অৰ্শ দেখাত পেটৰ অসুখ নহয় যদিও ইয়াৰ মুখ্য কাৰণ পেটৰ অসুখ; প্ৰধানকৈ শৌচ কচা হোৱাৰ ফলস্বৰূপেই অৰ্শ, ভগন্দৰ বা গুহ্যদ্বাৰৰ ফাট আদি গুহ্যদ্বাৰৰ অসুখবোৰ হয়। এইবোৰ সহজে আৰোগ্য নোহোৱা, কঠিন, কষ্টদায়ক আৰু অতি বিৰক্তিকৰ ৰোগ। বৃহৎ অন্ত্ৰৰ শেষত যি মুখ বা দুৱাৰ তাক ৰেক্টাম(Rectum) বোলে। ই গুহ্যদ্বাৰৰ ভিতৰ ভাগতে থাকে। তাৰ পৰা বাহিৰফালে থকা গুহ্যদ্বাৰৰ মুখ এক সুৰংগৰে(Canal)সংযোজিত হৈ আছে। বাহিৰফালে যি গুহ্যদ্বাৰ দেখা যায় তাক এনাছ(Anus) বোলে। শৰীৰৰ ওপৰ ভাগৰ পৰা অহা দূষিত ৰক্তবাহিকা নাড়ীৰ(Vein) মূৰবোৰ গুহ্যদ্বাৰৰ ভিতৰ আৰু বাহিৰৰ এই অঞ্চলত শেষ হৈছে। বিভিন্ন কাৰণত এই ভেইনবোৰৰ মূৰবোৰত তেজ জমা হৈ যায়। ৰক্ত সঞ্চালনৰ কৰ্মই এইবোৰৰ পৰা দূষিত তেজবোৰ উলিয়াই নিব নোৱৰা হয়। ফলত সিৰৰ মূৰবোৰ ফুলি উঠে। ইয়েই অৰ্শৰোগ। অৰ্শ এনাছৰ ভিতৰ আৰু বাহিৰ দুয়োফালে হ’ব পাৰে। সাধাৰণতে ভিতৰফালে থাকিলে বাহিৰত নাথাকে। তেনেকৈ বাহিৰফালে থাকিলে ভিতৰত নাথাকিবও পাৰে। আকৌ দুই প্ৰকাৰে থকা দেখা যায়। তেজ যোৱা অৰ্শ(Bleeding Piles) আৰু তেজ নোযোৱা অংশ(Blind Piles)। ভিতৰ ভাগৰ অৰ্শৰ পৰা প্ৰায়ে তেজ ওলায়। অৰ্শৰোগ মানুহৰহে হয়। কাৰণ মানুহে দুই ভৰিৰে খোজকাঢ়ি ফুৰে। গুহ্যদ্বাৰ তলমুৱা হৈ থাকে। ভেইনবোৰৰ মূৰবোৰ তলমূৰ হৈ থাকে। সামান্য বাধা পালেই ৰক্ত সঞ্চালনত তেজবোৰ ঘূৰি নাযায়। জমা হয়। আকৌ শৌচ কচা হ’লে শৌচ হ’বৰ বাবে বল দিয়া স্বভাৱৰ বাবে তেজ ভেইনৰ মূৰত জমা(Enlarged Veins) হয়। কিন্তু জন্তুবোৰৰ অৰ্শ ৰোগ নহয়। কাৰণ সিহঁতৰ গুহ্যদ্বাৰ তলমুৱা নহয়। চাৰিও ঠেঙেৰে খোজ কাঢ়োঁতে অন্ত্ৰ আৰু ৰক্তবাহিকা নাড়ীৰ মূৰবোৰ অগাপিছাকৈ জোকাৰণি খাই থাকে আৰু সিৰৰ মূৰবোৰত তেজ জমা হ’ব নোৱাৰে। অৰ্শৰ লক্ষণ: গুহ্যদ্বাৰৰ বহিৰ ভাগত অৰ্শ দেখা যায় বা হাতেৰে লাৰি অনুভৱ কৰিব পাৰি। সিৰৰ ফুলি উঠা মূৰবোৰক অৰ্শৰ বলি বোলে। ই বিভিন্ন আকাৰৰ হ’ব পাৰে। ডাঙৰ, সৰু, সকলো এটা, বেছি বা থোপা বান্ধিও থাকিব পাৰে। বেছি সময় থিয় হৈ থাকিব লগা হ’লে অসহ্য যন্ত্ৰণা হয়। শৌচ কৰাৰ বাহিৰে অন্য সময়ত শৌচদ্বাৰ খজুৱাব পাৰে। শৌচদ্বাৰ ফুলা ফুলা যেন হয়। হুলে বিন্ধাৰ দৰে বেদনাও হ’ব পাৰে। শৌচদ্বাৰৰ ভিতৰফালে অৰ্শ থাকিলেও হাতৰ আঙুলি সোমাই লাৰি চাৰি অনুভৱ কৰিব পাৰি। গুহ্যদ্বাৰৰ ভিতৰভাগত খজুৱাব পাৰে। শৌচ কৰিবৰ সময়ত বিষায় আৰু তেজ পৰিব পাৰে। তেজ পৰিলে বিষ কমি যায়। শৌচ কৰোঁতে তেজ গৈ থকাৰ ফলত ৰোগী দুৰ্বল হৈ পৰে। অৰ্শ হোৱাৰ কাৰণ শৌচ কচা হোৱাটো এক মুখ্য কাৰণ বুলি আমি ওপৰত পাই আহিছো। ৫০ শতাংশতকৈ অধিক লোকৰ শৌচ কচা অসুখৰ বাবেই অৰ্শ ৰোগ হয়। অপুষ্টিৰ বাবেও অৰ্শ ৰোগ হ’ব পাৰে। যেতিয়া ৰোগীৰ, ৰক্তহীনতাত ভোগাৰ বাবে মলদ্বাৰত তেজৰ যোগান পৰ্যাপ্ত নহয়, মলদ্বাৰৰ দুৰ্বলতাৰ বাবে শৌচ জমা হৈ থাকে আৰু মলদ্বাৰৰ ভেইনবোৰত হেঁচা পৰি থাকে। ফলত এইবোৰত থোপা বান্ধিব পাৰে। সন্তানপ্ৰসৱা মাতৃৰো কেতিয়াবা অৰ্শ হোৱা দেখা যায়। অধিক শকত হৈ পৰা মানুহৰো গুহ্যদ্বাৰৰ ওপৰত পৰি থকা হেঁচাৰ বাবে ভেইন সিৰৰ মূৰ থেপা খাই যায় আৰু অৰ্শ ৰোগ হয়। কেৱল শৌচ কচাৰ বাবেই নহয় ডায়েৰিয়াত ভুগি থকাৰ বাবেও অৰ্শ ৰোগ হ’ব পাৰে। প্ৰকৃততে যকৃতৰ দুৰ্বলতাৰ বাবেই অৰ্শৰোগ হয়। কাৰণ খোৱা বস্তু ভালকৈ হজম নহয়। চিকিৎসা: অৰ্শ বা হেমোৰইডচ(Hemorrhoids) তিনিটা পৰ্যায়ত হোৱা দেখিবলৈ পোৱা যায়। প্ৰথম পৰ্যায়ৰ অৰ্শ(First Degree Hemorrhoids) এনাছৰ ভিতৰফালেই হয়, বহিৰত নহয়। বিষ-বেদনা কম। শৌচ হোৱাৰ পাছত তেজ পৰাটোৱে প্ৰধান লক্ষণ। দ্বিতীয় পৰ্যায়ৰ অৰ্শ(second Degree Hemorrhoids) শৌচ কৰিবৰ সময়ত গুহ্যদ্বাৰৰ বাহিৰলৈ ওলাই আহে। শৌচদ্বাৰৰ মুখ ফুলা ফুলা যেন লাগে আৰু অস্বস্তিকৰ বেদনাৰ সৃষ্টি কৰে। কিন্তু আপোনা-আপুনি ভিতৰ সোমাই যায়। তৃতীয় পৰ্যায়ৰ অৰ্শ(Third Degree Hemorrhoids) শৌচ কৰাৰ সময়ত বাহিৰলৈ ওলাই আহে। আৰু আপোনা-আপুনি ভিতৰ সোমাই নাযায়। আঙুলিৰে হেঁচুকি দিলেহে ভিতৰলৈ যায়। প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ অৰ্শত বেছি আঁহযুক্ত আহাৰ(High Degree Hemorrhoids) খাই শৌচ ঢিলা কৰিলেই আৰোগ্য হৈ যায়। যদি শৌচত তেজ পৰে তলত উল্লেখ কৰা ঔষধ ব্যৱহাৰ কৰিলে আৰোগ্য লাভ কৰিব। কিন্তু আঁহযুক্ত খাদ্য, চালাদ খাদ্য আদি খাই, শৌচ ঢিলা কৰি ৰখাৰ চেষ্টা চলি থাকিলেহে ৰোগ নিৰাময় হৈ থাকিব। ইচবগুল ৰাতি শোৱাৰ আগতে ২ চামুচ এগিলাচ পানীত লৈ খালে শৌচ ঢিলা হৈ থাকে। তৃতীয় পৰ্যায়ৰ অৰ্শ হ’লে পাছলৈ বাহিৰতে থকা হয় বা কষ্টৰে ভিতৰ সোমাব লগা হয়। বাঢ়ি থাকে বিষ, যন্ত্ৰণা অসহনীয় হয়। এই ধৰণৰ অৰ্শত আধুনিক চিকিৎসা ব্যৱস্থাৰে অস্ত্ৰোপচাৰ কৰি অৰ্শবোৰ গুচাই দিয়া হয়। ঘৰুৱা চিকিৎসা: শুকান ডিমৰু ২ টা ভাল পানীৰে ধুই ৰাতি পৰিষ্কাৰ পানীত তিয়াই থওক। ৰাতিপুৱা খালী পেটতে ডিমৰু দুটা খাওক। আকৌ দুটা ডিমৰু তিয়াই থওক আৰু আবেলি খালী পেটতে ৪-৫ মান বজাত খাওক। খোৱাৰ ১ ঘন্টা আগত আৰু ৩ ঘন্টা পাছলৈ অন্য কোনো বস্তু নাখাব, পানীও নাখাব। তেনেকৈ ১০ দিন খাওক অৰ্শ নিৰ্বাপিত হ’ব। ব্লাইণ্ড পাইলছ, ব্লিডিং পাইলছ যিয়েই নহওক ভাল হৈ যাব। দুপৰীয়া খোৱাৰ পাছত ডাঙৰ গিলাচেৰে এগিলাচ দৈৰ ঘোলত যনীৰ গুড়ি ডেৰ গ্ৰাম আৰু আধা গ্ৰাম সৈন্ধৱ লোণ খোৱা কৰক। কিছুদিন খালে যিকোনো ধৰণৰ অৰ্শ দূৰ হ’ব আৰু পুনৰ হোৱাৰ সম্ভাৱনাও নাথাকে। মই আগতে উল্লেখ কৰিছোঁ যে অৰ্শ বৰ বেদনাদায়ক অসুখ। অৰ্শৰ বলিবোৰত তীব্ৰ বেদনা হয়। এই বিষ বেদনাৰ উপশমৰ বাবে কৰ্পূৰ আৰু এৰাৰ তেল(Castor Oil) মিহলাই অৰ্শৰ ফুলা ফুলা মাংসপিণ্ড বা বলিৰ ওপৰত মালিচ কৰিব পাৰি। ১ গুণ কৰ্পূৰ আৰু ৮ গুণ এৰাৰ তেল লওক। এৰাৰ তেলখিনি সামান্য গৰম কৰি তাতে কৰ্পূৰখিনি দি লাৰি দিয়ক। কৰ্পূৰ গলি যাব। এতিয়া শৌচ কৰিবলৈ যোৱাৰ আগত আৰু শৌচ কৰি উঠি ভালকৈ ধুই লৈ বলিবোৰৰ ওপৰত এই তেল লগাই আঙুলিৰে লাহে লাহে মালিচ কৰি দিয়ক। শৌচ কৰি উঠি লগোৱাৰ সময়ত বলিবোৰৰ ওপৰত তেল বহু সময় ধৰি পিহি পিহি থাকি লগাওক। যাতে তেলবোৰ শুকাই যোৱা যেন হয়। বলিবোৰত তেল লগাব খোজোঁতে বিষ অনুভৱ হ’ব পাৰে। কিন্তু সহ্য কৰি পিহি থাকিলে পাছলৈ বিষৰ অনুভৱ নাথাকে। দুই-তিনিদিন লগালে শৌচ কৰোঁতে বাহিৰ ওলোৱা বলি বা মাংসপিণ্ডবোৰ আপোনা-আপুনিয়ে ভিতৰলৈ যোৱা হ’ব। অৰ্থাৎ তৃতীয় পৰ্যায়ত অৰ্শ দ্বিতীয় পৰ্যায়লৈ উপশম হ’ব। বিষ বেদনা সহ্য হোৱা হ’ব। এমাহ, দুমাহ, ছমাহ একেৰাহে তেল মালিচ কৰি থাকিলে যন্ত্ৰণা নোহোৱা হয়। বলিবোৰো বহি যায়। এই কৰ্পূৰ-এৰাৰ তেলৰ মালিচ গুহ্যদ্বাৰৰ অন্যান্য অসুখ ভগন্দৰ(Fistula) আৰু ফাট(Fistula) আদিতো ব্যৱহাৰ কৰিব লাগে। বিষ-বেদনাৰ উপশম হ’ব আৰু ৰোগ আৰোগ্যৰ পথলৈ আহিব। অৰ্শৰ বাবে আজিকালি, এলোপেথিক ভাল মলম বজাৰত পোৱা যায়। এইবোৰ বেছি কাৰ্যকৰী। অৰ্শৰ ওপৰত বেজিৰেও চিকিৎসা কৰা হয়। তেজ যোৱা অৰ্শ হ’লে: শুকান নাৰিকলৰ বাকলিৰ জাবৰ পুৰি লোৱা ছাঁই(নাৰিকলৰ জঁটাভস্ম) আধা চামুচ(২-৩ গ্ৰাম) কৈ দিনত খালী পেটত তিনিবাৰ ডেৰ কাপ দি বা ঘোল আৰু অলপ মিছিৰিৰ সৈতে খাওক। কেৱল এদিনেই খাওক। অৰ্শ নিৰাময় হ’ব। পাছত আৰু এই ঔষধ আৱশ্যক নহয়। যদি ব্যৱহাৰ কৰি আৰু খোৱাৰ প্ৰয়োজন বুলি ভাবে পাছৰ দিনা এক ডোজ খাব পাৰে। ৰক্তস্ৰাৱ বন্ধ হৈ যাব। এই নাৰিকলৰ জটাভস্ম খালে যিকোনো ধৰণৰ আৰু যিকোনো অৱস্থাৰ অৰ্শ আৰোগ্য হয়। কেৱল অৰ্শই নহয় যিকোনো ধৰণৰ ৰক্তস্ৰাৱ, মহিলাৰ অতিৰজ: আৰু বগাস্ৰাৱ নিৰাময় হয়। তেজ বমি, শৌচত তেজ যোৱা, নাকেৰে তেজ যোৱা আদি সকলো ধৰণৰ অসুখত প্ৰমাণিত অব্যৰ্থ ঔষধ। হিকটি, বমি আদি ৰোগতো ই অব্যৰ্থ। এইবোৰ ৰোগত ভস্ম ২ চামুচ খাব লাগে। ইয়াৰ কোনো অশুভ পাৰ্শ্ব প্ৰতিক্ৰিয়া নাই। এই ঔষধটো মহাৰাষ্ট্ৰৰ এজন বয়োবৃদ্ধ কবিৰাজে আৱিষ্কাৰ কৰিছিল। সহায়ক চিকিৎসা: আধাকাপ পিঁয়াজৰ ৰসৰ লগত ১ চামুচ গৰুৰ গাখীৰৰ ঘিউ আৰু ২ চামুচ চেনি মিহলাই ৰাতিপুৱা আৰু গধূলি খুৱাওক। উপকাৰ পাব। ক’লা তিল আৰু মাখন খালে উপকাৰ হয়। তেজ যোৱা অৰ্শত দৈৰ লগত পিঁয়াজ বটা খালে ভাল ফল দিয়ে। এগিলাচ দৈত এটা পিঁয়াজ বটা খাব খাব পাৰি। তেজ যোৱা বা নোযোৱা যি অৰ্শই নহওক মূলা বৰ উপকাৰী। পাতৰ সৈতে বা কেৱন মূলাৰ ৰস ২৫-৫০ মি:লি: একেৰাহে কিছুদিন খালে অৰ্শ নিৰ্বাপিত হয়, লগতে তেজো পৰিষ্কাৰ হৈ যায়। কেঁচা বেল পুৰি খালে অৰ্শ ভাল হয়। ৰাতি শোৱাৰ সময়ত ১-২টা পকা কল খাওক। উপকাৰ পাব। অৰ্শত বৰকৈ তেজ যাব ধৰিলে উপবাস দিব। পথ্য: মূলাৰ তৰকাৰি, বিট, ফুলকবি আৰু সেউজীয়া শাক-পাচলি সুপথ্য। যি খাদ্যই শৌচ ঢিলা কৰি ৰাখে সেই সকলোবোৰেই সুপথ্য। অপথ্য: মাংস, কণী, বেছি তেল-মছলা দিয়া খাদ্য নাখাব। বজৰুৱা শুকান খাদ্যবোৰো ভাল নহয়। বেছি সময় খোজকাঢ়ি বা থিয় হৈ নাথাকিব। সুৰক্ষা: সপ্তাহত এদিন এসাঁজত কেৰেলাৰ পাতৰ শাক খালে অৰ্শ, কৃমি, পিত্ত বিকাৰ আদি নহয়। লেখক-ব্ৰজনাথ শৰ্মা