লক্ষণ: ভগন্দৰ হ’ল শৌচদ্বাৰৰ মুখৰ ফোঁহা আৰু ঘা। ই অতি কষ্টপ্ৰদ আৰু বিৰক্তিকৰ ৰোগ। শৌচদ্বাৰৰ চাৰিওফালে প্ৰায় ১ ইঞ্চি(২.৫ চেন্টিমিটাৰ) মান ঠাইৰ ভিতৰত যিকোনো অংশতে মাংসপেশী ফুলি উঠি ফোঁহাৰ দৰে হয় আৰু পাছলৈ পকি ঘা হৈ যায়। আৰু তাৰ পৰা ৰঙা ৰঙা স্ৰাৱ বা ৰস ওলাব ধৰে। আৰম্ভণিতে শৌচদ্বাৰৰ আশে-পাশে জ্বালা যন্ত্ৰণা হয়, খজুৱায়। তেতিয়া ভাল চিকিৎসা নহ’লে এইবোৰ ফাটি যায়। ইয়াকেই ভগন্দৰ বোলে। শৌচ হওঁতে গুহ্যদ্বাৰৰ মাংসপেশীবোৰ লৰচৰ হয় সংকোচন হয়, বহল হৈ যায় ফলত তীব্ৰ বেদনা অনুভূত হয়। কিন্তু শৌচদ্বাৰৰ আশে-পাশে কম পীড়াযুক্ত ফোঁহা সদৃশ মাংসপেশী কেতিয়াবা কাৰোবাৰ থকা দেখা যায়। বহু সময়ত এইবোৰ ঔষধ ব্যৱহাৰ নকৰাকৈয়ে ভাল হৈ যায়। এইবোৰ ভগন্দৰ নহয়। এইবোৰ উপৰুৱা উখহি থকা মাংসপেশী। ভগন্দৰ গভীৰ মূলযুক্ত(Deep Rooted), বেছি ওখ আৰু গোলাকৃতিৰ ফোঁহা। কাৰণ: দূষিত ৰক্ত জমা হৈ পৰাৰ ফলতে মলদ্বাৰৰ ভেইন ফুলি উঠে আৰু মাংসপেশীবোৰ ফুলি ফোঁহাৰ উদ্ভৱ হয়। অন্তৰভাগত গুহ্যদ্বাৰত ফোঁহা হৈ ফাটিলেও বাহিৰত গুহ্যদ্বাৰত ফোঁহা হয়। কিন্তু এইবোৰ সকলোৰে প্ৰকৃত কাৰণ শৌচ কচা হোৱাৰ বাবেই হয়। চিকিৎসা: বিড়ংগ(আয়ুৰ্বেদিক ঔষধি ফল), ত্ৰিফলা, আমলখি, শিলিখা, ভোমোৰা গুটি আৰু পিপলি সকলোৰে চূৰ্ণ মিহলাই ৫-১০ গ্ৰাম(১-২ চামুচ) কৈ কিছুদিন খালে ভগন্দৰ প্ৰশমিত হয়। আমলখি ৪০ গ্ৰাম বা এই অনুপাতত লোৱা আধাভঙা গুড়িৰ ক্কাথ বনাই নিতৌ খাবলৈ ল’লে ভগন্দৰ নিবাৰিত হয়। যদি অজীৰ্ণ নহয়, এমাহমান আহাৰৰ লগত শামুক বা শংখৰ মাংসৰ আঞ্জা খাব পাৰি। ভগন্দৰ গুচে। শিলিখা, আমলখি আৰু ভোমোৰা গুটিৰ প্ৰত্যেকৰে চূৰ্ণ ১৫ গ্ৰাম, গুগগুল(এবিধ সুগন্ধি আঠা ঔষধত ব্যৱহাৰ হয়) ১৫০ গ্ৰাম, পিপলি চূৰ্ণ ৩০ গ্ৰাম-এই সকলোবোৰ লগ লগাই বটি লৈ ১০ গ্ৰাম পৰিমাণৰ বড়ি তৈয়াৰ কৰি ল’ব লাগে। দিনে পুৱা-গধূলি একোটাকৈ বড়ি কিছুদিন খালে ভগন্দৰ আৰোগ্য হয়। ত্ৰিফলা চূৰ্ণ আৰু গুগগুল(এবিধ সুগন্ধি ঔষধি আঠা)ৰ প্ৰতিবিধৰে একো চামুচ লৈ অলপ পানীৰে কিছুদিন খালে ভগন্দৰ নিৰ্মূল হয়। লগোৱা ঔষধ: আজিকালি এলোপাথিক চিকিৎসাৰ ভাল লগোৱা ঔষধ আছে। ঘৰুৱা চিকিৎসাৰ বাবে- ভগন্দৰৰ উখহা মাংসপেশীবোৰ পকি ফাটি যোৱাৰ আগতে এৰাৰ তেল ৮ গুণ আৰু কৰ্পূৰ ১ গুণ মিহলাই লাৰিচাৰি মালিচ কৰি লগালে মাংসপেশীবোৰ কোমল হৈ পৰে। তালৈ তেজ চলাচল উন্নত হয় আৰু ভগন্দৰৰ ফোঁহা বহি যায় আৰোগ্যৰ পথলৈ আহে। এৰাৰ তেল সামান্য গৰম কৰি কৰ্পূৰখিনি মিহলাব লাগে। পায়খানালৈ যোৱাৰ আগে-পাছে আৰু ৰাতি শোৱাৰ আগতে মালিচ কৰিব লাগে। গুগগুল ৩ ভাগ, ত্ৰিফলা ৫ ভাগ, পিপলি ১ ভাগ- এইবোৰ একেলগে লৈ গুড়ি কৰি ভগন্দৰৰ ফোঁহা বা ঘাত লগালে ৰোগ নিবাৰণ হয়। ২৫ গ্ৰাম সৰিয়হ বটি লৈ এঁৱা গাখীৰেৰে মিহলাই ভগন্দৰ হোৱা ঠইত লগাব পাৰি। গুহ্যদ্বাৰ ফুলা ফুলা হ’লেই ৰোগীয়ে জুলাপ লৈ পেট পৰিষ্কাৰ কৰা উচিত। তাৰ পাছত শৌচ যাতে ঢিলা হৈ থাকে তেনে খাদ্য খোৱাৰ নিতান্ত দৰকাৰ(শৌচ কচা অসুখত চাওক)। তেতিয়া ভগন্দৰ হোৱাৰ ভয় নাথাকে। গুহ্যদ্বাৰত টোপোৰা টোপোৰা উখহা মাংসপেশী হোৱা যেন পালেই ভাল চিকিৎসা লৈ সেইবোৰ বেছি হৈ পকি ফাটি যোৱাৰ আগতে আৰোগ্য হোৱাৰ ব্যৱস্থা ল’ব লাগে। ভগন্দৰ পকি ঘা হ’লে বৰ কষ্টদায়ক হয়। পাছলৈ প্ৰাণনাশক(Malignant Growths) প্ৰকৃতিৰ ঘা হৈ পৰিব পাৰে। সোনকালেই শল্য চিকিৎসকৰ সহায় লোৱা উচিত। লেখক: ব্ৰজনাথ শৰ্মা