মানৱ দেহৰ এটা গুৰুত্বপুৰ্ণ অন্তঃস্ৰাৱী গ্ৰন্হি(Endocrine) হৈছে থাইৰয়ড যিটো আমাৰ কণ্ঠনলীৰ সম্মুখভাগত অৱস্হিত এটি পখিলা আকৃতি(Butterfly shape )ৰ গ্ৰন্হি | সাধাৰণ অৱস্হাত এই গ্ৰন্হিটো হাতেৰে অনুভৱ কৰা নাযায় | থাইৰয়ড গ্ৰন্হিটো দেখাত তেনেই সামান্য যেন লাগিলেও মানৱদেহত ইয়াৰ গুৰুত্ব অপৰিসীম | গ্ৰন্হিটোৱে থাইৰ'ক্সিন (T4),ট্ৰাই আয়'ড'থাইৰনিন (T3) আৰু কেলচিট'নিন নামৰ হ'ৰমন ক্ষৰণ কৰে | গ্ৰন্হিটোৰপৰা নিঃসৃত এই অন্তঃস্ৰাৱী ৰস(Hormones)সমুহে দেহৰ বিভিন্ন জৈৱ-ৰাসায়নিক ক্ৰিয়া(Bio chemical activities)সুচাৰু ৰুপে সম্পন্ন হোৱাত সহায় কৰে | বিশেষকৈ এই গ্ৰন্হিটোৱে অন্ত্রত খাদ্য দ্ৰব্যৰ অবশোষণ নিয়ন্ত্রণ কৰাৰ লগতে কেলচিয়ামৰ অপচিতি,হৃদযন্ত্রৰ মাংসপেশীৰ কাৰ্য্যকুশলতা অটুট ৰখাত সহায় কৰে | ইয়াৰোপৰি শিশুৰ বৃদ্ধি~বিকাশ,মহিলাসকলৰ ঋৃতুস্ৰাৱৰ নিয়ন্ত্রণ,মানসিক সন্তুলন ৰক্ষা কৰা,খনিজ লৱণ(electrolytes) ৰ পৰিবহণ আদি বিভিন্ন কাৰ্য্য সম্পাদনত সহায় কৰে |ইয়াৰ বিসংগতিৰ ফলত দেহত বিভিন্ন সমস্যাই দেখা দিব পাৰে,যেনে
1)মেদবহুলতা অথবা খীণাই যোৱা
2)মহিলাৰ ক্ষেত্ৰত মাহকীয়াৰ অনিয়মীয়তা
3)বুকুৰ ধপধপনি,হাত ভৰিৰ কপঁনি
4)অস্থিৰতা,মনোযোগহীনতা ইত্যাদি
সাধাৰণতে গ্ৰন্হিটোৰ দুইধৰণৰ বিসংগতি হ'ব পাৰে....(1)অত্যাধিক ক্ৰিয়াশীলতা(Hyper-thyroidism)
(2)ক্ৰিয়াহীনতা(Hypo-thyroidism)
Hypothyroidism

এইটো এটা এনে অৱস্হা য'ত গ্ৰন্হিটোৱে থাইৰ'ক্সিন (T4) নামৰ হ'ৰমনবিধ পৰ্যাপ্ত পৰিমাণে ক্ষৰণ কৰিব নোৱাৰে বা শৰীৰটোৱে এই হ'ৰমনবিধ উপযুক্ত পৰিমাণে ব্যৱহাৰ কৰিব নোৱাৰা হয় | যাৰ ফলত মস্তিষ্কৰ ভিতৰত অৱস্হিত পিটুইটাৰী গ্ৰন্হিটোৱে TSH নামৰ হ'ৰমনবিধ বেছিকৈ ক্ষৰণ কৰে | গৰ্ভাৱস্হাৰপৰা আৰম্ভ কৰি জীৱনৰ যিকোনো সময়তে এই ৰোগবিধ হ'ব পাৰে |

লক্ষণসমূহ -

মেদবহুলতা,হতাশা,অৰুচি,স্মৃতিশক্তি আৰু মনোযোগিতা হ্ৰাস,মাংসপেশীৰ বিষ তথা দুৰ্বলতা,কোষ্ঠকাঠিন্যতা,মানসিক অৱসাদ,শ্ৰবণ শক্তিৰ বিলুপ্তি,যৌনশক্তিৰ লোপ,মহিলাৰ ক্ষেত্ৰত ঋতুস্ৰাৱৰ আধিক্য বা স্বল্পতা,গাঠিৰ বিষ,চকু মুখ ফুলা ইত্যাদি | ইয়াৰোপৰি উচ্চ ৰক্তচাপ,শৰীৰৰ উষ্ণতা হ্ৰাস, নাড়ী স্পন্দন হ্ৰাস, হাত~ভৰিৰ শীতলতা,ৰক্তাল্পতা,হাৰ্ট ফেইলিয়ৰ ইত্যাদি লক্ষণ দেখা যাব পাৰে |
কাৰণঃ
এই ৰোগ বিধৰ মুখ্য কাৰণসমুহ হৈছে
(১) তেজত আয়'ডিনৰ অভাৱ
(২) গ্ৰন্হিটোৰ অস্ত্রোপচাৰ কৰিলে
(৩) এণ্টি থাইৰয়ড ঔষধৰ লগতে অন্য কিছুমান বিশেষ ঔষধ(Lithium, interferon etc)ৰ অতিমাত্রা ব্যৱহাৰ

(৪) থাইৰয়ড টিউমাৰ,ৰেডিয়েচন থেৰাপী
পৰীক্ষা নিৰীক্ষাঃ

সাধাৰণতে তেজৰ পৰীক্ষা (Thyroid profile) কৰা হয় য'ত TSH হ'ৰমনৰ মাত্রা বেছি দেখা যায়
Hypothyroidism ত কি নাখাব

ছয়াবিন(সকলোৰে জ্ঞাত),ব্ৰকলি,বন্ধাকবি, ফুলকবি,মটৰ,মিঠা আলু,গোমধান,সৰিয়হ পাত/শাক,পালেং শাক,বাঁহ গাজ,কফি,অতিমাত্ৰা আঁহজাতীয় খাদ্য(দৈনিক 20-35 গ্ৰাম),মদ্যপান,কৃত্ৰিম খাদ্য(processed foods ),চৰ্বিজাতীয় খাদ্য,অত্যাধিক মিঠা বস্তু ইত্যাদি খোৱা অনুচিত |
কি খাবঃ

বিনজাতীয় পাচলি(কম পৰিমাণে),দুগ্ধজাত বস্তু,মাছ,সতেজ ফলমূল-পাচলি(জামু,চেৰীফল)
Hypothyroidism ৰ সহজলভ্য প্ৰতিকাৰ

1)অশ্বগন্ধা: এইবিধ বনৌষধি hypothyroidism ৰোগীৰ মানসিক দুচিন্তা,হতাশা নিৰাময়ৰ লগতে স্নায়ু দৌৰ্বল্যত অতিশয় উপযোগী | সাধাৰণভাৱে এই ঔষধি বিধ চিনি নোপোৱাসকলে চূৰ্ণ বা টেবলেট হিচাপে লব পাৰে
2)ব্ৰাহ্মী: অন্যতম উপযোগী ঔষধি | শাক হিচাপে সকলোৱে চিনি পাও |
3)য়ষ্টীমধু(Licorice): চূ্ৰ্ণ হিচাপে ব্যৱহাৰ কৰিব পাৰে
3)মিঠাতেল,ৰিফাইন্ডৰ সলনি নাৰিকল তেল ব্যৱহাৰ কৰক
(৪) আদা (Ginger): আদাত পৰ্যাপ্ত পৰিমাণে জিংক,মেগনেচিয়াম, প'টাচিয়াম থাকে যিবোৰ থাইৰয়ড গ্ৰন্হিটোৰ সাম্যাৱস্হাৰ বাবে অতি প্ৰয়োজনীয় | দৈনিক ৰাতিপুৱা সতেজ আদাৰ ৰস এচামুচ অথবা চাহ হিচাপে খোৱাটো লাভজনক |
(৫) দৈনিক ৰাতিপুৱা এচামুচ সতেজ গাজৰৰ ৰস আৰু এচামুচ তিচি গুটিৰ গুড়িৰ লগত তিয়হৰ ৰস খোৱাটো উপকাৰী |
(৬) Kanchanar guggulu আৰু Punarnavadi guggulu অতিশয় উপযোগী শাস্ত্রোক্ত ঔষধি
হাইপাৰ থাইৰয়ডিজি

এই ৰোগবিধ Hypothyroidism ৰ সম্পূৰ্ণ বিপৰীত অৰ্থাত এই ৰোগত গ্ৰন্হিটোৰ সক্ৰিয়তা অতিশয় বৃদ্ধি পায় আৰু গ্ৰন্হিটোৱে হ'ৰমনসমূহ অতিৰিক্ত পৰিমাণে ক্ষৰণ কৰে |
কাৰণ:
এই ৰোগবিধ দেহৰ স্বতন্ত্ৰ বিসংগতি(autoimmune disorder),ভাইৰাছজনিত সংক্ৰমণ,গ্ৰন্হিটোৰ অস্ত্ৰোপচাৰ,কিছুমান বিশেষ ঔষধিৰ পাৰ্শ্বক্ৰিয়া ইত্যাদি বিভিন্ন কাৰণত হ'ব পাৰে |
লক্ষণ:

ওজন হ্ৰাস,ক্ষুধা বৃদ্ধি,অলসতা,অস্হিৰতা,বুকুৰ ধপধপনি,বমি ভাৱ লগা,ডায়েৰিয়া,উষ্ণতা অসহনশীলতা,তৃষ্ণা,বিস্ফোৰক নেত্ৰ,ডিঙি ফুলা,হাত ভৰিৰ কপনি,যৌন ক্ষমতা হ্ৰাস,অত্যধিক ঘাম ওলোৱা,ইত্যাদি বিভিন্ন লক্ষণ দেখা যায় | তাৰোপৰি পুৰুষৰ ক্ষেত্রত স্তনৰ বিকাশ (Gynaecomastia) দেখা যায় |
পৰীক্ষা(Investigation):

1)Thyroid profile : একধৰণৰ তেজৰ পৰীক্ষা,যিটোত T3,T4হ'ৰমনৰ পৰিমাণ বেছি আৰু TSH হ'ৰমনৰ পৰিমাণ কম দেখা যায়
2)TPO আৰু Thyroglobulin antibody
চিকিৎসা:
আধুনিক চিকিত্সাত hyperthyroidism ৰ তিনিধৰণৰ ব্যৱস্হা লোৱা হয়....1)Anti-thyroid drugs (carbimazole, Methimazole)
2)Radioiodin
3)Surgery....
Hyperthyroidism ত কি খাব,কি নাখাব
অইন ৰোগৰদৰে এই দুয়োবিধ ৰোগতো খাদ্যবস্তুৰ বিশেষ গুৰুত্ব আছে | সাধাৰণতে Hypothyroidism ত যিবোৰ খাদ্যবস্তু বৰ্জনীয় Hyperthyroidism ত সেইবোৰ খাদ্যবস্তু লাভজনক |
সাধাৰণ চিকিত্সা(General treatment)
১)অশ্বগন্ধা,ব্ৰাহ্মী,তগৰ,প্ৰৱাল পিষ্টী,শতাৱৰী(অস্হিৰতা,নিদ্ৰাহীনতা,অলসতা,উষ্ণতা অসহনশীলতাৰ বাবে) আদি ঔষধিৰ ব্যৱহাৰ অতিলাভদায়ক
২)Lemon blam herbal tea হিচাপে ব্যবহাৰ কৰিব পাৰে
৩) পিপ্পলী(Piper longum), জালুক( black pepper) আৰু শুকান আদাৰ গুৰি সমপৰিমাণে লৈ আধা চামুচকৈ দৈনিক ৰাতিপুৱা কুহুমীয়া গৰম পানীৰে খোৱা উচিত |
৪) শাস্ত্রোক্ত Shiva gutika এবিধ লাভদায়ক ঔষধি
৫) দৈনিক খাদ্যৰ লগত ধনীয়াৰ চাটনি অথবা ধনিয়াৰ ক্বাথ খোৱাটো হিতকৰ
যোগাসন

থাইৰয়ড গ্ৰন্থিটোৰ সাম্যাৱস্হাৰ বাবে নিম্নলিখিত আসন-প্ৰাণায়ম কৰিব পাৰে:: সৰ্বাংগসন,হলাসন,মত্চাসন,ভূজংগাসন,উজ্জয়ী প্ৰাণায়ম(যোগ প্ৰশিক্ষকৰ পৰামৰ্শ ল'ব)

লেখক: ডাঃ মেদিনী বৰ্মন

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ