বৰ্তমান সময়ত এবিধ বিশেষ ভাইৰাছৰ নাম সঘনাই শুনা গৈছে । সময়ে সময়ে ই পৃথিৱীৰ বিভিন্ন ঠাইত প্ৰাদুৰ্ভাৱ হৈ সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে । এই ভাইৰাছবিধ হৈছে নিপা ভাইৰাছ (Nipan Virus) ।

১৯৯৯ চনত মালয়েছিয়া আৰু ছিংগাপুৰত গাহৰি পালকসকলৰ মাজত এনকেফেলাইটিছ আৰু শ্বাসজনিত ৰোগৰ প্ৰাদুৰ্ভাৱ হৈছিল । সেই সময়মতে নিপা ভাইৰাছ প্ৰথম পৃথকীকৰণ আৰু চিনাক্তকৰণ কৰা হৈছিল । মালয়েছিয়াৰ উপদ্বীপৰ (Malayasia Peninsula) ছুংগাই নিপাহ (Sungai Nipah) নামৰ গাঁৱৰ গাহৰিপালকসকল এই ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছিল । গাওঁখনৰ নাম অনুসৰি নিপা নামেৰে ভাইৰাছবিধৰ নামকৰণ কৰা হৈছিল ।

বিভিন্ন সময়ত বিভিন্ন ঠাইত নিপা ভাইৰাছৰ প্ৰাদুৰ্ভাৱ দেখা গৈছিল । ১৯৯৯ চনত হোৱা সংক্ৰমণত ৩০০ জন লোক আক্ৰান্ত হৈছিল আৰু ১০০ জনৰো অধিক মৃত্যু হৈছিল । ২০০১ চনত পশ্চিম বংগৰ শিলিগুৰিত ৬৬ জন আক্ৰান্ত ব্যক্তিৰ ভিতৰত ৪৫ জনৰ মৃত্যু হৈছিল । ২০০৭ চনৰ এপ্ৰিল মাহত পশ্চিম বংগৰ নাদিয়াত ৫ জন ৰোগীৰ মৃত্যু হৈছিল । ২০১১ চনত বাংলাদেশত ৫৬ জন আক্ৰান্ত লোকৰ ৫০ জনেই মৃত্যুবৰণ কৰিছিল । বৰ্তমান কেৰালা ৰাজ্যত এই ভাইৰাছৰ প্ৰাদুৰ্ভাৱে সকলোকে চিন্তাত পেলাইছে । এতিয়ালৈকে ১০ জনৰ মৃত্যু হৈছে । কোঝিকোড় (Kozhikode) আৰু মালাপুৰাম (Malappuram) জিলাত ভাইৰাছৰ সংক্ৰমণ সীমাবদ্ধ আছে । কোঝিকড় মেডিকেল কলেজত ১৭ জন ৰোগীৰ চিকিৎসা চলি আছে । নতুন নতুন ঠাইলৈ ইয়াৰ সংক্ৰমৰ আশংকা কৰা হৈছে ।

নিপা ভাইৰাছ এবিধ আৰ এন এ(RNA) ভাইৰাছ । ইয়াৰ পৰিয়ালৰ পেৰামিক্সভিৰিডি (Paramyxoviridae) আৰু জেনাচ (genus) হেনিপা ভাইৰাছ (Henipavirus) । ইয়াৰ হৈছে এবিধ বাদুলী (Fruit bat or Flying Fox) । এই বাদুলীবিধৰ পৰিয়াল টৰপডিডি (Pteropodidae) আৰু জেনাছ (genus) টৰপাছ (Pterorus), বাদুলীৰ প্ৰস্ৰাৱ, মল, লালটি আৰু অন্যান্য ৰসত নিপা ভাইৰাছ থাকে । বাদুলীৰ নি:সৰণে দূষিত কৰা ফল-মূলৰ পৰাও সংক্ৰমণ হ’ব পাৰে । খেজুৰ গছৰ ৰস (raw date palm sap) আৰু নাৰিকল গছৰ ৰস (coconut/ plam tree sap) বাদুলীৰ প্ৰস্ৰাৱ-লালটি আদি ৰসৰ দ্বাৰা দূষিত হোৱাৰ সম্ভাৱনা বেছি । এইবোৰ গ্ৰহণ কৰিলে ভাইৰাছৰ সংক্ৰমণ হয় । বাদুলীৰ পৰা সংক্ৰমণ হৈ গাহৰি, ছাগলী, কুকুৰ, ঘোঁৰা, ভেৰা আদি লৈ পোনে পোনে যাব পাৰে । জন্তুবোৰৰ মাজত ইটোৰ পৰা সিটোলৈ ভাইৰাছ বিয়পিব পাৰে । বাদুলী আৰু সংক্ৰমিত জন্তুৰ পৰা মানুহলৈ ভাইৰাছ বিয়পে । এজন সংক্ৰমিত মানুহৰ পৰা আন এজনলৈ এই ৰোগ বিস্তাৰ হয় । খেজুৰ বা নাৰিকল গছত বগাই যাওঁতে গছৰ ছালত বাদুলীৰ নি:সৰিত ৰস, প্ৰস্ৰাৱ, লালটি আদিৰ সংস্পৰ্শলৈ আহিলে সংক্ৰমণ হয় । প্ৰথমবাৰৰ কাৰণে যেতিয়া মালয়েছিয়াত এই ৰোগ ধৰা পৰিছিল, সেই সময়ত সেই অঞ্চলত বৃহৎ হাৰত গছ কটা হৈছিল, অৰণ্য বিনাশ কৰা হৈছিল । গাহৰিৰ ফাৰ্মবিলাকত থকা ফল গছবোৰৰ প্ৰতি অৰণ্যৰ বাদুলীবোৰ আকৃষ্ট হৈছিল । এই বাদুলীবোৰৰ মল আৰু প্ৰস্ৰাৱৰ সংস্পৰ্শত অহাৰ ফলত গাহৰিবোৰৰ সংক্ৰমণ হৈছিল ।

তদুপৰি কাপোৰ, সা-সঁজুলি, বুট, যান-বাহনৰ দ্বাৰাও এই ভাইৰাছ বিয়পিব পাৰে ।

ই এবিধ zonnotic ৰোগ । ভাইৰাছবিধে আক্ৰমণ কৰাৰ পৰা শৰীৰত লক্ষণসমূহ দেখা দিবলৈ ৫-১৪ দিন আলগে । লক্ষণসমূহ হ’ল- জ্বৰ, মূৰৰ বিষ, মাংসপেশীৰ বিষ, বমি, ডিঙি ঠৰঙা লগা, ফটোফবিয়া, শ্বাস-প্ৰশ্বাসৰ কষ্ট, কঁপনি আদি হয় । লক্ষণসমূহ ৩-১৪ দিনমাহ থাকে । লাহে লাহে অৱস্থান বিভ্ৰান্তি (disorientation), মানসিক বিভ্ৰান্তি(mental confusion) হৈ সংজ্ঞাহীন (Coma) হৈ মৃত্যুৰ মুখত পৰে । সাধাৰণতে ৫-৭ দিনৰ ভিতৰত সংজ্ঞাহীন হয় ।

মগজুৰ চেৰেবেলাম আৰু চেৰেব্ৰামৰ কৰটিক’ ছাবকৰটিকেল অংশ আক্ৰান্ত হয় আৰু দেহত ইয়াৰ প্ৰভাৱ পৰে । পৰীক্ষাগাৰত এলিছা (Elisa-Ig M আৰু Lgc) আৰু PCR (Sample serum, CSF, Thrat Swab) পৰীক্ষাৰ দ্বাৰা ৰোগ নিশ্চিত কৰিব পাৰি । পুনেৰ নেশ্যনেল ইনষ্টিটিউট অব ভাইৰ’লজি (National Institute of Veriology) ত এই পৰীক্ষা কৰা হয় ।

অধিক ৰিস্ক () থকা ব্যক্তিসকল হ’ল- গাহৰিৰ লগত সম্পৰ্ক থকা লোক, বাদুলীৰ সংস্পৰ্শলৈ অহা খেতিয়কসকল, বাদুলীয়ে কামোৰা ফল খালে আৰু সংক্ৰমিত ৰোগীৰ সংস্পৰ্শলৈ অহা লোক । এই ৰোগৰ কোনো নিৰ্দিষ্ট আৰু ফলদায়ক চিকিৎসা নাই । লক্ষণ অনুসৰি Symptomatic আৰু Supporitive treatment দিয়া হয় ।

মালয়েছিয়া আৰু ছিংগাপুৰত এই ৰোগৰ প্ৰাদুৰ্ভাৱ হওঁতে, সংক্ৰমিত গাহৰিৰ পৰা মানুহলৈ বিয়পিছিল । বাদুলীৰ পৰা গাহৰিলৈ সংক্ৰমণ হৈছিল । কিন্তু ভাৰতবৰ্ষ আৰু বাংলাদেশৰ ক্ষেত্ৰত এই ৰোগ মানুহৰ পৰা মানুহলৈ প্ৰধানকৈ বিয়পিছিল । বাদুলীৰ সংস্পৰ্শতো কিছু সংক্ৰমণ ঘটিছিল ।

এই ভাইৰাছৰ সংক্ৰমণ ৰোহ কৰিবলৈ আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হ’ল সাৱধানতা । ল’ব লগা সাৱধানতাসমূহ হ’ল-

১) গাহৰিৰ সংস্পৰ্শৰ পৰা নিজকে আঁতৰাই ৰাখিব লাগে ।

২) চৰাই আৰু জন্তুৱে কামোৰা ফল-মূল খাব নালাগে ।

৩) ভালকৈ হাত ধোৱা আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতা মানি চলিব লাগে ।

৪) ব্যক্তিগত স্বাস্থ্য বিধি (Personal Hygiene) মানি চলিব লাগে ।

৫) ৰাজহুৱা স্থানত আৰু ৰোগী পৰিচৰ্যা কৰিলে গ্ল’ভছ আৰু মাস্ক (N95 Mask) ব্যৱহাৰ কৰিব লাগে ।

এই ৰোগ হ’লে মৃত্যুৰ হাৰ ৭৪.৫ % । কিছু সতৰ্কতা অৱলম্বন কৰিলে আমি এইবিধ মাৰাত্মক ভাইৰাছৰ পৰা মুক্ত হ’ব পাৰি । ইয়াৰ বাবে জনসাধাৰণৰ মাজত প্ৰবল সজাগতাৰ প্ৰয়োজন ।

লেখিকা :- ডা: মিৰান্দা দত্ত

উৎস- দৈনিক জনমভূমি