰ পাৰম্ভিক লক্ষণ। ৩০ % মহিলাৰে বুকুৰ বিষ থকাটো দেখিবলৈ পোৱা যায়। এই লক্ষণ সমূহ প্ৰকাশ পালে ডাক্তৰৰ সৈতে পৰামৰ্শ কৰি সাৱধানতা অৱলম্বন কৰিলে নিশ্চিত বিপদৰ পৰা আপোনি বাছি থাকিব পাৰিব ৷

লেখক: ডাঃ হৰিকান্ত দাস

ফোন-9954340102