জিকা ভাইৰাচৰ উৎপত্তি আৰু সংক্ৰমণ

বিশ্ব স্বাস্থ্য সংস্থাই জিকা ভাইৰাছৰ সংক্ৰমণক এটা আন্ত:ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিছে| বৰ্তমানলৈকে জিকা ভাইৰাছৰ প্ৰতিষেধক হিচাপে কোনো ছিটা বা ঔষধ বাহিৰ হোৱা নাই| ২০০৭ চনত মাইক্ৰনেছিয়াৰ য়াপ দ্বীপত পোন প্ৰথমবাৰৰ বাবে জিকা ভাইৰাছৰ বিস্তৰ প্ৰাদুৰ্ভাৱৰ বিষয়ে জনা গৈছিল| সেই সময়ত এই ভাইৰাছৰ বিষয়ে ভালকৈ অধ্যয়ন হোৱা নাছিল| ভবা হৈছিল যে সেই অঞ্চলত পোৱা ভাইৰাছৰ পৰিৱৰ্তন হৈ অধিক মাৰাত্মক জিকা ভাইৰাছৰ ৰুপ লৈছে| ফ্ৰান্স পলিনেছিয়াত ২০১৩ চনত জিকা ভাইৰাছে প্ৰবল ৰুপ ধাৰণ কৰাৰ বাতৰি প্ৰকাশৰ পৰাই এই ভাৱধাৰাৰ পৰিৱৰ্তন আছিল| ২০১৫ চনত ব্ৰাজিলতো এই ভাইৰাছৰ সংক্ৰমণে দেখা দিলে|১৯৪০ চনৰ মাজভাগত উগাণ্ডাৰ ভাইৰাছ গৱেষণা কেন্দ্ৰই (ৰক্ফেলাৰ ফাউণ্ডেচনৰ আৰ্থিক সাহায্যৰে এই গৱেষণাগাৰে গঢ় লৈছিল) হালধীয়া জ্বৰৰ পৰীক্ষা জিকা হাবিত চলাই থাকোতে উপলব্ধি কৰিছিল যে বিভিন্ন প্ৰকাৰৰ মহ বিভিন্ন উচ্চতাত সক্ৰিয় হৈ আছে| এই দিশত গৱেষক সকলে অতিৰিক্ত পৰীক্ষা চলাইছিল| আলেকুচ এণ্ডাৰ হেড’ নামৰ স্কটলেণ্ডৰ ডাক্তৰ এজনে ১৯৪৭ চনৰ এপ্ৰিলত জিকা হাবিত জ্বৰ হৈ থকা এবিধ বান্দৰৰ শৰীৰত জিকা ভাইৰাছ চিনাক্ত কৰিছিল| ইহঁতৰ তেজৰ নমুনাত সেই সময়লৈকে নজনা ভাইৰাছ এবিধ পাইছিল আৰু হাবিৰ নাম অনুসৰি ইয়াৰ নাম জিকা দিয়া হ’ল| এই জিকা হাবি উগাণ্ডাৰ ভিক্টোৰিয়া হ্ৰ্দৰ কাষত অৱস্থিত|

১৯৫২ চনত উগাণ্ডা আৰু নাইজেৰিয়াত বহুতো লোক হালধীয়া জ্বৰত ভোগাৰ সময়ত তেওঁলোকৰ তেজৰ নমুনা পৰীক্ষা কৰোতে পোনপ্ৰথম বাৰৰ বাবে মানৱ শৰীৰত জিকা ভাইৰাছ ধৰা পৰে আৰু ১৯৫৪ চনত মানুহৰ শৰীৰৰ পৰা জিকা ভাইৰাছ পৃথক কৰাত সফলতা লাভ কৰা হৈছিল|

জিকা ভাইৰাচ কি?

জিকা ভাইৰাছ ফ্লেভিভিৰিডে পৰিয়ালৰ অন্তৰ্গত| ডেংগু জ্বৰৰ ভাইৰাছো এই পৰিয়ালৰ সদস্য| জিকা ভাইৰাছ এডিছ ইজিপ্তি নামৰ মহে বিয়পায়| বিষুৱীয় অঞ্চলত এই ভাইৰাছ থকা এডিছ মহে কামুৰিলে মানুহৰ শৰীৰলৈ ই বিয়পে| প্ৰথমে চিনাক্ত কৰোতে এই ভাইৰাছে মাত্ৰ বান্দৰকহে আক্ৰান্ত কৰে বুলি ভবা হৈছিল| ২০০৭ চনৰ আগেয়ে জিকা ভাইৰাছে মানুহকো আক্ৰান্ত কৰাৰ খবৰ খুব কমেহে প্ৰকাশ পাইছিল| অবিশ্বাস্যভাৱে মানুহৰ লগত বংশ বিস্তাৰৰ বাবে খাপ খুৱাই লব পৰাৰ বাবে এডিছ মহে এই ভাইৰাছ মানুহৰ শৰীৰটো বিয়পাব পাৰে| পানীৰ ডোঙা আৰু মানুহৰ ঘৰৰ সেমেকা পৰিৱেশ এই মহৰ বংশ বিস্তাৰৰ উপযুক্ত পৰিৱেশ|

২০১৫ চনত ব্ৰাজিল, কলম্বিয়া আৰু আফ্ৰিকাৰ কিছুসংখ্যক দেশৰ পৰা আৰম্ভ হৈ ২৪ খনতকৈও অধিক অন্য দেশত মাত্ৰ কেইমাহমানৰ ভিতৰতে ভাইৰাছ সংক্ৰমণ হোৱা খবৰ ছেগাচোৰোকাকৈ পোৱা যায়|

জিকা ভাইৰাচৰ ভয়াবহতা

গৰ্ভৱতী মহিলাৰ বাদে অন্য লোকৰ বাবে জিকা ভাইৰাছ বিপদজনক নহয়| বেছিভাগ ক্ষেত্ৰত জিকা ভাইৰাছৰ দ্বাৰা আক্ৰান্তৰ কোনো চিহ্ন পৰিলক্ষণ নহয়, অৰ্থাৎ সংক্ৰমিত হোৱা মানুহে প্ৰায়েই ইয়াক উপলব্ধি নকৰে আৰু তেওঁলোকে চিকিৎসকৰ সহায় নিবিচাৰে| প্ৰতি পাঁচজনৰ এজনেহে এই ভাইৰাছৰ পৰা হোৱা ৰোগত ভোগে| অতি চিন্তনীয় বিষয় হৈছে জিকা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত গৰ্ভৱতী মহিলাই এই ভাইৰাছ নিজৰ গৰ্ভৰ সন্তানলৈ বিয়পায়| প্ৰসৱ কৰা সন্তানৰ মূৰ সংকুচিত হয় আৰু মগজুৰ উৎকৰ্ষ সম্পুৰ্ণ নহয়| জন্মগত হিচাপে পোৱা কিছুমান বেমেজালিৰ জটিলতাও আহি পৰে| এনে শিশুৱে খাওতে গিলিবলৈ কষ্ট পায়| কেতিয়াবা এই ক্ৰুটি গোটেই জীৱন ব্যাপি হয়| এই সমস্যাৰ কোনো চিকিৎসা নাই আৰু শিশুটিৰ জীৱনকাল সোনকালে ওৰ পৰে|

জিকা ভাইৰাচ সংক্ৰমণৰ লক্ষনসমূহ

বিভিন্ন ব্যক্তিৰ জিকা ভাইৰাছৰ সংক্ৰমণৰ লক্ষণ বিভিন্ন ধৰণৰ হয়| সি যি কি নহওক এডিছ মহে কামোৰাৰ কিছুমান সাধাৰণ চিনবোৰ হৈছে- জ্বৰ, মাংসপেশীৰ বিষ, মূৰৰ বিষ বা মূৰ কামোৰণি, ৩-১২ দিনৰ ভিতৰত চকুৰ মণি ওখহা, শৰীৰৰ জোৰাবোৰৰ বিষ আৰু ছালৰ ওপৰত ক্ষুদ্ৰ ক্ষুদ্ৰ ৰঙা দাগ দেখা যায়| অন্য কিছুমান কাচিৎ দেখা দিয়া লক্ষণবোৰ- পেটৰ বিষ, ডায়েৰীয়া, কোষ্ঠকাঠিন্য আৰু নাক বা মুখৰ পাতল আৱৰণৰ ঘাঁ| এই সকলোবোৰ লক্ষণ ক্ষণস্থায়ী আৰু ৩-৪ দিনৰ ভিতৰত ৰঙা দাগবোৰ কমে, জ্বৰ আৰু বিষো নাইকিয়া হয়| জিকা ভাইৰাছৰ আক্ৰমণৰ আৰম্ভণিৰ লক্ষণ ডেংগুৰ সংক্ৰমণৰ লগত সাদৃশ্য আছে| জিকা ভাইৰাছ বিয়পোৱা মহৰ পৰাই ডেংগু জ্বৰ হয়|

জিকা ভাইৰাচ আক্ৰান্ত দেশ

লেটিন আমেৰিকাৰ দেশসমুহ, ব্ৰাজিল, ফ্ৰান্স আৰু এল্-চালভাড’ৰ জিকা ভাইৰাছ আক্ৰান্ত দেশ| জিকাৰ সোঁচৰণৰ বিষয়ে বিশদভাৱে জ্ঞাত নোহোৱালৈকে বিশ্ব স্বাস্থ্য সংস্থাই যিসকল মহিলা গৰ্ভৱতী বা যিসকল গৰ্ভধাৰণ কৰিবলৈ বিচাৰে তেওঁলোকে মহৰ কামোৰৰ পৰা ৰক্ষা পাবলৈ সতৰ্কতা লোৱাৰ বাবে উপদেশ দিছে|কোনো ছিটা বা বিশেষ ঔষধ জিকা ভাইৰাছৰ বাবে বৰ্তমানেও বাহিৰ হোৱা নাই| ইয়াৰ পৰা হোৱা ৰোগৰ লক্ষণসমুহৰ মাত্ৰ চিকিৎসা কৰা হয়|এডিছ মহৰ বংশ বিস্তাৰৰ বাবে আমাৰ ভাৰতৰ জলবায়ু অনুকুল| ভাৰতৰ সৰহসংখ্যক লোকৰ সুস্থ জীৱন ধাৰণৰ বাবে আৱশ্যকীয় পৰিৱেশৰ অভাৱ; উপযুক্ত নৰ্দমাৰে ময়লা কঢ়িওৱাৰ সুবিধা নাই| গতিকে এডিছ মহৰ বংশ বিস্তাৰ সহজেই হ’ব পাৰে| জিকা ভাইৰাছ আমাৰ দেহত প্ৰৱেশ কৰিলে ই অতি সোনকালে বিয়পিব আৰু ইয়াক দমন কৰা কষ্টকৰ কাৰ্যত পৰিণত হ’ব|

লেখক:- ড: অংকিতা হাজৰিকা

উৎস:- দৈনিক অসম