ডায়েবেটিছ তেজত থকা চেনীৰ পৰিমাণ এটা নিৰ্দিষ্ট পৰিমাণতকৈ বাঢি গ’লে ডায়েবেটিছ ৰোগ হয়। এই ৰোগত, ব্যক্তি হঠাতে অজ্ঞান হৈ যাব পাৰে। তেজত চেনীৰ পৰিমাণ এটা নিৰ্দিষ্ট পৰিমাণতকৈ কমি গ’লেও এনে হব পাৰে। তেজত সঠিক পৰিমাণত চেনী দ্ৰবীভূত হৈ থকাটোৰ ওপৰতে মানুহ এজনে সজ্ঞানে থকাটো নিৰ্ভৰ কৰে। নিয়মিত পৰীক্ষা কৰি নথকা বা ডায়েবেটিছৰ চিকিৎসা নকৰা ব্যক্তি এজনৰ তেজত লাহে লাহে চেনীৰ পৰিমাণ বাঢ়ি গৈ থাকে আৰু নিৰ্দিষ্ট পৰিমাণতকৈ বাঢ়ি গলেই ব্যক্তিজনে জ্ঞান হেৰুৱাই পেলায়। যিসকল ব্যক্তিয়ে ইনছুলিন লৈ এই ৰোগৰ চিকিৎসা কৰি থাকে। তেনে ব্যক্তি কেতিয়াবা অজ্ঞান হৈ যায়। ক’মা অৱস্থাও হব পাৰে ইনছুলিনে তেজত চেনীৰ পৰিমাণ কমাই দিয়ে। যদি ইয়াৰ ফলত চেনীৰ মাত্ৰা বেছি কমি যায়, তেতিয়া ব্যক্তিজন অজ্ঞান হৈ যায়। কেইটামান চেকেণ্ডৰ ব্যৱধানতেই হঠাতে অজ্ঞান হৈ যাব পাৰে। এনে সময়ত আক্ৰান্ত ব্যক্তিগৰাকীৰ কথাবোৰ অস্পষ্ট হৈ যায়। তেওঁ খিংখিঙিয়া হৈ উঠিব পাৰে। ব্যৱহাৰ পাতিতো পৰিৱৰ্তন হয়। এনে ব্যক্তিয়ে এবাৰ জ্ঞান হেৰুৱাৰ পাছত উপযুক্ত চিকিৎসা নাপালে ক্ৰমান্বয়ে ক’মা অৱস্থালৈ গতি কৰে। যত্ন কথা লাগি ধৰা বা অস্পষ্ট হোৱা, খিংখিঙিয়া আচৰ আদি দেখাৰ লগে লগে আক্ৰান্ত ব্যক্তিগৰাকীক চেনী খাবলৈ দিব লাগে। ব্যক্তিগৰাকী অজ্ঞান হৈ গ’লে একো বস্তু খুৱাবলৈ যত্ন কৰিব নালাগে। চিকিৎসকক মাতি পঠিয়াব লাগে। নতুবা অনতি পলমে চিকিৎসালয়লৈ নিব লাগে। অজ্ঞান ব্যক্তিজনক ৰিকভাৰি পজিচনত ঘূৰাই শুৱাই দিব লাগে। শ্বাস নলীত যাতে বাধা নাপায়, সেইটো লক্ষ্য কৰিব লাগে। অজ্ঞান অৱস্থাত ব্যক্তিগৰাকীক অকলশৰীয়াকৈ ৰাখিব নালাগে। উৎস: আইএনডিজি দল