জীৱবিজ্ঞান আৰু চিকিৎসা বিজ্ঞানৰ ক্ৰমাগত অগ্ৰগতিৰ বাবে সমগ্ৰ বিশ্বতে স্বাস্থ্য আৰু ৰোগৰ গৱেষণাৰ ক্ষেত্ৰত এক নতুনত্বই দেখা দিছে। এই শতিকাতো ইয়াৰে বিভিন্ন শাখাবোৰৰ ভিতৰত জিনীয় বিজ্ঞানে যথেষ্ট গুৰুত্ব লাভ কৰা দেখা গৈছে। জিন বংশগতিৰ বাহক আৰু শেহতীয়া গৱেষণাবোৰত প্ৰমাণিত হৈছে যে মানৱ দেহত দেখা দিয়া বিভিন্ন দুৰাৰোগ্য ৰোগ আৰু বিকলাংগতাৰ বাবে জিনসমূহো যথেষ্ট পৰিমাণে দায়ী।
ইয়াৰে কেইটামান বেমাৰৰ ( Disorder ) বিষয়ে তলত চমুকৈ আলোকপাত কৰা হ’ল।

কাঁচিজোন কোষীয় ৰক্তহীনতা (Sickle cell anaemia)-

১৯০৪ চনত পোন প্ৰথমবাৰৰ বাবে পোহৰলৈ অহা এইবিধ ৰোগ হ’ল অট’জ’মৰ দ্বাৰা প্ৰভাৱিত এক বংশগতি ৰোগ। এইবিধ ৰোগত লোহিত ৰক্ত কণিকাবোৰ কাঁচিজোন সদৃশ হৈ পৰা দেখা যায় আৰু যাৰ বাবে দেহৰ ভিতৰত অক্সিজেনৰ তাৰতম্য ঘটে। দৰাচলতে হিম’গ্ল’বিন শৃংখলত থকা গ্লুটামিক এছিড, ভেলাইনৰ দ্বাৰা স্থানান্তৰিত হ’লেই এইবিধ ৰোগে দেখা দিয়ে। উল্লেখযোগ্য যে এইবিধ ৰক্তহীনতাৰ ফলত তেজ যথেষ্ট পৰিমাণে মখা বান্ধে আৰু ইয়াৰ সংবহন হ্ৰাস পায়; আকৌ জণ্ডিছ, প্লীহা, স্নায়ুকোষ ধ্বংস হোৱা আদিও সংঘটিত হয়।

আলজেইমাৰ ৰোগ –

এইবিধ ৰোগক ‘স্নায়ুকোষ নিষ্ক্ৰিয়তা ৰোগ’ বুলিও কোৱা হয়। সংপৃক্ত প্ৰ’টিন Plaque বোৰ স্নায়ুত তৰপে তৰপে গোট খাই স্নায়ুকোষবোৰ নিষ্ক্ৰিয় কৰি তোলে আৰু ফলস্বৰূপে এইবিধ ৰোগে দেখা দিয়ে। বয়স আৰু অট’জ’মৰ গোটবন্ধনত হোৱা তাৰতম্যৰ বাবে এইবিধ বেমাৰে দেখা দিয়ে। সাধাৰণতে ২১ নং ক্ৰম’জ’ম ডালত তিনিডাল ক্ৰম’জ’মে একেলগে বান্ধ খালে এই ৰোগ হয় আৰু স্মৃতিশক্তি লোপ পায়। আজিকালি কিছুমান বেক্টেৰিঅ’ফেজৰ স্প্ৰে’ ব্যৱহাৰ কৰি ইয়াক নিৰাময়ৰ ব্যৱস্থা কৰা হৈছে।

হিম’ফিলিয়া (Bleeder’s Disease) –

এইবিধ ৰোগত , ৰোগাক্ৰান্ত ব্যক্তিজনৰ গাত হিম’ফিলিয়া-‘ক’ বা ৮ম কাৰকবিধ অনুপস্থিত থাকে। ইয়াৰ ফলস্বৰূপে তেজ সহজে গোট নামাৰে। ফলত সূক্ষ্ম আঘাতত তেজ ওলালেও ব্যক্তিজনৰ দেহৰ পৰা যথেষ্ট পৰিমাণে তেজ ওলাই যায় আৰু যিয়ে আনকি ব্যক্তিজনক মৃত্যুমুখলৈও ঠেলি দিব পাৰে।

‘ৰাজকীয় ৰোগ’ হিম’ফিলিয়াক চিকিৎসাবিজ্ঞানীসকলে যৌন ক্ৰ’ম’জ’মত থকা জিনৰ উৎপৰিৱৰ্তনৰ বাবে হোৱা ৰোগসমূহৰ ভিতৰত অন্তৰ্ভুক্ত কৰিছে। X- ক্ৰ’ম’জ’মত অৱস্থিত অপ্ৰভাৱিত (Recessive) যৌন জিন ‘h’ য়েই হিম’ফিলিয়াৰ বাবে প্ৰধানকৈ জগৰীয়া।

বৰ্ণান্ধতা আৰু কুকুৰীকণা-

বৰ্ণান্ধতা আৰু কুকুৰীকণাও জিনীয় ৰোগসমূহৰ ভিতৰত অন্যতম। বৰ্ণান্ধসকলে ৰঙা আৰু সেউজীয়া ৰঙৰ মাজত কোনোধৰণৰ প্ৰভেদ নেদেখে। X-ক্ৰ’ম’জ’ম কঢ়িওৱা অপ্ৰভাৱিত (Recessive ) জিন X-‘c’ বৰ্ণান্ধতাৰ মুখ্য কাৰক।

আকৌ কুকুৰীকণা ৰোগবিধো একেধৰণেই হোৱা দেখা যায়। অৱশ্যে বহুতৰে গাত আকৌ ভিটামিন-ক ৰ অভাৱতো এইবিধ ৰোগে দেখা দিয়ে। ৰোগীয়ে নিশাৰ ভাগত বস্তুবোৰ প্ৰত্যক্ষ কৰাত অসুবিধাৰ সম্মুখীন হয়।

লেখক: সৌৰভ দত্ত