নাৰীৰ এনে কিছুমান ৰোগ আছে, যিবোৰ সময়মতে ধৰা নপৰিলে শাৰীৰিক অৱস্থা জটিল হৈ ভৱিষ্যতে সংকটাপন্ন অৱস্থাৰ মুখামুখী হ’বলগীয়া হয়। তেতিয়া গোটেই জীৱনজুৰি কষ্ট কৰাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। ফলত ৰূপ-যৌৱন হেৰুৱাই ‘কুৰিতে বুঢ়ী’ হোৱাৰ সম্ভাৱনাই দেখা দিয়ে।

তিৰোতা মানুহৰ বা ছোৱালীৰ ঋতুস্ৰাৱ চক্ৰৰ যিকোনো সময়তে যোনি পথেদি বগা ৰস নিঃসৰণ হ’লে (প্ৰস্ৰাৱৰ বাহিৰে) তাকে ‘লিউকোৰিয়া’ বোলা হয়।

কিয় হয় ?

যিসকল তিৰোতাৰ ডায়েবেটিছ বা কৃমি ৰোগ থাকে সেইসকলক অতি কম সময়ৰ ভিতৰতে এই ৰোগে আক্ৰমণ কৰিব পাৰে। এই ৰোগবিধ কম বয়সীয়া ছোৱালীৰ (সাধাৰণতে ১৩-১৫ বছৰ) দেহত বেছিকৈ হ’ব পাৰে।

এই ৰোগ হোৱাৰ কাৰণ কি ?

এই ৰোগ হোৱাৰ কাৰণসমূহ ভালদৰে জনা নাযায় যদিও লেতেৰা কাপোৰ-কানি পিন্ধিলে আৰু অপৰিষ্কাৰভাৱে থাকিলে হ’ব পাৰে। সেয়েহে ব্যৱহাৰ কৰা কাপোৰবোৰ সিজাই লৈ ধোৱা প্ৰয়োজন।

উপসৰ্গসমূহঃ

নাৰীৰ যৌনাংগৰ ওচৰে-পাঁজৰে খজুৱাই থকা, বাবে বাবে প্ৰস্ৰাৱ কৰিবলৈ যাবলৈ ইচ্ছা লগা, শৰীৰৰ দুৰ্বল ভাব, হাত-ভৰিৰ বিষ, জ্বৰ, তল পেটৰ বিষ, গাটো ৰিমজিম লগা ইত্যাদি। তদুপৰি জৰায়ুত ঘা হোৱা আৰু সন্তান জন্ম হোৱাৰ সময়ত নানা ধৰণৰ কষ্ট হোৱা দেখা যায়।

এই ৰোগৰ চিকিত্সা নকৰিলে কি হয় ?

এই ৰোগৰ চিকিত্সা কৰা নিতান্তই আৱশ্যক। চিকিত্সা নকৰিলে বহু দিনৰ পাছত নানা ৰোগ হোৱা দেখা যায়। চিকিত্সা কৰোঁতে ডাক্তৰৰ পৰামৰ্শ ল’ব লাগে। চিকিত্সা একেবাৰে নোলোৱাকৈ থাকিলে কোনো কোনো ক্ষেত্ৰত কেঞ্চাৰ হ’ব পাৰে। সেয়েহে প্ৰাৰম্ভিক অৱস্থাতে চিকিত্সা ল’ব লাগে।

কেঞ্চাৰৰ সৈতে সম্বন্ধ আছেনে ?

এই ৰোগত ভুক্তভোগী মহিলাগৰাকীৰ বয়স অলপ বেছি হ’লেই অৰ্থাত্ ৪০-৫০ বছৰৰ ওপৰৰ হলেই কেঞ্চাৰ হোৱাৰ সম্ভাৱনাই দেখা দিয়ে। ফলত এই ৰোগৰ পৰা মুক্তি পোৱা অসম্ভৱ হৈ পৰে। সেই সময়ত প্ৰস্ৰাৱৰ সৈতে এবিধ বীজলুৱা পদাৰ্থ বাহিৰ হয়। যদিহে তাৰ আগতে অসুখটো ধৰা পৰে, তেনেহ’লে অস্ত্ৰোপচাৰ কৰি ভাল হোৱাৰ উপায় আছে। এইক্ষেত্ৰত আমাৰ দেশত মহিলাসকল একেবাৰে সচেতন নহয় বুলিয়েই কব লাগিব। কাৰণ উন্নত দেশসমূহত নাৰীসকলে ৩৫ বছৰ বয়স পাৰ হৈ গ’লে এক নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে স্বাস্থ্য পৰীক্ষা কৰায়। যদিহে তেনে দেশসমূহত কোনো নাৰী এই ৰোগত আক্ৰান্ত হোৱা ধৰা পৰে, তেনেহ’লে শীঘ্ৰেই অস্ত্ৰোপচাৰৰ ব্যৱস্থা কৰি ৰোগটিৰ কবলৰ পৰা মুক্তি লাভ কৰে। যদিহে অতি কম বয়সীয়া ছোৱালীৰ (১৩-১৪) এই বেমাৰ হয়, তেনেহ’লে ইয়াক মোনোলিয়া বুলি কোৱা হয়। প্ৰস্ৰাৱৰ বৰণ দৈৰ নিচিনা বগা হয়। যৌনাংগত অত্যন্ত খজুৱতি, বিষ আৰু ঘা হৈ যায়। ৪০-৪৫ বছৰ বয়সত এই ৰোগবিধ হ’লে টাইপোমোনোলিয়া বুলি কোৱা হয়। সাধাৰণতে বিবাহিত স্ত্ৰীৰ ক্ষেত্ৰতহে এনে ৰোগ হোৱা দেকা যায়। এনেকুৱা ৰোগীৰ স্ৰাৱ বগা আৰু পাতল ধৰণৰ হয়। স্বামী আৰু স্ত্ৰীৰ যৌনমিলন হোৱাৰ হেতুকে স্বামীৰো এই ৰোগ হোৱাৰ সম্ভাৱনা থাকে। সেয়েহে স্বামী আৰু স্ত্ৰী উভয়কে এইক্ষেত্ৰত পৰীক্ষা কৰা হয়।

সাদৃশ্য থকা আন ৰোগঃ

নিবন্ধটিৰ প্ৰথমতেই উল্লেখ কৰা হৈছে যে স্ত্ৰীৰ যৌনাংগৰ পৰা নিঃসৰিত ৰসৰ পৰিমাণ বৃদ্ধি হ’লেই তাকেই ‘লিউকোৰিয়া’ বুলি কোৱা হয়। কিন্তু নাৰীৰ দেহত হোৱা আন কেতবোৰ ৰোগতো কেতিয়াবা যৌনাংগৰ পৰা পূঁজযুক্ত ৰসৰ অধিক পৰিমাণে উত্পত্তি হ’ব পাৰে। তেনে কিছু ৰোগ হ’ল ট্ৰাইকোমোনিয়াছছ, মনিলিয়াছছ, ইউৰিনাৰী ফিষ্টুলা আদি। আনকি স্বাভাৱিক অৱস্থাতো কেতিয়াবা সামান্য বা মজলীয়াভাৱে স্ত্ৰী যৌনাংগৰ পৰা নিঃসৰিত ৰসৰ পৰিমাণ বাঢ়িব পাৰে। উদাহৰণস্বৰূপে গৰ্ভৱতী অৱস্থাৰ বা ঋতুস্ৰাৱৰ ঠিক আগে আগে এনে হ’ব পাৰে। এইখিনিতে উল্লেখ কৰা ভাল হ’ব যে স্ত্ৰীৰ যৌনাংগৰ ৰস নিঃসৰণৰ হাৰ নিৰ্ভৰ কৰে ইষ্ট্ৰোজেন নামৰ হৰম’নবিধৰ ওপৰত। এই হৰম’নবিধে যৌনাংগৰ ভিতৰত নানা ৰাসায়নিক দ্ৰব্যৰ তাৰতম্য ঘটাই তাত থকা ৰস নিঃসৰণৰ পৰিমাণ নিৰ্ধাৰণ কৰে।

এই ৰোগ নিৰাময়ৰ উপায় কি ?

এই ৰোগ নিৰাময় কৰাৰ আগতে কৃমি বা ডায়েবেটিছ ৰোগৰ চিকিত্সা একান্ত প্ৰয়োজনীয়। তাৰ পাছত চিকিত্সকৰ পৰামৰ্শ ল’ব লাগে। প্ৰতিখন চিকিত্সালয়তে এই ৰোগৰ স্ক্ৰিনীঙৰ বাবে সুবিধা থাকিব লাগে। ছোৱালীবোৰৰ মাজত এই ৰোগৰ বাবে কৰা স্ক্ৰিনীং প্ৰথা এটা অতি সহজলভ্য উপায়। তদুপৰি তলত দিয়া উপায়সমূহ অৱলম্বন কৰিলে এই ৰোগ পৰা সকাহ পাব পাৰি।–

(১) ভেজাইনেল ইৰিগেচনঃ এইক্ষেত্ৰত ৰবৰৰ নলীৰে নিৰ্মিত ডাউচ নামৰ যন্ত্ৰ এটা ব্যৱহাৰ কৰা হয়। ইয়াৰ দ্বাৰা অধিক পৰিমাণত নিঃসৰিত যৌনাংগৰ ৰস পৰিষ্কাৰ কৰা হয় আৰু কেতবোৰ বিশেষ ধৰণৰ বীজাণুনাশক দ্ৰব্য স্ত্ৰীৰ যৌনাংগৰ সংস্পৰ্শলৈ অনা হয়।

(২) পেছাৰীৰ সহায়ত ইষ্ট্ৰোজেন নামৰ হৰম’নবিধ দৰব হিচাপে যৌনাংগত লগোৱা হয়। ই যৌনাংগত থকা গ্লাইকোজেনৰ পৰিমাণ বঢ়োৱাৰ উপৰি বেঢ়খনৰ অম্লতাৰ পৰিমাণ বৃদ্ধি কৰে। কাচিত্হে লিউকোৰিয়া ৰোগীক হস্পিতালত ভৰ্তি কৰিবলগীয়া হয়। আনহাতে যদিহে ৰোগ বৃদ্ধি হয়, তেনেহলে Swab ৰ সহায়ত যৌনাংগৰ ৰস কালচাৰ নামৰ পৰীক্ষা কৰি তাৰ ফলাফলৰ ওপৰত নিৰ্ভৰ কৰি এণ্টিবায়’টিক আদি দৰব দিয়া হয়।

(উত্সঃ অসমীয়া খবৰ, লেখকঃ ডাঃ মিহিৰ কুমাৰ গোস্বামী)।