স্কিজʼফ্ৰেনিয়া এক জটিল মানসিক ৰোগ। বিশ্ব স্বাস্থ্য সংস্থাৰ সমীক্ষা মতে ডেকাকালত মানুহক পংগু কৰা ৰোগবোৰৰ লতালিকাত স্কিজʼফ্ৰেনিয়া ৰোগৰ স্থান চতুৰ্থ। যোৱা শতিকাৰ শেষভাগলৈকে স্কিজʼফ্ৰেনিয়া ৰোগক মনৰ কেন্সাৰ বুলি অভিহিত কৰা হৈছিল। সাম্প্ৰতিক এই পটৰ পৰিৱৰ্তন হৈছে। ৰোগৰ আৰম্ভণিতে সু-চিকিৎসাৰ ব্যৱস্থা কৰিলে সৰহভাগ ৰোগীৰে ৰোগৰ উপশম ঘটে।

স্কিজʼফ্ৰেনিয়া ৰোগক আমি ডায়েবেটিচ, উচ্চ ৰক্তচাপ, হাপানী, বাতবিষ আদি শাৰীৰিক ৰোগৰ, লগত তুলনা কৰিব পাৰোঁ। এই ৰোগবোৰো নিৰ্মূল কৰিব নোৱাৰি, কিন্তু উপযুক্ত চিকিৎসাৰে এই ৰোগৰ কষ্টবোৰ অধিকাংশই উপশম্ম কৰিব পাৰি। স্নায়ুতন্ত্ৰৰ বিভিন্ন বিজুতিৰ ফলত স্কিজʼফ্ৰেনিয়া ৰোগ হয়। ই প্ৰকৃততে এটা শাৰীৰিক ৰোগহে, লক্ষণবোৰহে মাত্ৰ মানসিক। ঔষধ বিনে এই ৰোগৰ কোনো চিকিৎসা নাই। আয়ুৰ্বেদিক, হোমিঅ’পেথী আৰু ইউনানী চিকিৎসা পদ্ধতিতো বৰ্তমানলৈকে এই ৰোগৰ বিশেষ কাৰ্যকৰী চিকিৎসা পদ্ধতি উদ্ভাৱন হোৱা নাই। অনেক দিন স্কিজʼফ্ৰেনিয়া ৰোগত ভোগা ৰোগী এজনৰ ৰোগ নিৰ্ণয় কৰাত বিশেষ কোনো অসুবিধা নহয়। এই ৰোগীৰ ক্ষেত্ৰত ৰোগৰ লক্ষণবোৰ পূৰ্ণ ৰূপত প্ৰকাশ পায়। প্ৰায় তিনি চতুৰ্থাংশ ৰোগীৰ ক্ষেত্ৰত বিভ্ৰান্তি আৰু অমূল প্ৰত্যক্ষৰ লক্ষণবোৰ প্ৰকাশবোৰ প্ৰকাশ পায়।

বিভিন্ন ধৰণৰ চিন্তাৰ বিকাৰ, কথা-বতৰাৰ অসংলগ্নতা, আৱেগ আৰু আচৰণৰ অস্বাভাৱিকতাবোৰো সততে দেখা যায়। বয়ঃসন্ধিৰ সংকটকালতো এনে লক্ষণ দেখা যায়। বিভিন্ন মাদকদ্ৰব্যৰ প্ৰভাৱতো স্কিজʼফ্ৰেনিয়া ৰোগৰ দৰে লক্ষণবোৰ প্ৰকাশ পাব পাৰে। সেয়ে প্ৰথমবাৰৰ বাবে চিকিৎসালয়লৈ অহা ৰোগীৰ এনেধৰণৰ ৰোগবোৰ নাই বুলি থিৰাং কৰিবলৈ কিছুমান পৰীক্ষা কৰা আৱশ্যক। নতুন ৰোগীৰ ক্ষেত্ৰত তলত উল্লেখ কৰা পৰীক্ষাবোৰ কৰা উচিত-

ক)মানসিক অৱস্থাৰ পৰীক্ষা(Mental Status),

খ)Examination- MSE

গ)সাধাৰণ পৰীক্ষা(Routine Examination),

ঘ)মনোসমীক্ষা(Psychological Tests),

ঙ)ইলেক্ট্ৰ’এনচেফেল’গ্ৰাম(EEG),

চ)চিটি স্কেন আৰু MRI।

মানসিক অৱস্থাৰ পৰীক্ষা -

সকলো মানসিক ৰোগ নিৰ্ণয়ত মানসিক অৱস্থাৰ পৰীক্ষা প্ৰথম আৰু মূল আহিলা, কাৰণ চিকিৎসকে-

*ৰোগীৰ চিন্তন,

*মনন,

*প্ৰত্যক্ষ,

*স্মৃতি,

*অভিবিন্যাস,

*অন্তৰ্দৃষ্টি আদি সকলো মানসিক কাৰ্যৰ এক নিৰ্দিষ্ট ক্ৰমত পৰীক্ষা কৰে। ৰোগীক বিভিন্ন সময়ত দুই-তিনি দিন এই পৰীক্ষা কৰিবলগীয়া হ’ব পাৰে।

সাধাৰণ পৰীক্ষা:

সকলো ৰোগীৰে তেজ আৰু প্ৰস্ৰাৱৰ সাধাৰণ পৰীক্ষাৰ লগতে তেজত চেনি(Plama Glucose), স্নেহজাতীয় পদাৰ্থ(Lipids) আৰু থাইৰয়ড হৰম’নবোৰৰ(T3, T4, TSH) জোখ ল’ব লাগে। প্ৰয়োজনবোধে এখন ইলেক্ট্ৰ’কাৰ্ডিঅ’গ্ৰাম(ECG) কৰা উচিত। এই পৰীক্ষাবোৰে ৰোগীৰ শাৰীৰিক স্বাস্থ্যৰ স্পষ্ট আভাস আৰু লুকাই থকা ৰোগ উদঙোৱাৰ লগতে চিকিৎসকক ঔষধ নিৰ্বাচনত সহায় কৰিব।

মনোসমীক্ষা:

ৰোগৰ প্ৰাৰম্ভিক অৱস্থাত বিশেষকৈ চেমনীয়া আৰু প্ৰাক যুৱা কালৰ ৰোগীৰ ক্ষেত্ৰত মনোসমীক্ষা স্কিজʼফ্ৰেনিয়া ৰোগ নিৰ্ণয়ৰ অতি কাৰ্যকৰী আহিলা। স্মৃতিভ্ৰংশ(Dementia) আদি কিছুমান স্নায়ৱিক ৰোগ নিৰ্ণয়ত এই পৰীক্ষা MRI আদি অধ্যাধুনিক যন্ত্ৰতকৈও অধিক সুবেদী। এই পৰীক্ষাৰ দ্বাৰা-

*ৰোগীৰ ব্যক্তিত্ব,

*বুদ্ধিমত্তা,

*স্মৃতিশক্তি,

*সমাযোজনৰ প্ৰণালী,

*চিন্তন আৰু মনন প্ৰক্ৰিয়া,

*আৱেগ আৰু অনুভৱ আদি মানসিক কাৰ্যবোৰৰ বিষয়ে তথ্য পোৱা যায়।

ইলেক্ট্ৰ’এনচেফেল’গ্ৰাম:

এই পৰীক্ষাত মগজুৰ বিভিন্ন অংশৰ বৈদ্যুতিক বল(Impulse) বোৰ জোখা হয়। যিসকল ৰোগীয়ে-

*পূৰ্বতে মূৰত আঘাত পাইছে বা এনচেফেলাইটিছ,

*মেনিনজাইটিছ আদি ৰোগত ভুগিছে,

*তেওঁলোকৰ বাবে ইইজি পৰীক্ষা অতি আৱশ্যকীয়।

চিটি স্কেন আৰু এম আৰ আই:

প্ৰত্যেকজন নতুন ৰোগীৰে মগজুৰ প্ৰত্যেকজন নতুন ৰোগীৰে মগজুৰ বা কৰোৱা উচিত। তকৈ অধিক সুবেদী। এই পৰীক্ষাত-

*Brain Tumour,

*Subdural Hacmatoma,

*Huntington’s Disease,

*Wilson’s Disease,

*Metachromatic Leukodystrophy,

*Sarcoidosis,

*Aqucductal Stenosis আদি অনেক মগজুৰ ৰোগ ধৰা পৰে।

এই ৰোগবোৰেও প্ৰাৰম্ভিক অৱস্থাত স্কিজʼফ্ৰেনিয়াৰ দৰে কিছুমান লক্ষণ দেখুৱায়।

লেখক: দীপক কুৰ্মী(নিয়মীয়া বাৰ্তা)