ব্ৰেইন টিউমাৰ বুলি ক’লে সাধাৰণতে মানুহৰ মনত এক ভয়ংকৰ সংশয় জাগি উঠে। আজিৰ পৰা আশী-নব্বৈ বছৰৰ আগত মগজুত টিউমাৰ হ’লে নিৰাময়ৰ উপায় নাছিল। সেয়ে এই ৰোগৰ লক্ষণবোৰক সাবটি ৰোগীয়ে অকাল মৃত্যুক আঁকোৱালি ল’বলগীয়া হৈছিল। কিন্তু আজিৰ একবিংশ শতিকাত এই ছবিখনৰ অভূতপূৰ্ব পৰিৱৰ্তন হৈছে। বিজ্ঞানৰ অৱদানৰ স্বৰূপে আৰু বহু উন্নত প্ৰযুক্তিবিদ্যাৰ সুবাদত ব্ৰেইন টিউমাৰ নিৰাময়ত ৭০-৭৫ শতাংশ সাফল্য লাভ কৰিব পৰা হৈছে। সেয়ে আজিৰ দিনত এই ব্যাধিক অদৃশ্যজনে দিয়া মৃত্যুৰ বৰ বা অভিসম্পাত বুলি ভবাৰ থল নোহোৱা হৈছে।

ব্ৰেইন টিউমাৰ কিয় হয়?

অত্যাধুনিক প্ৰযুক্তিবিদ্যাৰ অকল্পনীয় প্ৰসাৰৰ পিছতো ব্ৰেইন টিউমাৰ কিহৰ পৰা হয় এতিয়ালৈকে উদ্ভাৱন কৰিব পৰা হোৱা নাই। মগজুত টিউমাৰ সৃষ্টিৰ আৰঁত-ৰেডিয়েচন(অৰ্থাৎ কৰ্কটৰ দৰে ৰোগ নিৰাময়ৰ উদ্দেশ্যে, ৰনজেন, অতি বেঙুনীয়া, গামা আদি ৰশ্মি বা ৰেডিঅ’ তৰংগ শৰীৰৰ ভিতৰলৈ নিক্ষেপ কৰা কাৰ্য) বা আনুবংশিক কিছু কাৰক পৰিলক্ষিত হৈছে। কিন্তু ইয়াৰ সঠিক কাৰণ এতিয়াও গৱেষণাগাৰত চৰ্চিত বিষয় হৈয়ে ৰৈছে। হয়তো অদূৰ ভৱিষ্যতে প্ৰকৃত কাৰণ আৱিষ্কাৰ হ’ব।

ব্ৰেইন টিউমাৰৰ বিষয়ে জনাৰ আগতে মগজুৰ আন্তঃগাথঁনিৰ বিষয়ে কিছু কথা জনা উচিত। আমাৰ মগজুৰ স্নায়ুকোষবোৰক মোটামুটিভাৱে তৰা মাছৰ আকাৰৰ লগত তুলনা কৰিব পাৰি। মাথোঁ পাৰ্থক্য ইমানেই যে তৰা মাছৰ বাহু সদৃশ স্পৰ্শবোৰৰ দৈৰ্ঘ্য সম আকাৰৰ দেখা যায়। কিন্তু মগজুৰ স্নায়ু কোষবোৰ স্পৰ্শবোৰৰ দৈৰ্ঘ সমান নহয়, এইবোৰৰ এডাল আকৌ সকলোতকৈ বেছি দীঘল হয়, যাক কোৱা হয় এক্সন। দীঘল শুং সদৃশ এক্সনৰ মাজেৰে শৰীৰৰ বিভিন্ন তথ্য বা নিৰ্দেশনাবিলাক অহা-যোৱা কৰে।

মৌলিক স্নায়ুকোষক নিউৰন বুলি কোৱা হয়, যিবোৰৰ কেতিয়াও বিভাজন বা নতুনকৈ সৃষ্টি নহয়। এইটো নিউৰন কোষৰ বৈশিষ্ট্য। সেয়ে ইয়াৰ পৰা কোনো ধৰণৰ টিউমাৰ সৃষ্টি হ’ব নোৱাৰে। নিউৰনবোৰৰ সহায়কাৰী হিচাপে চাৰিপ্ৰকাৰৰ কোষ থাকে আৰু এক্সনৰ সহায়কাৰী হিচাপে আন একপ্ৰকাৰৰ কোষ থাকে। সেইবোৰ হ’ল-

ক)এছট্ৰ’ছাইট,

খ)অ’লিগ’ ডেণ্ড্ৰছাইট,

গ)এপিনডাইমেল চেল,

ঘ)মেক্ৰ’গেলিয়া,

ঙ)স্বৱান চেল।

এই নিউৰন আৰু সহায়কাৰী কোষেৰে মগজুৰ সৃষ্টি হয়। নিউৰনৰ সহায়কাৰী কোষ চাৰিবিধিক সমূহীয়াকৈ গ্লায়েল চেল আৰু ইয়াৰ পৰা ওলোৱা টিউমাৰক সমূহীয়াকৈ গ্লায়মা বুলি কোৱা হয়।

মগজুটো সুৰক্ষিত কৰি ৰখাৰ বাবে ইয়াৰ ওপৰত কেইবাখনো আৱৰণ আছে, যাক কোৱা হয় মেনিনজেছ। মগজুৰ এই আৱৰণ বাহিৰৰ পৰা ভিতৰলৈ তিনিখলপীয়া-

ক)ডুৰা মেটাৰ,

খ)এৰাকনয়ড মেটাৰ,

গ)পায়া মেটাৰ।

মগজুত নিউৰনৰ উপৰি কিছুমান হৰমোন সৃষ্টিকাৰক গ্ৰন্থি থাকে, যেনে:

পিটুইটাৰী গ্ৰন্থি, পিনিয়েল গ্ৰন্থি।

সহায়কাৰী কোষ, আৱৰণৰ কোষ আৰু গ্ৰন্থিত থকা যিকোনো কোষৰ পৰা ব্ৰেইন টিউমাৰ হ’ব পাৰে। সাধাৰণতে ব্ৰেইন টিউমাৰবোৰক নিম্নলিখিত ধৰণে বুজিব বা ভগাব পাৰি।

ক)এষ্ট্ৰ’ছাইট কোষৰ পৰা উদ্ভুত টিউমাৰ: এষ্ট্ৰছাইট’মা।

খ)অলিগ’ডেণ্ড্ৰছাইটৰ পৰা অলিগ’ডেণ্ড্ৰগ্লায়মা।

গ)এপিডাইমেল চেল: এপেনডাইমমা।

ঘ)ডুৰা মেটাৰ, এৰাকনয়ড মেটাৰ পায়া মেটাৰৰ পৰা উদ্ভুত টিউমাৰ: মেনিনজিয়মা।

ঙ)পিটুইটাৰী গ্ৰন্থি কোষৰ টিউমাৰ: পিটুইটাৰী টিউমাৰ।

চ)পিনিয়েল গ্লেণ্ড: পিনিয়েল টিউমাৰ।

আন কিছুমান টিউমাৰ আছে, যিবোৰৰ উৎপত্তিৰ প্ৰকৃত উৎস এতিয়াও গৱেষণাধীন হৈ আছে। সেইবোৰ হ’ল-

*ক্ৰেনিঅ’ফেৰিন জিঅ’মা,

*এপিডাৰময়ড,

*ডাৰময়ড,

*কল্লয়ড ছিষ্ট,

*নিউৰছাইট’মা,

*প্ৰিনিটিভ নিউৰ- এক্ট’ডাৰমেল টিউমাৰ(পি এন ই টি),

*জাৰ্ম চেল টিউমাৰ,

*হিমানজিঅ’ ব্লাষ্ট’মা,

*লিমফোমা,

*লাইপ’মা,

*কৰ’ডমা,

*মেলান’মা ইত্যাদি।

ব্ৰেইন টিউমাৰ কিমান প্ৰকাৰ আৰু ইয়াৰ আনুমানিক পৰিসংখ্যা:

বিভিন্ন গৱেষণাৰ পৰা অনুমান কৰা হৈছে যে প্ৰতিবছৰে প্ৰতি লাখ লোকৰ মাজৰ ১৪.৪ জন লোক ব্ৰেইন টিউমাৰত আক্ৰান্ত হ’ব পাৰে। সময়ৰ লগে লগে ইয়াৰ পৰিমাণ বাঢ়ি গৈ আছে। ব্ৰেইন টিউমাৰ বিভিন্ন দেশত বিভিন্ন মাত্ৰাত দেখা দিব পাৰে। তথ্য অনুসৰি এতিয়ালৈকে ভাৰ্জিনিয়া নামৰ দেশখনৰ অধিবাসীসকল আটাইতকৈ কম মাত্ৰাত ব্ৰেইন টিউমাৰত আক্ৰান্ত হয়। ভাৰ্জিনিয়াত প্ৰতি লাখ লোকৰ মাজত এবছৰত ৭-১০ জন লোকহে এই ৰোগত আক্ৰান্ত হোৱা দেখা যায়। আনহাতে, ক’ল’ৰেডো নামৰ দেশত প্ৰতিবছৰে প্ৰতি লাখত ২১-২২ জন লোক আক্ৰান্ত হয়। পৰিসংখ্যা মতে, পুৰুষৰ তুলনাত মহিলাসকল কিছু বেছি পৰিমাণে ব্ৰেইন টিউমাৰ ৰোগত আক্ৰান্ত হয়।

ব্ৰেইন টিউমাৰক বহলকৈ দুভাগত ভগাব পাৰি-

ক)মগজুৰ প্ৰাথমিক টিউমাৰ

খ)মগজুৰ আনুষংগিক টিউমাৰ।

প্ৰাথমিক টিউমাৰবোৰ মগজুৰ মূল কোষ বা ইয়াৰ আৱৰণৰ পৰা উদ্ভুত হয়। আনুষংগিক টিউমাৰবোৰ শৰীৰৰ(মগজুক বাদ দি) আন অংশত সৃষ্টি হৈ ৰক্তপ্ৰবাহত সঞ্চালিত হৈ মগজুত থিতাপি লয় আৰু পিছত বাঢ়িবলৈ আৰম্ভ কৰে। কেতিয়াবা কেতিয়াবা এনে টিউমাৰৰ উৎপত্তিস্থান ধৰা নপৰিবও পাৰে।

আমি ইয়াত সদ্যহতে মগজুৰ প্ৰাথমিক টিউমাৰৰ বিষয়েহে আলোচনা কৰিম। এই টিউমাৰক বহলকৈ পাঁচ ভাগত ভগাব পাৰি-

ক)গ্লায়মা: মগজুৰ কোষৰ পৰা ওলোৱা টিউমাৰ।

খ)মেনিনজিঅ’মা: মগজুৰ আৱৰণৰ পৰা ওলোৱা টিউমাৰ।

গ)জাৰ্ম কোষৰ টিউমাৰ।

ঘ)চেলাৰ টিউমাৰ।

ঙ)আনুষংগিক টিউমাৰ।

ইয়াৰে প্ৰথম চাৰিবিধ হৈছে মগজুৰ মুখ্য টিউমাৰ। এই টিউমাৰবোৰক আকৌ ভালেমান উপভাগত বিষাক্ত কৰা হৈছে। মগজুৰ এই মুখ্য চাৰিবিধ টিউমাৰক সিহঁতৰ উপ-ভাগসমূহৰ সৈতে ভৱিষ্যতলৈ বিতংকৈ আলোচনা কৰা হ’ব।

লেখক: ডাঃ নিতু কুমাৰ দাস(নিয়মীয়া বাৰ্তা)