সমগ্ৰ বিশ্বৰ ভিতৰত আমাৰ ভাৰতবৰ্ষত প্রায় ৬২ মিলিয়ন লোকেই মধুমেহ ৰোগত আক্রান্ত। দুখৰ বিষয়, প্রায় ১ মিলিয়ন লোকে এই ৰোগত আক্রান্ত হৈ প্রতিবছৰে মৃত্যুবৰণ কৰে। সেয়ে এই ৰোগ নিৰাময়ৰ বাবে প্রতিজন নাগৰিকে নিজেই চেষ্টা কৰা উচিত। সতর্ক হ’বলৈ মধুমেহ ৰোগ কিয় আৰু কেনেকৈ হয় তাৰ বিষয়ে জানিব লাগিব।

শাৰীৰিক পৰিশ্রম বা ব্যায়ামৰ অভাৱ।

অধিক মাত্ৰাত খাদ্যগ্রহণ কৰা বাবে হজম হ’বলৈ অসুবিধা হয়।

মানসিক চাপ।

অতিমাত্ৰাত টোপনি যোৱা।

খাদ্যত চেনি তথা অধিক মাত্রাত তেল, ঘিউ আদি সেৱন কৰা।

অধিক মাত্ৰাত প্ৰ’টিন তথা চর্বিজাতীয় খাদ্যগ্রহণ কৰিলে।

লক্ষণ

বহু সময়ত এই ৰোগৰ লক্ষণ ধৰিব পৰা কঠিন। তথাপিও

সঘনাই প্রস্রাৱ লগা।

বাৰে বাৰে পানী পিয়াহ লগা।

ভোক লগা।

ওজন বঢ়া।

ওজন হঠাৎ কমি যোৱা।

ভাগৰ লগা বাঢ়ি অহা।

চকুৰে স্পষ্টকৈ নেদেখা।

কটা-চিঙা বহুদিনলৈ ভাল নোহোৱা।

দাঁতৰ আলু খজুওৱা বা ফুলি উঠা আদি।

উৎস: নন্দিনী।