আজি এনে এটি অতি লাগতিয়াল বিষয়ৰ ওপৰত আলোকপাত কৰিব ওলাইছোঁ যাৰ বিষয়ে মানুহে আলোচনা কৰিবলৈ সংকোচ কৰে নাইবা এইটো এটা সাধাৰণ সমস্যা সহজে নিজে নিজেই ভাল হব বুলি ধৰি লয়৷ বিষয়টো হ'ল প্ৰসাবৰ সংক্ৰমণৰ দ্বাৰা হোৱা ৰোগ৷ প্ৰায় ৫০ শতাংশ মহিলাই নিজৰ জীৱন কালত এবাৰ নহয় এবাৰ প্ৰসাবৰ সংক্ৰমণত ভোগে৷ প্ৰাকৃতিকভাবে শাৰীৰিক গঠনৰ হেতুকে পুৰুষৰ তুলনাত নাৰীৰ প্ৰসাবৰ সংক্ৰমণ সংখ্যাগতভাবে বহুতো বেচি৷ মহিলাই বিশেষকৈ প্ৰজননক্ষম মহিলা যিসকলে নানান গৰ্ভনিৰোধক ব্যৱহাৰ কৰে তেনে আধুনিক জীৱন-শৈলী পালন কৰা মহিলাৰ এনে ৰোগ হোৱাৰ সম্ভাৱনা বেচি৷ থুলমূলকৈ এই ৰোগৰ ক্ষেত্ৰত ১জন পুৰুষৰ বিপৰীতে কমেও ৮গৰাকী মহিলা আক্ৰান্ত হয়৷ আন এটি গবেষক গোটৰ মতে ৫০ বছৰৰ তলৰ পুৰুষৰ ক্ষেত্ৰত বাৰ্ষিক প্ৰতি ১০ হেজাৰৰ ভিতৰত ৫ৰ পৰা ৮ জন পুৰুষৰ প্ৰসাবৰ সংক্ৰমণ হয়৷ কিন্তু ৬০বছৰৰ পিছত পুৰুষৰ প্ৰষ্টেটৰ সমস্যা, বাৰ্ধক্যজনিত শয্যাশায়ী হবলগীয়া অৱস্থা আদি কাৰণত পুৰুষৰো সংক্ৰমণ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়৷ মূত্ৰ প্ৰণালী কেনেদৰে গঠিত? *দুটিকৈ কিডনি, *এটি মূত্ৰাশয়(ইউৰিনেৰী ব্লাডাৰ), *কিডনি আৰু মূত্ৰাশয় সংযোগী দুডালকৈ নলী যাক ইউৰেটাৰ বুলে, *মূত্ৰাশয়ৰ পৰা প্ৰসাব নিৰ্গত হোৱা এটি নলী ইউৰেথ্ৰা (মূত্ৰ নলী)- এই সকলো মিলাই মূত্ৰ প্ৰণালী গঠিত৷ প্ৰাপ্তবয়স্ক পুৰুষৰ ইউৰেথ্ৰা গড় হিচাবে ৮ইঞ্চি হোৱাৰ বিপৰীতে মহিলাৰ ইউৰেথ্ৰাৰ দৈৰ্ঘ্য ২ইঞ্চি৷ পুৰুষৰ ইউৰেথ্ৰাক মূত্ৰাশয়ৰ দিশে প্ৰষ্টেট নামৰ গ্ৰন্থিয়ে আবৰি ৰাখে৷ প্ৰষ্টেটৰ অসুখ হলে প্ৰসাবৰ প্ৰবাহ বাধা প্ৰাপ্ত হৈ প্ৰসাবৰ সংক্ৰমণৰ সম্ভাৱনা বঢ়ায়৷ আকৌ মহিলাৰ ছুটি ইউৰেথ্ৰাইদি শৰীৰৰ বাহিৰৰ বীজাণু অনায়াসে মূত্ৰ প্ৰণালীত প্ৰবেশ কৰি সংক্ৰমণ ঘটাব পাৰে৷ প্ৰসাবৰ সংক্ৰমণৰ প্ৰকাৰ কি কি? চিকিৎসকসকলে- (১) তলৰ অংশৰ মূত্ৰ প্ৰণালীৰ সংক্ৰমণ আৰু (২) ওপৰৰ অংশৰ মূত্ৰ প্ৰণালীৰ সংক্ৰমণ - এই দুটা শ্ৰেণীত প্ৰসাবৰ সংক্ৰমণক বিভক্ত কৰিছে৷ যেতিয়া প্ৰসাবৰ সংক্ৰমণ মূত্ৰাশয়ৰ পৰা উজাই কিডনিলৈ বিয়পে তেনে ওপৰৰ অংশৰ মূত্ৰ প্ৰণালীৰ সংক্ৰমণক Urosepsis বুলে৷ এয়া এক গুৰুতৰ অৱস্থা পোনতে নিম্নগামী ৰক্তচাপ, শ্বক আদি হয় আৰু জীৱন-মৰণৰ সংকতে দেখা দিব পাৰে৷ হনিমুন চিষ্টাইটিচ হ'ল নতুনকৈ সংগমত লিপ্ত হোৱা মহিলাই প্ৰসাবৰ সংক্ৰমণত ভোগা অৱস্থা৷ সংক্ৰমণ কৰা সম্ভাব্য এজেন্ট কিছুমান হ'ল - সাধাৰতে শৌচদ্বাৰেদি নিৰ্গত হোৱা ই-কলাই (Escherichia coli) নামৰ বেক্টেৰিয়াৰ দ্বাৰা হোৱা প্ৰসাবৰ সংক্ৰমণ আটাইতকৈ বেচিকৈ হোৱা দেখা যায়৷ আন আন বেক্টেৰিয়া কিছুমান হ'ল- *Klebsiella, *Proteus, *Enterobacter, *Enterococci, *Streptococci, *Staphylococci, *Pseudomonas spp. আৰু *E. Faecalis, *S. Agalactiae, *Proteus mirabilis, *S. agalactiae ইত্যাদি৷ কেতিয়াবা অস্বাভাবিক বেক্টেৰিয়াই সংক্ৰমণ কৰাও দেখা যায়৷ আকৌ ইউৰেথ্ৰাত Chlamydia আৰু Mycoplasma বেক্টেৰিয়াই সংক্ৰমণ কৰে৷ কাচিৎ ভাইৰাচ আৰু ফাংগাছে আক্ৰমণ কৰিও প্ৰসাবৰ সংক্ৰমণ কৰিব পাৰে৷ সংক্ৰমণৰ কাৰক কিছুমান - *অনিয়ন্ত্ৰিত বহুমূ্ত্ৰ ৰোগ *বৃদ্ধ বয়স- শাৰীৰিক দূৰ্বলতা, প্ৰষ্টেটে কৰা সমস্যাৰ বাবে *অপাৰেচন বা ৰোগৰ বাবে দীৰ্ঘকাল শয্যাশায়ীহৈ থকা অৱস্থা *মেনপোজ- অইষ্ট্ৰজেনৰ অভাৱ *গৰ্ভাৱস্থা- মাতৃ আৰু গৰ্ভস্থ সন্তান দুয়োৰে বিপদ (সময় পূৰ্বে কম ওজনৰ সন্তান প্ৰসৱ) *অপৰিষ্কাৰকৈ ৰখা জনন আৰু মূত্ৰ প্ৰণালী *মূত্ৰনলীত সঘনাই কেথেটাৰ ভৰোৱা *কণ্ডম, ডাইফ্ৰাম আদিৰ সঘন প্ৰয়োগ *গৰ্ভনিৰোধক জেলিৰ প্ৰয়োগ *অনিয়ন্ত্ৰিত আৰু বহুগামী যৌন সম্ভোগ *এইচ আই ভি ৰোগাক্ৰান্ত লোক *অন্যান্য কাৰণত শৰীৰৰ ইমিউনিটি হ্ৰাস পোৱা লোক ৰোগৰ লক্ষণসমূহ - *প্ৰসাবৰ জ্বলা-পূৰা অনুভৱ হোৱা *সঘনাই বাৰম্বাৰ প্ৰসাব হোৱা *প্ৰসাব কৰি উঠাৰ পিছতো প্ৰসাব কৰা অসম্পূৰ্ণ যেন অনুভৱ হোৱা *প্ৰসাবৰ প্ৰবাহ নিয়ন্ত্ৰণ কৰিব নোৱৰা অৱস্থা হোৱা *তলপেটত বিষ, কেতিয়াবা শৌচদ্বাৰতো বিষ হোৱা (বিশেষকৈ পুৰুষৰ) *দূৰ্গন্ধময় প্ৰসাব *প্ৰসাবৰ বৰণ ৰঙচুৱা,ময়লা বা ঘোলা হোৱা *ওকালি আৰু বমি হোৱা *কঁপনি জ্বৰৰ অনুভৱ হোৱা *শাৰীৰিক ক্লান্তিবোধ আকৌ কোনোজন ৰোগীৰ ক্ষেত্ৰত ওপৰত উল্লেখিত লক্ষণসমূহ স্পষ্টকৈ দেখা নোযোৱাকৈয়ো থাকিব পাৰে৷ কিন্তু প্ৰসাবৰ পৰীক্ষাতহে ৰোগ ধৰা পৰে৷ পৰৱৰ্তী সম্ভাব্য জটিলতা - বাৰম্বাৰ প্ৰসাবৰ সংক্ৰমণ(Recurrent UTI)- বিশেষকৈ চিকিৎসা আধৰুৱাকৈ এৰিলে নাইবা ডাক্তৰৰ পৰামৰ্শ অবিহনে নিজাকৈ ভুলে-শুদ্ধই দৰব খালে৷ বিপদজনক Urosepsisৰ কথা আগতে উল্লেখ কৰা হৈছে৷ ৰোগৰ চিনাক্তকৰণৰ বাবে কৰিবলগীয়া পৰীক্ষাসমূহ - প্ৰসাবৰ ৰুটিন পৰীক্ষা-সদায় প্ৰসাবৰ মাজভাগ পৰীক্ষা কৰিব দিব লাগে৷ *প্ৰসাবৰ কালচাৰ আৰু চেনচিটিভিটি পৰীক্ষা, *তেজৰ ৰুটিন পৰীক্ষা, *চুগাৰ, ইউৰিক এচিড পৰীক্ষা; চি *ষ্টস্কোপি; এক্সৰে পেটৰ(KUB ) আৰু আই ভি পি (Intravenous pyelogram) ; *আলট্ৰাচাউণ্ড; চিটিস্কেন আৰু এম আৰ আই৷ চিকিৎসা কেনেদৰে আগবঢ়াব? পোনতেই ৰোগৰ কাৰণ অনুধাৱন কৰিবৰ চেষ্টা কৰা উচিত৷ কাৰণ অনুসৰি চিকিৎসা দিলে সুফল পোৱা যায়৷ উচিত এন্টিবায়টিক প্ৰসাবৰ কালচাৰৰ ৰিপৰ্টমতে প্ৰয়োগ কৰিব পাৰি৷ ভাইৰাচৰ সংক্ৰমণত চিডফ'ভিৰ (Cidofovir) নামক এন্টিভাইৰেল ব্যৱহাৰ কৰা হয়৷ ফাংগাছৰ সংক্ৰমণত এন্টিফাংগেল ঔষধ প্ৰয়োগ কৰা হয়৷ ওপৰ ভাগৰ প্ৰসাবৰ সংক্ৰমণত খোৱা (Oral) এন্টিবায়টিকৰ সলনি তেজৰ নলীয়েদি দিয়া(Intravenous) এন্টিবায়টিক প্ৰয়োগ কৰা আৱশ্যকীয়৷ চিকিৎসাৰ ক্ষেত্ৰত এটি লাগতিয়াল কথা হ'ল এয়েযে এন্টিবায়টিক দৰব আৰম্ভ কৰাৰ ২৷ ৩দিন পাৰ হওতেই ৰোগৰ উপশম ঘটিব ধৰে৷ কিন্তু ৰোগীয়ে যেন কোনো কাৰণতে দৰবৰ ব্যৱহাৰ বন্ধ নকৰি চিকিৎসকৰ পৰামৰ্শমতে ৭/১০ দিনৰ ক'ৰ্চ সম্পূৰ্ণ কৰে৷ আধৰুৱা চিকিৎসাও বাৰম্বাৰ প্ৰসাবৰ সংক্ৰমণৰ এটা কাৰণ৷ আকৌ ড্ৰাগ ৰেজিষ্টেন্সৰ উৎপন্ন হোৱাৰ ইয়ো এক প্ৰমুখ কাৰণ৷ আৰু এটা কথা বিভিন্ন আয়ুৰ্বেদিক দৰব যেনে পূণৰ্নৱা,নিৰি,চিষ্টন আদি সহায়কাৰী ঔষধিহে-এন্টিবায়টিকৰ বিকল্প নহয়৷ সানমিহলি সতৰ্কতামূলক পদক্ষেপ কিছুমান - *নিয়মিত প্ৰচুৰ পানী সেৱন কৰক৷ *কেনবেৰী ৰসে বাৰম্বাৰ হোৱা প্ৰসবৰ সংক্ৰমণ ৰোধ কৰে৷ *মাদকদ্ৰব্য ব্যৱহাৰ বাদ দিয়ক৷ *সংগম কৰাৰ পিছত প্ৰসাব কৰক আৰু যৌনাংগ পৰিষ্কাৰ কৰক৷ *মলদ্বাৰ আৰু জননাংগ পৰিষ্কাৰ ৰাখক৷ *কপাহী আৰু ঢিলা কাপোৰৰ অন্ত:বস্ত্ৰ পৰিধান কৰক৷ *চিকিৎসকৰ পৰামৰ্শমতে ভেজাইনেল প্ৰ'বায়টিক, অইষ্ট্ৰজেন হৰমোন যাৰ ক্ষেত্ৰত প্ৰযোজ্য হয় সঠিককৈ ব্যৱহাৰ কৰক৷ আন এটি লক্ষ্যনীয় কথা– যিসকল পুৰুষে ধৰ্মীয় বা আন কাৰণত পুৰুষাংগৰ ছালৰ অগ্ৰিম অংশ কাটি পেলায় (Circumcision)- তেনে লোকৰ প্ৰসাবৰ সংক্ৰমণ আৰু পুৰুষাংগৰ কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা হ্ৰাস পায়৷ লেখক: ডাঃ ভূপেন শইকীয়া উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ ফোন নং: +৯৭৪৩৩৭৩৮৭২২