বৃক্ক হৈছে আমাৰ শৰীৰৰ গুৰুত্বপূর্ণ অংগসমূহৰ ভিতৰৰ এটা। ইয়াৰ কামকাজৰ বিসংগতিয়ে মানুহক গুৰুতৰ অসুস্থতাৰ পযায়লৈ লৈ যাৱ পাৰে, আনকি মৃত্যু পর্যন্ত ঘটাব পাৰে। ইয়াৰ গঠন আৰু কাম-কাজ সমূহ অতি জটিল। ইয়াৰ দুটা অতি গুৰুত্বপূর্ণ কাম হৈছে শৰীৰৰ অনিষ্টকাৰী তথা বিষাক্ত বৰ্জনীয় পদার্থসমূহ শৰীৰৰ পৰা বাহিৰ কৰা আৰু শৰীৰত পানী, তৰল পদার্থ, খনিজ আৰু ৰাসায়নিক পদার্থসমূহৰ সন্তুলন বজাই ৰখা। বৃক্কৰ গঠন বৃক্কই বিষাক্ত বর্জনীয় পদার্থ আৰু অতিৰিক্ত পানীভাগ শৰীৰৰ পৰা অপসাৰণ কৰি মূত্ৰৰ সৃষ্টি কৰে। বৃক্কত সৃষ্টি হোৱা প্রস্ৰাৱ বা মূত্রবাহী নলী (ইউটেৰাৰ)য়েদি পাৰহৈ প্রস্ৰাৱনলী (ইউৰেখ্রা)য়েদি শৰীৰৰ পৰা বাহিৰ হৈ যোৱাৰ আগয়ে মূত্রাশয় (ব্লাডাৰ)লৈ বৈ যায়। অধিকাংশ লোকৰে (পুৰুষ আৰু মহিলা) দুটা বৃক্ক থাকে। বৃক্ক দুটা মানৱ শৰীৰৰ পেটৰ ওপৰলৈ পিছফালে ৰাজহাড়ৰ বিপৰীত ভালে অৱস্থিত (চিত্র চাওঁক)। ইহঁতক কামিহাড়ে নষ্ট হোৱাৰ পৰা সুৰক্ষিত কৰি ৰাখে। বৃক্কদ্বয় পেটৰ গভীৰতম ঠাইত সোমাই থাকে বাবে সাধাৰণতে ইয়াৰ অনুভৱ কৰিব পৰা নাযায়। বৃক্কদ্বয় হৈছে এযোৰ উৰহী (বীন)ৰ আকাৰৰ অংগ। প্রাপ্তবয়স্কলোকৰ ক্ষেত্ৰত বৃক্কদ্বয় প্রায় দহ ছেন্টিমিটাৰ দীঘল, ছয় ছেন্টিমিটাৰ বহল আৰু চাৰি ছেন্টিমিটাৰ ডাঠ। ইয়াৰ ওজন আনুমানিক ১৫০ ৰ পৰা ১৭০ গ্রাম। বৃক্কদ্বয়ত সৃষ্টি হোৱা মূত্র প্রস্ৰাৱবাহী নলীয়েদী মূত্রাশয়লৈ (ইউৰিনেৰী ব্লাডাৰ) বৈ যায়। এই প্রস্ৰাৱবাহী নলী হৈছে বিশেষ পেশীৰে গঠিত প্রায় ২৫ ছেন্টিমিটাৰ দীঘল এটা ফোপোলা টিউৱ। মুত্রাশয় হৈছে পেশীৰে গঠিত এটা ফোপোলা অংগ। যিটো পেটৰ নিম্নাংশত তথা আভ্যন্তৰীণ ভাগত পৰি থাকে। ই প্রস্ৰাৱৰ এক ভাণ্ডাৰ হিচাপে কাম কৰে। বৃক্কৰ অৱস্থান, গঠন আৰু কাম পুৰুষ আৰু মহিলাৰ ক্ষেত্ৰত একেই। • এজন প্রাপ্তবয়স্ক লোকৰ মূত্রাশয়ে ৪০০ৰ পৰা ৫০০ মিলি লিটাৰ প্রস্ৰাৱ ধাৰণ কৰিব পাৰে আৰু যেতিয়া ই ধাৰণ ক্ষমতাৰ উৰ্দ্ধতম সীমাত উপনীত হয় তেতিয়া এজন লোকে প্রস্ৰাৱ কৰাৰ প্ৰৱনতা অনুভৱ কৰে। • মুত্রাশয়ত জমা হোৱা মূত্র প্রস্ৰাৱ কৰাৰ সময়ত প্রস্ৰাৱ নলীয়েদি ওলাই যায়। মহিলাৰ প্ৰস্ৰাৱ নলী চুটি হোৱাৰ বিপৰীতে পুৰুষৰ প্রস্ৰাৱনলী অধিক দীঘল। শৰীৰৰ বাবে বৃক্ক দুটা কিয় প্রয়োজন?? আমি প্রতিদিনে বিভিন্ন পৰিমাণৰ আৰু প্রকাৰৰ খাদ্য সেৱন কৰো। আমাৰ শৰীৰৰ পানী, নিমখ আৰু অম্লৰ পৰিমানো প্রতিদিনেই ভিন্ন হয়।। খাদ্যৰ পৰা শক্তিলৈ ৰূপান্তৰকৰণৰ অবিৰত প্রক্রিয়াই শৰীৰত সৃষ্টি কৰে বিভিন্ন হানিকাৰক বিষাক্ত পদার্থ। এই কাৰকসমূহে শৰীৰত তৰল পদার্থ, ইলেকট্র লাইট আৰু এচিডৰ পৰিমানত ভাৰসাম্যহীনতাৰ পৰ্যায়লৈ লৈ যায়। অবাঞ্চিত বিষাক্ত পদাৰ্থৰ এই তাৰতম্যযুক্ত পৰিমাণে জীৱনলৈ ভাবুকি হ’ব পাৰে। বৃক্কদ্বয়ে হানিকাৰক আৰু বিষাক্ত অম্লীয় তথা বিষাক্ত পদাৰ্থসমূহ শৰীৰৰ বাহিৰলৈ উলিয়াই পঠিওৱাৰ বাবে প্ৰয়োজনীয় পৰিষ্কৰণ কাৰ্য সম্পন্ন কৰে। একে সময়তে বৃক্কদ্বয়ে শৰীৰত প্ৰয়োজনীয় পানী, ইলেক্ট্ৰ’লাইট আৰু এচিডৰ সঠিক সন্তুলন তথা মনো নিয়ন্ত্ৰণ তথা বাহাল ৰাখে। বৃক্ক দুটাৰ কাম-কাজ সমূহ কি কি? তেজ বিশুদ্ধীকৰণ তৰল আৰু খনীজ পদার্থসমূহৰ নিয়ন্ত্রণ ৰক্তচাপ নিয়ন্ত্রণ লোহিত ৰক্ত কণিকা (RBC)ৰ সৃষ্টি বৃক্কৰ প্রাথমিক কাম হৈছে প্রস্ৰাৱ সৃষ্টি কৰা আৰু তেজ পৰিস্কাৰ কৰা। বৃক্কই শৰীৰৰ বাবে অপ্রয়োজনীয় বর্জনীয় পদার্থ, অতিৰিক্ত নিমখ আৰু অন্যান্য পদার্থসমূহ অপসাৰণ কৰে। বৃক্কৰ গুৰুত্বপূর্ণ কামসমূহ তলত উল্লেখ কৰা হ’ল। বৰ্জনীয় পদাৰ্থৰ অপসাৰণ বর্জনীয় পদার্থসমূহ অপসাৰণ কৰি তেজ বিশুদ্ধিকৰণ প্রক্রিয়াটো হৈছে বৃক্কৰ অতি গুৰুত্বপূর্ণ কাম।আমি খোৱা খাদ্যত প্র’টিন থাকে।শৰীৰৰ বিকাশ আৰু আভ্যন্তৰীণ ভাগত হোৱা ক্ষয়-ক্ষতিৰ মেৰামতিৰ বাবে প্র’টিন অপৰিহার্য।কিন্তু শৰীৰে প্ৰ’টিন গ্রহন কৰাৰ লগে লগে ইয়াৰ ফলত বর্জনীয় পদার্থৰো সৃষ্টি হয়। শৰীৰত জমা হোৱা এই বর্জনীয় পদার্থবোৰ শৰীৰৰ বাবে বিষৰ দৰে। বৃক্কই তেজ পৰিশোধন কৰাৰ লগতে শৰীৰৰ বাবে অলাগতীয়াল বর্জনীয় পদার্থসমূহ প্ৰস্ৰাৱ ৰূপে শৰীৰ পৰা নিষ্কাষণ কৰে। ক্রিয়েটিনিন আৰু ইউৰিয়া হৈছে শৰীৰৰ বাবে দুটা অতি অলাগতিয়াল বর্জনীয় পদার্থ, মানৱ শৰীৰত যাৰ পৰিমান অতি সহজে জুখি উলিয়াৱ পাৰি। তেজত এই পদার্থবোৰৰ উপস্থিতিয়ে বৃক্কৰ কাম কাজ প্রতিফলিত কৰে। যেতিয়া দুয়োটা বৃক্কই বিফল হয় তেতিয়া তেজ পৰীক্ষা কৰিলে তেজত ক্রিয়েটিনিন আৰু ইউৰিয়াৰ পৰিমান বেছি পোৱা যায়। অতিৰিক্ত তৰল পদাৰ্থৰ অপসাৰণ বৃক্কৰ দ্বিতীয়টো প্রধান কাম হৈছে শৰীৰৰ অতিৰিক্ত পানীভাগ প্রস্ৰাৱ ৰূপে শৰীৰৰ পৰা বাহিৰ উলিয়াই শৰীৰত তৰল পদার্থৰ পৰিমান সন্তুলিত অৱস্থাত নিয়ন্ত্ৰণ কৰা আৰু শৰীৰত প্রয়োজনীয় পৰিমানৰ পানী ধৰি ৰখা। গতিকে বৃক্কদ্বয়ে শৰীৰত সঠিক পৰিমানৰ পানীৰ ব্যৱস্থা কৰে। প্রস্ৰাৱৰ সৃষ্টি পৰিশোধনৰ বাবে বৃক্কদ্বয়ে লাভ কৰে প্রতি মিনিটত ১২০০ মিঃলিঃ বা প্রতি দিনে ১৭০০ লিটাৰ তেজ। গ্ল'মেৰুলাছে সৃষ্টি কৰে প্রতি মিনিটত ১২৫ মিঃলিঃ বা প্রতি দিনে ১৮০ লিটাৰ প্রস্ৰাৱ। টিউবুলেছে তৰল পদার্থৰ ৯৯% (১৭৮ লিটাৰ) পুনঃশোষণ কৰে। ১-২ লিটাৰ প্রস্রাৱে ত্যাগ কৰে বৰ্জনীয় পদার্থ/ বিষাক্ত দ্রব্য আৰু অতিৰিক্ত খনীজ পদার্থ। যেতিয়া এই বৃক্কদ্বয় বিকল হয় তেতিয়া এই অতিৰিক্ত পানীভাগ প্রত্ৰাৱ ৰূপে অপসাৰণ কৰাৰ সামৰ্থ হেৰুৱাই পেলায়। শৰীৰত পানীৰ পৰিমান অধিক হ’লে ঘামৰ পৰ্যায়লৈ লৈ যায়। খনিজ আৰু ৰাসায়নিক পদার্থসমূহৰ ভাৰসাম্য ৰক্ষা বৃক্কই ছডিয়াম, পটেছিয়াম, হাইড্ৰ’জেন, কেলছিয়াম, ফছফৰাছ, মেগনেছিয়াম আৰু বাইকাবোনেটৰ নিচিনা খনিজ তথা ৰাসায়নিক পদার্থসমূহ নিয়ন্ত্ৰণৰ অন্য এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰে; আৰু শৰীৰৰ তৰল পদার্থবোৰৰ স্বাভাৱিক অৱস্থা বজাই ৰাখে। শৰীৰত ছ'ডিয়ামৰ মাত্রা সলনি হ’লে সংবেদনশীলতাত প্রভাৱ পৰিব পাৰে, আনহাতে পটেছিয়ামৰ পৰিমানত সাল-সলনি হ’লে হৃদস্পন্দন আৰু শৰীৰ পেশীৰ মাজত গুৰুতৰ প্ৰভাৱ পৰিব পাৰে। কেলছিয়াম আৰু ফছফৰাছৰ স্বাভাৱিক মান বাহাল ৰখাটো হাড় আৰু দাঁতৰ স্বাস্থ্যৰ বাবে অপৰিহার্য। ৰক্তচাপ নিয়ন্ত্রণ বৃক্কই বিভিন্ন হৰম’ন (ৰেনিন, এংগিঅ'টেনছিন, এল্ডোছটেৰণ, প্রষ্টাগ্লেনডিন ইত্যাদি) সৃষ্টি কৰে আৰু শৰীৰত পানী আৰু নিমখৰ পৰিমান নিয়ন্ত্রণ কৰে,যিয়ে ৰক্তচাপ নিয়ন্ত্ৰণত গুৰুত্বপূর্ণ ভূমিকা পালন কৰে। এজন বৃক্ক বিকল হোৱা ৰোগীৰ হৰম’ন সৃষ্টি ব্যাঘাতে শৰীৰ নিমখ তথা পানী নিয়ন্ত্ৰণত অসুবিধা সৃষ্টি কৰে যাৰ ফলত উচ্চ ৰক্তচাপ হয়। ৫) লোহিত ৰক্ত কণিকা সৃষ্টি বৃক্কত সৃষ্টি হোৱা ইৰিথ্র’পায়টিনে লোহিত ৰক্ত কণিকা (RBC) সৃষ্টি কৰাত এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰে বৃক্ক বিকল হ’লে ইৰিথ্র’পায়টিনৰ উৎপত্তি কম হয়, যিয়ে RBCৰ সৃষ্টি হ্রাস কৰে আৰু ফলত তেজত হিম'গ্লবিনৰ মাত্রা কম হয় (ৰক্তহীনতা)। ৰেচন প্রক্রিয়া বিকল হোৱা ৰোগীৰ ক্ষেত্ৰত ইৰিথ্র’পায়’টিনৰ সৃষ্টি কম হোৱা বাবে আইৰণ আৰু ভিটামিনৰ পৰিপূৰক প্রদান কৰা স্বত্বেও তেজত হিম'গ্লবিনৰ পৰিমান বৃদ্ধি নাপাব পাৰে। ৬) হাড় সুস্থ কৰি ৰখা বৃক্কই খাদ্যপ্রান (ভিটামিন) Dক ইয়াৰ সক্রিয় অৱস্থালৈ ৰূপান্তৰ কৰে, যিয়ে আমি খোৱা খাদ্যৰ পৰা কেলছিয়াম শোষণ কৰা, হাড় আৰু দাঁতৰ বিকাশ কৰা আৰু হাড় মজবুত কৰি ৰখাত অপৰিহার্য। বৃক্ক বিকল হোৱাৰ ফলত সক্রিয় খাদ্যপ্রান D হাস পোৱাৰ বাবে হাড়ৰ বিকাশো হ্ৰাস পায় আৰু দুর্বল হৈ পৰে। শিশুৰ বিকাশৰ গতি মন্থৰ হোৱাতো বৃক্ক বিকল হোৱাৰ প্রাথমিক লক্ষণ হ’ব পাৰে। তেজ কেনেকৈ বিশুদ্ধ কৰা হয় আৰু প্রস্ৰাৱ কেনেকৈ সৃষ্টি হয় ? তেজ বিশুদ্ধিকৰণ প্রক্রিয়াত বৃক্কই সকলো প্রয়োজনীয় উপাদান ধৰি ৰাখে আৰু অতিৰিক্ত তৰল, খনিজ আৰু বৰ্জনীয় পদার্থসমূহ সতর্কতাৰে ত্যাগ কৰে। প্রস্ৰাৱ সৃষ্টিৰ এই জটিল তথা বিস্ময়কৰ প্রক্রিয়াটো বুজি লওঁ আহক আপুনি জানে নে বিশুদ্ধিকৰণৰ বাবে দুয়োটা বৃক্কতে প্রতি মিনিটত ১২০০ মিঃলিঃ তেজ প্রৱেশ কৰে, যিটো হৃদপিণ্ডই পাম্প কৰি উলিয়াই দিয়া মুঠ তেজৰ ২০ শতাংশ ? গতিকে এদিনত ১৭০০ লিটাৰ তেজ পৰিশোধন হয়। এই বিশুদ্ধিকৰণ প্রক্রিয়া সম্পন্ন হয় নেফ্ৰ’ণ বুলি কোৱা এটা নিষ্কাশক গোটত । • প্রত্যেকটো বৃক্কতে থাকে প্রায় এক নিযুত নেফ্রণ। প্রত্যেকটো নেফ্ৰ’ণ গ্ল'মেৰুলাছ আৰু টিউবুলেছেৰে গঠিত। গ্ল'মেৰুলিয়ে সর্তকতামূলক নিষ্কাসনৰ বিশেষত্বৰে সৈতে ক্ষুদ্রৰন্ধবোৰেৰে নিষ্কাষিত কৰে। পানী আৰু ক্ষুদ্রাতিক্ষুদ্র উপাদান সমূহ এইবোৰৰ মাজেৰে সহজেই নিষ্কাষিত হয়। কিন্তু বৃহদাকাৰ লোহিতৰক্ত কণিকা, শ্বেত ৰক্ত কণিকা, প্লেটলেট, প্র’টিন ইত্যাদিবোৰ এই ৰন্ধবোৰৰ মাজেৰে পাৰ হৈ যাব নোৱাৰে। এই বাবে, স্বাস্থ্যৱান লোকৰ প্রস্ৰাৱত এই বৃহদাকাৰ উপাদানসমূহৰ উপস্থিতি নাথাকে। বৰ্জনীয় তথা হানিকাৰক পদার্থসমূহ আৰু অতিৰিক্ত পানীভাগ প্রস্ৰাৱৰূপে অপসাৰণ কৰা বৃক্কৰ প্রধান কাম । • প্রস্ৰাৱ সৃষ্টি হোৱাৰ প্রথম পযায়টো আৰম্ভ হয় গ্ল'মেৰুলিত, য’ত প্রতি মিনিটত ১২৫ মিঃলিঃ প্রস্ৰাৱ নিষ্কাষিত হয়।এইটো অতি আচৰিত কথা যে ২৪ ঘন্টাত ১৮০ লিটাৰ প্ৰস্ৰাৱ সৃষ্টি হয়।ইয়াত কেৱল বর্জনীয় পদার্থ, খনিজ আৰু বিষাক্ত উপাদানেই নাথাকে, ইয়াত শর্কৰা (গ্লুক’জ) অন্যান্য উপকাৰী উপাদানো থাকে। • বৃক্কই অতি দক্ষতাৰে পুনঃশোষণ প্রক্রিয়া সমাপন কৰে। টিউবুলেছত প্রৱেশ কৰা ১৮০ লিটাৰ তৰল পদার্থৰ পদার্থৰ ভিতৰত ৯৯ শতাংশ অতি সতৰ্কতাৰে পুন:শোষিত হয় আৰু কেৱল ১ শতাংশ তৰল পদার্থহে প্রস্ৰাৱ ৰূপে শৰীৰৰ পৰা ওলাই যায়। এই দক্ষতা সম্পন্ন প্রক্ৰিয়াৰ দ্বাৰা সকলো অপৰিহার্য উপাদান ১৭৮ লিটাৰ তৰল পদার্থ টিউবুলেছত পুনঃশোষিত হয় আৰু কেৱল ১-২ লিটাৰ পানীত বর্জনীয় পদার্থ, অতিৰিক্ত খনিজ পদার্থ আৰু অন্যান্য তেনে হানিকাৰক পদার্থসমূহ মূত্ৰ হিচাপে শৰীৰৰ বাহিৰৰ পৰা ওলাই যায়। বৃক্কৰ দ্বাৰা সৃষ্টি হোৱা মূত্র প্রস্ৰাৱবাহী নলীলৈ বৈ যায় আৰু মূত্রাশয়ৰ মাজেৰে পাৰ হৈ যায় আৰু অৱশেষত প্রস্ৰাৱ নলীয়েদি মূত্ৰ হিচাপে বাহিৰ ওলাই যায়। সুস্থ বৃক্কযুক্ত এজন লোকৰ প্ৰস্ৰাৱৰ পৰিমান ভিন্ন হ’ব পাৰে নে ? পাৰে । সেৱন কৰা পানীৰ পৰিমান আৰু জলবায়ুজনিত তাপমানে এজন সাধাৰণ লোকৰ প্ৰস্ৰাৱৰ পৰিমান নির্ণয় কৰে। যেতিয়া পানী সেৱন কৰাটো কম হয় তেতিয়া প্রস্ৰাৱ সংকুচিত হয় আৰু ইয়াৰ পৰিমান কমে (প্রায় ১৫০০ মিঃলিঃ) কিন্তু যেতিয়া যথেষ্ট পৰিমানে পানী সেৱন কৰা হয় তেতিয়া অধিক প্রস্ৰাৱৰ সৃষ্টি হয়। জহকালৰ অধিক তাপমানৰ ফলত শৰীৰৰ পৰা অধিক পৰিমানে ঘাম ওলায় যাৰ বাবে প্রস্ৰাৱৰ পৰিমান কম হয়। কিন্তু ইয়াৰ বিপৰীতে শীতকালত ওলোটাটো হয় – নিম্ন তাপমান, ঘামবিহীনতা, অধিক প্রস্ৰাৱ। স্বাভাৱিক পৰিমানে পানী সেৱন কৰা এজন ব্যক্তিৰ ক্ষেত্ৰত সৃষ্টিহোৱা প্রস্ৰাৱৰ পৰিমান ৫০০ মিঃলিটাৰতকৈ অধিক হোৱাত বৃক্কদ্বয়ৰ প্রতি মনোযোগ দিয়া আৰু ইয়াৰ বিষয়ে যাৱতীয় পৰীক্ষা- নিৰীক্ষাৰ যে প্রয়োজন আছে তাৰ এক স্পষ্ট ইংগিত দিয়ে। অধিক কম বা অধিক বেছি প্রস্ৰাৱৰ সৃষ্টি হোৱাটোৱে বৃক্ক দুটাৰ প্রতি মনোযোগ দিয়া আৰু ইয়াৰ কাৰণ বাছি উলিওৱাৰ প্রয়োজনীয় ইংগিত বহন কৰে। উৎস:বৃক্ক শৈক্ষিক প্ৰতিষ্ঠান